বৃহৎ অসমীয়া জাতি গঠনত বিভিন্ন জনগোষ্ঠীৰ অৱদান আছে৷ জাতি সম্পৰ্কে ভিন্ন সময়ত ষ্টেলিনকে পৰা ধৰি অসমৰ প্ৰখ্যাত নৃতত্ত্ববিদ ড॰ ভুৱনমোহন দাস আদিলৈকে বহুজন পণ্ডিতৰ ভিন্ন মত প্ৰকাশ কৰিছে৷ যি কি নহওক, জাতি বা সম্প্ৰদায়ৰ চমু আভাস এয়ে যে এটা জাতিৰ মাজত কেইবাটাও সৰু সৰু সম্প্ৰদায়ৰ মানুহে বাস কৰে৷ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অসমৰ খিলঞ্জীয়া বণিয়া সম্প্ৰদায়ৰ অৰিহণা ইতিহাসে চুই যোৱা পৃষ্ঠাৰ আৰম্ভণিৰ পৰা আছে আৰু অনাদি অনন্ত কাললৈ থাকিব৷
ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাদেৱে গীতৰ মাধ্যমেৰে কৈছিল– মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব৷ ’ ভূপেন মামাৰ গীতশাৰীৰ আলমত ক’ব পাৰো যে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জাতি বা সম্প্ৰদায়ক ভালপোৱাটো স্বাভাৱিক, কিন্তু কোনোৱে নিজৰ জাতি বা সম্প্ৰদায়ক ভাল পালে বুলি তেওঁ আন জাতি বা সম্প্ৰদায়ক ঘিণ কৰাটো নুবুজায়৷ গতিকে কোনো ব্যক্তি বিশেষ উচ্চ বৰ্ণ অথবা নীচ বৰ্ণ বুলি বৰ্ণগত স্থিতিক লৈ হেয় প্ৰতিপন্ন কৰিব নাপায়৷ বৰঞ্চ নিজ নিজ সম্প্ৰদায়ৰ বিষয়ে তথ্যভিত্তিক বিশ্লেষণৰ দৰকাৰ৷ বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা জনা যায় যে বণিয়া সম্প্ৰদায়ৰ লোকে নিজৰ বৃত্তি–ব্যৱসায়েৰে নিজৰ বৰ্ণ পৰিচয়, সম্প্ৰদায়ৰ স্বকীয়তা দাঙি ধৰি আহিছে৷ অসমৰ বণিয়া সম্প্ৰদায়ৰ লোকে যিদৰে স্বৰ্ণ শিল্পটো বৰ্ণগত পেছা হিচাপে ধৰি অতীতৰ পৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলেও সোণ–ৰূপেৰে মণি, মুকুতা, হীৰা খটোৱা বিভিন্ন আ–অলংকাৰ তৈয়াৰ কৰা বা বেপাৰ কৰি বিক্ৰী কৰা আদিক লৈ জীৱিকা নিৰ্বাহ কৰি আহিছে৷ বণিয়া সম্প্ৰদায়ৰ লোক অকল মাত্ৰ যে অসম বা উত্তৰ–পূবতহে আছে এনে নহয়৷ বণিয়া সম্প্ৰদায়ৰ লোক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশসমূহতো আছে৷ অসমৰ থলুৱা বণিয়া সম্প্ৰদায়ৰ দৰে গুজৰাটৰ বণিয়া সম্প্ৰদায়ৰ মাজতো সোণ–ৰূপৰ গহনা প্ৰস্তুত কৰা কামত আৰু সোণ–ৰূপৰ গহনা–গাঁঠৰিৰ ব্যৱসায়ৰ লগত জড়িত থকা বণিয়া আছে৷ গুজৰাটত তেওঁলোক উচ্চ বৰ্ণ হিন্দু, কিন্তু অসমৰ থলুৱা বণিয়া সম্প্ৰদায়ে নিজৰ বৰ্ণগত স্থিতি পূৰ্বৰে পৰা মজবুত ৰাখিবলৈ চেষ্টা কৰিও কাৰ অভিসন্ধিত বা কি কাৰণত অসমত বিফল হৈ আহিছে সেইটো অতিকৈ গুৰুত্বপূৰ্ণ চিন্তনীয় বিষয়৷ একেদৰে তথ্য ভিত্তিত বিশ্লেষণৰ দৰকাৰী বিষয় এয়ে যে কি কাৰণত অসমৰ বণিয়া সম্প্ৰদায়ে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হ’বলগীয়া হ’ল৷
আমি বণিয়া জাতি অতীতলৈ যদি চাওঁ তেতিয়া বেউলা–লখিন্দাৰৰ কথা ল’বই লাগিব৷ কিয়নো এওঁলোকৰ পৰা বণিয়া জাতি প্ৰতিনিধিত্ব কৰিব পৰা আঁত বিচাৰি পাম৷ পদ্মপুৰাণৰ মূল কাহিনী চান্দ সদাগৰ আৰু মা বিষহৰি কেন্দ্ৰীভূত৷ চান্দ সদাগৰ হ’ল লখিন্দাৰৰ পিতৃ, তেওঁ সোণ–ৰূপ–হীৰা–মুকুতা, তাম–কাঁহ, পিতল, ৰত্ন, হাতীৰ দাঁত, সোণৰ কাঁহী–বাটি আদিৰ বেহা–বেপাৰ কৰিছিল৷ পদ্মপুৰাণত উল্লেখ কৰা তথ্য অনুসৰি কোটৰেশ্বৰৰ পুত্ৰ চাল চান্দ বণিয়াই ৰজাৰ দৰে বাস কৰিছিল যদিও চান্দ সদাগৰ হিচাপেহে পৰিচিত আছিল৷ চম্পক নগৰ নামে ঠাইত তেওঁ বাস কৰিছিল৷ চম্পক নগৰ বৰ্তমান কামৰূপ জিলাৰ ছয়গাঁৱত যে আছিল, সেই কথা ছয়গাঁৱত থকা চান্দ সদাগৰ মেৰ ঘৰৰ ভগ্নাৱশেষে প্ৰতীয়মান কৰে৷ বেউলাৰ পিতৃৰ নাম শাহে বণিয়া৷ সেই সময়ত শাহে বণিয়া নামৰ ৰজাই উজনি নগৰ পাতি ৰাজ্য চলাইছিল৷ উজনি নগৰ আছিল বৰ্তমানৰ ওদালগুৰি জিলাৰ অম্বাগাঁও মৌজাৰ ওদালাত৷ সেই কথা সুকবি নাৰায়ণদেৱে পদ্মপুৰাণত এনেদৰে উল্লেখ কৰিছিল—
‘চলে চান্দ সদাগৰ উজনি নগৰ৷
উত্তৰিয়া যায় সাধু বণিয়াৰ ঘৰ৷৷
কত দূৰ চলি গৈলা ৰাজা চন্দ্ৰঘৰ৷
সন্মুখে দেখিলা গই তীৰ্থ মুক্তেশ্বৰ৷৷
পূব পাৰে বাজিলেক ৰজা চন্দ্ৰধৰ৷
পশ্চিম পাৰে বেউলাই কৰে ব্যৱহাৰ৷৷ ’
তদুপৰি জনা যায় যে বেউলা আৰু লখিন্দাৰ দুয়ো একে বণিয়া জাতিৰ আছিল, সেই কথা ‘মঙলদৈ বুৰঞ্জী’ লেখক দীনেশ্বৰ শৰ্মাদেৱৰ আন এটা উদ্ধৃতি পদ্মপুৰাণৰ পৰা দাঙি ধৰিছে–
‘মোক জন্ম দিয়া প্ৰভু শাহেই বণিয়াৰ ঘৰে৷
তোমাক জন্ম দিলা প্ৰভু সোণাইৰ উদৰে৷৷
দুয়োজন হৈলা জন্ম জাতিষ্মৰ হৈয়া৷
শাহেই চান্দ দুয়ো মিলি কৰিলেক বিয়া৷৷’
‘গুণ বাপু বণিয়াৰ সূত তোমাক আনি পঠাই আছে, পদ্মাই কালদৃত৷’
যিয়ে নহওক পদ্মপুৰাণৰ পৰা এটা কথা জানিব পাৰি যে পুৰণি কামৰূপ ৰাজ্যত বণিয়া সম্প্ৰদায়ৰ লোক বসবাস কৰি আহিছে৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত যি বৈষ্ণৱ ভক্তি আন্দোলনৰ বিকাশ ঘটাইছিল, সেই আন্দোলনৰ লগত তেৰাসকলৰ লগত মনে–প্ৰাণে যিসকলে কাম কৰিছিল, সেইসকলৰ ভিতৰত আমাৰ বণিয়া জাতিৰ ত্ৰাণকৰ্তাস্বৰূপ হৰিদাস বণিয়া আতা অন্যতম৷ তেওঁ মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কৰা ছয় কুৰি ছজন ভকতৰ অন্যতম আতা আছিল৷ অসমীয়া গহনা–গাঁঠৰিৰ বিকাশতো এজন স্বৰ্ণশিল্পী হিচাপে হৰিদাস বণিয়া আতৈৰ অৱদান অন্যতম৷ তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ দুবছৰমান সৰু আছিল অৰ্থাৎ ১৩৭৪ শকৰ আঘোণ মাহৰ পূৰ্ণিমা তিথিত জন্মগ্ৰহণ কৰিছিল৷ হৰিদাস বণিয়া আতৈৰ জন্মস্থানক লৈ বহুতৰে দ্বিমত আছে যদিও তেওঁ নগাঁও জিলাৰ শিলঘাটৰ বুলি ‘বিয়াল্লিছৰ বিপ্লৱত নগাঁও নামৰ গ্ৰন্থত উল্লেখ আছে৷ শ্ৰীমন্ত শংকৰদেৱে ১৪০৩ শকত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ যাত্ৰা আৰম্ভ কৰিছিল বৰদোৱাৰ পৰা আৰু ভ্ৰমণ কালত ‘গুৰুজনাৰ লগত সোতৰজন সংগীৰ ভিতৰত হৰিদাস বণিয়া আতৈ সংগীভকত আছিল বুলি পণ্ডিত ড॰ মহেশ্বৰ নেওগদেৱে শ্ৰীশ্ৰী শংকৰ চৰিত্ৰত আৰু ৰামচৰণ ঠাকুৰৰ চৰিত পুথিত প্ৰকাশ কৰিছিল৷ তেওঁৰ লগত যাত্ৰা কৰা বেছিসংখ্যক গুৰুজনাৰ বাল্য বন্ধু–বান্ধৱ আৰু বৰদোৱা গ্ৰাম্যৰে ওচৰ–পাজৰৰ লোক৷ সেই ফালৰ পৰা হৰিদাস বণিয়া আতৈ, বাসস্থান বৰদোৱা বা দাঁতিকাষৰীয়া স্থানত হোৱাটো অনুমান কৰিব পাৰি৷ আতৈৰ বংশলতা প্ৰচাৰ কৰিলে প্ৰথম পুৰুষ আৰিমত্ত বণিয়া, দ্বিতীয় পুৰুষ হংসধৰ বণিয়া, তৃতীয় পুৰুষ দেৱীদাস বণিয়া আৰু চতুৰ্থ পুৰুষ কালিদাস বণিয়া প্ৰমুখ ব্যক্তিৰ কথা উল্লেখ পাওঁ৷ কালিদাস বণিয়া, দুই পুত্ৰ ক্ৰমে হৰিদাস বণিয়া আৰু লক্ষ্মী বণিয়া, তেওঁলোকৰ মাতৃ হ’ল— লীলাদেৱী বণিয়া৷ আতৈৰ পত্নী ৰুক্মিণী দেৱীৰ গৰ্ভত চাৰি পুত্ৰৰ জন্ম হয়৷
শংকৰদেৱে বাৰাদিত প্ৰথমবাৰৰ বাবে পত্নীপ্ৰসাদ যাত্ৰা ভাওনা কৰে আৰু এই ভাওনাৰ আ–অলংকাৰসমূহ সজাই–পৰাই দিয়াৰ দায়িত্ব হৰিদাস বণিয়া আতৈৰ হাতত অৰ্পণ কৰিছিল৷ তাতে বণিয়া আতৈ সকলো কামতে খুব উৎসাহী আৰু শৃংখলাবদ্ধ লোক আছিল৷ সেইবাবে শংকৰদেৱে আৰু পিছত মাধৱদেৱেও নটুৱাসকলক সজাই পৰাই দিয়াৰ দায়িত্ব বণিয়া আতৈক দিছিল৷ শংকৰদেৱ যেতিয়া পাটবাউসীলৈ আহে, হৈদাহ আতৈ (হৰিদাস বণিয়া আতৈ)ও কৈলাস নামে ঠাইত আছিল৷ তাৰ পৰা আহি নাম–কীৰ্তনত ভাগ লৈছিল আৰু গুৰুজনাক সেৱা–শুশ্ৰূষা কৰিছিল৷ আতৈৰ ভক্তিত মুগ্ধ হৈ গুৰুজনে প্ৰায়ে কৈলাসলৈ আহিছিল৷ সেই সময়ত বণিয়া আতৈ শংকৰদেৱৰ মুখৰ পৰা গীত, মাত, সুৰ সঞ্চয়বোৰ শিকি লৈছিল৷ যি কি নহওক, শংকৰী সত্ৰীয়া–সংস্কৃতিৰ নাও খেলৰ গীত, নামঘোষা, কীৰ্তনঘোষাৰ সুৰ, হোলীগীত আদি এই অনুপম সৃষ্টিৰাজিৰ মাজত হৰিদাস বণিয়া আতৈ বংশানুক্ৰমিকভাৱে যে সংৰক্ষিত হৈ আছিল তাক আজি নুই কৰিব নোৱাৰি৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ১২ গৰাকী শ্ৰেষ্ঠ ভকতৰ ভিতৰত মুখ্য ৪ গৰাকী শিষ্যৰ ভিতৰত হৰিদাস বণিয়া আতৈ অন্যতম আছিল৷ সেই কথা গুৰু চৰিতত উল্লিখিত পদকেইশাৰীৰ পৰা জনা যায়–
‘শংকৰ বোলয় শুনা কৰিয়া উৎসৱ৷
ৰাম ৰাম গুৰু আচন্ত মাধৱ৷ ৷
বুঢ়া দৈৱজ্ঞ আৰু হৰিদাস বণিয়া৷
জানিবা নি(য় তাৰাসৱ শুদ্ধ হিয়া৷ শংকৰদেৱে বণিয়া আতৈ শুদ্ধ চিন্তাধাৰাৰ ব্যক্তি বুলি চিনি পাই মাধৱদেৱৰ পিছতে আসন দিছিল৷ হৰিদাস বণিয়া আতৈ নাথাকিলে আসনখন খালী হৈ থকা অৱস্থাত তাত আন ভকতক বহিব নিদিয়াৰ কাৰণ গুৰুজনাৰ পৰা জানিব বিচৰাত গুৰুজনাই হৰিদাস বণিয়াৰ গুৰুভক্তি কেইবাবাৰো প্ৰমাণ কৰি দেখুৱাইছিল৷ এতিয়াও বৰপেটাৰ ঘোঁৰামৰা হাটীত হৰিদাস বণিয়া আতা সত্ৰ আছে৷ যিখন সত্ৰ চিন পৰা ভিঠি থান বুলি জনা যায়৷ এই সত্ৰৰ আশে–পাশে বণিয়া সম্প্ৰদায়ৰ বসতি আছে৷ আহোম ৰাজত্ব কালত ৰাজসাহায্যৰ অন্তৰ্গত সোণাৰি কাৰুকাৰ্য বৃদ্ধি পাইছিল আৰু সোণাৰি খেলৰ ল’ৰাই বাল্যকালতে সোণাৰি কাম শিকাটো বাধ্যতামূলক আছিল৷ সোতৰ শতিকাত স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ সোণাৰিসকলৰ কলাকৌশলসমূহ উন্নত কৰিবৰ কাৰণে বেনাৰসৰ পৰা সোণাৰিসকলক আমন্ত্ৰণ কৰি আনিছিল৷ থলুৱা সোণাৰি বুলি কওঁতেই সোণাৰি খেলৰ সোণাৰিকে সূচায়৷ অসমৰ হুলুৱা, বণিয়া সম্প্ৰদায়ৰ অতীতৰ ছবিৰ লগতে সম্প্ৰদায়টোৰ কাৰ্য, আচৰণ, শিল্প, কলা, সংস্কৃতিৰ লগতে ব্যবসায়–বাণিজ্যৰ আভাস এটি দাঙি ধৰাৰ চেষ্টা কৰিলো৷
সহায়ক গ্ৰন্থসমূহ ঃ
ৰ)) The History of Traditional Assamese Ornaments – উৎপল বণিয়া৷
২) শ্ৰীশ্ৰী হৰিদাস বণিয়া আতাৰ স্মৃতি ২০১৪ স্মৰণিকাত প্ৰকাশিত বিভিন্ন লেখাৰ লগতে জগত ডেকাৰ বিৱৰণী ‘হৰিদাস বণিয়া আতৈ আৰু কিছু কথা…’৷
৩) অসমৰ খিলঞ্জীয়া বণিয়া সম্প্ৰদায়ৰ ৰূপৰেখা – নাৰায়ণ চন্দ্ৰ বণিক্য৷
৪) চান্দৰ ডিঙা মুখপত্ৰ — দৰং আৰু ওদালগুৰি জিলা বণিয়া সন্মিলনী৷ vv