সত্ৰাধিকাৰপ্ৰভুশ্ৰীদেবেন্দ্ৰদেৱগোস্বামী (মহন্ত) দেৱৰজীৱনীকোষ (ঊধাৰেশ্বৰপালদাস) – Purbodix.com

সত্ৰাধিকাৰপ্ৰভুশ্ৰীদেবেন্দ্ৰদেৱগোস্বামী (মহন্ত) দেৱৰজীৱনীকোষ (ঊধাৰেশ্বৰপালদাস)

জয় জয়তে আপোনাক মোৰ অন্তৰৰ স্নেহসিক্ত শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ৷ ধৰ্মৰ মহান খনিকৰৰূপে প্ৰতিষ্ঠিত আপোনাৰ, জীৱন বৃত্তান্ত লিখাৰ ধৃষ্টতা মোৰ নাই, যদিও মোৰ হৃদয়ৰ পৰা আপোনাক সোঁৱৰণ কৰিছোঁ৷

শ্ৰীশ্ৰীশ্যামৰায় সত্ৰখনক এখন পূৰ্ণাঙ্গ ৰূপত অনাৰ যি নিৰলস প্ৰচেষ্টা আপুনি কৰিলে আৰু সত্ৰৰ বিকাশৰ হকে ব্ৰতী হৈ যি সফলতা অৰ্জন কৰি সত্ৰখনৰ সত্ৰাধিকাৰ হিচাবে চল্লিশটি বসন্ত অতিক্ৰম কৰি শীৰ্ষস্থানত উপনীত সেয়েহে আপোনাৰ আশী বছৰীয়া জীৱনৰ চমু বিৱৰণ অলপ লিখি থোৱাৰ ই২৬া প্ৰকাশ কৰিলোঁ৷

বৰ্তমান লাউপাৰস্থিত শ্যামৰায় সত্ৰৰ পূৰ্বৰ সত্ৰাধিকাৰসকলৰ জীৱন দৰ্শন লিখিত ৰূপত নাই যদিও শ্যামৰায় সত্ৰ প্ৰতিস্থাপক স্বৰ্গীয় জয়দেৱ গোস্বামী দেৱৰ পৰা কেবাজনো উত্তৰাধিকাৰী সত্ৰাধিকাৰৰ পৰিচয় পাবলৈ সক্ষম হৈছোঁ৷

১৯৪৩ ইং চনত পলাশবাৰী অঞ্চলৰ সৰু বংশৰ মৌজাৰ ভেৰভেৰী নামৰ গাঁৱত পিতৃ স্বৰ্গীয় পূৰ্ণদেৱ গোস্বামী (মহন্ত) দেৱৰ ঔৰসত আৰু মাতৃ স্বৰ্গীয় পদ্মাৱতী গোস্বামীৰ গৰ্ভত, কাতি মাহৰ লক্ষী পূৰ্ণিমাৰ দিনা শ্ৰীদেবেন্দ্ৰ দেৱ গোস্বামী (মহন্ত) দেৱৰ জন্ম হৈছিল৷ এখেত আছিল স্বৰ্গীয় পূৰ্ণদেৱ গোস্বামী দেৱৰ দ্বিতীয় ৰা৷

বাল্যকালৰ পৰা এখেতে অতি দুখকষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগা হয়৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু সুখশান্তি,মিলাপ্ৰীতিৰ অভাৱ নোহোৱা উক্ত ভেৰভেৰী গাঁৱত এখেতে যেতিয়া প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল, সেই সময়তে (সাত বছৰ বয়সত) ইং ১৯৫০ চনত লুইতৰ খহনীয়াত নিজৰ বংশৰ ঘৰ মাটিৰ লগতে সপোনৰ গাঁওখনো সম্পূৰ্ণ নিঃশেষ হৈ যায়৷

ফলস্বৰূপে ইং ১৯৫১ চনত এখেতৰ বংশ গৈ ছয়গাঁৱৰ ওচৰত ভবানীপুৰ নামৰ গাঁৱত আশ্ৰয় লয়৷ এই নতুন বাসস্থানত অভাৱনীয় আৰ্থিক দীনতাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা হয়৷ উপায়হীন হৈ পৰিয়ালৰ সকলোটিয়ে দুবেলাদুমুঠি খোৱাৰ যোগানৰ বাবে বিভিন্ন কৰ্মত নিয়োজিত বলৈ ধৰিলে৷ এনেদৰে সময় আগুৱাই গৈ থাকিল৷ আৰু চাওঁতে চাওঁতে কেবাটিও বছৰ পাৰ ল৷ এই অভাৱঅনাটনৰ মাজতে তেইশ বছৰ বয়সত এখেতৰ আনুষ্ঠানিক শিক্ষাৰ ইতি পৰে৷

ইং ১৯৭৫ চনত গুৱাহাটীৰ এটা ব্যক্তিগত ঔষধ কোম্পানীত চাকৰি কৰিবলৈ লয়৷ প্ৰায় এবছৰ মান চাকৰি কৰাৰ পিছত ইং ১৯৭৫ চনত আহিন মাহৰ কৃষ্ণ নৱমী তিথিত পিতৃ (শ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰ) পূৰ্ণদেৱ গোস্বামী (মহন্ত) দেৱৰ মহাপ্ৰয়াণ ঘটে৷ তেতিয়া তেখেতে চাকৰি বাদ দি আহি ঘৰখন পৰিচালনা কৰিবলৈ সৰুসুৰাকৈ ব্যৱসায় আৰম্ভ কৰে আৰু লগতে লাহে লাহে শ্যামৰায় সত্ৰৰ শিষ্যসকলৰ সংস্পৰ্শলৈ আহিবলৈ ধৰে৷

প্ৰায় ইং ১৯৬৭৬৮ চনত (এখেতৰ ষোল্লসোতৰ বছৰ বয়সত) পিতৃ ঁপূৰ্ণদেৱ গোস্বামীদেৱৰ লগত পুৰণি লাউপাৰালৈ (লুইতৰ খহনীয়াৰ আগে আগে) কেবাবাৰো আহিবলৈ সুবিধা পাইছিল৷ তেতিয়াৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ লীলাভূমি, গাঁওখনৰ মাজ মজিয়াত প্ৰতিষ্ঠিত শ্যামৰায় সত্ৰৰ প্ৰকাণ্ড মণিকুট আৰু সভাঘৰ, সত্ৰৰ সমীপতে প্ৰতিষ্ঠিত শিৱ মন্দিৰ, ইয়াৰ আচাৰ ব্যৱহাৰ, ৰীতিনীতি, লগতে বিভিন্ন অনুষ্ঠানেৰে ভৰপুৰ লাউপাৰাৰ স্মৃতি এখেতৰ হৃদয়ত আঁকি দিছিল৷ আৰু তেতিয়াৰ পৰাই পিতৃৰ আনুগত্য আৰু বংশৰ ধাৰ্মিক পৰিক্ৰমাৰ মাজলৈ ধাবিত হয়৷

ইং ১৯৭৯ চনত কামৰূপ জিলাৰ পলাশবাৰী অঞ্চলৰ হাৰোপাৰা গাঁৱৰ এটা সম্ভ্ৰান্ত, শিক্ষিত পৰিয়ালৰ জীয়ৰী শ্ৰীমতী মিনু দেৱীৰ লগত বিবাহ পাশত আৱদ্ধ হয়৷ অতি গুণীজ্ঞানী আৰু আতিথ্য পৰায়ণ ভাৰ্যাৰ সান্নিধ্যত এখন সুখৰ সংসাৰৰ পাতনি মেলে৷

কিছু বছৰ পিছতে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰি এখেতে দুজন ৰা আৰু এজনী ছোৱালী জন্ম দিয়ে৷

ইং ১৯৭০৭৪ চনৰ সময়ছোৱাত লুইতৰ খহনীয়াত পুৰণি লাউপাৰাৰ লগতে শ্যামৰায় সত্ৰখন ছয়বাৰ স্থানান্তৰিত কৰিব লগা হৈছিল৷ (সেই সময়ত গুৰুৰ ঘৰত আৰ্থিক দীনতা লগতে শ্যামৰায় সত্ৰৰ শিষ্যসকলৰ বাসস্থান আৰু প্ৰাণ ৰক্ষাৰ যুঁজ) তেতিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ স্বৰ্গীয় পূৰ্ণদেৱ গোস্বামীদেৱ বাৰ্ধক্যজনিত কাৰণত সত্ৰলৈ আহিব পৰা নাছিল৷ এই সময়ছোৱাত শ্ৰীদেবেন্দ্ৰ দেৱ গোস্বামীদেৱে আহি সত্ৰ আৰু গঞা (লাউপাৰা) ৰাইজৰ খাখবৰ লৈছিল৷

ইং ১৯৮৫ চনৰ ফাগুন মাহত শ্ৰীদেবেন্দ্ৰদেৱ গোস্বামীদেৱে মহন্তৰ ভাৰ লৈ শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰ হিচাবে দায়িত্ব লয়৷ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা শ্যামৰায় সত্ৰৰ প্ৰায় ৩৭য৩৮ খন গাঁৱৰ প্ৰতিনিধি, শিষ্যসকল আৰু সেই সময়ৰ দুয়ো পাৰৰ কেবাজনো মহন্ত ভকত, লগতে পাহেৰী ভকতৰ সহযোগত ছয়গাঁৱৰ নিজা বাসভৱনত অতি ধুমধামেৰে মহন্তৰ ভাৰ অৰ্পণ কৰিছিল৷

সত্ৰাধিকাৰ প্ৰভুৰ বংশৰ ইতিহাস বৰ দীঘলীয়া৷ মই অতি চমুকৈ এটা আভাষ দাঙি ধৰিলোঁ৷

শ্ৰীশ্ৰীদীমোদৰ দেৱৰ পাঁচজন প্ৰধান আচাৰ্যৰ ভিতৰত সন্তভুষণ দেৱো এজন আছিল৷ গুৰু দামোদৰ দেৱৰ ওচৰত শৰণ লোৱাৰ আগত এওঁৰ নাম আছিল সনাতনদেৱ৷

কিম্বদন্তী মতে খৃষ্টীয় পঞ্চদশ শতিকাৰ পূৰ্বে লুইতৰ দক্ষিণ পাৰত পলাশবাৰী অঞ্চলৰ মনপুৰ নামৰ গাঁৱৰ (বৰ্তমান বিলুপ্ত) সনাতন দেৱ গোস্বামীৰ পুত্ৰ ব্ৰহ্মচাৰী জয়দেৱ গোস্বামীয়ে (সৰু গোসাই) আগলতি কলপাত এখনত উঠি ভৰ বাৰিষা লুইতৰ পানীত উটি আহি (হাতীমূৰা পাহাৰৰ পোনে পোনে লুইতৰ উত্তৰ পাৰে) দহযবাৰ কিলোটিমাৰ দুৰত্বত অৱস্থিত এখন ডাঙৰ সম্প্ৰীতি শালী গাঁৱৰ নৈ ঘাটত লাগিছিল৷

গাঁওবাসীয়ে তেওঁক আদৰসাদৰকৈ নি থকাৰ সাসুবিধা কৰি দি আশ্ৰয় দিলে৷ তেঁৱেই শ্ৰীশ্ৰীশ্যামৰায় প্ৰভুৰ থাপনা পাতি সত্ৰ স্থাপন কৰে৷

মহাপুৰুষ শ্ৰীশ্ৰীদামোদৰদেৱ ‘‘নলছিয়া’’ গাঁৱৰ পৰা শিষ্যসহ ভটিয়াই আহোতে এই শ্যামৰায় সত্ৰত কিছুদিন থাকি উক্ত ঁজয়দেৱ গোস্বামীৰ উত্তৰাধিকাৰী এজনক বৈষ্ণৱ ধৰ্মৰ দীক্ষা দি মহন্তৰ ভাৰ অৰ্পণ কৰে৷

শ্যামৰায় প্ৰভুৰ শিষ্যসকলক, এওঁলোকৰ বংশধৰ মহন্তসকলেই দীক্ষা তথা ‘‘শৰণ ভজন’’ দিয়াৰ ক্ষমতাও প্ৰদান কৰে৷

উক্ত বংশৰ আৰু শ্যামৰায় সত্ৰৰ উত্তৰাধিকাৰী সত্ৰাধিকাৰ গোস্বামী মহন্তসকল জয়দেৱ গোস্বামী, শ্যামদেৱ গোস্বামী, কামদেৱ গোস্বামী, বাসুদেৱ গোস্বামী, ৰংদেৱ গোস্বামী, থানদেৱ গোস্বামী, পূৰ্ণদেৱ গোস্বামী (মহন্ত) আৰু বৰ্তমানেও সত্ৰ পৰিচালনা কৰি থকা শ্ৰীদেবেন্দ্ৰ দেৱ গোস্বামী (মহন্ত) দেৱ৷

উক্ত বংশধৰসকলক বিভিন্ন সময়ত বেলেগ বেলেগ নামেৰে সম্বোধন কৰি মাতিছিল যেনেগন্ধৰদেলীয়া গোসাই, ভেৰভেৰীয়া গোসাই আৰু দক্ষিণপৰীয়া গোসাই মহন্ত বুলি জনাজাত৷

বয়সে হাৰ নমনা, হে শ্ৰদ্ধাভাজন সত্ৰাধিকাৰ প্ৰভু, আপুনি নতুন প্ৰজন্মক আধ্যাত্মিক জয়যাত্ৰাক অধিক ওপৰলৈ উন্নীত কৰি যাওঁ, এই কামনাৰে পৰম পিতা শ্যামৰায় প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছো৷ আপোনাৰ সুস্বাস্থ্য আৰু সত্ৰাধিকাৰ জীৱন দীৰ্ঘজীৱি হওঁক লগতে পৰিয়ালৰ আটাইৰে মঙ্গল কামনাৰে৷

 

সেৱাৰে সামৰিছোঁ৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *