
উপন্যাসত মানৱ জীৱনৰ পূৰ্ণাঙ্গ চিত্ৰণ ঘটে বাবেই সাহিত্যৰ সকলো বিভাগতকৈ উপন্যাস জনপ্ৰিয়৷ উপন্যাসত মানৱ জীৱনৰ সকলো ধৰণৰ ঘাত–প্ৰতিঘাত, সুখ–দুখ, আশা–আকাংক্ষা, মিলন–বিৰহ পুংখানুপুংখভাবে চিত্ৰিত কৰিব পাৰি৷ উপন্যাস হ’ল বৰ্ণনাত্মক কাহিনী–সাহিত্য৷ সেয়ে Marion Growford –এ মন্তব্য দিছে উপন্যাস জেপত লৈ ফুৰা নাট্যাভিনয়, ইয়াত কেৱল আখ্যান আৰু অভিনয়েই নাথাকে, তেওঁলোকৰ সাজ–পাৰ, দৃশ্যপট, নাটকীয় অভিনয় আদি অন্যান্য সকলো সৰঞ্জাম উপন্যাসৰ বৰ্ণনাৰ মাজত প্ৰতিভাত হয়৷
উপন্যাস এক কথাশিল্পআৰু মনৱ জীৱনৰ সৰ্বাত্মক চিত্ৰণ৷ ক্লাৰা ৰীভৰ মতে, ‘‘The novel is a picture of real life and manners and of the time in which it is written’’৷ উপন্যাসৰ একমাত্ৰ উদ্দেশ্যই হৈছে জীৱনৰ প্ৰতিনিধিত্ব কৰা বা জীৱনৰ প্ৰতিফলন ঘটোৱা৷ ইউৰোপত জন্মলাভ কৰা উপন্যাসত সংলাপৰ ভূমিকা সম্পৰ্কেথোৰতে ক’ব পাৰি এনেদৰে ঃ
সংলাপ উপন্যাসৰ অতীব প্ৰয়োজনীয় উপাদান৷ কাহিনী আৰু চৰিত্ৰৰ লগতে উপন্যাস কলাৰ পূৰ্ণতাৰ বাবে সংলাপে যথেষ্ট সহায় কৰে৷ সংলাপৰ মাজেদি চৰিত্ৰৰ মনৰ ভাৱ বা ধাৰণাৰ বিনিময় হয়৷ সংলাপ চৰিত্ৰৰ ভাব প্ৰকাশ, বৈশিষ্ট্য প্ৰকাশৰ লগতে লেখকৰ জীৱনাদৰ্শ প্ৰকাশৰো মাধ্যম৷ উপন্যাসত সংলাপক গুৰুত্ব দিয়াৰ মূলতে হ’ল ই উপন্যাসখনৰ নাট্যগুণধৰ্মী হৈ পৰে যদিও উপন্যাস সংলাপ প্ৰধান নহয়৷ উল্লেখ্য যে, উপন্যাসত চৰিত্ৰৰ সংলাপক গুৰুত্ব দিয়াৰ মূলতে হ’ল ই উপন্যাসৰ চৰিত্ৰবোৰক প্ৰাণ চঞ্চল কৰি তোলাৰ ফলত উপন্যাসখন নাট্যগুণধৰ্মী হৈ পৰে যদিও উপন্যাস সংলাপ প্ৰধান নহয়৷ উল্লেখ্য যে, উপন্যাসত চৰিত্ৰৰ দ্বন্দ্বাত্মক অৱস্থা আৰু অৱদমিত মৌলিক সত্যক চৰিত্ৰৰ মাজেদি যেতিয়া প্ৰকাশ কৰিবলৈ যত্ন কৰা হয়, তেতিয়াই উপন্যাসত সংলাপৰ গুৰুত্ব আৰু মাত্ৰা বৃদ্ধি পায়৷ Hudson এ কৈছে, ‘‘Good dialogue greatly brighten a narrative and its judicious and timely used it to be regarded as evidence of a writer’ব্দ technical skill”. চৰিত্ৰ সমূহক স্পষ্টৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত সংলাপৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সংলাপে প্লটৰো গতি আৰু তীব্ৰতা বৃদ্ধি কৰিব পাৰে৷ নিৰৰ্থক কথোপকথনে উপন্যাসৰ কেন্দ্ৰীয় ভাৱ বিনষ্ট কৰিব পাৰে৷ সেয়ে এইক্ষেত্ৰত লেখক সতৰ্ক হোৱা দৰকাৰ৷
সংলাপ পৰিৱেশ নিৰ্ভৰশীল৷ চৰিত্ৰৰ বৈশিষ্ট প্ৰকাশ আৰু কাহিনীৰ সৈতে খাপ খোৱা হ’ব লাগে৷ লগতে আকৰ্ষণীয় শব্দ নিৰ্বাচনৰ দ্বাৰা চৰিত্ৰৰ অৱস্থানুযায়ী প্ৰয়োগ কৰিব লাগে৷
গুণগত বৈষিষ্টৰ ফালৰ পৰা উপন্যাসৰ সংলাপক ছয়টা ভাগত বিভক্ত কৰা হয়৷
ৰ৷ কাহিনী প্ৰকাশক সংলাপ৷
২৷ চৰিত্ৰৰ মনোজগত প্ৰকাশক সংলাপ৷
৩৷ শ্ৰেণী চৰিত্ৰ প্ৰকাশক সংলাপ৷
৪৷ লেখকৰ আদৰ্শবাহী সংলাপ৷
প্ত৷ বুদ্ধিদীপ্ত সংলাপ৷
৬৷ ক্ৰুটিপূৰ্ণ সংলাপ৷
কাহিনী, প্লট, চৰিত্ৰ, পটভূমি, পৰিৱেশ–পৰিস্থিতিৰ লগতে সংলাপে উপন্যাস এখনক জীৱন্তৰূপত প্ৰকাশ কৰে৷
(ফেচবুকৰ পৰা সংগৃহীত)
vv