গোলাপ, কাঁইট আৰু ভালপোৱাৰ কথা(বৰ্ষা শইকীয়া)
গল্পৰ নায়িকাই গল্পৰ নায়কক সুধিলে- ‘অ’ ভালপোৱা, সঁচাকৈ কোৱাচোন-মোক কিমান ভালপোৱাক্ক ’
ক্ন গল্পৰ নায়কজন অলপ ৰ’ল আৰু হাঁহিলে৷
ক্ন নায়িকাই আকৌ সুধিলে-একো নক’লাযেক্ক
ক্ন নায়কে এইবাৰ ক’লে-‘আকাশে পৃথিৱীক যিমান ভাল পায় ময়ো তোমাক সিমান ভাল পাওঁ৷ ’
ঃ আৰু তুমি…ক্ক
ঃ ইছ, তুমি নাজানা নেকি কিবা, মই তোমাক কিমান ভাল পাওঁক্ক
ঃ জানো৷ তথাপি কোৱা৷
ঃ জীৱনে উশাহটোক যিমান ভাল পায় ময়ো তোমাক সিমানেই ভাল পাওঁ৷
…..কিছু মৌনতা
আৱৰি ৰাখিবানে মোক প্ৰতিপল…ক্ক
নায়িকাৰ চকুত মৰম আৰু অভিমানৰ কিছু প্ৰলেপ৷
ঃ আজীৱন আৱৰি থাকিম…
…কাঁইটে গোলাপক আৱৰি ৰখাৰ দৰে…
ক্ন নায়কে প্ৰত্যুত্তৰত ক’লে৷
ক্ন নৈঃ শব্দৰ বুকুত বুকুৰ শব্দবোৰ ওলমি ৰয়৷
ক্ন নায়ক-নায়িকা দুয়ো আকৌ কথা পতাত মগ্ন হয়৷
গল্পটো লিখি শেষ কৰাৰ আগতে গল্প লেখিকাই বাগিছাখনত কাঁইটৰ মাজত ফুলি থকা গোলাপ দুপাহৰ স’তে আকৌ অকণমান নিৰলে কথা পাতিবলৈ গ’ল৷