সৌ সিদিনাহে যেন
তাই পৃথিৱীলৈ আহিয়েই
কান্দিছিল
আৰn ¸মই
মই পিতৃ হোৱাৰ আনন্দত
হাঁহিছিলোঁ
সৌ সিদিনাহেযেন
তোক পিঠিত উঠাই
ঘোঁৰা ঘোঁৰা খেলিছিলোঁ৷
সৌ সিদিনাহে যেন
তোক প্ৰথম স্কুলৰ
দুৱাৰমুখলৈ আগবঢ়াই
থৈ আহিছিলোঁ, তই সেমেকা
চকুৰে মোলৈ চাই আছিলি
সৌ সিদিনাহে যেন তোক
বিশ্ববিদ্যালয় ছাত্ৰ আলয়ত
থৈ নিৰল চকুলো টুকিছিলোঁ৷
কি যে আনন্দ পাইছিল অ’ সোণ
তোৰ অভাৱবোৰ পূৰ্ণ হোৱাত
দেউতা বুলি সাৱতি ধৰিছিল
যেন যেন তোৰ পৃথিৱীখন ময়ে আছিলোঁ৷
তোৰ আনন্দবোৰত আমি
সুখী হৈ পৰিছিলোঁ৷
তই যিটোকে বিচাৰিছিলি তাকে
দিবলৈ ক’ত যে কষ্ট কৰিব লগা হৈছিল৷
তোৰ বাবে কোঠালি এটাৰ প্ৰয়োজন,
আঁৰৰ আবদাৰ
মই ৰাজ মিস্ত্ৰিৰ লগত
ৰাজ মিস্ত্ৰী হৈছিলোঁ৷
তোৰ পঢ়িবলৈ টেবুলৰ প্ৰয়োজন
মই নিজেই কাঠৰ মিস্ত্ৰি হৈ
টেবুল সাজিছিলোঁ৷
আৰু যে ক’ত কি স্মৃতি/
বৃদ্ধাশ্ৰমত আজি বৰকৈ
মনলৈ আহিছে তোক লৈ কৰা
সপোনবোৰৰ কথা৷
তোক বিয়া পাতি দিম/
তোৰ সন্তানৰ লগত
ঘোঁৰা ঘোঁৰা খেলিম/
ঠিকেইতো আছিল সকলো৷
পাছে এইটো সপোনহে বাদ পৰি গৈছিল অ’ মোৰ/
তই যে মোক হাতত ধৰি
বৃদ্ধাশ্ৰমলৈ আনিলি৷
ওভতাৰ সময়ত এবাৰো যে চকুলৈও নাচালি/
সেই কথা ভাবিবলৈ সুৰুঙাই
নাপালো দেখোন৷
এদিন মাৰে মোৰ কষ্টবোৰ দেখি নিৰৱে
চকুলো টুকিছিল
আজি নিজৰ অৱস্থাটোত
চকুলোবোৰ গিলিব লগা হৈছে৷
মাৰে চাগৈ সপোন দেখা নাছিল
সেয়েহে আজি অকনো
কষ্ট নোভোগাকৈ সিপুৰী পালেগৈ৷
তথাপিও কওঁ তহঁত
মনৰ জোখাৰেই সুখী হৈ থাক
আৰু শুন তোৰ পোনাটি
সৰু হৈ আছে
তাক সকলোবোৰ কথা নোকোৱাই ভাল৷
নক’বি তাক মোক ঠিকনা নক’বি৷