মোৰ হৃদয়ত তুমি(
ৰাতিপুৱা সাৰ পাইছিলোঁ তোমাৰ প্ৰথম ফোনটোত
তোমাৰ হাঁহিৰেই মোৰ দিনটো আৰম্ভ হৈছিল৷
স্মৃতিৰ বুকু ফালি নিজকে হেৰুৱাই কিয় জানো তোমাক ৰোমন্থন কৰো বাৰে বাৰে
আজিও মনত পৰে তোমাৰ সেই মিঠা হাঁহিটো আৰn ¸নীলা চকুজুৰিলৈ
ফেচবুকত যেতিয়া তোমাৰ ফটোবোৰ দেখো, সুধিব মন যায় জানা
তুমি সঁচাকৈয়ে সুখীনে?
নে মোৰ পৰা আঁতৰি অহা দুখে তোমাক এতিয়াও আৱৰি আছে৷
আজিও মনত পৰে কলেজৰ প্ৰথম দিনটোলৈ,
যিদিনাখন তোমাক প্ৰথম দেখিছিলোঁ আৰn দেখি নিজকে হেৰুৱাই পেলাইছিলোঁ৷
বিচাৰি পাইছিলোঁ এক সঁচা হৃদয় তোমাৰ মাজত
প্ৰথমে বন্ধুত্ব, তাৰপাছত প্ৰেম৷
কেনেদৰে আমি কলেজৰ কেম্পাছত ঘূৰি ফুৰিছিলোঁ, হাঁহি ধেমালি কৰিছিলোঁ,
মোৰ আজিও মনত আছে৷
বেলেগৰ লগত কথা পতা দেখিলেও মই বৰ জ্বলিছিলোঁ জানা
এনে লাগে যেন তোমাক নিজৰ ওচৰতে ৰাখিম সকলো সময়ত৷
কিন্তু নোৱাৰিলোঁ তোমাক ধৰি ৰাখিব
মা–দেউতাৰ সুখৰ বাবে তুমি বেলেগৰ হাত ধৰি আঁতৰি গ’লা৷
কোনে কয় প্ৰেম এবাৰেই হয়?
মই বহুবাৰ প্ৰেমত পৰিছোঁ
আৰn প্ৰতিবাৰেইচোন তোমাৰেই প্ৰেমত পৰিছোঁ৷
দূৰে দূৰে আছা যদিও তোমাৰ লগত কটোৱা প্ৰতিটো পল–অনুপল,
সদায়ে মনত পৰে৷
মোৰ অতীত, বৰ্তমান, ভবিষ্যৎ সকলোতেচোন তুমিয়ে আছা
অজানিতে ভুলতে তোমাৰ কেতিয়াবা নামটো আহি ৰৈ যায় মোৰ দুটি ওঁঠত
সেয়াই হয়তো প্ৰেম, মনৰ পৰা মচিব নোৱাৰা প্ৰেম, পাহৰিব নোৱাৰা প্ৰেম৷
মইতো জনা নাছিলো, ভবাও নাছিলোঁ
তুমি বিহীন শূন্যতাত যে পাৰ হ’ব মোৰ জীবনৰ আবেলি৷
তুমি আছিলা এক লক্ষ্যহীন ধুমুহা,
যি মোৰ হৃদয়খনক চূৰমাৰ কৰি থৈ গ’লা৷
তোমাক সুখী কৰিব পৰাকৈ, বিয়া কৰাব পৰাকৈ,
হয়তো মোৰ একোৱেই নাছিল,
সেয়েহে আজিওঁ কওঁ অকল প্ৰেম আৰn ¸ভালপোৱাৰে পৃথিৱী নচলে৷
আজি মোৰ কোনো ভবিষ্যৎ নাই
নাই কোনো বৰ্তমানৰ উমান
আছে মাথোঁ আশা
আৰু তুমি কোৱা ভাল লগা কথাবোৰ
তোমাৰ লগত কটোৱা স্মৃতিবোৰ৷