
মৈত্ৰী আৰু নন্দিনী দুয়োজনী বান্ধৱী সৰুৰে পৰা একে লগে ডাঙৰ–দীঘল হৈছিল আৰু একেলগে পঢ়া–শুনা কৰিছিল৷ সিহঁত দুয়োজনীৰ সম্পৰ্কটো বায়েক –ভনীয়েকৰ দৰে৷ নন্দিনীৰ দেউতাক সৰুতে ঢুকোৱাৰ বাবে বান্ধৱী মৈত্ৰীৰ দেউতাককে নিজৰ দেউতাকৰ দৰে ভাবিছিল আৰু তেখেতেও তাইক নিজৰ ছোৱালী মৈত্ৰীৰ দৰে মৰম কৰিছিল৷ মেত্ৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত দুয়োজনীয়ে একেখন কলেজতে নামভৰ্তি কৰিলে৷
কলেজত লগ পোৱা বন্ধু –বান্ধৱী সকলৰ ভিতৰত আশিসৰ লগত সিহঁতৰ ভাল বন্ধুত্ব গঢ়ি উঠিল৷ এই বন্ধুত্ব পাছলৈ নন্দিনী আৰু আশিসৰ মাজত প্ৰেমৰ ৰূপ ললে৷ পঢ়া –শুনা শেষ হোৱাৰ পাছত সিহঁত নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিল৷ তাৰ মাজতে নন্দিনীৰ মাকে নন্দিনীৰ আগত তাইৰ বিয়াৰ কথা উলিয়ালে৷ মোৰো বয়স হৈ আহিছে সেইয়ে সময় মতে এজন উপযুক্ত পাত্ৰ চাই তোমাক বিয়া দিয়াৰ কথা ভাবিছোঁ৷ তেতিয়া তাই মাকক আশিসৰ কথা ক’লে আৰু আশিসৰ বাদে বেলেগৰ লগত বিয়াত নবহো বুলি ক’লে৷ মাকে এই কথাত মান্তি হোৱা নাছিল৷ কাৰণ আশিস মধ্যবিত্ত পৰিয়ালৰ ল’ৰা আৰু তাই হ’ল চহৰৰ বিখ্যাত উকীল মনোৰমা চৌধুৰীৰ একমাত্ৰ কন্যা৷ শেষত নন্দিনীয়ে উপাই নাপাই আশিসৰ লগত ঘৰৰ পৰা আঁতৰি আহি বিয়াত বহিব লগা হ’ল৷ এই ক্ষেত্ৰত মৈত্ৰী আৰু মৈত্ৰীৰ ঘৰখনে তাইক সকলো ক্ষেত্ৰতেই সহযোগিতা কৰিছিল৷ আৰু নন্দিনীৰ বিয়াত মাক মনোৰমা চৌধুৰী
উপস্থিত থকা নাছিল সেই কাৰণে মৈত্ৰীৰ মাক–দেউতাকে বিয়াৰ সকলো দায়িত্ব লৈ আশিস আৰু নন্দিনীৰ বিয়া পাতি দিলে৷ নন্দিনী আৰু মৈত্ৰীৰ আগৰ পৰা সপোন আছিল একেখন ঘৰলৈকে বিয়া হোৱা, সেইয়ে নন্দিনীয়ে সিহঁতৰ বিয়াৰ পাছত আশিসৰ ভায়েক শ্লোক আৰু মৈত্ৰীৰ বিয়াৰ কথা আশিসৰ আগত ক’লে৷ আশিস এই কথাত একমত হ’ল৷ কিন্তু আশিসৰ মাকৰ মৈত্ৰীক ৱোৱাৰী কৰি আনিবলৈ অলপো মন নাছিল৷ আশিস আৰু নন্দিনীৰ কথা পেলাব নোৱাৰি এই বিয়াত সন্মতি দিছিল৷ সিহঁতে ভবাৰ দৰে সিহঁতৰ সকলো সপোন বাস্তৱত পৰিণত হৈছিল৷ হঠাৎ যেন সিহঁতৰ সুখত নিয়তিৰ চকু পৰিল৷ আশিসৰ বন্ধু ৰাহুলৰ নিমন্ত্ৰণ পাই আটায়ে ৰাহুলৰ ঘৰলৈ গৈছিল৷ সেই দিনা বতৰো অলপ বেয়া আছিল৷ সিহঁতৰ ঘৰলৈ উভতি আহোঁতে যথেষ্ট পলম হৈছিল৷ সিহঁতি অহা গাড়ীখন যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হয় আৰু বেছি কৈ আঘাত পোৱা শ্লোকৰ থিতাতে মৃত্যু হয়৷ আশিসৰ মাকৰ মৈত্ৰীৰ প্ৰতি অকণো ভাল ভাব নাছিল৷ পুত্ৰৰ মৃত্যুৰ বাবে মাকে মৈত্ৰীকে দোষাৰোপ কৰিলে৷ সুবিধা বুজি আশিসৰ মাকে মৈত্ৰী আৰু নন্দিনীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিলে৷ মাকে সদায় উচটাই থকাৰ কাৰণে নন্দিনীয়ে মৈত্ৰী আৰু আশিসক সন্দেহ কৰিবলৈ ল’লে৷ সিহঁতৰ মাজত সৰু সৰু কথাত কাজিয়াৰ সূত্ৰপাত হ’ল৷ মৈত্ৰীৰ বাবে নন্দিনী আৰু আশিসৰ মাজত এনে হোৱা দেখি তাইৰ বেয়া লাগিল৷ তাইৰ কাৰণে যে সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে সেয়ে তাই সিহঁতৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল’লে৷ তাই আশিসক তাইৰ বাবে এটা চাকৰি যোগাৰ কৰি দিয়াৰ কথা ক’লে৷ সেইয়ে আশিসে তাৰ বন্ধু ৰাহুলৰ ওচৰলৈ মৈত্ৰীক লৈ গৈছিল নন্দিনীয়ে এই কথা গম পোৱা নাছিল৷ মাকৰ উচটনিত ঘৰলৈ অহাৰ পাছত মৈত্ৰীক আশিসৰ লগত সম্পৰ্ক থকা বুলি কৈ নন্দিনীয়ে মৈত্ৰীক বেয়াকৈ অপমান কৰিলে৷ নন্দিনীৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰাই ভয়ংকৰ ৰূপ ল’লে৷ লাজে অপমানে জৰ্জৰিত হৈ আশিসৰ বাধা নামানি মৈত্ৰী ঘৰৰ পৰা ওলাই গ’ল৷ vv