বুৰ্জখলিফাদেশতভ্ৰমণ (ঊনবীনগগৈ) – Purbodix.com

বুৰ্জখলিফাদেশতভ্ৰমণ (ঊনবীনগগৈ)

যোৱা সংখ্যাৰ পিছৰ পৰা

ডাঙৰ দোকানত বস্তু কিনোতে ট্ৰেভেল কাৰ্ড বা আন্তৰ্জাতিক ডেবিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰিলেও বহু খুচুৰা দোকানত সেই সুবিধা নাই৷ গতিকে হাতত সেই দেশৰ খুচুৰা কাৰেন্সি অলপ ৰাখিলে সৰু-সুৰা বস্তু কিনোতে অসুবিধাৰ পৰা হাত সাৰিব পৰা যায়৷ বৃহৎ মলখনত পৃথিৱীৰ সকলো ঠাইৰে এক্সপৰ্ট কোৱালিটিৰ বস্তু থাকে৷ বজাৰৰ বস্তুবোৰ চায়ে ভাল লাগে৷ বিক্ৰেতাসকলৰ ব্যৱহাৰ যথেষ্ট মৰম লগা৷ ভাষা আৰু মনৰ চিংক্ৰনাইজ হ’লে দোকানৰ ভিতৰত হাঁহি-স্ফুৰ্তিৰে জমি থাকে৷

বৃহৎ ডুবাই মলৰ লগতে সংলগ্ন হৈ আছে পানীৰ তলত বৃহৎ একুৱেৰিয়াম৷ দেশ-বিদেশৰ পৰ্যটক আহে এই একুৱেৰিয়াম চাবলৈ৷ ইয়াত সোমাবৰ বাবে এটা টিকটৰ মূল্য ভাৰতীয় হিচাবত প্ৰায় তিনিহেজাৰ টকা৷ আমি গুৱাহাটীতে ইয়াত সোমাবৰ বাবে টিকট সাজু কৰি নিছিলোঁ৷ গতিকে আমাৰ একুৱেৰিয়াম পাৰ্কত সোমোৱাৰ অসুবিধা হোৱা নাছিল৷ একুৱেৰিয়ামত সোমাই আমি ৱাটাৰপ্ৰুফ জেকেট ফিছা থকা হাত-ভৰি মোজা, পানী সোমাব নোৱাৰাকৈ পিন্ধি লোৱা চচমা থকা মাস্ক নিপিন্ধাকৈয়ে সাগৰৰ তলিত বিচৰণ কৰি ফুৰা যেন লাগিল৷ যেনিয়েই চাও সেইফালেই দেখো বিভিন্ন ধৰণৰ সাগৰীয় মাছৰ পানীত দৌৰা দৌৰি৷ আমি সোমাই যোৱা প্ৰৱেশ দুৱাৰৰ কৰিডৰটোৰ ওপৰতো একুৱেৰিয়ামৰ মাছে খেলি আছিল৷ আমি সাগৰৰ তলীত সাগৰীয় মাছ-কাছ, শামুক, শংখ প্ৰবাল মুকুতা বিচাৰি ফুৰা যেন লাগিল৷ সেই একুৱেৰিয়ামৰ লগতে সংলগ্ন হৈ আছে পেঙ্গুইন গুহা৷ ইয়াত সোমাবলৈও সুকীয়া প্ৰৱেশ টিকট লাগে৷ আমাৰ লগত ইয়াৰ টিকট নাছিল যদিও তাৰ ভিতৰৰ পৰাই কৰি লৈ পেঙ্গুইন গুহাত সোমালোঁ৷ মেৰু দেশৰ শীতল সাগৰ পৃষ্ঠত বৰফৰ মাজত বাস কৰা বিভিন্ন প্ৰজাতিৰ পেঙ্গুইন সিহঁতৰ বাসস্থান, চলন-ফুৰণ, খাদ্য আদি চাই গ্ৰীনলেণ্ডত থকা যেনেই অনুভৱ হৈছিল৷ তাৰ ভিতৰতে মূৰৰ ওপৰত থকা বৃহৎ আকাৰৰ পানীৰ বেচিনবোৰত যাত্ৰীয়ে সাগৰত চলোৱাৰ দৰে নাও চলাই থকা দৃশ্য আছিল মনোৰঞ্জক৷ একুৱেৰিয়ামৰ ভিতৰত প্ৰায় ডেৰঘণ্টা সময় পাৰ কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ৷ একুৱেৰিয়ামৰ ভিতৰৰ পৰা বাহিৰলৈ আহি সাগৰৰ তলিৰ পৰা অহা যেন লাগিছিল৷ গাত অলপ ঠাণ্ডা ঠাণ্ডা ভাব আহিছিল৷ একুৱেৰিয়ামৰ বাহিৰত তেতিয়া টান ৰ’দ লগতে গৰমো আছিল৷ ডুৱাইত গৰমৰ বৈশিষ্ট্য হ’ল ইয়াত গৰমত ঘাম বেচি নোলায়৷ সেয়েহে বোধকৰো ভাগৰো কম লাগে৷ যিটো আমাৰ ইয়াত বিপৰীত৷ আমি ডুবাই মলৰ ভিতৰত থকা বিশাল ফুড কৰ্টৰ এটা চুকত বহি দুপৰীয়াৰ আহাৰ খাই ল’লো৷ ফুডকৰ্টত বিভিন্ন দেশৰ খাদ্য পোৱা যায়৷ আমি আমাৰ অসমীয়া আহাৰ, ভাত-ডাইল চবজী, মাছ খালো৷ ভাল লাগিল৷ খাদ্যবোৰ কেৱল সুস্বাদুৱেই নহয় নিৰোগীও আছিল৷ যাৰ বাবে আমি লগত লৈ যোৱা জ্বৰ, বিষ গেষ্ট্ৰিক, এনজাইম, বমি, পায়খানৰ দৰৱৰ পেকেট বেগৰ ভিতৰতে নিয়াৰ দৰেই সোমাই থাকিল৷ ভাৰতৰ বিভিন্ন ঠাইত ফুৰোঁতে এইবোৰ অত্যাৱশ্যকীয় আছিল৷ ডুবাইৰ মুকলি প্ৰদূষণ মুক্ত জলবায়ুৱে শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ তাত ফাৰ্মাচী, চিকিৎসালয়ো বৰ সেৰেঙা৷ আমাৰ চকুত হস্পিটেল এখন আৰু ফাৰ্মাচী তিনিখনমান পৰিছিল৷ তাকো দূৰে দূৰে৷ গছ-গছনি বৰ কম৷ ডাঙৰ গছ বিশেষভাৱে চকুত নপৰিল৷ ঠাইবোৰ বালিময়৷ গতিকে জোপোহাজাতীয় গছহে মাজে মাজে আছে৷ অৱশ্যে সাগৰৰ পাৰলৈ নাৰিকল গছবোৰ ঘনকৈ আছে৷ ডিনাৰ কৰি উঠি আমি গাড়ীৰে পাৰস্য উপসাগৰৰ উপকূললৈ আগবাঢ়িলোঁ৷

 

ভৌতিক জীৱনত দুটা আধাৰে আমাক জীয়াই থকাৰ আশা আৰু প্ৰেৰণা দি আহিছে৷ সেই দুটা অতি মূল্যবান আধাৰ এক পৰিষ্কাৰ নীলা আকাশ আৰু আনটো আধাৰ বিশাল সাগৰ৷ যেতিয়া মনত দুশ্চিন্তা আৰু হতাশ ভাব উদয় হয় তেতিয়া কিছু মুকলি ঠাইলৈ গৈ বননিত শুই আকাশলৈ কিছু সময় চাই থাকিলে মন ভৰাই তুলে আশা আৰু উদ্যমে৷ একেদৰে মনৰ অৱসাদ অস্থিৰতা দুৰ কৰিবলৈ সাগৰৰ পাৰত ৰৈ অসীমলৈ চাই থাকিলে নোৱাৰাকৈয়ে মনত থিতাপি লয়হি এক শক্তি যি যোগায় আনন্দ, উৎসাহ আৰু  কৰ্মোদ্দীপনা৷ আমি ডুবাই মলৰ পৰা পাৰস্য উপসাগৰৰ উপকূলত থকা পৰ্যটনৰ স্থানলৈ লো৷ বিশাল সাগৰৰ পাৰত ৰৈ মনটো আনন্দৰে ভৰি পৰছিল৷ সাগৰৰ নীলা জলৰাশিৰ ঢৌবোৰে মাজসাগৰৰ পৰা নাচি নাচি আাহি পাৰত খুন্দিয়াই পাৰত থকা মানুহবোৰৰ লগত খেদা খেদি খেলা কৰি থাকে৷ বহু দূৰৰ পৰা সাগৰৰ প্ৰচণ্ড ঢৌবোৰে মাজসাগৰত তোলা ৰূপোৱালি ৰেখাবোৰ চাই মই অভিভূত হওঁ৷ পৃথিবী যে গতিশীল অনবৰতে সাগৰৰ মাজৰ পৰা পাৰলৈ আহি থকা ঢৌবোৰেই কয়৷ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰি থাকোঁতে তাৰ পৃষ্ঠত থকা সাগৰৰ জলৰাখিও অনবৰতে ঢৌৱাই থাকে৷ পূৰ্ণিমা নিশা এই ঢৌ প্ৰচণ্ড হয়৷ পৃথিবীৰ বিভিন্ন ঠাইৰ পৰা যাত্ৰী কিছুমানে সাগৰৰ পানীত নামি গাধুইছে, কিছুমানে পানী বল লৈ খেলিছে আৰু কিছুমানে পাৰৰ বালিত বিৱস্ত্ৰ হৈ লৈছে৷ আমি তিনিও সাগৰৰ পাৰে পাৰে সেইবোৰ চাই খোজকাঢ়ি ফুৰোতে কবি তথা ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ সেই বিখ্যাত কবিতাটোসাগৰ দেখিছা’’ আৰু কবি হীৰেন ভট্টাচাৰ্যৰমোৰ দেশ’’ কবিতাকেইটাৰ কথাবোৰকে মনলৈ আহিছিল৷ এজনে সাগৰৰ দিগন্ত বিয়াপি থকা নীল নিলীমাৰ কথা শুনিছে, কিন্তু সাগৰ দেখা নাই মাথোঁ অনুভৱ কৰিছে যে নিজৰ মনৰ ভিতৰত লুকাই ৰখা নীলা বেদনাবোৰো সাগৰৰ সেই নীলা ঊৰ্মিমালাৰ দৰে হিয়াৰ ভিতৰতে গুজৰি গুমৰি ঢৌৱাই আছে৷ আনজনে আকৌ দেশে দেশে ঘূৰি ফুৰি কবিতা লেখিছে কেতিয়াবা সাগৰৰ পাৰত কেতিয়াবা পাহাৰৰ তলীত৷ অৰঙে দৰঙে ঘূৰিছে বন্ধুৰ তে কথা পাতিছে৷ লাহে লাহে পাৰস্য উপসাগৰৰ বুকুত ৰঙা বেলিটোৱে ডুৱ মৰাৰ সিদ্ধান্ত লে৷ এক পাতলীয়া আন্ধাৰে সাগৰৰ চৌদিশ আৱৰি ধৰিলে সাগৰৰ পাৰে পাৰে সুদূৰত থকা উচ্চ উচ্চ অট্টালিকা ৰাজপথবোৰ ৰংবিৰঙৰ লাইটৰ পোহৰে জিলিকি উঠি এক দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰিলে৷ আমি সাগৰৰ পাৰতে থকা হোটেলখনত কফি, বিস্কুট খাই গাড়ীৰে মেৰিন বীচৰ ফালে আগবাঢ়িলোঁ৷

 

জীৱ শ্ৰেষ্ঠ মানুহে নিজৰ জ্ঞানবুদ্ধিৰে পৃথিৱীখন কৰি তুলিছে সুন্দৰ৷ নিহাৰিকাবাদৰ মতে বিশ্বব্ৰহ্মাণ্ডত নিতৌ ঘটি থাকে পৰিঘটনা৷ এনে এক পৰিঘটনাৰ বাবে সূৰ্যৰ পৰা সৃষ্টি হৈছিল নটা গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহ৷ সৰ্বদা গতিশীল বিশ্বব্ৰহ্মাণ্ডৰ এই গ্ৰহ উপগ্ৰহবোৰে মাধ্যাকৰ্ষণিক আৰু মহাকৰ্ষণিক বলৰ বাবে সূৰ্যক কেন্দ্ৰ কৰি নিজ নিজ কক্ষ পথত অনবৰতে ঘূৰি আছে৷ এনেদৰে লাটুম গুটিৰ দৰে ঘূৰি থাকোঁতে ঘূৰণীয়া পৃথিৱী নামৰ গ্ৰহটোৰ পৃষ্ঠত সৃষ্টি পাঁচখন মহাসাগৰ আৰু সাতখন মহাদেশ৷ এই সাগৰৰ জলাশয়ত সৃষ্টিহোৱা এমিবা নামৰ এককোষী জীৱটোৰ পৰাই ক্ৰমবিকাশ আৰু ক্ৰমবিৱৰ্তনৰ মাজেদি ভিন্ন ঠাইত মানুহ নামৰ প্ৰাণীবিধে নিজৰ প্ৰখৰ বুদ্ধিমত্তাৰ বাবে আনবোৰ সকলো জীৱৰ ভাগ্য নিয়ন্তা হৈ পৰিল৷ মানুহৰ অনুসন্ধিৎসু মন সৃষ্টিশীল প্ৰতিভাৰ বাবে পৃথিৱীৰ স্থল ভাগক সুন্দৰ কৰি তুলিলে নিতৌ ৰূপত নগৰমহানগৰ গঢ়ি তুলি৷ জলভাগতো চলাচল কৰিবলৈ নিৰ্মাণ কৰিলে সৰু টুলুঙা নাৱৰ পৰা বৃহৎ আকাৰৰ জাহাজলৈকে৷ সৌন্দৰ্য পিপাসু মনে মানুহক আনন্দ দিবলৈ কৰা চেষ্টাৰ নিদৰ্শন ডুবাইৰ মেৰিনা বীচ৷ পৃথিবীৰ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকক আকৰ্ষণ কৰিবলৈ ডুবাই চৰকাৰে চহৰখনত লোৱা অত্যাধুনিক আঁচনি চহৰৰ কেন্দ্ৰস্থলত থকা এই বীচ৷ আমি পাৰস্য উপসাগৰৰ সূৰ্যাস্তৰ সেই বিনন্দীয়া দৃশ্য চাই ঘূৰি আহোঁতে চহৰখনলৈ এন্ধাৰ নামি আহিছিল৷ কিন্তু ৰাজপথ পোহৰাই থকা ষ্ট্ৰীট লাইট আৰু ৰাজপথৰ কাষে কাষে থকা একে একে আৰ্হিৰ সুন্দৰ সুন্দৰ সুউচ্চ অটালিকাৰ পৰা অহা বিজুলি চাকিৰ পোহৰত আমি আন্ধাৰ পোহৰৰ এক সপোন ৰাজ্যত ঘূৰি ফুৰা যেনহে লাগিছিল৷ যেনিয়েই চাও চকু ৰৈ গৈছিল৷ এটা সময়ত আমাৰ গাড়ী মেৰিন বীচৰ কাষ পালেহি৷ ড্ৰাইভাৰে পাৰ্কিঙত গাড়ীখন ৰখাই আমাক মেৰীন বীচলৈ লৈ ল৷ তেতিয়া আমাৰ ভাৰতীয় সময় মতে চাৰে সাত মান বাজিছিল৷ ডুবাইত সন্ধিয়া ছয়বজাৰ আন্ধাৰ নামি আহিছিল৷ মেৰিন সাগৰৰ পাৰত থকা শাৰী শাৰী বহু মহলীয়া অটালিকাবোৰৰ পৰা অহা বিভিন্ন ৰঙৰ পোহৰ৷ সাগৰত চলাচল কৰি থকা ক্ৰুজবোৰৰ পৰা অহা পোহৰ বীচত থকা লাইটৰ পোহৰে বীচৰ চৌদিশে শৰৎকালৰ পূৰ্ণিমাৰ পৰিবেশ গঢ়ি তুলিছিল৷ সেই পোহৰত সাগৰৰ পাৰে পাৰে বীচত বিভিন্ন দেশৰ যাত্ৰীবোৰে লগালগি হৈ ফুৰিছে হাঁহিস্ফুৰ্তি কৰি চৌদিশ কৰি তুলিছিল প্ৰাণৱন্ত৷ তাৰ মাজে মাজে সংগীতৰ তালে তালে ফোঁৱাৰাৰ ষ্ট্ৰীমৰ নাচোনত বীচ হৈ পৰিছিল স্বৰ্গৰাজ্য৷ আকাশেবতাহে ভাঁহি ফুৰা শব্দটো আছিল মাথোঁ আনন্দ৷ সংগীতৰ তালে মানুহবোৰেও গীতৰ লহৰত ফোঁৱাৰাৰ নাচোনত নাচি উঠিছে৷ সেইবোৰ চাই আমাৰো মনতো চঞ্চলতাৰ ঢৌৱে কোবাই গৈছিল৷ সকলোৰে মুখত যেতিয়া আনন্দৰ ভাষা আমাৰ মুখতো তাৰেই যেন প্ৰতিফলন ঘটিছিল৷ নোৱাৰাকৈয়ে বীচত দুঘণ্টা সময় পাৰহৈ ল৷ বীচতে আমি কিছু কফিৰ লগতে পাতলীয়া আহাৰ খাই হোটেললৈ বুলি গাড়ীত উঠিলোঁ৷ হোটেলত সোমাই কাপোৰ কানিবোৰ সলাই আটায়ে বাথৰুমত মুখহাত ধুই কিছু সময় জিৰণি লৈ ৰেষ্টুৰেণ্টলৈ নৈশ আহাৰৰ কাৰণে লো৷

Leave a Reply

Your email address will not be published. Required fields are marked *