
এক কথাত ৰূপকথাৰ নায়িকাৰ দৰেই অসমীয়া ছবি জগতত পদাৰ্পণ হৈছিল এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ৷ মৃদুল গুপ্তাৰ ‘কৃষ্ণচূড়া’ ছবিখনৰ যোগেদি অসমীয়া ছবি জগতত খোজ পেলাইছিল এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে৷ লগত সহনায়ক হিচাপে আছিল অসমীয়া ছবিজগতৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতাদ্বয় তপন দাস আৰু অলক নাথ৷ ছবিখন মুক্তিৰ লগে লগে সৰ্বত্ৰে চৰ্চা হৈছিল অভিনেত্ৰী গৰাকীৰ প্ৰাণৱন্ত স্বাভাৱিক অভিনয় আৰু এগৰাকী নায়িকাৰ থাকিব লগা সৌন্দৰ্যক লৈ৷ সকলোৱে একেমুখে কৈছিল অসমীয়া ছবিজগতৰ বিশিষ্টা মোহময়ী নায়িকা মৃদুলা বৰুৱাৰ পাছতে অসমীয়া ছবিজগতে লাভ কৰিলে আন এগৰাকী সম্ভাৱনাপূৰ্ণ নায়িকা গীতাৱলী ৰাজকুমাৰীৰ ৰূপত৷ আকৰ্ষণীয় ব্যক্তিত্ব, অভিনয় প্ৰতিভা আৰু সৌন্দৰ্যৰ অধিকাৰিণী এই গৰাকী অভিনেত্ৰীয়ে পৰৱৰ্তী সময়ত মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’, নাৰায়ণ শীলৰ ‘ত্যাগ’, সুমন হৰিপ্ৰিয়াৰ ‘কইনা মোৰ ধুনীয়া’, ‘ককা দেউতাৰ ঘৰ জোঁৱাই’, শংকৰ বৰুৱা ‘হেঁপাহ’, দিনেশ গগৈৰ ‘হিটলিষ্ট’, মনজিত শৰ্মাৰ ‘ৰাজনীতি’কে আদি কৰি কেইবাখনো মননশীল অসমীয়া ছবিত প্ৰাণৱন্ত অভিনয়েৰে অসমীয়া দৰ্শকৰ হিয়া–মন জয় কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰিও মুক্তিৰ অপেক্ষাত থকা ছবি জয়ন্ত নাথৰ ‘ৱাইড এংগল’, ডিম্বেশ্বৰ গগৈৰ ‘দাদাগিৰি’ আৰু হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবিতো এইগৰাকী মোহময়ী অভিনেত্ৰীয়ে অভিনয় কৰিছে৷ চলচ্চিত্ৰৰ উপৰিও ৰং, ৰেঙনি আৰু স্পন্দনকে আদি কৰি কেইবাটাও জনপ্ৰিয় মনোৰঞ্জনধৰ্মী চেনেলৰ কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি অসমবাসী দৰ্শক ৰাইজৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে৷

ইয়াৰ ভিতৰত আকাশ, লগন, বান্ধোন, বৃন্দাবন, বোৱাৰী আদি কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত কৰা সাৱলীল অভিনয়ে দৰ্শকৰ অন্তৰত সাঁচ বহুৱাই থৈ গৈছে৷ এইগৰাকী অভিনেত্ৰীয়ে অভিনয়ৰ লগতে বিভিন্ন মঞ্চ অনুষ্ঠান আৰু সামাজিক অনুষ্ঠানৰ কামতো জড়িত হৈ সমাজৰ উন্নতিৰ হকে কাম কৰি আছে৷ আনকি অসমৰ আগশাৰী কেইবাটাও ভ্ৰাম্যমাণ নাট্যদলৰ পৰা অহা আমন্ত্ৰণ ব্যস্ততাৰ বাবে গ্ৰহণ কৰিব নোৱাৰাৰ লগতে এখন জনপ্ৰিয় হিন্দী ছবিৰ অফাৰো গ্ৰহণ কৰিব নোৱাৰাটো তেওঁৰ জীৱনৰ দুখ বুলি নিজ মুখে স্বীকাৰ কৰিছে৷ অভিনয়তে মন–প্ৰাণ শপি দিয়া এইগৰাকী মোহময়ী জনপ্ৰিয় অভিনেত্ৰীক পুনৰ দৰ্শকে ভাল ভাল চৰিত্ৰত চাব বিচাৰে৷ অসমীয়া ৰাইজৰ মৰম, আৰ্শীবাদেই আটাইতকৈ ডাঙৰ পুৰস্কাৰ বুলি কোৱা অভিনেত্ৰী গৰাকীলৈ আমি তেখেতৰ অনাগত সাংস্কৃতিক যাত্ৰাৰ বাবে শুভকামনা যাঁচিলো..vv