
যোৱা সংখ্যাৰ পিছৰ পৰা..
মানকীয়ে বাৰাণ্ডাতে ৰৈ বাহিৰৰ পৰিৱেশটো অনুভৱ কৰিলে৷ এই কেইদিন বাৰিষাৰ ডাৱৰে ঢাকি থোৱা আকাশখন আজি কিয় জানো ফৰকাল হৈ পৰিছে! মানকীয়ে ভাবিলে–
বাৰিষাৰ আকাশৰ ক’ত যে লীলা! কতৰ যে সপোন লৈ বাৰিষাৰ ভৰ যৌৱন! তাই সন্মুখৰ আলিটোলৈ চাই পঠিয়ালে৷ ক্ষণিকতে মানকীৰ মনটো গধুৰ হৈ আহিল৷ প্ৰবাল বৰাই লেঙেৰিয়াই লেঙেিৰয়াই খোজকাঢ়ি মানকীহঁতৰ পদূলিটো পাৰ হৈ গৈছে৷ এক অব্যক্ত ভাবনাত যেন মানুহজন নিজতে নিজে বিলীন হৈ গৈছে৷ ইমান অহংকাৰী মানুহজনৰ আজি এই অৱস্থা! এনেদৰে খোজকাঢ়ি গৈ থকা প্ৰবালক দেখি মানকীৰ মনটো অলপ বেয়াও লাগিল৷
আজিৰ পৰা প্ৰায় চাৰি বছৰমান আগতে এক মটৰ দুৰ্ঘটনাত পতিত হৈ প্ৰবালে ভৰি আৰু হাতত বেয়াকৈ দুখ পাইছিল৷ তেতিয়াৰ পৰাই প্ৰবালে ভালকৈ খোজকাঢ়িবলৈ, গাড়ী চলাবলৈ নোৱাৰা হ’ল৷ প্ৰবাল মানকীহঁতৰ গাঁৱৰে মানুহ৷ হয়তো টকা থকাৰ বাবে অহংকাৰী প্ৰবাল সাংসাৰিক জীৱনৰ খেলি–মেলিবোৰৰ বাবে অধিক জেদী হৈ পৰিছিল৷ এতিয়া প্ৰবাল যেন অনুতপ্ত, আজি কালি প্ৰবালে প্ৰায়েই ভাবে – এই নিশকতীয়া দেহ আৰু জীৱনটোত আছেই বা কি? কিশোৰ পুত্ৰ আৰু পত্নী মমিতাই যি ব্যৱহাৰ কৰে তাকেই প্ৰসাদ বুলি ভাবি হাত পাতি ল’বলৈ বাধ্য৷ প্ৰবালৰ বাবে এয়া মৃত্যুৰ দৰেই এক চৰম সত্য৷
মনৰ পছন্দ মতেই প্ৰবালে নিজ গাঁৱৰ ওচৰৰ এখন গাঁৱৰ মমিতা গোহাঁইক পত্নী ৰূপত স্বীকাৰ কৰি লৈছিল৷ প্ৰবালে মাজে মাজে অনুভৱ কৰিছিল যে তেওঁৰ ভাবনা, যৌন অনুভৱ অন্য পুৰুষতকৈ কিছু পৃথক নেকি? বিয়াৰ পাছত পত্নীক ভাল নালাগিছিল আৰু কোনো ধৰণে আকৃষ্ট হোৱা নাছিল৷ মমিতাক দেখিলেই অজানিতে প্ৰবালৰ খং উঠিছিল৷ মাজে মাজে প্ৰবাল অন্য মানুহৰ ঘৰত গৈ লগৰ ল’ৰাৰ স’তে নিশাবোৰ পাৰ কৰি পুৱাহে ঘৰলৈ উভতি আহে৷ পৰিয়ালৰ বাকী সদস্যসকলৰ মাজত থকাৰ বাবে মমিতাই কথাবোৰ বৰ গভীৰভাৱে অনুভৱ কৰা নাছিল৷ শাৰীৰিক আৰু মানসিক সম্পৰ্কৰে প্ৰবালক সম্পূৰ্ণ নিজৰ কৰি ল’ব পৰিম বুলি মমিতাই ভাবিছিল৷
বিয়াৰ ঠিক এক বছৰমান পাছতে প্ৰবালে নিজৰ ঘৰৰ পৰা অলপ আঁতৰত কৃষ্ণাংগীহঁতৰ ঘৰৰ কাষতে এটা ঘৰ সাজি মমিতাৰ স’তে তাতে থাকিবলৈ ল’লে৷ মমিতা পঁচপন্ন বছৰীয়া প্ৰবালতকৈ বয়সত যথেষ্ট সৰু৷ তলে তলে অতি চঞ্চল স্বভাৱৰ ছোৱালী আছিল৷ বৰ্তমান চল্লিছৰ ওচৰৰ বয়স৷ কিন্তু মমিতা নিজৰ চৰিত্ৰৰ দোষতেই নে পৰিস্থিতিৰ পাকত পৰি বহুগামিতা হৈ পৰিল৷ এখন সমাজৰ পৰিৱেশ, বহু পত্নীৰ পতিৰ প্ৰতি থকা বিশ্বাসক মমিতাই নিজৰ কামনাৰ জুইত ছাঁই কৰি পেলালে৷
প্ৰবালৰ পৰা পোৱা কঠোৰ ব্যৱহাৰে মমিতাক পৰপুৰুষৰ প্ৰতি আকৃষ্ট হ’বলৈ যেন সহায়হে কৰিছিল৷ প্ৰবালে কথাবোৰ গ’ম পাই আৰু বেছি খঙাল হৈ পৰিছিল৷ প্ৰবাল ঘৰত নথকা সময়খিনিত তাই কেতিয়াবা অফলাইন আৰু কেতিয়াবা অনলাইনত পৰকীয়া প্ৰেমত ব্যস্ত থাকে৷ পুত্ৰ সন্তানটিৰ জন্মৰ পাছৰে পৰা প্ৰবালে মমিতাৰ স’তে শাৰীৰিক সম্পৰ্ক এৰাই চলিছিল৷ মমিতাই পুত্ৰৰ লগত এটা পৃথক কোঠাত শুইছিল, অন্য এটা কোঠাত অকলেই শুইছিল প্ৰবাল৷ এনে পৰিস্থিতিত মমিতাই নিজকে চম্ভালি ল’বলৈ কষ্ট পাইছিল৷ চঞ্চলা মমিতা কামাতুৰা হৈ পৰিছিল৷ কিন্তু পুত্ৰৰ প্ৰতি প্ৰবালৰ আছিল অগাধ মৰম৷ এই মৰমেই মমিতা আৰু প্ৰবালৰ সংসাৰখন কোনোমতে বান্ধি ৰাখিছিল৷
প্ৰবালৰ বহু আচৰণে মমিতাৰ নাৰীত্বত আঘাত কৰিছিল৷ যি আঘাতত জুইৰ ফিৰিঙতিৰ দৰে উফৰি উফৰি পৰিছিল মমিতা৷
প্ৰবাল আৰু মমিতাৰ ক্ৰমান্বয়ে উঁৱলি যোৱা সংসাৰখনত চতুৰ নাৰী কৃষ্ণাংগীয়ে আৰু আঘাত সানিছিল৷ আচলতে কৃষ্ণাংগীয়ে হলা গছত বাগী কুঠাৰ মাৰিছিল৷ কৃষ্ণাংগীয়ে প্ৰবালৰ বিৰুদ্ধে নানান কথা কৈ মমিতাক উচটাই থাকে৷ যাৰ বাবে বিপথে খোজ দিবলৈ মমিতাই সাহস পাইছিল৷ যি ব্যক্তিৰ পৰা সুবিধা আদায় কৰিব নোৱাৰে সেই ব্যক্তিক কৃষ্ণাংগীয়ে শত্ৰুজ্ঞান কৰে৷ যিকোনো প্ৰকাৰে সেইসকল ব্যক্তিক ধ্বংস কৰিবলৈ কৃষ্ণাংগীয়ে সুযোগ বিচাৰি ফুৰে৷ কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো মানুহৰ আগত মুখখন মেলি অৰ্থহীনভাৱে উচ্চস্বৰত হাঁহি ফুৰা কৃষ্ণাংগীক প্ৰবালে মুঠেই দেখিব নোৱাৰে৷ এদিন কৃষ্ণাংগীক প্ৰবালে বেয়াকৈয়ে গালি পাৰিছিল৷ তাৰে পোটক তুলিবৰ বাবে কৃষ্ণাংগীয়ে মমিতাক বেয়া পথেৰে যাবলৈ উৎসাহিত কৰি আহিছে৷ এইদৰে আৰু বহুগৰাকী মানুহকে সামাজিকভাৱে ধ্বংস কৰিবলৈ কৃষ্ণাংগী প্ৰত্যক্ষভাৱে জড়িত আছিল৷ এনে কাৰ্যই এখন সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, এই কথা কৃষ্ণাংগীয়ে এবাৰলৈয়ো নাভাবে৷
‘Bisexuality’ এই শব্দটো এখন সমাজৰ বাবে যেন এক অভিশাপ স্বৰূপ৷ যাক অসমীয়াত ‘উভকামিতা’ বুলি কোৱা হয়৷ অৰ্থাৎ এনে অৱস্থাত এজন ব্যক্তিৰ দুয়ো লিংগৰ প্ৰতি আবেগ–অনুভূতি আৰু যৌন আকৰ্ষণ থাকে৷ এই অৱস্থাৰ কোনো ব্যক্তিৰ কেতিয়াবা কোনোবা এক লিংগৰ প্ৰতি অধিক আকৰ্ষণ থাকে৷ প্ৰবালো Bisexuality লিংগৰ ব্যক্তি৷ পুলিংগৰ ব্যক্তিৰ প্ৰতি প্ৰবালৰ আছিল অধিক আকৰ্ষণ৷ আজিৰ পৰা প্ৰায় ছয়–সাত বছৰৰ আগৰ দুটা বিশেষ ঘটনাই আজিও মানকীৰ মনত আঘাত কৰে৷ একো সহায় কৰিব নোৱাৰাৰ দুখ এটাই মানকীক আহত কৰে৷ নিৰ্যাতিত দুই কিশোৰৰ মাতৃৰ অসহায় কথাবোৰ মানকীৰ পুনৰ মনলৈ আহিল—
সিদিনা ফাগুনৰ সুন্দৰ সপ্ৰতিভ পুৱালৈ চাই মানকীৰ মনটো ভাল লাগি গৈছিল৷ ফাগুনৰ ৰিব্ৰিব্ মলয়াজাক যেন হালি–জালি–নাচি ফুৰিছে৷ পুৱাৰ সুকোমল ৰ’দজাকে পালন কৰিছে দেহ–মন৷
পুৱা ৮.৩০ বজাৰ আগতেই সকলো খুৱাই বোৱাই মানকী বিদ্যালয়লৈ যাবলৈ সাজু হ’ল৷ প্ৰায় আঢ়ৈ কিঃ মিঃ দূৰত্বত থকা বিদ্যালয়খনলৈ মানকীয়ে খোজকাঢ়িয়েই অহা–যোৱা কৰে আলিৰ দুয়োকাষৰ গছ–গছনি আৰু পথাৰৰ মনোমোহা দৃশ্যই মানকীক আপ্লুত কৰে৷ তাতে ফাগুনৰ ৰিঙা ৰিভা ভাবে মানকীক এক অজান শীতল উত্তেজনা দিয়ে৷
ঠিক ন বাজি পোন্ধৰ মিনিট মানত মানকী বিদ্যালয় পালেগৈ৷ আন দিনৰ দৰে সিদিনাও মানকী নিজৰ কৰ্তব্যত ব্যস্ত হৈ পৰিল৷ মাজে মাজে অফ পিৰিয়ডবোৰত সহকৰ্মীৰ স’তে মানকীয়ে কথা পাতি ভাল পায়৷ সমাজ–সাহিত্য–সংস্কৃতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিষয় আলোচনা হয়৷ এই আলোচনা কথা–বতৰাই মানকীৰ মনটোক এক ইতিবাচক শক্তি দিয়ে৷ বহু সমস্যা বহু দুখ পাহৰি যাবলৈ বাধ্য কৰে৷
চকীদাৰগৰাকীয়ে টং টং কৈ দুটা বজাই দিলে৷ ছাত্ৰ–ছাত্ৰীসকলে নিজৰ টিফিন বক্সত থক আহাৰ গ্ৰহণ কৰি খেলা–ধূলা আৰম্ভ কৰিলে৷ বিদ্যালয়ৰএই পৰিৱেশটো মানকীয়ে উপভোগ কৰে৷ কিমান যে স্ফুৰ্ত্তি কৰে ছাত্ৰ–ছাত্ৰীয়ে৷
অহা সংখ্যাত…