
অসমত বছৰি প্ৰায় ৩ লাখ বিবাহ সম্পন্ন হয় আৰু তাৰে প্ৰায় ৫০ হাজাৰ বাল্য বিবাহৰ ঘটনা সংঘটিত হয়৷
পশ্চিম আফ্ৰিকান দেশ, ছৌদি, বাংলাদেশ আদি দেশত বাল্যবিবাহৰ হাৰ বেছি৷ আমাৰ দেশত বিবাহৰ ক্ষেত্ৰত ল’ৰাৰ ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ সম্পূৰ্ণ হ’লেহে আইনমতে বৈধ বুলি ধৰা হয়৷ ওপৰত উল্লিখিত বয়সৰ তাৰতম্য হলে এনে বিবাহক বাল্য বিবাহ বুলি কোৱা হয়৷ ভাৰতবৰ্ষত অতীত কালৰে পৰা এই প্ৰথা প্ৰচলন হৈ আহিছে৷ কিছু সংখ্যক কুসংস্কাৰী আৰু অন্ধবিশ্বাসী লোকৰ মাজত বৰ্তমানেও এনে বিবাহ প্ৰথা চলি আছে৷ বৰ্তমান এই প্ৰথা বহু পৰিমাণে নিৰ্মূল কৰা হৈছে যদিও ৩০ণ নাৰীয়ে এতিয়াও ১৮ বছৰৰ আগতে বিবাহ পাশত আবদ্ধ হয়৷ বিশ্ববেংকৰ বাল্য বিবাহৰ অৰ্থনৈতিক প্ৰভাৱ শীৰ্ষক গৱেষণা আৰু আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰই মহিলাৰ ওপৰত যুটীয়াভাবে কৰা গৱেষণাৰ অধ্যয়নত প্ৰকাশ পাইছে যে, Biggest economic impact of child marriage are related to fertility and population growth, education, early and the health of children born to young mother.
শিক্ষাৰ প্ৰভাৱৰ পৰা বঞ্চিত, দুখীয়া সমাজত শিশুসকলে প্ৰাথমিক শিক্ষা লাভ কৰাৰ কথাও এতিয়াও সুলভ হোৱা নাই৷ বিনামূলীয়া শিক্ষাইও এনে শিশুক সামৰি লব পৰা নাই৷ কিছু সংখ্যক দুখীয়া তথা নিৰক্ষৰ সমাজত কন্যা সন্তান জন্ম হোৱা মানে এক বোজা৷ তেনে লোকসকলে ছোৱালীক স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত কৰি ঘৰুৱা কাম–কাজতে ব্যস্ত কৰি ৰাখি ১৮ বছৰ নৌহওতেই বিবাহত বহিবলৈ বাধ্য কৰে৷ ফলত অতি কম বয়সতে সংসাৰৰ গধুৰ দায়িত্ব পালন কৰিব লগা হয়৷ অপৈণত বয়সত গৰ্ভধাৰণ আৰু মাতৃত্ব স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক৷ সেয়েহে উপযুক্ত বয়সত বিবাহ কাৰ্য সম্পন্ন কৰি সন্তান জন্ম দিয়া ছোৱালীৰ স্বাস্থ্যৰ পক্ষে ভাল৷ ১৮ বছৰ বয়সৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মাতৃ আৰু সন্তানৰ মৃত্যুৰ হাৰ বেছি হয়৷

বাল্য বিবাহ এক প্ৰকাৰ অপৰাধ৷ বাল্য বিবাহ প্ৰতিৰোধ কৰিবৰ বাবে ৰাজা ৰামমোহন ৰায়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আদিয়ে অশেষ চেষ্টা কৰিছিল আৰু ইংৰাজ চৰকাৰেও এনে বিবাহ নিৰ্মূল কৰাৰ স্বাৰ্থত আইন প্ৰণয়ন কৰিছিল৷ The Child Marriage Restraint Act, ১৯২৯ (CMRA) ইংৰাজ শাসকে প্ৰবৰ্তন কৰিছিল৷ বাল্যবিবাহ ৰোধ কৰিবলৈ The Prohibition of Child Marriage Act, ( PCMট্ট) ২০০৬ (বাল্যবিবাহ প্ৰতিৰোধ আইন, ২০০৬)গ্গপ্ৰবৰ্তন কৰা হৈছে৷ এই আইন ১ নৱেম্বৰ, ২০০৭ চনৰ পৰা কাৰ্যকৰীকৰণ কৰা হয়৷ বাল্যবিবাহ প্ৰতিৰোধ আইন, ১৯২৯ (The Child Marriage Restraint Act(CMRA), ১৯২৯) মতে দোষীয়ে কাৰাবাস আৰু জৰিমনা ভুগিব লগা হব পাৰে৷ PCMট্ট আইনে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত পণ্ডিচেৰী অঞ্চলৰ বাদে সকলো নাগৰিকক সামৰি লয়৷
ৰ) ১৮ বছৰৰ ঊৰ্ধ্বৰ আৰু ২১ বছৰৰ অনুৰ্ধ্বৰ পুৰুষে নাবালিকাৰ সৈতে বিবাহ কৰিলে তেনে ক্ষেত্ৰত অপৰাধীৰ ২ বছৰ কাৰাবাস বা ১০০, ০০০টকা জৰিমনা বা উভয় দণ্ডই হ’ব পাৰে৷
২)গ্গ২১ বছৰৰ ঊৰ্ধ্বৰ পুৰুষে যদি নাবালিকাৰ সৈতে বিবাহ কৰে, তেনে ক্ষেত্ৰত অপৰাধীৰ কাৰাবাস বা জৰিমনা হ’ব পাৰে৷
৩) বাল্যবিবাহ অনুষ্ঠিত কৰা এক অপৰাধ, তেনে অপৰাধৰ অপৰাধীৰ জেল বা কাৰাবাস হ’ব পাৰে৷
৪) কোনো শিশুৱে বাল্যবিবাহত বহিলে শিশুটিৰ দায়িত্বত থকা পিতৃ–মাতৃ, অভিভাবক বা আন ব্যক্তি, যিয়ে বিবাহ অনুষ্ঠিত কৰে, উদ্গনি যোগায়, বাল্যবিবাহ ৰোধ কৰাত অপাৰগ হয়, তেনে ব্যক্তি শাস্তি পোৱাৰ যোগ্য৷ তেনে অপৰাধৰ অপৰাধীৰ কাৰাবাস বা জৰিমনা হ’ব পাৰে৷
এনে অপৰাধৰ খবৰ লাভ কৰিলে,
ক) আৰক্ষী৷
ক) মেট্ৰোপলিটান মেজিষ্ট্ৰেট বা ৰম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত এনে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হয় ৷
বাল্যবিবাহৰ ক্ষেত্ৰত,
ক) শিশুৰ পিতৃ–মাতৃ বা অভিভাৱক৷
খ) The Child Marriage Prohibition Officer বা তেওঁৰ সহযোগীসকল৷
গ) বেচৰকাৰী সংস্থাৰ উপযুক্ত খবৰ লাভ কৰিলে
ঘ) কোনো ব্যক্তিৰ উপযুক্ত খবৰ লাভ কৰিলে
ঙ) কোনো ব্যক্তিয়ে বিশ্বাস কৰে যে বাল্যবিবাহ হ’বলৈ গৈ আছে৷
গোচৰ ৰুজু কৰিব পাৰে৷
বাল্যবিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ যুগান্তকাৰী পদক্ষেপ হিচাপে৷
মহামান্য ন্যায়ালয়ে ১১–১০–২০১৭ তাৰিখে এক ৰায় যোগে নাবালিকা পত্নীৰ সৈতে হোৱা দৈহিক সম্পৰ্কক বলাৎকাৰ বুলি গণ্য কৰে৷ ন্যায়াধীশ মদন বিলকুৰৰ নেতৃত্বত গঠিত বিচাৰপীঠে উক্ত গোচৰৰ ৰায় সংৰক্ষিত কৰিছিল৷ দৈহিক সম্পৰ্ক স্থাপনৰ বাবে পত্নীৰ বয়স ১৮ বছৰৰ কম হ’ব নালাগিব৷
২০১৬ চনত UNICEণ্ঠ য়ে UNFPট্ট ১ লগলাগি বাল্যবিবাহ অন্ত পেলোৱাৰ বাবে গ্লৱেল প্ৰগ্ৰাম কৰিছিল৷
জনসাধাৰণক সবলীকৰণৰ দ্বাৰা পৰিয়াল পৰিকল্পনাত গুৰুত্ব দিয়া আৰু ৰাষ্ট্ৰীয় উন্নয়নক উৎসাহিত কৰাৰ প্ৰক্ৰিয়াৰ আৰত আছে বাল্যবিবাহ প্ৰথাৰ প্ৰতিৰোধ কৰা৷