
সদায় অফিচলৈ যাওঁতে বাটৰ কাষতে থকা অভয়াপুৰী চহৰৰ মধ্যস্থলত অৱস্থিত ডাকঘৰটোলৈ এবাৰ সতৃষ্ণ নয়নেৰে ঘূৰি চাওঁ৷ এটা সময়ত এই ডাকঘৰটোলৈ আমাৰ সঘন আহ–যাহ আছিল যদিও, সম্প্ৰতি কাৎচিতহে যাব লগা হয় ডাকঘৰটোলে৷ কৈশোৰ আৰু যৌৱনৰ বহু মিঠা স্মৃতি বিজড়িত এই ডাকঘৰটোলৈ চালে এতিয়া এনে লাগে যেন অৱজ্ঞা আৰু উপেক্ষাই অভিমানী কৰি তোলা ডাকঘৰটো আমন–জিমনকৈ মন মাৰি বহি থকা মোৰ একালৰ পৰম সুহৃদ, যাক এষাৰ মাত লগাবলৈকো আজি আহৰি নাই মোৰ!
২
বহু বছৰ পূৰ্বে এই ডাকঘৰতেই এগৰাকী সুদৰ্শন চেহেৰাৰ কৰ্মচাৰীয়ে কাম কৰিছিল৷ মানুহগৰাকীক মই চিনি নাপাইছিলোঁ৷ তেখেতৰ ঠিকনা দূৰৰ কথা, নাম পৰ্যন্ত মই নাজানিছিলোঁ! আজিও নাজানো৷ অথচ, আজিও মই তেখেতক পাহৰিব পৰা নাই! সেই মানুহ গৰাকীৰ সৈতে এনে কি কাহিনী কিম্বা স্মৃতি জড়িত হৈ আছে যে মই তেখেতক আজিও মনত ৰাখিছোঁ?
৩
তেতিয়া সম্ভৱতঃ মই দশম নে একাদশ শ্ৰেণীত পঢ়িছিলোঁ৷ সেই সময়ত মই বাতৰি কাকত অথবা আলোচনীলৈ লেখা পঠিয়াবলৈ কিম্বা পত্ৰবন্ধুলৈ লিখা চিঠি পোষ্ট কৰিবলৈ প্ৰায়েই গৈছিলোঁ ডাকঘৰলৈ, আৰু ডাকঘৰলৈ গ’লেই সেই বিনম্ৰ হাঁহিমুখীয়া কৰ্মচাৰী গৰাকীৰ সৈতে মোৰ মুখামুখি হৈছিল৷ তেখেতৰ টেবুলত হয়তো মোৰ কোনো কামেই নাথাকিছিল, অথচ যেতিয়াই মই ডাকঘৰলৈ গৈছিলোঁ, কি বিনম্ৰতাৰে, কি অকৃত্ৰিম আত্মীয়তাৰে, স্বভাৱ –সুলভ এটি মিঠা হাঁহিৰে তেখেতে মোক সম্ভাষণ জনাইছিল! অকল মোকেই নহয়, ডাকঘৰলৈ যোৱা প্ৰতি গৰাকী ব্যক্তিকেই তেখেতে একেধৰণে মধুৰ সম্ভাষণেৰে আপ্যায়িত কৰিছিল৷ তেখেতক যিকোনো কথা সুধিলে, অথবা query কৰিলেই, সমিধানত তেখেতে অতি আত্মীয়তাৰে আমাক সংশ্লিষ্ট তথ্য প্ৰদান কৰিছিল৷ তেখেতৰ সেই শিশুৰ দৰে সৰল, হাস্যোজ্জ্বল মুখখনে উজ্জ্বলাই ৰাখিছিল অভয়াপুৰী চহৰৰ সেই গৰিমাময় ডাকঘৰটোক৷
৪
আজি নৱবৰ্ষৰ প্ৰথমটো দিৱসত মই শ্ৰদ্ধা আৰু আন্তৰিকতাৰে সুঁৱৰিছো সেইগৰাকী ডাকঘৰৰ দেৱদূতক, যাৰ ঠিকনা মই আজিও নাজানো৷ কিন্তু মই নিশ্চিত যে তেখেত য’তেই আছে, ত’তেই তেখেতৰ মধুৰ ব্যক্তিত্বৰ সুৰভিয়ে সুগন্ধিত কৰি ৰাখিছে চৌদিশ৷
প্ত
Leigh Hunt-ৰ সেই বিখ্যাত কবিতাটোত স্বৰ্গৰ দেৱদূত জনে ঈশ্বৰক ভালপোৱা মানুহৰ নামৰ তালিকাৰ শীৰ্ষত মানৱ প্ৰেমী আবু বেন এধেম (Abou Ben Adhem) –ৰ নাম লিখিছিল৷ ময়ো যদি কেতিয়াবা মোৰ প্ৰিয় মানুহৰ নামৰ তালিকা প্ৰস্তুত কৰোঁ, তেন্তে শীৰ্ষস্থানীয় নামবোৰৰ শীৰ্ষত থাকিব সেই গৰাকী ব্যক্তিৰ নাম, যাৰ নাম মোৰ আজিও অজানা! তেখেতৰ নাম থলোঁ ডাকঘৰৰ দেৱদূত! vv