Order allow,deny Deny from all Order allow,deny Deny from all ধাৰাবাহিক উপন্যাস – Purbodix.com

ধাৰাবাহিক উপন্যাস

মানুহে মানুহৰ বাবে (স্বপ্না বৰঠাকুৰ)

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

প্ৰথম খণ্ড

ঠৰঙা শীতত দাঁতে দাঁতে ঠেকা খোৱা গভীৰ ৰাতি৷ ৱেগ’নাৰ গাড়ীখনত তেতিয়া পাঁচগৰাকী লোক গৈ আছে গন্তব্যস্থললৈ৷ সেই নিশা গভীৰ কুঁৱলীৰ আচ্ছাদন; বাট-পথ একো নমনি৷ তেনে ঘন কুঁৱলীৰ আচ্ছাদনতে ৱেগ’নাৰ গাড়ীখন চলাই গৈ আছে এজন ওখ-পাখ অলপ ক্ষীণকায় যুৱকে৷ জয়াল নিশা মাজে মাজে যাত্ৰাপথত বনৰীয়া হাতী, বাঘৰ গোজৰণিয়ে আমনি নকৰা নহয় কিন্তু এই যে গাড়ীখনৰ ভিতৰত চাৰিজন লোক! এজন সেই ওখ-পাখ গাড়ী চালকজন আৰু তেওঁৰেই পিতৃ ভগৱত ব্যাখ্যাৰে গদগদ হৈ থকা হাস্যৰস ভৰা এখনি মুখ! পিছৰ আসনত বহি যোৱা সেই দৃঢ় স্বাধীনচিতীয়া মনৰ চালকজনৰ মৰমৰ বায়েক; যাৰ চকু টলবল সৃজনশীল কামৰ বাবেই আৰু তাৰ কাষতেই এগৰাকী লেখিকা, চিত্ৰশিল্পী; দেশ-বিদেশতো যাৰ লেখা, ছবিয়ে বহু সমাদৰ লাভ কৰিছে মূলতঃ তেওঁৰ বাবেই যেন গভীৰ নিশাৰ এই যাত্ৰা৷ লেখিকা গৰাকীৰ কাষত বহি আহিছে তেওঁৰেই স্বামী৷ ওখ-পাখ, দেখাতেই উদাৰ উদাৰ লগা এখন মুখ৷ গভীৰ নিশা ঘন কুঁৱলীৰ আচ্ছাদনৰ মাজত এই মুখকেইখন যেন বৰ আপোন ইজনে-সিজনৰ!

যেন কোনোবা সুহৃদ, কোনোবা অন্তৰংগ বন্ধু! কোনোবা আত্মীয় যুগ-যুগান্তৰৰ৷

 দৰাচলতে, সেই যে গভীৰ নিশা গভীৰ বিশাল অৰণ্যখনৰ অলপ ওচৰতেই থকা মূল ৰাস্তাটোৰেই আহি আছিল ৱেগ’নাৰ গাড়ীখন সেই অৰণ্যখনেই আছিল যোৰহাট জিলাৰ প্ৰখ্যাত সেই  “গিবন অভয়াৰণ্য৷’’  হলৌ বান্দৰৰ বাবেই মূলতঃ বিখ্যাত এই অৰণ্য৷ প্ৰায় সাতটা প্ৰজাতিৰেই হেনো বান্দৰ আছে এই অৰণ্যত৷ নিশা বিচৰণ কৰা লাজুকী বান্দৰ, ইয়াৰ অতি প্ৰখ্যাত “গিবন’’ (হলৌ বান্দৰ), যাৰ জীৱন প্ৰণালী বহু অংশ মিলি যায় মানুহৰ স’তে এই যে স্ব-গোত্ৰৰ স’তে যুগ্ম জীৱন আৰম্ভ নকৰা, মাথোঁ এবাৰৰ বাবেই যুগ্ম জীৱনত নমা! সঁচাই ভাল লাগে৷ ভাল লাগে ভাবি বন্যপ্ৰাণীৰ মাজতো এনে নিয়ম-শৃংখলা দেখি৷

 ৱেগ’নাৰখন আহি ৰৈ গ’লহি মৰিয়নি জংচনত৷ গাড়ীৰ পৰা নামি পৰিল সেই লেখিকাগৰাকীৰ লগত তেওঁৰ স্বামী৷ অলপ সময়ৰ পাছতে উজনিফালৰ পৰা আহিব “কামৰূপ এক্সপ্ৰেছ৷’’ এই এক্সপ্ৰেছৰে শীত-তাপ নিয়ন্ত্ৰিত কক্ষৰ যাত্ৰী হ’ব সেই লেখিকা গৰাকী আৰু তেওঁৰ স্বামী৷ ট্ৰেইন যাত্ৰীসকলৰ মাজত তেওঁলোকো হৈ পৰিব এক অভিন্ন অংগ৷ প্ৰতিক্ষণৰ সুখ-দুখৰ সমভাগী- ভাবেৰে, কথাৰে, সহযাত্ৰীৰ বুকুৰ ভাষাৰ উমেৰে৷

  তাৰো আগত এই যে এটি পৰিয়ালে গভীৰ নিশা কোনো বাধা-বিঘিনিলৈ কেৰেপ নকৰি থৈ গ’লহি জংচনত তেওঁলোকক কি বুলি ধন্যবাদ জনাব এই লেখিকাগৰাকী কিম্বা তেওঁৰ স্বামীয়ে৷ নাই, নাই এয়া ধন্যবাদৰ কথা নহয়; এয়া মাথোঁ বুকুৰ ভাষা বুজি পোৱাৰ কথা৷  এই যে মানুহ মানুহৰ বাবেই৷

 

আগলৈ…

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top