প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ – Purbodix.com

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ

সাৰাংশ (

মূল গৌৰহৰি দাস

অনুবাদ নিৰ্মালি মহন্ত

যোৱা সংখ্যাৰ পিছৰ পৰা

বুজি পাইছোঁ ছাৰ৷সুভেন্দুৱে লে৷

কি বুজিলা?

গাওঁখন উঠি লে আপোনালোকৰ পাৰ্টীৰ মানুহৰ ওপৰত কোনো প্ৰভাৱ নপৰিব৷

কিন্তু সেইয়া সম্ভৱ এক মোটা ৰকমৰ বিনিময়ত আৰু এই কথাটো আপোনালোকৰ কোম্পানীয়ে বুজি পোৱা উচিত৷ নহলেনো আমাৰ দলৰ নেতাসকলৰ মাজত সেই গাওঁখনৰ প্ৰতি সহানুভূতি জগাই তোলাত আমাৰ নো কিমান সময় লাগিব? আজি আমাৰ দল সেই গাঁৱৰ মানুহখিনিৰ পক্ষ লৈ আপোনালোকৰ কোম্পানীৰ বিৰুদ্ধে যদি থিয় হৈ যায়, অনাগত দিনত পাটপুৰৰ গোটেইখিনি ভোট আমাৰ হাতলৈ আহিবলৈকো বেছি সময় নালাগিব৷

ছাৰ! ছাৰ! আপুনি এজন বুদ্ধিমানে নেতায়েই নহয়, এজন সুদক্ষ ৰণকুশলীও৷ আমাৰ মেনেজমেণ্টে আপোনাৰ পাৰ্টীৰ এই সহযোগৰ মূল্য নি( বুজি পাব৷

ময়ো তাকেই আশা কৰোঁ৷

, ড্ৰাইভাৰজন পান লৈ আহি পালে পায়৷ পিছত এই বিষয়ে ভালকৈ কথা পাতিম৷ পাটপুৰলৈ অহাৰ আগে আগে এবাৰ মোক লগ ধৰি আহিব৷ আৰু এটা কথা, ধীৰ গতিত বৈ থকা পানীৰ হে শিল কটাৰ ক্ষমতা থাকে৷ গতিকে বৰ বেছি খৰখেদা নকৰিব৷

সুভেন্দুৱেও হয়ভৰ দিলে৷ সি মনতে ভাবিলে, “এই মানুহটো বিষ থকা সাপতকৈ কোনো গুণে কম নহয়৷

ভদ্ৰকৰ জলসেৱন বিভাগৰ গেষ্ট হাউচ পোৱা লৈকে দুয়ো কথা নপতা কৈ আহিল৷ গেষ্ট হাউচ পায়েই বিধায়কে সুভেন্দুক লে, “গুড নাইট

কিন্তু সুভেন্দুৰ মনটো কৰবাত হে আছিল৷ তাৰ মনলৈ বাৰে প্ৰতি সেই ৰেজিয়া চুলতানৰ চৰিত্ৰত অভিনয় কৰা ছোৱালীজনীৰ কথাহে আহিছিল৷ সি অন্যমনস্ক হৈয়েই বিধায়কক প্ৰতি উত্তৰ দিলে, “গুড নাইট ছাৰ! ভেৰি গুড নাইট৷

যোৱা সপ্তাহেটাত পাটপুৰ গাঁৱত দুটা বিষয়ৰ ওপৰত খুব আলোচনা চলিল৷ এটা কোনোকালে দেখি নোপোৱা হেলিকপ্টাৰেদি মন্ত্ৰীৰ আগমন আৰু দ্বিতীয়টোসেইদিনাই নাটকীয় ধৰণেৰে হোৱা নিশিগন্ধাৰ অন্তৰ্ধান৷ এই ঘটনা দুটাক লৈ মানুহবোৰ ইমান ব্যস্ত হৈ পৰিল যে ইন্দ্ৰমণিৰ নাটকৰ বিষয়টো একেবাৰে তল পৰি ল৷ কথাটো হজম কৰিবলৈ তাৰ অলপ কষ্ট হৈছিল৷ হাজাৰ হওক ৰাটোৰ খাটনি জানোঁ কম হৈছিল? এমাহত কৈয়ো বেছি সময় দুখভাগৰ পাহৰি পাটপুৰত এখন সুন্দৰ নাটক প্ৰদৰ্শন কৰোৱা, আৰু লগতে পাটপুৰৰ দৰে এখন ঘোঁকটমৰা গাঁৱলৈ মন্ত্ৰী, বিধায়কক আহিবলৈ বাধ্য কৰোৱাৰ আঁৰত যে সিয়ে আছিল, তাক লৈ গাঁৱৰ মানুহখিনিৰ মাজত সাধাৰণ এটা চৰ্চাও নহল৷

মনৰ দুখ প্ৰকাশ কৰি ইন্দ্ৰমণি য়ে গংগাধৰ মাষ্টৰৰ মুখলৈ চালে৷

আনে নকলেও তোৰ নলেগলে লগা বন্ধুৱে কিন্তু মানুহেবাৰৰ আগত তই শাসক দলৰ এজেণ্ট লি বুলি কৈ ফুৰিছে৷” – মাষ্টৰে লে৷

কোন? ৰমাকান্তই?– অলপ খঙত সুধিলে ইন্দ্ৰমণিয়ে৷ নাটক হোৱা দিনাৰ পৰা তাৰ ৰমাকান্তৰ লগত আৰু কোনো কথাবতৰা হোৱা নাই৷ আচলতে তাৰ আগৰ পৰাই ৰমাকান্তই তাৰ লগত কথা পাতিবলৈ এৰি দিছিল৷

ইন্দ্ৰমণিয়ে লে, “ৰমাকান্তই কলেজত পঢ়া দিনৰে পৰা কমিউনিষ্টৰ কিছুমান শব্দ শিকিছে৷ সেই শব্দবোৰকে সি ব্যৱহাৰ কৰি থাকে৷ আজি মোৰ ওপৰতো সেই শব্দবোৰ প্ৰয়োগ কৰিলে৷ সি যিয়েই নকওক, এইবোৰ কথাই মোৰ ওপৰত কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে৷ আচলতে মই মন্ত্ৰী, বিধায়কৰ নজৰত পৰাটো তাৰ মনে সহিব পৰা নাই৷ দ্বিতীয় কথাটো , মোৰ কাৰণেই নিশিগন্ধাই কাকো একো নোকোৱাকৈ গাঁৱৰ পৰা গুছি বুলি সি মনতে ভাবি আছে৷ কিন্তু শপত খাই কৈছোঁ, মই নিশিগন্ধাক গাঁৱৰ মানুহেবাৰৰ মাজত ৰমাকান্ত আৰু তাইক লৈ চলি থকা বুবুবাবাৰ কথাহে কৈছিলোঁ৷ তাত মনে সজা কোনো কথাই নাছিল৷

তই বাৰু লিয়েই, তাতনো বেয়া পাবলগীয়া কিতো আছে? সেইজনী ধুমুহাৰ দৰে আহিছিল আৰু ধুমুহাৰ দৰেই গাঁৱৰ পৰা গুছি ল৷ মূৰৰ ভাৰ কমিল বুলি সি উলটি তোক ভালহে পাব লাগিছিল৷ মোৰতো লাগিছে তাৰ মনতহে তাইৰ কাৰণে কি বা দুৰ্বলতা আছিল৷

কোনে জানে আচল কথা? মোৰ তেনেকুৱা যেনেই লাগিছে৷ অহল্যা বাইটিক সুধিলে আচল কথাটো গম পোৱা যাব৷

পিচে এই এজেণ্টৰ কথাটোনো কি? শুনিছোঁ মন্ত্ৰীয়ে খুচ হৈ তোক টকাৰে ভৰ্তি বেগ এটা দি গৈছে? চকু নচুৱাই, মুখত এক দুষ্ট হাঁহি লৈ আকৌ মাষ্টৰে সুধিলে, “পিচে কিমান আছিল হয়? মোক লে কিবা লৈ যাম বুলি ভাবিছ নেকি? ”

মাষ্টৰৰ কথা শুনি ইন্দ্ৰমণিৰ টিঙিচকৈ খং উঠিল যদিও সি যেনিবা একো নকলে৷ কৈ লাভো নাই৷ কিন্তু এই কথাটো মাষ্টৰৰ মূৰত কোনে সোমোৱাই দিলে সেইটো জনাৰহে দৰকাৰ৷ ৰমাকান্তই মাষ্টৰক এনেকৈ নকয় বুলি সি ভাল কৈ জানে৷

নিজকে সংযত কৰি লাহেকৈ ইন্দ্ৰমণিয়ে সুধিলে, “এইবোৰ আপোনাক কোনে লে?”

নাই, মানুহেবাৰেহে কোৱাকুই কৰিছে যে মন্ত্ৰীৰ লগত কোম্পানিৰ যিজন মানুহ আহিছিল, আহেঁাতে কলা বেগ এটা লৈ আহিছিল৷ কিন্তু উভতি যাওঁতে সেইটো হাতত নাছিল৷ বেগটো হেেনা তোকে দি থৈ ল৷

যোৱাৰ সময়ত যে তেওঁৰ হাতত বেগটো নাছিল সেইটো কোনে উলিয়াইছে? –এইবাৰ খঙত ইন্দ্ৰমণিয়ে সুধিলে৷

যাওঁতে নাৱেদি যোৱা নাছিল জানো? নাৰায়ণেই উলিয়াইছে চাগৈ৷

মিছা কথা এইবোৰ৷ কোনোবাই মোক বদনাম কৰিবলৈ এইবোৰ কৈ ফুৰিছে৷ মন্ত্ৰীয়ে মোক একো বেগচেগ দিয়া নাই৷ নাটকৰ আগত সভাপতিয়ে যি পঁচিশ হাজাৰ টকা দিছিল, সেইয়াই৷

তই দেখোন আকৌ সেইদিনা কৈছিলি চল্লিছ হাজাৰ? – জেৰা কৰা দি গংগাধৰ মাষ্টৰে উলটি ইন্দ্ৰমণিক সুধিলে৷

চল্লিছ দিব বুলি কৈছিলহে, কিন্তু এতিয়ালৈকে দিয়া নাই৷” – সেপ ঢুকি কোনোমতে ইন্দ্ৰমণিয়ে কথাটো লে৷

বুজিলোঁ৷

চৰকাৰে যি চাৰিটা যোজনাৰ কথা কৈছে, তাক আমি লোকনৃত্যৰ যোগেদি ৰাইজৰ আগত প্ৰদৰ্শন কৰি প্ৰচাৰ কৰিব বিচাৰিছোঁ বুলি বিধায়কলৈ মই এখন দৰখাস্ত পঠিয়াইছোঁ৷ ইয়াত চৰকাৰৰ সুবিধা লহেতেন আৰু লগতে আমাৰো কিছু লাভ৷

লেতো খুবেই ভাল৷ কিন্তু বিধায়কে জানো তোৰ কথা শুনিব? ইয়াৰ কাৰণে আগতে উদ্ধৱ মহান্তিক ধৰিব লাগিব৷ বিধায়কৰ চকু কাণ, হাতভৰি সৱ এই মানুহেটাৱেই৷

মহাদেৱ পুখুৰীৰ পাৰেদি ইন্দ্ৰমণি আৰু গংগাধৰ মাষ্টৰ খোজকাঢ়ি কাঢ়িকালি দাস কলা নিকেতন ফালে গৈ আছিল৷ সিফালৰ পৰা অহল্যা বাইটি খৰখেদাকৈ আহি আছিল৷ ৰাতিপুৱাৰ বতাহজাকত বাইটিৰ নীলা শাৰীখনৰ আঁচলটো পতকা উৰা দি উৰিছিল৷

এশ বছৰ জীয়াব আপুনি বাইটি৷ এইমাত্ৰ মাষ্টৰৰ আগত আপোনাৰ কথাকে কৈ আছিলোঁ৷ইন্দ্ৰই লে৷

আজি হঠাৎ মোৰ কথা মনত পৰিল যে? – অহল্যাই সুধিলে৷

কিছুপৰ মনে মনে থাকি আকৌ ইন্দ্ৰমণিয়ে লে, “মিছাকে কোৱা বুলি ভাবিছে? এই অলপ আগতে আপোনাৰ কথা ওলাইছিল৷ মানে আমি পাতি আছিলোঁ, এই নিশিগন্ধা হঠাতে এনেকৈ গাঁৱৰ পৰা কিয় নোহোৱা হৈ ?”

যিটো কথা মই তোক সুধিম বুলি আহিছিলোঁ, এতিয়া উলটি তইহে মোক সুধিছ? – অহল্যাই উভতি সুধিলে৷

মোক? – সংকোচেৰে ইন্দ্ৰমণিয়ে সুধিলে৷

নাটকৰ দিনা গধূলি তাই তোৰ নামলৈ মুখৰ ভিতৰতে কিবা কিবি কৈ আছিল৷ কিন্তু সেইদিনা ভালকৈ তাইৰ লগত কথা পাতিবলৈ সময়েই নাপালোঁ৷ বেচেৰী বৰ ভাল ছোৱালী আছিল৷ লৈনো গুছি ল৷ ৰমাকান্তক কোৱা লে অলপ বিচৰা মেলা কৰিব পাৰিলে হয়৷

ৰমাকান্ত আৰু সেই আগৰ ৰমাকান্ত হৈ থকা নাই৷ সি আৰু ইন্দ্ৰমণিৰ কথা শুনিব? আপুনি নিজে গৈ তাক লেহে যদি কিবা এটা হয়৷মাষ্টৰে মাজতে মাত দিলে৷

অহল্যাই কিবা এটা খুজিছিলহে, ৰবাৰ পৰা ধমহকৈ কাণ ফাটি যোৱা শব্দ এটা ল৷ শব্দটো ইমানেই প্ৰচণ্ড আছিল, শুনি ভূমিকম্প অহা যেনহে লাগিছিল৷ সেই শব্দত পাহাৰৰ গছগছনিবোৰ কপি উঠিছিল, আৰু নুআ নৈৰ জোৱাৰ উঠা পানী নৈ পাৰক দুহাত ওপৰলৈ তিয়াই থৈ গৈছিল৷ বহু সময় তিনিওজনে মূৰ্তিৰ দৰে সেই ঠাইখিনিতে থিয় হৈ ৰৈ থাকিল৷

আগে গংগাধৰ মাষ্টৰ স্বাভাৱিক ল৷ তাৰ পিছত কপা কপা হাতেৰে সোণপাহাৰৰ ফালে আঙুলি টোঁৱাই চাবলৈ লে৷ ইন্দ্ৰমণি আৰু অহল্যাই সেইফালে চাই দেখিলে সোণপাহাৰৰক ধূলিয়েকুঁৱলীৰ দৰে আঁৱৰি ধৰিছে৷ পাহাৰৰ পৰা চৰাই চিৰিকতিবোৰেও ভয়তে কিল মিলাই নৈৰ ফালে উৰা মাৰিছে৷ কোনোবাই যেন সোণপাহাৰক এক শক্তি শালী বোমাৰে আক্ৰমণ কৰিছে৷

ইন্দ্ৰমণিয়ে চকু মেলি অকল সেইফালেই চাই থাকিল৷ মখুত টু এটা শব্দও নাছিল৷ অহল্যাও বাকৰূদ্ধ হৈ পৰিল৷

বহু সময়ৰ পিছত ইন্দ্ৰমণিয়ে লে, “এইয়াটো বোমাৰ শব্দ৷

বোমা! –আচৰিত হৈ অহল্যাই সুধিলে৷

কিন্তু ইন্দ্ৰমণিয়ে কিবা এটা কোৱাৰ আগতে আকৌ এবাৰ শুনা সেই একে প্ৰচণ্ড শব্দ৷ পুনৰ মাটি কঁপি উঠিল, আৰু লগতে মহাদেৱ পুখুৰীৰ পানী৷ তাৰ পিছে পিছে আকৌ দুবাৰ সেই বিস্ফোৰক শব্দ৷

এইয়া ডিনামাইটৰ শব্দ যেন লাগিছে৷ মই এনেকুৱা শব্দ কলিকতাত থাকেঁাতেও শুনিছোঁ৷ পাহাৰ ভাঙিবলৈ লগাই৷ যিমানেই ডাঙৰ পাহাৰ নহওক কিয়, ডিনামাইটে ভাঙি চূৰমাৰ কৰি পেলাব পাৰে৷ এইটোও তেনেকুৱাই যেন লাগিছে মোৰ৷মাষ্টৰে লে৷

আমি যোৱা ভাল নেকি৷ নহলে ঘৰত চিন্তা কৰিব৷এইবাৰ ইন্দ্ৰই লে৷

এতিয়া একান্ত চিত্তে ঈশ্বৰৰ নাম লোৱাহে কথা৷ কিয় জানো এই শব্দই কিবা বিপদৰ সংকেত দিয়া যেন হে মোৰ অন্তৰে কৈছে৷ কোনো কাৰণ নোহোৱাকৈ সোণপাহাৰ ভঙাৰ প্ৰয়োজন কি আছিল চৰকাৰৰ? –অহল্যাই লে৷

ময়ো সেইটোকেই ভাবিছোঁ৷ কম পুৰণা এই সোণপাহাৰ? কত চৰাইচিৰিকতি, পশুৰ বাসস্থলী এই পাহাৰ৷ হাজাৰ হাজাৰ চন্দন গছেৰে ভৰি আছে৷ ঋষিমুণিসকলে এই পাহাৰৰ গুহাৰ ভিতৰত তপস্যা কৰিছিলহি৷ যেই সোণৰূপ আনি লুকুৱাই থোৱাৰ কাৰণেই এই পাহাৰক সোণপাহাৰ বুলি কয়৷ এনেকুৱা পাহাৰ এটাক ভাঙিবলৈ কুবুদ্ধি কোনে দিব পাৰে বাৰু?

সৌৱা চাওঁক৷ ঘৰলৈ যোৱাৰ কথা কৈছিলে নহয়, গোটেই মানুহেবাৰ ঘৰৰ পৰা ওলাই আহিছে৷ইন্দ্ৰমণিয়ে আঙুলি টোঁৱাই দেখুৱালে৷ ওচৰপাজৰৰ মানুহখিনিয়ে নিজৰ কামবন এৰি মহাদেৱ পুখুৰীৰ ফালে দৌৰি আহিছিল৷ এনে শব্দ কাহানিও শুনি নোপোৱা গাঁৱৰ মানুহবোৰ আতংকিত হৈ পৰিল৷

আৰে মন্ত্ৰীৰ হেলিকেপ্টাৰতকৈও ইয়াৰ শব্দ ডাঙৰৰা এটাই লে৷

ইন্দ্ৰমণিয়ে গোট খোৱা গাঁৱৰ মানুহখিনিৰ ফালে এবাৰ চালে৷ এটা ট্ৰাউজাৰ আৰু তাৰ ওপৰত কূৰ্টা পিন্ধি নিজৰ চাইকেলখন লগত লৈ সকলোৰে আগত থিয় হৈ আছিল ৰমাকান্ত৷ তাক দেখাৰ লগে লগে ইন্দ্ৰমণিয়ে মুখখন ঘূৰাই দিলে৷

অহল্যাই চিঞৰি সুধিলে, “ৰমাকান্ত, কি হৈছে ’?”

গৈ চাই আহোগে বুলি কৈ চাইকেল মাৰি চিধা পাহাৰ ভঙা ঠাইখিনিলৈ ৰাওনা ৰমাকান্ত৷

সাহস কিন্তু মানিব লাগিব ৰমাকান্তৰ৷অহল্যাই লে৷

মা মঙ্গলাই গাওঁ এৰি গুছি ল৷ বিপৰ্যয় এতিয়া৷ মা তুমি উভতি আহা৷কাৰ্তিক মাজীয়ে কথাষাৰ কৈ কৈ দৌৰি আহিছিল৷ সি এতিয়াও বিশ্বাস কৰে যে নিশিগন্ধা কোনো সাধাৰণ নাৰী নহয়, স্বৱয়ং দেৱীয়ে আছিল৷

মহাদেৱ মন্দিৰৰ পূজাৰী মাধৱ দেউ আহি সেই ভিৰৰ মাজত সোমাল৷ আনদিনাৰ দৰে আজি তেওঁৰ মুখত কোনো শ্লোক নাই৷ এটি নিৰীহ শিশুৰ দৰে মাত্ৰ সোণপাহাৰৰ ফালে নিথৰ হৈ চাই ৰৈছিল৷

সোণপাহাৰৰ ওপৰত এতিয়াও ধূলিৰ আৱৰণ৷ ৰাতিপুৱাৰ কিৰণত সেই দৃশ্য দেখিবলৈ আৰু ভয়ংকৰ যেন লাগিছিল৷ কিন্তু চৰকাৰে ভাঙিব লগা কিয় এই যুগ যুগ পুৰণি সোণপাহাৰক? কিন্তু চৰকাৰে ভঙা লেতো আগতীয়াকৈ গোটেই গাঁৱতে ঢোল বজাই কথাটো প্ৰচাৰ কৰিলে হয়! গাঁৱৰ মানুহে গম পালে, এই বিষয়ে আলোচনা কৰিলে হয়৷ অন্ততঃ কোনে ভাঙিছে, কিহৰ কাৰণে ভাঙিছে গম পালে হয়৷

এনে ধৰণৰ কিছুমান আলোচনা চলিবলৈ ধৰিলে গাঁৱৰ মানুহখিনিৰ মাজত৷ কম দিনৰ ভিতৰতে এটাৰ পিছত এটাকৈ ঘটিব ধৰা ঘটনাবোৰৰ মুখামুখি বলৈ যি মানসিক প্ৰস্তুতিৰ প্ৰয়োজন, সেইয়া গাঁৱৰ মানুহখিনিৰ নাছিল৷ মন্ত্ৰী, বিধায়কে হেলিকপ্টাৰেৰে আহি গাওঁ ভ্ৰমণ কৰি যোৱা, সাধাৰণ ঘৰৰ ৰা ইন্দ্ৰমণিয়ে ইমান ডাঙৰ ভোজৰ আয়োজন কৰাৰ লগতে, জাকজমকতাৰে নাটক এখন কৰোৱা, নাটকীয় ধৰণেৰে পাটপুৰত নিশিগন্ধাৰ অবিৰ্ভাৱৰ লগতে হঠাৎ অন্তৰ্ধান হোৱা, আৰু একেবাৰে শেষত ডিনামাইটেৰে সোণপাহাৰক ফালি পেলোৱাএই সকলোবোৰ এক নাটকীয় ধৰণেৰেই ঘটি গৈছিল৷ গাঁৱৰ বুঢ়াবুঢ়ীসকলৰ লাগিছিল যেন এটা যুগ শেষ বলৈ গৈ আছে৷ অনাগত নতুন যুগটোৱে ভাল সময় কঢ়িয়াই আনিব নে বেয়া সময়ক মাতিব, সেইয়া জ্ঞানী গুণিসকলেহে বিচাৰ কৰিব৷

কলি যুগৰ আয়ুস টুটিব ধৰিছে বুলি কৈ মাধৱ পূজাৰীয়ে শ্লোক মাতি মহাদেৱ পুখুৰীটোতে বুৰ এটা মাৰিলে৷ আচলতে ভয়তে মানুহজনৰ ধূতিখন অলপ সৰুপানীয়ে তিয়াই পেলাইছিল৷ গতিকে দেউৰ গা ধোৱাটো জৰুৰী আছিল৷

পেদেল মাৰি গৈ থাকেঁাতে ৰমাকান্তৰ বাৰে বাৰে নিশিগন্ধালৈ মনত পৰিছিল৷ হঠাতে কাকো একো নোকোৱাকৈ তাই এনেকৈ গুছি ল৷ অন্ততঃ তাক এবাৰ লগ ধৰিও যাব পাৰিলে হয়৷ কথাষাৰ মনলৈ অহাৰ লগে লগে তাৰ নিজকে দোষী যেন লাগিল৷ সঁচাকৈ সি তাইক বহুত অৱহেলা কৰিলে৷ নিজেই তাইক পাটপুৰলৈ আনিলে, কিন্তু এবাৰো তাইৰ খবৰ বলৈ অহল্যা বাইটিৰ ঘৰলৈ নগল৷ আচলতে তাৰ আৰু নিশিগন্ধাৰ সম্পৰ্কক লৈ গাঁৱৰ মানুহে বুবুবাবা কৰিব বুলিয়েই তাইৰ পৰা আঁতৰি ফুৰিছিল৷ কিন্তু এইটোৱেই জানো একমাত্ৰ কাৰণ পাৰে ইয়াৰ পৰা গুছি যোৱাৰ?

ৰমাকান্তই যিমানেই তাইৰ কথা ভাবিছিল, সিমানেই তাৰ মনটোৱে হাহাকাৰ কৰি উঠিছিল৷ কোনোবাই কৈছে, কাষত থাকিলে যাক মূল্য দিয়া নহয়, আঁতৰি লে সি মণিমুকুতাৰ দৰে মূল্যৱান হৈ পৰে৷ নিশিগন্ধা আৰু ঘূৰি নাহে৷ যিদৰে আকস্মিকভাৱে তাই এই গাঁৱলৈ আহিছিল, সেইদৰেই তাই গুছিও ইয়াৰ পৰা৷ এই কথাটোৱেই তাক ব্যাকুল কৰি তুলিছিল৷

মন্ত্ৰী অহাৰ দিনা গাঁৱত মানুহে ঠাহ খাই পৰিছিল৷ ওচৰপাজৰৰ গাঁৱৰ পৰাও বহুতো আহিছিল৷ ৰাতিলৈকে মানুহৰ আহযাহ চলি আছিল৷ তাৰে মাজতে নিশিগন্ধাও গুছি গৈ চাগে কিন্তু তাইৰ দৰে অত্যন্ত সাহসী আৰু আত্মবিশ্বাসী ছোৱালী এজনীয়ে এনেকৈ কিয় গুছি ?

হয়তো কাৰোবাৰ কথাই তাইক বাধ্য কৰালে এই গাওঁ এৰি যাবলৈ! নে তাই আত্মহত্যাৰ পথকে আকৌ বাছি লে?

ৰমাকান্তৰ মূৰটোৱে কাম নকৰা ল৷

লগে লগে সি আকৌ নিজকে নিজে বুজালেকোন হয়নো তাই তাৰ? তাইক লৈ সি ইমান ব্যাকুল হোৱাৰ দৰকাৰ কি?

গুছি যোৱাৰ কাৰণে বৰং ভাল হে ল৷ এইটো কথাক লৈয়ে ঘৰত মাক, দেউতাকৰ পৰা আৰম্ভ কৰি মালতীলৈকে বিৰক্ত হৈ পৰিছিল৷ এতিয়া ঘৰৰ মানুহখিনিয়েও অপবাদ শুনিব লগা নহয়৷

কিন্তু লে কি ? তাৰ জানো  মনটোৱে বুজিবলৈ চেষ্টা কৰিছিল? বাৰে প্ৰতি নিশিগন্ধাৰ মুখখন তাৰ সমুখত ভাঁহি উঠিছিল৷ সেন্দূৰী বৰণীয়া মুখত বাৰে বাৰে আহি পৰা তাইৰ ছুলিখিনি, তাইৰ লাহী কঁকাল, ধীৰে সুস্থিৰে পেলোৱা তাইৰ খোজ, আৰু তাই মুখমণ্ডলত ফুটি উঠা লালিত্যই, ৰমাকান্তক তাইৰ কথা ভাবি বলৈ বাধ্য কৰোৱাইছিল৷ মনত পৰিছিল, ট্ৰেইনৰ পৰা জাপ মাৰিব খোজোঁতে তাইক ধৰিবলৈ কৰা সেই স্পৰ্শৰ প্ৰথম অনুভৱ৷

সোণপাহাৰক এক কিলোমিটাৰ আগৰ পৰা ঘেৰাও কৰি ৰখা হৈছে৷ চাইকেলৰ পৰা নামি ৰমাকান্তই এবাৰ ভালকৈ ঠাইডোখৰ নিৰীক্ষণ কৰিলে৷ পাহাৰটোৰ সি পাৰে হেলনীয়াখিনিৰ পৰা প্ৰকাণ্ড মেচিন এটাৰ ওপৰৰ অংশ অলপ দেখা পোৱা ল৷ সেইফালৰ পৰাই পাহাৰটো ভাঙি আহি থকা হৈছে৷ সুৰক্ষাৰ দিশৰ পৰা কেইজনমান মানুহে পাহাৰৰ তলে ওপৰে পহৰা দি আছে৷ ৰমাকান্তৰ বুজিবলৈ বাকী নাথাকিল এইয়া যে মহাবীৰ কোম্পানিৰেই কাম৷

সোণপাহাৰৰ ভাঙি পাটপুৰলৈ ৰাস্তা নিৰ্মাণৰ যোজনা চলিছে৷ এইফালে নুৱা নদীৰ ওপৰত দলং নিৰ্মাণ ব৷ যিয়ে এইফালে বঙ্গোপ সাগৰলৈকে বিয়পি থকা বিস্তৃত মুকলি পথাৰলৈ যানবাহন অহাযোৱা কৰাত সহায় কৰিব৷

ৰমাকান্তই যিমান শুনিবলৈ পাইছিল, হয়তো তাতকৈ যে বহু গুণে ভয়ংকৰ বলৈ গৈ আছে সেইয়া তাৰ বুজিবলৈ সময় নালাগিল৷ লগে লগে সি চিঞৰি সুধিলে, “ইয়াত এইবোৰ কি চলি আছে?”

ভালেমান দূৰৈত থিয় হৈ পহৰা দি থকা এজন মানুহে হাত জোকাৰি ৰমাকান্তক মাত্ৰ কৈছিল, “আঁতৰি যাওক, আঁতৰি যাওক৷ ডিনামাইট লগোৱা হৈছে৷

ৰমাকান্তও আতংকিত হৈ কেইখোজমান পিছুৱাই আহিল৷

তাৰ থিক অলপ সময়ৰ পিছতেই আকৌ এটা বিস্ফোৰণ ল৷ ৰমাকান্তৰ মনত খুদুৱনি তোলা অনেক প্ৰশ্নক যেন সেই বিস্ফোৰণে পৰিহাস কৰিছিল৷

এইবাৰ ৰমাকান্তৰ তেজ গৰম হৈ আহিল৷ গাঁৱৰ মানুহখিনিক আচল কথাটো জনাবলৈ সি খৰখেদাকৈ চাইকেল মাৰি উভতি আহিল৷

সেই পাঁচ কিলোমিটাৰ বাট, তাৰ পাঁচশ মাইল যেন লাগিল৷

এতিয়া ধৰিব পাৰিছে নে, এইবোৰ কাৰ কুচক্ৰ?” ৰমাকান্তই আকৌ লে, “ইন্দ্ৰমণি যোৱা কথা পাহৰি যা৷ বৰ্তমান পাটপুৰ সংকটত৷ এই সময়ত সেই সৰু সৰু কথাবোৰ ধৰি থাকি লাভ নাই৷ আজি গধূলি মানে গাঁৱত এখন মিটিং পাতিব লাগিব৷ নহলে বহুত দেৰি হৈ যাব৷

ৰমাকান্তৰ কথাবোৰ ইন্দ্ৰমণিয়ে বুজি নাপালে৷ পাহাৰ ফালি ৰাস্তা নিৰ্মাণ কৰাটো চৰকাৰৰ বিকাশমূলক কামৰ ভিতৰতে পৰে৷ ৰাস্তাটো লেহে আন আন ঠাইবোৰৰ লগত সিহঁতৰ গাওঁখন সংযোগ ব৷ সদায় সদায় কি এনেকৈয়ে নৈ, পাহাৰৰ মাজত বন্দী হৈ পাটপুৰ থাকিব? লগে লগে ইন্দ্ৰমণিয়ে লে, “ৰাস্তা লেচোন আমাৰেই লাভ৷ গাঁৱৰ মানুহে বছৰ বছৰ ধৰি ইয়াৰ দাবী কৰি আহিছে৷ ইয়াত এতিয়া প্ৰতিবাদ কৰাৰটো কোনো কথা নাই?”

ৰাস্তা চৰকাৰে কৰা নাই, মহাবীৰ কোম্পানিয়ে কৰিছে, আৰু বিনা লাভত কোম্পানি এটাই ইমান টকা খৰচ কৰি পাহাৰ ফালি ৰাস্তা বনাবলৈ কেতিয়াও নাহে৷ আমি গাঁৱৰ মানুহখিনিয়ে মুঠৰ ওপৰত সকলো পাহৰি একগোট লাগিব এতিয়া৷” –ৰমাকান্তই বুজালে৷

কিন্তু উদ্ধৱ মহান্তি আমাৰ লগত যোগ দিবলৈ কিয় আহিব? – প্ৰশ্নটো শুনি ইন্দ্ৰমণি আৰু ৰমাকান্ত দুয়োটাই ঘূৰি চালে৷ পিছফালে থিয় হৈ কথাটো সুধিছিল সনাতন দাস, ৰমাকান্তৰ দেউতাকে৷

সনাতন দাসে লে, “আজি সন্ধিয়া মহাদেৱ মন্দিৰৰ প্ৰাঙ্গনত গাওঁবাসীসকলৰ এখন বৈঠকৰ আয়োজন কৰ আগে৷

এই মহাদেৱ মন্দিৰৰ ওপৰত আমাৰ আস্থা আছে৷ আজি এই মন্দিৰতেই আমি সকলোৱে একত্ৰিত হৈ শপত খাম যে, এনেকুৱা ঘটনাৰ প্ৰতিবাদ আমি সকলোৱে কৰিম৷ আজি আঙুলি সোমোৱাওঁতেই যদি আমি বিৰোধ নকৰোঁ, কালি কোম্পানিয়ে আহি আমাৰ হাত কাটি লৈ যাব৷ আমি গৈ সুধিব লাগিব যে আগে কোম্পানিয়ে আমাক খোলাখুলিকৈ কওক ইয়াত তেওঁলোকে প্ৰকৃততে কি কৰিবলৈ আহিছে৷

নুৱা নৈৰ ফালৰ পৰা মটৰ চাইকেল এখন গাঁৱৰ ফালে আহি থকা যেন লাগিল৷ অলপ ওচৰ পোৱাৰ পিছত গম নৰোত্তম মহান্তিয়ে পিছফালে মন্ত্ৰীৰ লগত অহা সেই বাবুজনক বহুৱাই আহি আছে৷ উভয়ৰে চকুত কলা চছমা৷

দুেয়াৰে মাজত এটা ডাঙৰ বেগ৷

নৰোত্তম মণ্ডলে সেইয়া কাক পিছফালে বহুৱাই নিজৰ ঘৰলৈ লৈ গৈছে? – ৰমাকান্তই সুধিলে৷

নাজানো৷ইন্দ্ৰমণিয়ে উত্তৰ দিলে৷

যাকেই পিছফালে বহুৱাই নিনিয়ক, সেইয়া আমাৰ দৰকাৰ নাই৷ মুঠৰ ওপৰত আজি আমি সকলোৱে নিস্পত্তি লাগিব যে, যিটো আমাৰ পাটপুৰৰ কাৰণে মংগল , তাকেই কৰিব লাগিব৷

ইন্দ্ৰমণিৰ ফালে চাই ৰমাকান্তই লে, “তই যিটো কৰিব গৈ আছ, হয়তো তোৰ কাৰণ খেল যেন লাগিব পাৰে, কিন্তু গাঁৱৰ মানুহখিনিৰ কাৰণে সেইয়া কাল নহলে হয়৷

ৰমাকান্ত, এতিয়া ইন্দ্ৰমণিক দোষ দি লাভ নাই৷ অজানিতে কেতিয়াবা মানুহে এনেকুৱা কিছুমান ভুল কৰি পেলাই যিয়ে তাকে বিপদত পেলায়৷ কিন্তু এতিয়া দেৰি নকৰি আমাৰ বৈঠকখন পতাৰ হে কথা৷

বহুত মানুহ ধান কাটিবলৈ পথাৰলৈ গৈছে৷ আধাতে কাম এৰি জানোঁ মানুহবোৰ মিটিঙলৈ আহিব? – ইন্দ্ৰমণিয়ে সুধিলে৷

যাৰ আহিব লগা আছে, সি আহিবই৷ এনেও ডিনামাইটৰ শব্দত মানুহবোৰে ভয় খাইছে৷ গতিকে সিহঁত নি( আহিব৷” – কথাখিনি কৈ সনাতন দাস গুছি ল৷

সি যি কি নকওক, মইতো ডিনামাইটৰ শব্দ শুনি ভাবিছিলোঁ আমাৰ গাঁৱৰ ওপৰত আকৌ জাপানে আহি বোমা পেলাই থৈ বুলি! কি কাণ তাল মাৰি যোৱা শব্দ আছিল ভাই! ওচৰত থকা মানুহবোৰৰতো কাণৰ পৰ্দা ফাটি গৈছে চাগে?” – গংগাধৰ মাষ্টৰে লে৷

কথাটো ইমান অযুক্তিকৰো নহয়৷”- ৰমাকান্তই লে৷

ইন্দ্ৰমণিয়ে কিন্তু একো নামাতিলে৷ আজি কালি তাৰ সনাতন দাসৰ কথাবোৰ কিবা বিৰক্তিকৰ লগা হৈছে৷ একো নোকোৱাকৈয়ে কিমান ডাঙৰ দোষ এটা মানুহজনে তাৰ মূৰৰ ওপৰত জাপি থৈ ! সি ইমানো অবুজ নহয় যে কথাৰ সুৰ বুজি নাপাব৷

কি ?” – ৰমাকন্তই ইন্দ্ৰমণিক সুধিলে৷

তই মিটিঙলৈ মানুহ মতাৰ দায়িত্ব আন কাৰোবাক দে৷ সঁচা কথা বলৈ লে, পাহাৰ ফালি গাঁৱলৈ ৰাস্তা উলিওৱা কথাটোত মই লে একো ভুল দেখা নাই৷ ইমান বছৰৰ পৰা আমি গাঁৱখনত একো এটা নহ নহ বুলি চিঞৰি আছিলোঁ৷ সোণপাহাৰ আৰু নুৱা নৈৰ মাজত বন্দী হৈ আছিলোঁ৷ এফালে লে ঘৰিয়ালৰ ভয়, আনফালে দি বনৰীয়া জীৱজন্তু৷ আজি যদি চৰকাৰে এইফালে দি ৰাস্তা বনাই, কালি নৈৰ ওপৰত দলং থিয় কৰিব বিচাৰে, তাত আমাৰ গাঁৱৰ লাভ বনে লোকচান ? আমাৰ মানুহে যাওঁ বুলিলেই গোপীনাথপুৰ বা হৰিপুৰলৈ যাব পাৰিব৷ গা বেয়া লে গোপীনাথপুৰ ডাক্তৰখানা যাবলৈ আৰু কাৰো অসুবিধা নহব৷

, মোক আৰু সেইবোৰ বুজোৱাৰ দৰকাৰ নাই৷ তোৰ নিচিনাকৈয়ে আমি সকলোৱে এইবোৰ সুবিধা পোৱাটোৱেই বিচাৰোঁ৷ কিন্তু কিবা এটা পদক্ষেপ নিয়াৰ আগতে অন্ততঃ চৰকাৰৰ ফালৰ পৰা আমাক জনাবতো লাগিছিল৷ ইমান পুৰণি পাহাৰ এটা ভাঙি পেলালে, অথচ আমি গাঁৱৰ মানুহখিনিয় গমেই নাপালে, কিহৰ কাৰণে?

আমাৰ আৰু উদ্ধৱ মহান্তিৰ মাজত মাতবোল নাই৷ নহলে মই তোক মাতিবলৈ নকলো হয়৷ একো নাই, তই যদি অসুবিধা পাইছ, মই নিজে সেই কাম কৰাই ম৷ এইটো একো ডাঙৰ কাম নহয়৷

তাৰ পৰা যাবলৈ ইফালে মাষ্টৰে ইচাটিবিচাটি কৰি আছিল৷ ইফালে ইন্দ্ৰমণি আৰু ৰমাকান্তৰ কথাৰ মাজত সোমাব খোজা নাছিল৷ শেষত নোৱাৰি ইন্দ্ৰমণিৰ ফালে চাই লে, “মই এৰিছো এতিয়া, গধূলি লগ পাম৷গংগাধৰ মাষ্টৰ যোৱাৰ পিছত ৰমাকান্ত, ইন্দ্ৰমণিৰ ওচৰলৈ আহি সুধিলে, “নিশিগন্ধা যোৱাৰ আগতে তোক লগ ধৰা বুলি শুনিছিলোঁ৷ কিবা কৈছিলেনে কি তোক?”

ইন্দ্ৰমণিয়ে অন্যমনস্ক হৈ মহাদেৱ পুখুৰীৰ ফালে চাই আছিল৷ ৰমাকান্তক কি উত্তৰ দিব ভাবি নাপালে৷ সি একো নকৈ এনে ইফালে সিফালে চাই কিছু সময় পাৰ কৰি লে যদি আৰু৷ তোৰ তাত ইমান চিন্তা কৰিবলগীয়া কি আছে? মনত নাই, তাইৰ কাৰণে কিমান অসুবিধাত পৰিছিলি তই৷ অহল্যা বাইটিয়ে লগত ৰাখিলে বুলিহে, নহলেতো তাই সেইদিনাই গাঁৱৰ পৰা খেদা খালে হয়৷

ৰমাকান্তই প্ৰশ্নৰ উত্তৰ পাই গৈছিল৷ ইন্দ্ৰমণিৰ লগত সি আৰু একো আলোচনা নকৰিলে৷ সি যোৱাৰ আগতে মাত্ৰ তাক কৈ , “ বাৰু, তই মানুহখিনিক মাতি নোৱাৰিলেও অন্ততঃ নিজে সন্ধ্যা আহিবি৷ কৰুণাকাৰকো পাৰিলে কৈ দিবি৷

অনিচ্ছাসত্বেও ইন্দ্ৰমণিয়ে হয়ভৰ দিব লগা ল৷

ৰমাকান্ত চাইকেল মাৰি গুছি আহিল৷ ইন্দ্ৰমণিৰো এতিয়া কলা নিকেতন যোৱাৰ সময়৷ কিন্তু কিয় জানো কথাটো এবাৰ উদ্ধৱ মহান্তিৰ কাণত পেলাই থোৱাটো উচিত বুলি তাৰ মনে লে৷ মানুহজনে তাৰ বহুত উপকাৰ কৰি থৈছে৷ তাৰ কাৰণে সিও উদ্ধৱ মহান্তিক কিবা এটা উপকাৰ কৰাতো ভাল বুলি মনটোৱে লে৷

উদ্ধৱ মহান্তি আলহী বহা কোঠাটোতে নৰোত্তম মণ্ডল আৰু কিছু সময় আগতে বাইকত পিছফালে বহুৱাই অনা মহাবীৰ কোম্পানিৰ বাবুৰ লগত বহি চাহ খাই আছিল৷ কোম্পানিৰ এই চাহাবজন সেইদিনা মন্ত্ৰীৰ সৈতে হেলিকপ্টাৰেৰে পাটপুৰলৈ আহিছিল৷ তেখেতৰ নামটো কি আছিল ইন্দ্ৰমণিয়ে মনত পেলাবলৈ চেষ্টা কৰিলে৷ মনত পৰিল, সেইদিনা এই বাবুজনকেই মন্ত্ৰী আৰু বিধায়কে শুভেন্দু শুভেন্দু মাতি থকা শুনিছিল সি৷ ইন্দ্ৰমণিয়ে গৈ সভাপতিক লে, “মই ভুল সময়ত আহি ওলোৱা নাইতো?”

নিৰ্দেশকৰ জানো কিবা ভুল সময় বুলি কথা আছে? তেওঁচোন নিজেই আনৰ আগমন প্ৰস্থানৰ সময় নিৰ্ধাৰণ কৰে৷

হাঁহি হাঁহি উদ্ধৱ মহান্তিয়ে লে৷

পিছে পিছে নৰোত্তমে লে, “লে দেখাত বঢ়াই কোৱা যেন লাগিব পাৰে, কিন্তু সেইদিনাৰ নাটকখন কিন্তু শলাগিবলগীয়া আছিল৷ চাই মই পগলা হৈ গৈছোঁ৷ পৰিচালনা কিন্তু মানিব লাগিব৷ অৱশ্যে সেই ৰমাকান্তৰ ভনীয়েকৰ কাৰণে নাটকৰ কিছু কিছু অংশ ম্লান পৰি নোযোৱাও নহয়৷ কিন্তু আমাৰ বাসন্তী হোৱা লে, কৈছো নহয়, একেবাৰে জুই লগাই দিলে হয়৷

আপুনিচোন আধাতে গুছি ল৷ শেষলৈকে থকা লেহে গম পালে হয়৷ইন্দ্ৰমণিয়ে লে৷

কিনো কৰোঁ? বিধায়কক ইফালে আগবঢ়াই থৈ আহিবগে লাগে৷ গাওঁখনলৈ ৰাস্তা বুলিবলৈ একো নাই, তেওঁৰ গাড়ী ৰৈ আছিল গৈ নৈৰ সিপাৰে৷ আমি নকলে নাৰায়ণেও ঘাটৰ পৰা নাও নেমেলে৷নৰোত্তমে লে৷

তাৰ কাৰণে ইমান দুখ কৰি থাকিব নালাগে৷ আমি নাটকখন আকৌ এবাৰ কৰোৱাম৷ এই ৰজ সংক্ৰান্তিৰ দিনা কৰিলে কেনে হয় নৰোত্তম? সন্ধ্যাৰ পৰা আৰম্ভ কৰিলে, ৰাতি বাৰ, চাৰে বাৰ মানত শেষ হৈ যাব লাগে, নহয় জানো? – এইবাৰ উদ্ধৱ মহান্তিয়ে প্ৰস্তাৱ দিলে৷

আকৌ  এবাৰ? এবাৰত কিমান খৰচ পাতি হয় সেইয়া আপোনালোকে জানে জানো? – নাক কোঁচাই ইন্দ্ৰমণিয়ে নিজৰ

কুণ্ঠাবোধ প্ৰকাশ কৰিলে৷

তই বৰ লক্ষ্মী ৰা বুজিছ৷ কি নাই তোৰ? নিষ্ঠা আছে, সাধনা আছে, প্ৰতিভা আছে, লগতে তই কিবা এটা লে শুনা বহুত আছে৷ তোৰ কাৰণে পইছাৰ অভাৱ নহ বুজিছ৷উদ্ধৱ মহান্তিয়ে লে৷

থিকেই থিকেই, একো অভাৱ নহব৷লগতে নৰোত্তম মণ্ডলেও হয়ভৰ দিলে৷

হঠাৎ তাৰ মনত পৰিলে, আচলতে সি কিহৰ কাৰণে সভাপতিৰ ঘৰলৈ আহিছিল৷ কাহ এটা মাৰি সি লাহেকৈ প্ৰসঙ্গ সলনি কৰিলে৷

তই বলা কিবা বলৈ আহিছিলি? এইবোৰ সব তোৰ নিজৰে মানুহ৷ খোলাখুলি কৈ পাৰ৷নিৰ্ভয় দি উদ্ধৱ মহান্তিয়ে লে৷

ইন্দ্ৰই সনাতন দাস আৰn ¸ৰমাকান্তৰ গোটেইখিনি কথা তেওঁলোকৰ আগত কৈ ল৷

কথাখিনি শুনাৰ পিছত উদ্ধৱ মহান্তি অলপ চিন্তাত পৰিল৷ লগতে নৰোত্তম মণ্ডলো৷ কিছু সময়ৰ পিছত উদ্ধৱ মহান্তিয়ে লে, “আজি সন্ধ্যা আমাৰ গাঁৱত এটা ভোজৰ আয়োজন কৰ, আমাৰ শুভেন্দু বাবুক গাঁৱৰ মানুহখিনিৰ সৈতে চিনাকী কৰোৱাই দিয়া যাব৷ এখেত কিছুদিন আমাৰ গাঁৱতে, নৰোত্তম মণ্ডলৰ ঘৰত থাকিব৷

এতিয়া এই খবৰটো মানুহেবাৰৰ ওচৰলৈ পঠিওৱাৰ দায়িত্ব তোৰ৷ তই ঘৰে ঘৰে গৈ কাকো নালাগে৷ মাত্ৰ তোৰ ক্লাবৰ ৰাবোৰক কৈ দিলে ল৷ বাকী গাঁৱৰ মানুহখিনিক খোৱাৰ ব্যৱস্থা মই কৰি আছোঁ৷

হঠাতে যে? – ইন্দ্ৰমণিয়ে সুধিলে৷

বাকীবোৰক ইতিমধ্যে কৈছোৱেই৷ তোৰ লগত দেখাদেখি হোৱা নাছিল কাৰণেহে কোৱা হোৱা নাছিল৷

ইন্দ্ৰই মূৰটো লৰালে৷ আচ্ছা চাহ খাবি নেকি? – উদ্ধৱ মহান্তিয়ে সুধিলে৷

কিন্তু ইন্দ্ৰমণি য়ে নাখাও বুলি লে৷ সি সভাপতিয়ে আওপকীয়াকৈ যাবলৈ দিয়াৰ ইংগিত বুজি পালে৷

পিছফালৰ পৰা উদ্ধৱ মহান্তিয়ে চিঞৰিলে, “আমাৰ ভোজটো তহঁতৰ কলানিকেতনৰ ওচৰেপাজৰে লে ভাল হয়৷

 

(অহা সংখ্যাত…)

Leave a Reply

Your email address will not be published. Required fields are marked *