
নাট্য যাত্ৰাত সগৌৰৱে ১২৮ বছৰত ভৰি দিয়া যোৰহাটৰ ঐতিহ্যমণ্ডিত “যোৰহাট থিয়েটাৰত” যোৱা ০৯ আৰু ১০ ডিচেম্বৰ ২০২৩ ত এই ৰংগমঞ্চৰ প্ৰাক্তন সভাপতি মাণিক চন্দ্ৰ খাউণ্ড সোঁৱৰণী নাট্যসন্ধ্যাত বিশিষ্ট নাট্যকাৰ, পৰিচালক ড॰ অৰূপ বৰঠাকুৰ দেৱৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চায়ন কৰা হয় এখনি পাৰিবাৰিক নাটক “আপোনজন”৷ নাটখনিত সাম্প্ৰতিক সময়ৰ বাস্তৱৰ আধাৰত পৰিয়ালকেন্দ্ৰিক কাল্পনিক ঘটনা এটিক নাট্যৰূপ দি দৰ্শকৰ সন্মুখত দাঙি ধৰা হৈছে৷ বৰ্তমান সমাজত স্বাৰ্থপৰতা, ব্যক্তি কেন্দ্ৰিকতা, ভোগ-বিলাস প্ৰৱণতাই কেনেদৰে আপোনজনৰ লগত থকা সম্বন্ধৰ বান্ধোনত ঘুণে ধৰায়, সা-সম্পত্তিৰ লালসাত বা কেৱল নিজক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত মানুহৰ মানসিকতাৰ কিদৰে সলনি হয় তাকেই নাটখনিৰ মাজেৰে প্ৰতিফলিত কৰা চেষ্টা কৰিছে৷ অৱশ্যে তাৰ মাজতে কিন্তু কিছু ব্যতিক্ৰমি মনৰ মানুহো যে থাকে যি নিজৰ সুখৰ লগতে পৰিয়ালৰ, আন আন আপোন মানুহৰ সুখ-আনন্দৰ মাজতহে জীৱনৰ প্ৰকৃত সুখ-আনন্দ বিচাৰি পায় তাকো দেখুওৱা হৈছে৷ এনে এটি সচৰাচৰ ঘটি থকা কাহিনীকেই মুঠ ১৪টা চৰিত্ৰৰ যোগেদি সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ চৰিত্ৰ সমূহত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয়ে প্ৰেক্ষাগৃহৰ দৰ্শকসকলক মোহাছন্ন কৰি ৰাখিছিল৷

অভিনয়ৰ দিশত প্ৰথমেই নাম ল’ব লাগিব নাটকখনিৰ এটি বিশেষ চৰিত্ৰ জীৱনানন্দ চৌধুৰী৷ এই চৰিত্ৰটিত নাটখনিৰ ৰচক আৰু পৰিচালক ড॰ অৰূপ বৰঠাকুৰ দেৱৰ অভিনয় আছিল হৃদয়স্পৰ্শী৷ নাটখনিৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ বিমল বৰুৱাৰ চৰিত্ৰত দক্ষ অভিনেতা সুৰজিত শৰ্মাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মনত ৰেখাপাত কৰি যায়৷ বিমল বৰুৱাৰ দুই ভাতৃ নিৰ্মল বৰুৱাৰ চৰিত্ৰত ৰঞ্জন শৰ্মা, পৰিমল বৰুৱাৰ চৰিত্ৰত দিগন্ত হাজৰিকা আৰু অন্যান্য চৰিত্ৰ যেনে – ব্ৰজেন চলিহাৰ চৰিত্ৰত হিমাংশু দাস, বিনয় দত্তৰ চৰিত্ৰত অশোক কুমাৰ নেওগ, অনিমেষ কাকতিৰ চৰিত্ৰত তৰুণ পৰিক্ষীত, ঋতুৰাজ শইকীয়াৰ চৰিত্ৰত দীপাংকৰ জ্যোতি দত্তৰ অভিনয় আছিল স্বাভাৱিক আৰু সাৱলীল৷ মাধুৰী কাকতিৰ চৰিত্ৰত জুৰী শৰ্মাৰ প্ৰকাশভঙ্গী, অভিনয় আছিল স্বভাৱসুলভ৷ মালবিকা বৰুৱাৰ চৰিত্ৰত মেঘালী দাস, অন্তৰা বৰুৱাৰ চৰিত্ৰত অমৃতা শৰ্মা, উত্তৰাৰ চৰিত্ৰত অন্তৰা শইকীয়াৰ অভিনয় আছিল মন পৰশা৷ নাটকখনিৰ এটি আকৰ্ষণীয় চৰিত্ৰ নৰেশ্বৰ ডেকাৰ চৰিত্ৰত অমিতাভ বৰাৰ অভিনয়ে দৰ্শকক আমোদ দিয়ে৷ আন এটি বিশেষ কৌতুক চৰিত্ৰ বল্টুৰ চৰিত্ৰত ঈষাণজ্যোতি শৰ্মাৰ অভিনয় আছিল অতি স্বাভাৱিক৷ তেওঁৰ কৌতুকপূৰ্ণ অভিনয়ে প্ৰেক্ষাগৃহৰ দৰ্শকক হাঁহিৰ খোৰাকেৰে মোহাছন্ন কৰি ৰাখিবলৈ সক্ষম হয়৷ মুঠতে চৰিত্ৰই দাবী কৰা ধৰণেৰে প্ৰতিগৰাকী অভিনয় শিল্পীৰে অভিনয় আছিল সুন্দৰ, সাৱলীল আৰু স্বাভাৱিক৷ কেৱল অভিনয়েই নহয় নাটক এখন মঞ্চ সফল কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো কলাৰ সুন্দৰ আৰু সুষম প্ৰয়োগে নাটকখনি উপভোগ্য কৰি তুলিছিল৷ নাটকখনিৰ এক গুৰুত্বপূৰ্ণ অংগ মঞ্চসজ্জাৰ ক্ষেত্ৰত অতি সীমিত ব্যয়েৰে সফলতা লাভত অৰিহণা যোগোৱা বিচিত্ৰ বৰাৰ শলাগ ল’বই লাগিব৷ নাটকখনিৰ সংগীত ব্যৱস্থাপনাত আছিল বিশিষ্ট সংগীত, পৰিচালক, গায়ক জয়ন্ত নাথ আৰু মৃগাংক শইকীয়া৷ শব্দৰ দায়িত্বত আছিল জান আৰু পোহৰৰ দায়িত্বত আছিল ৰাকেশ বৰদলৈ৷ পৰিচালক ড॰ অৰূপ বৰঠাকুৰ দেৱৰ দক্ষ পৰিচালনা আৰু নাটখনিৰ লগত জড়িত সকলো শিল্পী, কলা-কুশলীৰ সামূহিক কষ্ট আৰু প্ৰচেষ্টাৰে এখনি উপভোগ্য মঞ্চসফল নাটক নাট্যপ্ৰেমী ৰাইজলৈ আগবঢ়াই দিবলৈ সক্ষম হয়৷ আৰু অনাগত দিনত তেখেত সকলৰ পৰা সুন্দৰ নাট্য প্ৰযোজনা পাম বুলি আশা ৰাখিলোঁ৷ vv
[DISPLAY_ULTIMATE_SOCIAL_ICONS]