
প্ৰেম এক অনুভূতি, এক শক্তি৷৷ নিসংগতাৰ লগৰী প্ৰেম৷ ৷ প্ৰেম এক মধুৰ শব্দ৷ ৷ যত লুকাই আছে প্ৰাপ্তিৰ লগতে অপ্ৰাপ্তিৰ বীজ৷ ৷
প্ৰেম সকলোতকৈ ঊৰ্ধত, আপুনি মই প্ৰেমৰ বান্দা, এই যে আপুনি মই নোপোৱাৰ তাড়নাত উন্মাদ হৈ পৰোঁ সেয়া এক প্ৰাপ্তিৰ উন্মাদ৷ ৷ কিন্তু প্ৰেম জানো একমাত্ৰ প্ৰাপ্তি, অপ্ৰাপ্তিতো থাকে প্ৰেম, প্ৰেমৰ আলিংগন৷ ৷ একেখন আকাশৰ তলতে থকা জোন আৰু বেলি, দুয়ো একেলগ হ’ব নোৱাৰে যদিও দুয়োয়ে জানে দুয়োৰ কথা, ভালপোৱাৰ কথা৷ এইয়া এক প্ৰেম, পোৱাৰ আশা, অনাবিল ভালপোৱাৰ আশা৷ ৷
প্ৰেম কি জানে? এই যে ব্যস্ত সময়ৰ মাজত অলপ সময়ৰ বাবে কাৰোবালৈ মনত পৰা, ফোনটো উলিয়াই মাতটো শুনিব বিচৰা, ৰাতিপুৱা বিছনাতে মুখখন মনলৈ অহা, এবাৰ দিনটোত মাতটো শুনিলেই সমস্ত দুখ কষ্ট পাহৰি যোৱা, এইয়াই প্ৰেম৷
আচলতে প্ৰেম বা ভালপোৱা হৈছে এখন আইনা… য’ত প্ৰতিফলিত হয় হৃদয়ৰ সুখ আৰু দুখৰ ছায়া… ৷ য’ত প্ৰেম আছে তাতেই জীৱনো আছে… প্ৰেমে মানুহক সকলো হেৰুৱাৰ পাছতো জীয়াই থাকিবলৈ সাহস দিয়ে৷ সেয়েহে কোৱা হয়, প্ৰেম কেৱল মাথোঁঁ এটা শব্দ নহয়.. ৷ প্ৰেম হৈছে এক চিৰসেউজ গান.. হৃদয় আলোড়িত কৰা এক টান.. ৷ ই এখন হৃদয়ৰ লগত আন এখন হৃদয়ক সংযুক্ত কৰি মৰম এনাজৰী ৰে বান্ধি ৰাখে… ৷ সৰগীয় সুখৰ অনুভূতি এই প্ৰেম জীৱনৰ এক নিৰ্দিষ্ট সময়ত সকলোৰে মনলৈ আহে৷ কঢ়িয়াই আনে জীৱনলৈ ভালপোৱা আদান–প্ৰদানেৰে এক অনাবিল প্ৰশান্তি৷ এহাল ডেকা–গাভৰুৰ মাজতে প্ৰেমৰ উন্মেষ ঘটে যদিও প্ৰেম সকলোৰে লগতে হয়… ৷ প্ৰেমে কেতিয়াও কোনো বাধা নামানে… বয়স নামানে, , , ৷

সেয়েহে কোৱা হয় প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল, , , ৷ প্ৰেম চিৰ সত্য, চিৰ সুন্দৰ, চিৰ শ্বাস্বত৷ ভগৱানে মানুহক দিয়া সৰ্বোচ্চ উপহাৰেই হল এই প্ৰেম, , , ৷ যদিও প্ৰেমৰ মাজেদি বিবাহ সম্পন্ন হলে প্ৰেমে পূৰ্ণতা পায় তথাপি কিন্তু প্ৰেম মানেই বিবাহ নহয়, , , ৷ ৰাধা আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত পবিত্ৰ প্ৰেমৰ সম্পৰ্ক আছিল যদিও তেওঁলোকৰ বিবাহ হোৱা নাছিল, , , ৷ প্ৰকৃততে ভগৱান কৃষ্ণই ৰাধাৰ লগত প্ৰেমৰ জৰিয়তে পৃথিৱীৰজন সমাজক দেখুৱাই গৈছে যে প্ৰেমৰ দ্বাৰাইহে সকলোৰে মন–দাপোণত সপোনৰ বৃন্দাবন উজ্জ্বলাই তুলি এখন সুখময়, শান্তিময় সমাজ নিৰ্মাণ কৰিব পাৰে, ,৷ সঁচা প্ৰেমৰ অন্তৰৰ মৰম–ভালপোৱাই এজন অসৎ মনৰ মানুহকো মহৎ পথলৈ ঘূৰাই আনিব পাৰে৷ এয়াই হয়তো প্ৰেমৰ শক্তি, , , ৷
সমাগত ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰেমৰ দিন “ভেলেণ্টাইন ডে৷’’ সকলোৱেই নিজৰ আপোনজনক মনৰ কথা খুলি কবলৈ বা এই পবিত্ৰ দিনটোতেই আপোনজনক কিবা এটা মৰমৰ উপহাৰ দি আপোনজনক মৰম যাঁচিবলৈ বা শুভেচ্ছা জনাবলৈ সাজু হৈছে৷ চেইণ্ট ভেলেণ্টাইনৰ সোঁৱৰণত ১৪ ফেব্ৰুৱাৰীৰ দিনটোতেই বিশ্বৰ লাখ–লাখ প্ৰেমিক–প্ৰেমিকাই হিয়াৰ চুকত সযতনে সাঁচি থোৱা মৰম বিলাক প্ৰিয়জনক দিবলৈ ৰৈ থাকে৷ গতিকে আহক এই পবিত্ৰ দিনটোতেই প্ৰত্যেকেই হৃদয়ত প্ৰেমৰ মহামন্ত্ৰ জপ কৰি হিয়াত প্ৰেমৰ ফুল ফুলাই, হিংসাৰে জৰ্জড়িত, স্বাৰ্থপৰ সমাজখন প্ৰেম–অহিংসাৰ বাণীৰে জীপাল কৰি তোলোঁ… প্ৰেম সকলোৰে বাবে আশা, সপোন আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক…৷ vv