
লাহেকৈ সেই সময় আহি পালে৷ মন্ত্ৰীৰ হেলিকপ্টাৰৰ ঘূৰি থকা পাখিৰ কোবত ঠাই ডোখৰত পৰি থকা শুকান পাতৰ লগতে ধূলিবোৰ চৌদিশে উৰিবলৈ ধৰিলে৷ মন্ত্ৰীক হেলিকপ্টাৰৰ পৰা নমা চাবলৈ থিয় হৈ থকা কণ কণ ল’ৰা–ছোৱালীবোৰক পুলিছে যিমান পাৰে দূৰলৈ পঠিয়াইছে৷
লগে লগে হেলিকপ্টাৰৰ পৰা মন্ত্ৰী, বিধায়ক, তেওঁলোকৰ দুজন কৰ্মচাৰীৰ সৈতে মুঠ পাঁচজন মানুহ নামি আহিল৷ তাৰে এজন মন্ত্ৰীৰ দেহৰক্ষী৷ যিয়ে নিজৰ ডাঙৰ ডাঙৰ চকু দুটাৰে সতৰ্ক হৈ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰি আছে৷ পাটপুৰখনক দেখি তেওঁ মনতে ভাবিছে চাগে –এইবোৰ ঠাই জানো মন্ত্ৰী আহিব লগীয়া ঠাই? তেওঁলোকৰ পিছে পিছে হাতত ক’লা বেগ এটা ধৰি আহিছল এজন সুদৰ্শন যুৱক৷ হেলিকপ্টাৰৰ পাইলটজন পিছে ভিতৰৰ পৰা ওলাই নাহিল৷ গাঁৱৰ কণ কণ ল’ৰা–ছোৱালীবোৰৰ কিন্তু তেওঁকহে চাবলৈ মন আছিল৷ মন্ত্ৰী গুচি অহাৰ পিছত দুজন পুলিচ হেলিকপ্টাৰখনৰ ওচৰতে ৰৈ থাকিল৷ দুপৰীয়াৰ উজ্জ্বল পোহৰত ধক ধক কৈ বগা হেলিকেপ্টাৰখন চিকচিকাই উঠিছিল, যেন পুৰাণৰ গৰুড় পক্ষী হে৷ চাই চাই হেঁপাহ পলোৱা নাছিল সেই সৰু ল’ৰা–ছোৱালীৰ জাকটোৰ৷ বহু সময় অপেক্ষা কৰাৰ পিছতো পাইলটৰ দৰ্শন নাপাই, অৱশেষত সিহঁতো মন্ত্ৰীৰ পদ যাত্ৰাৰ অংশ হৈ পৰিল৷
নিজৰ সোঁহাতখন জোকাৰি জোকাৰি উদ্যোগ–শিল্প মন্ত্ৰীয়ে গাঁৱৰ মানুহখিনিক অভিনন্দন জনাই প্ৰথমে এবাৰ চাই ল’লে৷ তাৰ পিছত বিধায়কৰ ফালে চাই ক’লে, “ ব’লক, আগতে মহাদেৱ মন্দিৰৰ পৰা আহোগৈ, আৰু তাৰ পৰা সভাস্থলীলৈ৷ ”
আজি পাটপুৰত অসম্ভৱ ভিৰ৷ হাজাৰৰো অধিক মানুহ মন্ত্ৰীৰ পিছে পিছে পদযাত্ৰাত অংশ গ্ৰহণ কৰিছে৷ বিধায়ক মানগোবিন্দ মহাপাত্ৰই হাতযোৰ কৰি মানুহখিনিক অনুৰোধ কৰাত লাগিছে, “অনুৰোধ কৰিছোঁ, আপোনালোকে ইমান ভিৰ নকৰিব৷ মন্ত্ৰী ডাঙৰীয়া মন্দিৰৰ পৰা পোনেই সভাস্থলী পাবগৈ৷ আপোনালোকে দয়া কৰি এতিয়া সভাস্থলীলৈকে যাওক৷” কিন্তু বিধায়কৰ কথা শুনিব কোনে? এনে বিৰল দৃশ্য, যি আগে–পিছে কেতিয়াও পাটপুৰত দেখিবলৈ পোৱা নাছিল, আজি সেই সৌভাগ্যৰ পৰা গাঁৱৰ মানুহখিনিয়ে নিজকে জানো বঞ্চিত কৰিব? মন্ত্ৰী মহাদেৱ মন্দিৰ পোৱাৰ লগে লগে, পুলিচে এঠাইৰ পৰা শকত ৰছী এডালেৰে বেৰি ধৰি গাঁৱৰ মানুহখিনিক আৰু আগলৈ যাব নিদিলে৷ মন্ত্ৰী আহিছে বুলি ভদ্ৰকৰ বহুজন পুলিচ বিষয়া, চৰকাৰী বিষয়া আহি আজি পাটপুৰত হাজিৰ৷ তেওঁলোককো মন্দিৰৰ ভিতৰলৈ যাব দিয়া নহ’ল৷ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে যদি অকল মন্ত্ৰী, বিধায়ক, তেওঁলোকৰ লগত অহা তিনিজন কৰ্মচাৰী আৰু পঞ্চায়ত সভাপতি উদ্ধৱ মহান্তি৷
ইফালে মন্দিৰত দেউৰ আনন্দৰ সীমা নাই৷ দুগুণ উৎসাহেৰে তেওঁ মন্ত্ৰ উচ্চাৰণ কৰি গৈছে৷
মন্ত্ৰী আৰু বিধায়কে গৈ মন্দিৰৰ ভিতৰত সেৱা কৰিলে৷ তেওঁলোকে সেৱা কৰি উঠাৰ পিছত দেউৰ হাতত দুখন পাঁচশ টকীয়া নোট গুজি দিলে লগত অহা সেই সুদৰ্শন যুৱকজনে৷ দেউ আগতকৈও উচ্চ স্বৰত এইবাৰ মন্ত্ৰ জাপ কৰিবলৈ ধৰিলে৷ ইয়াকে দেখি মন্ত্ৰীয়ে হাঁহি হাঁহি বাহিৰলৈ ওলাই আহিল৷
এইবাৰ গন্তব্য স্থল হ’ল, সভাথলী৷
‘মাননীয় শিল্পমন্ত্ৰী বিজয় বেহেৰা – স্বাগতম, মাননীয় বিধায়ক মনগোবিন্দ মহাপাত্ৰ – জিন্দাবাদ’ ধবনিয়ে পাটপুৰৰ খেতিপথাৰ, পুখুৰী, মুকলি পথাৰ কঁপাই তুলিছিল৷ চাৰিওফালে কেৱল মানুহৰ কোলাহল৷ ৰণক্ষেত্ৰৰ তুমূল ৰণৰ ধূলিয়ৰিৰ দৰে গোটেই গাওঁখনক হাজাৰ হাজাৰ মানুহৰ পদধূলিয়ে কুঁৱলীৰ দৰে আৱৰি ধৰিছিল৷ সিফালে সোণপাহাৰৰ ওচৰৰ পৰা একেবাৰে নুৱা নৈৰ ঘাটলৈ অগণন লোকৰ সোঁত বলিছে৷
লাহেকৈ সভা আৰম্ভ হ’ল৷
গংগাধৰ মাষ্টৰৰ তত্বাৱধানত ল’ৰা–ছোৱালীবোৰে মিলি আগে কোৰাচ গালে৷ চাবলৈ অহা মানুহবোৰে মনোযোগেৰে নিজৰ নিজৰ ঠাইতে বহি শুনি থাকিল৷
ইন্দ্ৰমণিয়ে মাইকৰ ওচৰলৈ গৈ শিল্প মন্ত্ৰীৰ বিষয়ে প্ৰশংসা কৰি অনেক কথা ক’লে৷ তাৰ পিছত উদ্ধৱ মহান্তি আৰু বিধায়কে ভাষণ দিলে৷ মন্ত্ৰীৰ মুখত আজিৰ দিনটোক দৌল উৎসৱৰ নৱ মিলনৰ আখ্যা দিয়া শুনি গাঁৱৰ মানুহখিনিয়েও জোৰকৈ কৰতালি মাৰি নিজৰ নিজৰ আনন্দ প্ৰকাশ কৰিলে৷ বিধায়ক আৰু গাওঁবাসীক ধন্যবাদ দি উঠি মন্ত্ৰীয়ে ক’লে, “পাটপুৰৰ দৰে ঠাই ওড়িশাত বিচাৰিলেও দ্বিতীয়খন পাবলৈ নাই৷ ” বাহিৰৰ পৰা অহা ডাঙৰ নেতা এজনৰ মুখত নিজৰ ঠাইৰ প্ৰশংসা শুনিবলৈ পাই মানুহখিনিয়ে দুগুণ উৎসাহেৰে আকৌ এবাৰ কৰতালি মাৰিলে৷ আনকি মন্ত্ৰীকো তেওঁৰ পিছৰ দুআষাৰ ক’বলৈ কিছু সময় ৰ’ব লগা হ’ল৷ তাৰ পিছত তেওঁ যোগ দি ক’লে, “ইতিহাসে পাটপুৰক মৰ্যাদা নিদিলে৷ কিন্তু আমি ভৱিষ্যতৰ ইতিহাসত এই গাওঁখনৰ নাম খোদিত কৰিবলৈ গৈ আছোঁ৷ অতি কম সময়ৰ ভিতৰতে পাটপুৰ এখন সৰ্বশ্ৰেষ্ঠ ঠাইলৈ পৰিণত হ’বলৈ গৈ আছে, আৰু মোৰ দৃঢ় বিশ্বাস, ই সমগ্ৰ ওড়িশাৰ কাৰণে এক দৃষ্টান্ত হৈ ৰ’ব৷’
আকৌ মানুহৰ কৰতালিৰে সভাথলী মুখৰিত হৈ পৰিল৷
আনকি মন্ত্ৰীৰ পিছফালে ঠিয় হৈ থকা ইন্দ্ৰমণিয়েও জোৰ জোৰকৈ হাত চাপৰি মাৰিবলৈ ধৰিলে৷
“ইতিহাস সাক্ষী আছে, বিনা ত্যাগ–কষ্টৰে, এই পৃথিৱীত কোনেও সাফল্যৰ মুখ দেখিবলৈ পোৱা নাই৷ গতিকে পাটপুৰ গাওঁবাসীয়েও সেই ত্যাগ আৰু কষ্ট কৰিবলৈ সাজু হ’ব লাগিব৷ ইয়াৰ পৰা তেওঁলোকে কেৱল ওড়িশাতেই নহয়, সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ স্থান পাবলৈ সক্ষম হ’ব৷” মন্ত্ৰীয়ে নিজৰ ভাষণত ক’লে৷
এইবাৰো কৰতালি পৰিল৷ কিন্তু আগৰ কেইবাৰতকৈ অলপ কম৷
নিজৰ ভাষণ শেষ কৰি উঠি এইবাৰ মন্ত্ৰী আসনত বহি পৰিল৷
এবাৰ ভাষণ দিয়াৰ পিছতো বিধায়ক মানগোবিন্দ মহাপাত্ৰই আকৌ মাইকৰ ওচৰলৈ গৈ কাহ এটা মাৰি ক’লে, “মান্যবৰ মন্ত্ৰী ডাঙৰীয়াই আজি এই গাঁৱত ভৰি দিয়াৰ লগে লগে শিল হৈ ৰোৱা অহল্যা ৰূপী পাটপুৰে মুক্তি পালে৷ এই গাঁৱৰ বহু পুৰণি আৰু জৰাজীৰ্ণ অৱস্থাত পৰি থকা মহাদেৱ মন্দিৰৰ পুনৰ নিৰ্মাণৰ নিৰ্দেশ মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে মোক দিছে৷ এই মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাবদ খৰচ হ’ব তিনিশ লাখ টকা৷”
ম্লান পৰি যোৱা কৰতালি আকৌ পাটপুৰ কঁপাই তোলাকৈ বাজি উঠিল৷ লগে লগে মন্ত্ৰী মহোদয়ে ক’লে, “আমাৰ মাজত আজি মহাবীৰ কোম্পানীৰ এজন বিষয়া শ্ৰীযুত সুভেন্দু পট্টনায়ক উপস্থিত আছে৷ তেওঁ আপোনালোকৰ সমুখত দুআষাৰ ব্যক্ত কৰিব বিচাৰিছে৷
নিমন্ত্ৰিত অতিথি কেইজনৰ মাজৰ পৰা লাহেকৈ আগুৱাই আহিল সেই সুদৰ্শন যুৱকজন, যাক দেখাৰ লগে লগে মালতীৰ দেহত এক অবুজ অনুভূতিৰ সোঁত বৈ গ’ল৷ পলক নমৰাকৈ তেওঁলৈ চাই চাই তাই আপোন–পাহৰা হৈ পৰিল৷ ইমান সুন্দৰ পুৰুষো থাকিব পাৰেনে?
চহৰৰ পৰা অহা সেই যুৱকজনে কি কৈ গ’ল, গাঁৱৰ এজনেও বুজি নাপালে৷ বুজিলে যদি মাত্ৰ দুটা কথা৷ এক –গাওঁবাসীয়ে তেখেতক নিজৰ গাঁৱৰে এজন বুলি ধৰি লওক, আৰু দ্বিতীয়তে, তেওঁ কাম কৰা কোম্পানীয়ে সোণপাহাৰৰ ওপৰত প্ৰভু শ্ৰীহনুমানৰ এক বিৰাটকায় মূৰ্তি নিৰ্মাণ কৰাৰ কথাটো৷
আকৌ কৰতালিত পাটপুৰ কঁপি উঠিল৷
তাৰ পিছত উদ্ধৱ মহান্তিয়ে উঠি গৈ ক’লে, “এতিয়া সময় চাৰে চাৰি বাজিবৰ হৈছে৷ মন্ত্ৰী ডাঙৰীয়া আন্ধাৰ হোৱাৰ আগতেই হেলিকপ্টাৰেৰে ৰাজধানীলৈ উভতি যাব লাগিব৷ গতিকে আপোনলোক সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, এই সভালৈ অহাৰ কাৰণে৷ আজি আমি ইয়াতেই আমাৰ সভা ভংগ কৰিছোঁ৷ কিন্তু ৰাইজ, আপোনালোক ইয়াৰ পৰা নাযাব৷ এতিয়া ওডিছী নৃত্য পৰিৱেশন কৰা হ’ব, আৰু নৃত্যৰ পিছত ভোজ৷ আৰু ভোজ খাই উঠাৰ পিছত এখন সুন্দৰ নাটক ‘ৰেজিয়া চুলতান’ সকলোৰে কাৰণে মঞ্চস্থ হ’ব৷
মন্ত্ৰীয়ে নিজৰ হেলিকপ্টাৰৰ ফালে আগুৱাই গ’ল৷ ইতিমধ্যে হেলিকপ্টাৰৰ পাখি কেইখন ঘূৰিবলৈ আৰম্ভ কৰিছিল৷ মন্ত্ৰী আৰু তেখেতৰ সহকাৰী কৰ্মী দুজন ভিতৰত বহাৰ লগে লগে হেলিকপ্টাৰখনে ধূলি উৰুৱাই পাটপুৰৰ মাটি এৰি ৰাজধানী অভিমুখে উৰা মাৰিলে৷
গাঁৱৰ মানুহবোৰেও হাত জোকাৰি জোকাৰি মন্ত্ৰীক বিদায় দিলে৷ হেলিকপ্টাৰ চকুৰ আঁতৰ হোৱাৰ লগে লগে মানুহখিনিৰ মনৰ উদ্যম প্ৰায় আধা কমি গ’ল৷ বুঢ়া মানুহখিনি নিজৰ ঘৰাঘৰি হ’ল আৰু কাম কৰা মানুহখিনি নিজৰ কামলৈ ঘূৰি গ’ল৷ মন্ত্ৰীৰ তাগিদাত অহা চৰকাৰী বিষয়া সকলেও নাৱে নাৱে নৈয়েদি গুচি গ’ল৷ এতিয়া পাটপুৰ গাঁৱত ৰৈ গ’ল যদি বিধায়ক মানগোবিন্দ মহাপাত্ৰ আৰু মহাবীৰ কোম্পানীৰ তৰুণ বিষয়া সুভেন্দু৷
ষ্টেজৰ সমুখত দুখন নিৰ্দিষ্ট আসন পাৰি থোৱা আছিল বিধায়ক আৰু সুভেন্দু বাবুৰ কাৰণে৷ তাতে বহি তেওঁলোকে ওডিছী নৃত্য উপভোগ কৰিলে৷ উদ্ধৱ মহান্তি, নৰোত্তম মণ্ডল আৰু ইন্দ্ৰমণিয়ে তেওঁলোকক বহাতে ডাব নাৰিকলৰ পানী, পিঠাপনাৰে অতিথি আপ্যায়ন কৰাত লাগি গ’ল৷
সন্ধ্যা গভীৰ হোৱাৰ লগে লগে পাটপুৰৰ নাটকৰ মঞ্চও পেট্ৰোমাস্ক লাইটৰ পোহৰত আলোকিত হৈ পৰিল৷
পাটপুৰৰ ৰাতিৰ আকাশত আজি পূৰ্ণিমাৰ জোন৷
বিধায়ক আৰু মহাবীৰ কোম্পানীৰ বিধায়ক সুভেন্দু নুৱা নৈ ঘাটৰ ফালে ফুৰিবলৈ বুলি ওলাই আহিল৷ আৰু তেওঁলোকক সংগ দিছিল উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলে৷
ইন্দ্ৰমণিৰো লগত যোৱাৰ ইচ্ছা আছিল যদিও নাটকৰ কাৰণে সি যাব নোৱাৰিলে৷ কাৰণ ভোজ শেষ হোৱাৰ লগে লগে নাটক আৰম্ভ হ’ব৷ এতিয়া নাটক এৰি যদি সি নৈৰ ঘাটলৈ ফুৰিবলৈ যায়, দেখাতেই কথাটো বেয়া হ’ব৷ তথাপিও তাৰ বিধায়কৰ সান্নিধ্যত আৰু কিছু সময় পাৰ কৰাৰ হেঁপাহ ৰৈ গ’ল৷ এনেকুৱা সোণালী সুযোগ জীৱনত জানো বাৰে বাৰে আহে?
সোণপাহাৰৰ সিফালৰ পৰা জোনটো এখন ৰূপালী কাঁহীৰ দৰে দেখা গৈছিল, আৰু সেই জোনৰ পোহৰত নুৱা নৈৰ ওপৰত এখন ৰূপালী চাদৰ পাৰি থোৱাৰ দৰে লাগিছিল৷
মানগোবিন্দ মহাপাত্ৰই পাটপুৰৰ নৈসৰ্গিক সৌন্দৰ্যক হেঁপাহ পলুৱাই চাই ৰ’ল৷ সঁচাই, মন্ত্ৰী বিজয় বেহেৰাই ঠিক কথাই কৈছিল, এনে অপৰূপ ঠাই ক’ৰবাত বিচাৰিলেও হয়তো দ্বিতীয়খন পোৱা নাযাব৷
“এই ঠাইখনৰ মূল সমস্যাটো হৈছে যোগাযোগ ব্যৱস্থা৷ নৈ পিনৰ পৰা ব্ৰীজ নিৰ্মাণ কৰিবলৈ সময় লাগিব৷ কিন্তু পাহাৰ ভাঙি ৰাস্তা সাজিবলৈ তাতকৈ কম সময় লাগিব৷ কাৰখানা বহুৱাবলৈ মাটিৰ লিজ এবাৰ পাই গ’লে, লগে লগে আমি এই ঠাইখনৰ বিকাশ আৰু উন্নতিৰ কামত লাগি যাম৷” – সুভেন্দুৱে ক’লে৷
“কিন্তু তাৰে আগত গ্ৰামসভা এখন পাতিব লাগিব৷ আজিকালি ভূমি অধিগ্ৰহণ খুব জটিল হৈ পৰিছে৷” – বিধায়কে ক’লে৷
“কিন্তু মন্ত্ৰী ডাঙৰীয়াই চোন মাটিৰ কথা আপুনি চাব বুলি কৈছিল!” এক প্ৰশ্নবোধক দৃষ্টিৰে বিধায়কৰ ফালে চাই সুভেন্দুৱে সুধিলে৷
এইবাৰ বিধায়কে চালে উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলৰ মুখলৈ৷
“আপুনি ইমান চিন্তা নকৰিব৷ এবাৰ মহাদেৱ মন্দিৰটো সুন্দৰকৈ নিৰ্মাণ হৈ যোৱাৰ পিছত, গাঁৱৰ মানুহখিনিৰ মনত আমাৰ প্ৰতি সহানুভূতি জাগিব৷ তাৰ পিছতেই গ্ৰামসভা পাতি মাটিৰ কথাটো উলিয়াই মানুহখিনিক পতিয়ন নিয়াবলৈ বৰ বেছি অসুবিধা নহ’ব”, এইবাৰ উদ্ধৱ মহান্তিয়ে ক’লে৷
“চাব, আপুনি কিন্তু মেকুৰীক মাছ খাবলৈ শিকাবলৈ গৈ আছে৷ গতিকে ভাবি–চিন্তি আগবাঢ়িব৷” বিধায়কে উদ্ধৱ মহান্তিক ক’লে৷
ইমান পৰে সকলোৰে কথা মনে মনে শুনি থকা নৰোত্তম মণ্ডলে এইবাৰ মাত মাতিলে, “ছাৰ! এবাৰ নৈৰ সিটো মূৰৰ পৰা আহো গৈ ব’লক৷ ইমান দিনৰ মূৰত আপুনি আমাৰ গাঁৱলৈ আহিছে, সেইফালৰ ঠাইকনো চাই আহক গৈ, নে কি কয়? নৈৰ সেইটো ফালৰ পৰা একেবাৰে সমুদ্ৰ কূললৈকে চকুৰে মণিব নোৱাৰা মুকলি পথাৰ আৰু সেই গোটেইবোৰ চৰকাৰী মাটি৷”
দুগুণ উৎসাহেৰে মন্ত্ৰীয়ে ক’লে, “হয় নেকি, ব’লক তেনেহ’লে! খালি নাটক আৰম্ভ হোৱাৰ আগে আগে ঘূৰি আহিব লাগিব৷ মোৰ আকৌ প্ৰয়াসে আয়োজন কৰা নাটকখনৰ আগত বন্তি প্ৰজলন কৰিবলৈও আছে৷ উন্মোচন কৰিয়েই কিন্তু মই ভদ্ৰক উভতিম ”
ঃ নাটকলৈ বহুত সময় আছে ছাৰ৷ তাৰ আগতেই আমি আহি পাম৷
ঃ মোৰ লগত সুভেন্দু বাবুও যাব৷ আৰু এটা কথা, সুভেন্দু বাবু পাটপুৰত থকাৰ কাৰণে ঘৰ এটাৰ ব্যৱস্থা কৰক আগতে৷ তেওঁ ইয়াত থাকিলেহে কামবোৰ সহজে আগুৱাই নিব পাৰিব৷
ঃ তেখেতে আমাৰ গাঁৱত অকনো অসুবিধা নাপায়৷ থকাৰ ব্যৱস্থাও কৰি দিম৷ আমাৰ ঘৰতে সুকীয়াকৈ এটা ৰুম আছে৷ এই নিৰ্বাচন আহিলে তাকেই আমি অফিচ ঘৰ পাতো৷
ঃ ভাল বাৰু৷ – বিধায়কে ক’লে৷
“ছাৰ আজি নিৰামিষ চলিবতো আপোনাৰ? আপোনাৰ কাৰণে ডাঙৰ চিতল এজনী অনোৱাইছোঁ৷ তাৰে লগত মিছা–মাছ, কাৱৈ মাছ আৰু পুঠি মাছো আছে৷ এবিধৰ জোল হ’ব, এবিধ হ’ব ভজা আৰু এবিধ সৰিয়হৰ চৰচৰী দিয়া৷ জানেই নহয় মফচলীয় ঠাই বুলি, আপোনালোকৰ তাৰ দৰে আৰু ক’ত যোগাৰ কৰিব পাৰিম? – উদ্ধৱ মহান্তিয়ে সেমেনা–সেমেনি কৈ কথাষাৰ ক’লে৷
ঃ এহ উদ্ধৱ, এইবোৰ কৈ কৈ হঁহুৱাবলৈ নাহিবা আৰু৷ তুমি নাম লোৱা এইবোৰ নো ক’ত আমাৰ চহৰত পায়? হ’ব বাৰু৷ বৰ বেছি একো কৰিব নালাগে৷ তোমালোকৰ ইয়াত এই লীলাৱতী চাউলবিধৰ খেতি নহয় জানো? সেইয়া আছে যেতিয়া আৰু কিহৰ চিন্তা!
ঘাটোৱাল নাৰায়ণে নিজৰ নাওখন আনি ঘাটৰ ওচৰত লগাইছিলহি৷ তাক দেখি বিধায়ক মানগোবিন্দই সুধিলে, “বৃদ্ধ পেঞ্চন পাইছ নে নাই?”
কিন্তু নাৰায়ণে কিবা কোৱাৰ আগতেই নৰোত্তম মণ্ডলে আগে ভাগে ক’লে, “পাইছে, পাইছে৷ আমাৰ গাঁৱৰ মানুহখিনিয়ে চৰকাৰে প্ৰদান কৰা সকলোবোৰ আঁচনিৰেই সুবিধা পাইছে৷”
নৈ পৰীয়া বতাহজাকে বিধায়েকৰ ক্লান্তি দূৰ কৰি পেলাইছিল৷ আজিৰ দিনটো দৌৰা দৌৰি কৰোঁতেই পাৰ হৈ গ’ল৷ এফালে মন্ত্ৰীৰ প্ৰগ্ৰেম, তাৰ লগতে গাড়ী নচলা এই ঠাইখনত পদযাত্ৰা কৰা৷ মহাবীৰ কোম্পানীৰ মাটিৰ কথা ইয়াত জড়িত নথকা হ’লে, মন্ত্ৰীতো দূৰৰ কথা, তেওঁৰ পি.এ জনেও পাটপুৰত ভৰি নেপেলালে হয়!
তেওঁ সুভেন্দুৰ ফালে চাই সুধিলে, “কিমান দৰকাৰ?”
ঃ তিনি হাজাৰ একৰ পাই গ’লেই আমাৰ হৈ যাব৷
ঃ আৰু সেই পাৱাৰ ক’ৰ্পোৰেচন গ্ৰীডৰ কাৰণে? – বিধায়কে আকৌ সুধিলে৷
ঃ ছাৰ, সেইটো মই সঠিকভাবে ক’ব নোৱাৰিম! তথাপি মোৰ আন্দাজমতে চল্লিছৰ পৰা পঞ্চাছ একৰ মান হৈ গ’লেই হ’ব চাগে’৷
ঃ বুজিছোঁ! – মানগোবিন্দই জোনটোৰ ফালে চাই উত্তৰ দিলে৷
“ছাৰৰ চাগে’ ভোকেই লাগিছে! এই মন্দিৰৰ ৰাস্তাটোৱেদি আমি ঘৰলৈ গুচি যোৱাটোৱেই ভাল হ’ব৷ দহমান বজাত আপোনাৰ গাড়ী আহি পাবহি৷ আমি আপোনাক আগবঢ়াই থৈ যাম হি৷ সুভেন্দু বাবুতো চাগে থাকিবই?”- উদ্ধৱ মহান্তিয়ে সুধিলে৷
ঃ নাই, নাই, মই আজি নাথাকোঁ৷ –এক প্ৰকাৰৰ মানা কৰি কোৱা দিয়েই সুভেন্দুৱে চিঞৰি উঠিল৷ “কিছু দিনৰ পিছত মোৰ বস্তু বাহানিলৈ একেবাৰে আহিম৷”
লাহে লাহে চাৰিওজনে খোজ কাঢ়ি কাঢ়ি উভতি আহিল৷
ভোজৰ কাৰণে মহাদেৱ মন্দিৰৰ প্ৰাঙ্গনত আজি খুব ভিৰ৷ গাঁৱৰ মানুহখিনিয়ে মাটিতে ঢাৰি পাৰি বহি লৈছে৷ সমুখত পাৰি দিয়া কলপাতত গৰম গৰম ভাতৰ লগত ডালমা, কাচকল, আলু ভাজি আৰু বিলাহীৰ টক পৰিৱেশন কৰি গৈছে৷ অকণমান আঁতৰত চাৰিখন চকী সজাই থোৱা আছে৷ এওঁলোকে গৈ তাতেই বহিব৷ চকীত তেওঁলোক বহাৰ পিছত, বিধায়কে নিজৰ হাত দীঘল চোলাটোৰ হাত দুখন কোচাই কোচাই উদ্ধৱ মহান্তিক সুধিলে, “পায়সৰ ব্যৱস্থাটো কৰিছা নি(য়?”
ঃ আছে, আছে ছাৰ! আমাৰ পাটপুৰ গাওঁখনটো গাখীৰ আৰু চাউলৰ কাৰণেই প্ৰসিদ্ধ৷
ষ্টেজৰ ফালৰ পৰা নাগাৰাৰ টুং টাং শব্দ আহি মানুহবোৰৰ কাণত পৰিছিল হি৷ উদ্ধৱ মহান্তিয়ে তেনেতে ক’লে, “ছাৰ! ব’লক, আগে মুখ–হাত ধুই আহিব গৈ৷ আপোনাৰ হ’লেই নাটক উদ্ঘাটন কৰিবলৈ আপোনাক লৈ যাম৷”
চাৰিওজনে হাত মুখ ধুবলৈ বুলি বাহিৰলৈ গ’ল৷ উদ্ধৱ মহান্তিৰ ঘৰত বিধায়কৰ কাৰণে ৰৈ আছিল বাচমতী চাউলৰ ভাত, চিতল মাছৰ জোল, বেলেগে বেলেগে পুঠি আৰু মিছা–মাছৰ ভজা, কাৱৈ মাছৰ চৰচৰী, গোল গোল কৈ কটা বেঙেনা ভজা, বিলাহী টক, আলু বেঙেনা বিলাহীৰ এখন সন্তুলা তৰকাৰী আৰু লগতে দৈ, ৰচগোল্লা৷
ৰেজিয়া চুলতানৰ বেশত সেইজনী মালতী নে কোন ধৰিবই পৰা নগৈছিল৷
পিছৰ পিনে বহি চাই থকা ৰমাকান্তই নিজৰ মাকক ক’লে, “বৌটি, আমাৰ মালতীক চিনি পাইছ নে?”
লগে লগে দেউতাক সনাতন দাসে ক’লে, “যিয়ে নহওক, দেখাত কিন্তু একেবাৰে সম্ৰাটৰ দৰেই লাগিছে৷ তাইৰ চকুৰ চাৱনি দেখিছ নে নাই!”
তৃতীয় দৃশ্যৰ সামৰণিৰ পিছত এইবাৰ আহিল কাবালি৷
কাবালিৰ পিছতে সনাতন দাসে টোপনি ধৰিছে বুলি ঘৰলৈ উভতি গ’ল৷ ৰমাকান্তও অকন ইফাল–সিফাল কৰি ঘৰমুৱা হ’ল৷ কিজানিবা ইন্দ্ৰমণিৰ মুখামুখি হ’বলগাত পৰে, সেই কাৰণে সিয়ো তাত বেছি দেৰি ৰৈ নাথাকিল৷ শেষলৈকে ৰ’ল যদি একমাত্ৰ ৰমাকান্তৰ মাক৷ যিমান যি নহওক নিজৰ ছোৱালীজনীয়ে অভিনয় কৰিছে৷
মালতীয়ে লাহেকৈ ষ্টেজত উঠি, প্ৰথমে দৰ্শকৰ ফালে এবাৰ চালে৷ কিন্তু চায়েই তাইৰ কপালেদি ঘাম বৈ আহিল আৰু ডিঙিটো শুকাই গ’ল৷ তাইৰ সংলাপবোৰ খেলি মেলি হৈ যাব যেন লাগিল৷ কাৰণ একেবাৰে আগৰ শাৰীত নাটক চাবলৈ বহি আছিল সুভেন্দু৷
মঞ্চত ৰেজিয়াৰ প্ৰেমিক য়াকুতৰ প্ৰৱেশ৷
ৰেজিয়াই সংলাপ কৈ গৈছে৷ তাইৰ মুখেৰে ওলাই অহা প্ৰতিটো শব্দত যেন কোনোবাই মৌহে ঢালি দিছিল৷ ৰেজিয়াৰ চকু মঞ্চত য়াকুতৰ চৰিত্ৰত অভিনয় কৰা কৰুণাকাৰৰ ওপৰত থাকিলেও, তাই মনটো কিন্তু আছিল সুভেন্দুৰ ফালে৷ তাই যেন সংলাপবোৰ সুভেন্দুকহে কৈছিল৷
বিধায়ক আৰু সুভেন্দু বহাৰ পিছৰ শাৰীত বহিছিল উদ্ধৱ মহান্তি আৰু নৰোত্তম মহান্তিৰ পৰিয়াল৷ তাত বাসন্তীয়ো আছিল, যিয়ে নাটকখন উপভোগ কৰাতকৈ কৰুণাকাৰ–মালতীৰ ওপৰতহে বেছিকৈ নজৰ ৰাখিছিল৷ তাইৰ মালতীৰ ফালে চাই এনে লাগিছিল যেন মালতীৰ মন আৰু চকু বিধায়ক বহাৰ ফালেহে নিবদ্ধ হৈ আছিল৷ বাৰে প্ৰতি কৰুণাকাৰৰ আওভাওৰ ওপৰত কাঢ়.া নজৰ ৰাখিছিল৷ কৰুণাকাৰটো মালতীৰ ফালে ঢাল খোৱা নাইতো!
ঃ নাৰিকলৰ মূৰটো! মনৰ ভিতৰতে মালতীক গালি পাৰিলে তাই৷ দেউতাকে যদি তাইক জবৰদস্তি বাসুদেৱপুৰলৈ নপঠিয়ালে হয়, আজি তাই সকলোৰে আগত কৰুণাকাৰৰ হাতত হাত থৈ অভিনয় কৰি থাকিল হয়৷
ৰাতি চাৰে ন’ মান বজাত বিধায়ক আৰু সুভেন্দু যাবলৈ ওলাল৷ তেওঁলোকক আগবঢ়াই দিবলৈ উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলো পিছে পিছে গ’ল৷ সেই সুযোগতে বাসন্তীয়ে নিজৰ ভনীয়েকক লগত লৈ আগৰ শাৰীৰ চিটলৈ গুচি আহিল৷
মঞ্চত তেতিয়া অৰ্জুন বাবাজীৰ বিষাদ ভৰা ভজন চলি আছিল৷ নাটকৰ সৈতে তেওঁৰ ভজনৰ দূৰ দূৰণিলৈকে সম্পৰ্ক নাথাকিলেও, মাত্ৰ বাবাজীক খুচ কৰিবলৈকে তেওঁক ইন্দ্ৰই অনুৰোধ কৰিছিল৷ ভাগ্যে মানুহজনৰ মুখত দীঘল দাঢ়ি কোছা আছে, নহ’লেতো এই নাটকখনৰ সৈতে মানুহজনৰ চেহেৰা কোনো ফালৰ পৰা খাপ নাখালেহেঁতেন৷ ইফালে দৰ্শকে ভজন শুনি আমনি পাইছিল৷
এনেকৈয়ে নাটকৰ কাহিনী আগুৱাই গৈ থাকিল৷ এটা দৃশ্যৰ পিছত মঞ্চলৈ আহিল নাটকৰ হিৰো’ আৰু হিৰোইন৷ নায়িকাই এৰাতিৰ কাৰণে নায়কক তেওঁৰ কাষত ৰ’বলৈ কাতৰ অনুৰোধ কৰিছে৷ মাত্ৰ নায়কেহে বিচৰা নাই৷ তেওঁ কৈছে, “বহু দূৰ বাট যাবলৈ বাকী৷ এতিয়া বিশ্ৰাম লোৱাৰ সময় নাই৷”
ৰোমাঞ্চেৰে ভৰপূৰ এই দৃশ্যটোৱে, বাবাজীৰ ভজনে আমুৱাই পেলোৱা দৰ্শকৰ মনলৈ এক নতুন উদ্যম লৈ আনিলে৷
মঞ্চলৈ আহি মালতীয়ে আকৌ এবাৰ দৰ্শকৰ আগ শাৰীৰ চকী কেইখনলৈ চালে৷ কিন্তু ক’তা, সেই মানুহজন চোন নাই! প্ৰথম দেখিয়েই, মনে মনে ভালপাই পেলোৱা মানুহজনক নেদেখি মালতী নিৰুৎসাহ হৈ পৰিল৷ তাইৰ আৰু নাটকখনৰ প্ৰতি আগ্ৰহ নাথাকিল৷ এটা যন্ত্ৰৰ দৰে মাথোঁ সংলাপবোৰ কৈ গ’ল৷
আগশাৰীত আছিল বাসন্তী আৰু তাইৰ ভনীয়েক৷ সিহঁতৰ পৰা অলপ আঁতৰত বহিছিল অহল্যা বাইটি৷ তাৰ পিছত শাৰী শাৰীকৈ গাঁৱৰ মানুহবোৰ৷ নাছিল যদি তাইৰ চকুৱে বিচৰা সুভেন্দুৰ মুখখন৷
ৰাতি যিমানেই গভীৰ হৈ আহিছিল, নাটকো শেষ পৰ্যায়ৰ ফালে আগবাঢ়িছিল৷ ৰেজিয়াৰ মৃত্যুৰ ক্ষণ ওচৰ চাপি আহিছে৷ ৰেজিয়াই জগাই তুলিছিল প্ৰতিজন দৰ্শকৰ হৃদয়ত সমবেদনা, সহানুভূতি৷
হাতত ঢুলুকিটো লৈ ষ্টেজৰ বাওঁফালে বহিছিল গংগাধৰ মাষ্টৰ৷ তেওঁৰ লগত আছিল হাৰ্মোনিয়াম, নাগাড়া, বেহেলা, বাঁহী, তবলা ধৰি বহিছিল অন্য বাদক সকল৷
ইন্দ্ৰমণিয়ে পৰ্দাখনৰ ওচৰতেই চকী এখন পাৰি বহি আছিল৷
এটা দৃশ্য শেষ হোৱাৰ পিছত তাৰ পিছৰটো দৃশ্য আৰম্ভ হোৱাৰ মাজৰ ব্যৱধানত, সি ষ্টেজলৈ আহি মাজে মাজে ভূমুকি মাৰি চাই যায়হি৷ নাটকৰ কোনোটো চৰিত্ৰই মন্ত্ৰমুগ্ধ কৰিলে, গাঁৱৰ কোনে নিজৰ তৰফৰ পৰা অভিনেতা বা অভিনেত্ৰীক পুৰস্কাৰ প্ৰদান কৰিছে, সেই কথাও সি আহি মাজে মাজে ঘোষণা কৰি থৈ যায়৷ কিন্তু তাৰ চকুৱে সমূহ দৰ্শকৰ মাজত যদি কাৰোবাক বিচাৰি পোৱা নাছিল, সেইয়া আছিল ৰমাকান্ত আৰু নিশিগন্ধা৷
সিহঁত দুয়োৱে আহি যদি তাৰ নাটকখন চালে হয়, হয়তো ইন্দ্ৰমণি আটাইতকৈ বেছি সুখী হ’ল হয়৷
হয়তো সি কোৱা কথাখিনিৰ কাৰণেই নিশিগন্ধাই অভিমান কৰি নাটক চাবলৈ নাহিল৷
মঞ্চত নাগাড়া দ্ৰুত গতিত বাজি উঠিছে৷ সমানে সমানে বেহেলাও৷ কৰুণ শিৱৰঞ্জনী ৰাগ তুলিছিল হাৰ্মোনিয়ামে৷ য়াকুতৰ মৃত্যুৰ খবৰ আহি পাইছেহি ৰেজিয়াৰ ওচৰত৷ নিজৰ প্ৰেমিকৰ মধুৰ স্মৃতিবোৰক সুঁৱৰি সুঁৱৰি ৰেজিয়াই মাটিত ঢলি পৰিছে৷
মানগোবিন্দ মহাপাত্ৰৰ গাড়ীত বহি ভদ্ৰকলৈ উভতি যাওঁতে সুভেন্দুৰ মনলৈ বাৰে বাৰে আহিছিল সেই ডাঙৰ চকুৰ, ধেনুভিৰীয়া চেলাউৰিৰ, ঘন ক’লা চুলিৰ ছোৱালীজনীলৈ, যিয়ে অভিনয় কৰিছিল ৰেজিয়াৰ চৰিত্ৰত৷ ছোৱালীজনী পাটপুৰৰ নি(য় নহয় ৷ পেছাগতভাবে অভিনয় কৰা ছোৱালীয়েই হ’ব ৷ তাইৰ বহল নিতম্ব আৰু ভৰিৰ উৰু চেপি ধৰা চুলতানৰ পোছাকে তাইক বৰ আকৰ্ষণীয় কৰি তুলিছিল৷ তাই স্তনযুগলক দেখি সুভেন্দুৰ দেহত এক শিহৰণ জাগি উঠিছিল৷ যিমান সময় সি তাত আছিল, অকল সেই অপূৰ্ব সুন্দৰী গৰাকীকেই চাই ৰৈছিল৷ হুমুনিয়াহ এটা কাঢ়ি সি মনৰ ভিতৰতে নিজকে ক’লে, “ইমান ধুনীয়া ছোৱালীজনী, আছে আকৌ এইখন গাঁৱত!”
“উদ্ধৱ মহান্তিৰ ঘৰৰ ভাতসাজ কিন্তু গোটেই জীৱন মনত ৰৈ যাব৷ ইফালে মানুহজনে আকৌ কৈছে বোলে তেওঁ বৰ বেছি যোগাৰ কৰিব নোৱাৰিলে৷ ইয়াকেই কয় নম্ৰ অহংকাৰ, হাঃ, হাঃ,” – মানগোবিন্দই কথা উলিয়ালে৷
ঃ ছাৰ আমাৰ প্ৰজেক্টটো যদি তাত আৰম্ভ হৈ যায়, আপুনি কিন্তু মাজে মাজে পাটপুৰ আহি থাকিব লাগিব৷ অন্ততঃ আমিয়ো আপোনাক সেৱা কৰাৰ সুবিধাকন পাম৷ আপোনাৰ সেৱাই হৈছে আমাৰ গৌৰব৷
ঃ এই সকলোবোৰ বুজিছা মুখ্যমন্ত্ৰী আৰু তেখেতৰ দুজন বিশ্বাসী অফিচাৰৰ ওপৰত নিৰ্ভৰশীল৷ আমিতো নিমিত্ত মাত্ৰ৷
ঃ কোননো সেই দুজন অফিচাৰ? এক শিশুসুলভ কৌতূহলৰ সৈতে সুধিলে সুভেন্দুৱে৷
ঃ তোমালোকেতো সকলোৱেই জানা! মাত্ৰ মোৰ মুখেৰে শুনিবলৈ বিচাৰিছা? দেখাত বুৰ্বকৰ দৰে হ’ব পাৰো, কিন্তু ইমানো বুৰ্বক নহয় দেই, হাঃ, হাঃ, হাঃ৷
বিধায়কৰ মুখৰ হাঁহি শুনি ড্ৰাইভাৰজনো থতমত খালে কিছু সময়ৰ কাৰণে৷ বোধহয় পাটপুৰৰ খানাৰ প্ৰভাৱ৷
“ছাৰ! আমাৰ দূৰ্ভাগ্য এয়ে যে, এইখন দেশত আপোনাৰ দৰে তীক্ষ্ণ বুদ্ধিৰ বিধায়কৰ সংখ্যা কম৷” – সুভেন্দুৱে ক’লে৷
কিবা উত্তৰ দিয়াৰ আগতেই মানগোবিন্দই ড্ৰাইভাৰক গাড়ী ৰখাবলৈ কৈ সুধিলে, “এইখন কি ঠাই অ’? যাচোন মোৰ কাৰণে পাঁচখন তামোল–পান আৰু আমাৰ সুভেন্দু বাবুৰ কাৰণে চ’কলেট লৈ আহিবি৷ খালি চূণ কমাই দিবলৈ কবি৷”
ড্ৰাইভাৰে গাড়ীখন মূল বজাৰৰ পৰা অলপ নিলগত ৰখাই, গছ এজোপাৰ তলতে বহি পান–তামোল বেচি থকা বুঢ়াটোৰ ওচৰলৈ গ’ল৷ নহ’লে বজাৰৰ মাজ মজিয়াত বিধায়কৰ গাড়ী দেখিলে নিজৰ নিজৰ ওজৰ–আপত্তিলৈ মানুহবোৰ দৌৰি আহিব৷ ড্ৰাইভাৰ আঁতৰ হোৱাত মানগোবিন্দই গলগলীয়া মাতেৰে ক’লে, “সুভেন্দু বাবু, আপুনি আগে তৃতীয় পক্ষৰ মানুহখিনিৰ লগত অলপ তালমিল ৰাখক৷ মন্ত্ৰীতো নিজেই ৰাজী৷ যিখিনি মাটি গৈ চাই আহিলোঁ, সেই গোটেইবোৰ হৈছে চৰকাৰী মাটি৷ এই মফচলীয় মানুহখিনিৰ হাতত অলপ অলপ পইছা ধৰাই দিলেই সিহঁতো মাটি এৰি আন কোনোবা ফালে গুচি যাব৷
ঃ গুচি যাব! আপোনাৰ নিৰ্বাচন মণ্ডলীৰ এখন গাওঁ এনেকৈ উঠি গুচি গ’লে আপোনাৰ জানো বেয়া নালাগিব?
ঃ অলপো নালাগে৷
ঃ মানে?
ঃ বৰং মই ভাল হে পাম৷ কেৱল ময়েই নহয়, আমাৰ পাৰ্টীৰ মানুহবোৰেও ভাল পাব৷
ঃ মই বুজি নাপালো কথাটো!
ঃ এইবোৰ হৈছে আনগ্ৰেটফুল, বৰ্বৰ প্ৰকৃতিৰ মানুহ৷ সেইখন গাঁৱৰ পৰা আমি পাও মাত্ৰ বিছটা বা খুব বেছি কেতিয়াবা পঁচিশটা ভোট৷ গোটেই সোপাই ভোটবোৰ দিয়েগৈ আমাৰ বিৰোধী দলক৷
অহা সংখ্যাত…