আৰু কিছু কথা…

জয় জয় দেৱী চৰচৰসাৰে কুচযুগশোভিত মুক্তাহাৰে৷
বীণা–পুস্তকৰঞ্জিত হস্তে, ভগৱতী ভাৰতী দেৱী নমস্তে৷৷
হিন্দু দৰ্শনৰ এগৰাকী উপাস্য দেৱী হ’ল শ্ৰীশ্ৰী সৰস্বতী দেৱী৷ দেৱী ভগৱত পুৰাণৰ মতে দেৱী আদ্যাপ্ৰকৃতিৰ তৃতীয় অংশত সৰস্বতীৰ জন্ম৷ তেওঁ ভগৱান বিষ্ণুৰ জিহ্বাগৰ পৰা উৎপন্ন হৈছে৷ সেয়েহে তেওঁৰ সৰস্বতী দেৱী বুলি কোৱা হয়৷ সৰস্বতী হ’ল বাক্য, বুদ্ধি, বিদ্যা আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী৷ লগতে তেওঁক সংগীত আৰু শিল্পকলাৰ অধিষ্ঠাত্ৰী দেৱী বুলিও কোৱা হয়৷ সৰস্বতী দেৱী সংশয় বিনাশিনী, সৰ্বসিদ্ধি প্ৰদায়িনী আৰু বিশ্বৰ উপজীৱিকা স্বৰূপিনী বুলিও অভিহিত কৰা হয়৷ প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত উপাসক দেৱ–দেৱীসকলৰ পূজা–অৰ্চনা কৰি অহা হৈছে৷ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অতি উলহ–মালহেৰে সৰস্বতী দেৱীৰ পূজা উদ্যাপন কৰি অহা হৈছে৷ যিহেতু সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হেতুকে শিক্ষানুষ্ঠান সমূহত এই পূজা অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয়৷ জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰেও জাপান, ভিয়েটনাম আৰু ম্যানমাৰতো সৰস্বতী পূজা পালন কৰা হয়৷
শাস্ত্ৰীয় বিধান অনুসৰি শ্ৰীশ্ৰী সৰস্বতী পূজা অসমীয়া লেখেৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা অনুষ্ঠিত কৰা হয়৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে হিন্দু সমাজে যুগ যুগ ধৰি পালন কৰি আহিছে সৰস্বতী পূজা৷ দেৱীৰ কায়িক অৱয়ব আৰু ৰূপ আৰু অলংকাৰ সম্বন্ধে স্ত্ৰোতত এইদৰে উল্লেখ আছে…
শব্দ ব্ৰহ্ম ৰূপে তুমি ওঁঙ্কাৰ ৰূপিনী৷
সৃষ্টিৰ আদিতে তুমি শব্দ স্বৰূপিনী৷৷
ওঁঙ্কাৰ ধবনিতে তুমি স্বৰ প্ৰদায়িনী৷
নাম লৈলা সৰস্বতী দেৱী বীণাপাণি৷৷
শুকুলা বৰণ তোমাৰ শুকুলা বসন৷
শুক্লবৰ্ণ ৰাজহংস তোমাৰ বাহন৷৷
শুকুলা সংগীত বাদ্য সুৱলা তাৰ ধবনি৷
গলে শোভে বীণাপাণিৰ বৈদুৰ্যৰ মণি৷৷
একহস্তে স্বৰলিপি বিদ্যাদাত্ৰী আই৷

বীণাৰ ঝংকাৰে আছা পৃথিৱী কঁপাই৷৷
সৰগৰ দেৱগণ মৰতৰে প্ৰাণী৷
সকলোতে তুমি মাতৃ বৰসিঁচা বাণী৷৷
বাগদেৱী বীণাপাণি সৰস্বতী আই৷
বিদ্যাদেৱী ভগৱতী কণ্ঠে লোৱা ঠাই৷৷
স্মৃতি শক্তি দিয়া যেন তুমি মা জননী৷
ভক্তিভাবে স্তুতি কৰো দেৱী বীণাপাণি৷৷
জ্ঞানশক্তি বুদ্ধিশক্তি স্মৃতিশক্তি দিয়া৷
বিদ্যা অধিষ্ঠাত্ৰী দেৱী আমাক কৰা দয়া৷৷
স্তোতত এইদৰে উল্লেখ থকা দুয়োখন হাতেৰে বীণাখন সাৱটি, এখন হাতত পদুম ফুল আৰু আন এখন হাতত জ্ঞানৰ প্ৰতীকী পুথি এখন লৈ ৰাজহংসৰ ওপৰত বহি থকা সৰস্বতী দেৱীক হিন্দু সমাজৰ আন আন দেৱীসকলৰ ভিতৰতে আটাইতকৈ ধুনীয়া দেৱী ৰূপে অভিহিত কৰা হৈছে৷ সূৰ্যৰ দৰে তেওঁৰ দীপ্তিমান ৰূপেই হৈছে দেৱীৰ জ্ঞানৰ বহিপ্ৰৰ্কাশ৷
কিন্তু পৰিতাপৰ কথা যে, বৰ্তমানৰ আধুনিক যুগত দেৱীৰ পূজা অতি আড়ম্বৰপূৰ্ণভাৱে ঠিকেই উদ্যাপিত হৈ আহিছে যদিও ক’ৰবাত যেন আধ্যাত্মিকতাৰ হীন–দেঢ়ি ঘটা পৰিলক্ষিত হৈছে৷ দেৱীৰ দৰ্শন আৰু আশীৰ্বাদ লোৱাৰ পৰিৱৰ্তে আজি এচাম নৱ–প্ৰজন্মই আধুনিক সাজ–পোছাক পিন্ধি, হাতে হাতে ম’বাইল লৈ বাইকত ঘূৰি ফুৰাৰ যেন অঘোষিত প্ৰতিযোগিতাতহে নামি পৰিছে৷ পূজাস্থলীৰ পৰিৱৰ্তে তেওঁলোকক আজিকালি বিভিন্ন পাৰ্ক, আধুনিক ৰেষ্টুৰেণ্ট নাইবা অত্যাধুনিক চিনেমা হলতহে ভিৰ কৰা দেখা গৈছে৷ অপ্ৰিয় হ’লেও সত্য যে, আজিকালি পূজাৰ নামত সৌন্দৰ্য প্ৰতিযোগিতা পাতি বহুতো আধুনিক মনৰ যুৱক–যুৱতীৰ মনটো পূজাৰ আধ্যাত্মিকতাৰ পৰা অন্যফালে লৈ যোৱা দেখা গৈছে৷ এইক্ষেত্ৰত অসমৰ কেইবাটাও ব্যক্তিগত নিউজ চেনেলো কম জগৰীয়া নহয়৷ এনে কৰাৰ ফলত বহুতো দুখীয়া পৰিয়ালৰ বা মধ্যবিত্ত ঘৰৰ দামী কাপোৰ পিন্ধিব নোৱাৰা যুৱক–যুৱতীসকল কিছু পৰিমাণে হতাশাত ভোগাও দেখা গৈছে৷ গতিকে এইক্ষেত্ৰত আমি সচেতন হ’বৰ হ’ল৷ আমি সস্তীয়া চিন্তা পৰিহাৰ কৰি সম্পূৰ্ণ আধ্যাত্মিকভাবে পূজাৰ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি সৰস্বতী দেৱীক পূজা–অৰ্চনা কৰিলেহে আমি বাঞ্চিত ফল লাভ কৰিবলৈ সক্ষম হ’ম৷ লগতে এই পূজাৰ পবিত্ৰতা আৰু আধ্যাত্মিকতাৰ জৰিয়তে আমাৰ মনত শান্তি অটুট ৰাখি আমি সকলোৱে প্ৰেম ভাতৃত্ববোধেৰে বাস কৰিবলৈ শিকিমহঁক৷ শেষত আধুনিকততাৰ মাজেৰেও পূজাৰ সম্পূৰ্ণ পৰম্পৰা অক্ষুন্ন থাকক এয়াই কামনা কৰিলোঁ৷ বিদ্যাৰ অধিষ্ঠাত্ৰী, জ্ঞানৰ দেৱী সৰস্বতী মাতৃয়ে সকলোকে আশীষ প্ৰদান কৰক…….৷
ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে৷
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে৷৷