by Arup Kakoti
নিশা যেতিয়া গাভৰু হয়
নীৰৱ হৈ পৰে চৌদিশ
সপোনবোৰে টিঘিল ঘিলাই ফুৰে ঘূৰি
ঠিকনাবিহীন হৈ
ময়ো পৰ্বত–পাহাৰ একাকাৰ কৰিলোঁ
হেৰোৱা সপোন কুঁৱৰীক বিচাৰি
দূৰ – দিগন্তৰ নীল আকাশত গ’ল উৰি
ৰুণুক–জুনুক সপোনবোৰে
নাযাবা অ’ হেৰাই
উ\ান্ত হৈ সপোন কুঁৱৰী
সেমেকা হৃদয়ৰে আছোঁ বাট চাই
আলফুলে লৈ সাৱটি
এটি মিঠা হাঁহি
কুঁৱৰীৰ ৰুণুক জুনুক ছন্দত
শিৰে শিৰে তৃষা জাগে
নিশাৰ গভীৰতাৰ আঁকুলতাত
দলদোপ দলদোপ বুকুত বাজে
বিমূৰ্ত নিশাৰ বেদনা আঁতৰাও
তোমাতেই হৈ লীন
হিয়াৰ মৰমবোৰ মুকুতা হৈ
সৌন্দৰ্যৰ সৰলৰেখাত
আছে জিলমিল হৈ
সেয়াও দিম তোমাক বিলায়
হৃদয়ঙ্গম কৰি হৃদয়ত
ঠুনুক ঠুনুক ঠুনুক কৈ ……..
ৰুণুক জুনুক জুনুক কৈ …….৷ ৷ ৷