
যোৱা সংখ্যাৰ পিছৰ পৰা…
বিভিন্ন ৰঙৰ ফুল ফুলি এখন ফুলনি বাগিছাই মানুহক আনন্দ দিয়াৰ দৰে ভিন্ন ৰুচি মানুহৰ চিন্তা কৰ্ষণৰ বাবে পৰ্বত –পাহাৰ, নদ – নদী, জান– জুৰি, সাগৰ –মৰুভূমিৰে ঢাকি থকা পৃথিৱীখনক নিতৌ ন ন সৃষ্টিৰে সৰ্বাংগ সুন্দৰ কৰিছে৷ মানৱ সমাজৰ এচামে কেৱল দুবেলা– দুমুঠি আহাৰ যোগাৰ কৰা সমস্যাৰ পাছত দৌৰি আছে৷ আন এচামে আকৌ দৌৰিছে মানুহক সুন্দৰভাৱে জীৱন– যাপন কৰাৰ বাবে নতুনৰ সন্ধানত৷ নতুনৰ সন্ধানত ঘূৰি ফুৰোঁতে কলম্বাচে আমেৰিকা, ভাস্কো–ডা–গামাই ভাৰত আৱিষ্কাৰ কৰিলে৷ জীৱন – জীৱিকাৰ সংগ্ৰামৰ প্ৰাচীৰ ভেদি এচামে মানুহক আনন্দ দিবলৈ নিজৰ চিন্তা–চেতনাৰে সুন্দৰ পৃথিৱীখনক অধিকতম সুন্দৰ কৰি গঢ়ি তুলিছে তাজমহল, আইফেল টাৱাৰ, পিৰামিড, পিচাৰ দৰে সুউচ্চ নিৰ্মাণবোৰ, যাক চাই নয়ন জুৰায় সুন্দৰৰ সন্ধানত প্ৰতিদিনে ঘূৰি ফুৰা পৰিভ্ৰমী যাত্ৰীবোৰে৷ বিশ্বৰ ভিন্ন প্ৰান্তত গঢ়ি তোলা এনেধৰণৰ দৃষ্টিনন্দন নিৰ্মাণৰ তালিকাত সোমাল ডুবাইৰ বুৰ্জ খালিফা৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বুৰ্জ খালিফাৰ উচ্চতা প্ৰায় আঠশ ফুট৷ যিটো পৃথিৱীৰ সকলো সুউচ্চ অট্ৰালিকাতকৈও বেছি৷ পাৰস্য উপসাগৰৰ উপকূলত মেৰীনা বীচৰ পাৰত গঢ়ি তোলা এই বুৰ্জ খালিফা চাই ইয়াৰ ওপৰলৈ উঠি ডুবাইখন চাই তৃপ্তি লভিবলৈ ডুবাইলৈ নিতৌ আগমন ঘটে লক্ষ লক্ষ পৰ্যটকৰ৷ আমিও আমাৰ ভ্ৰমণৰ তালিকা মতে তৃতীয় দিনা পুৱাই শুই উঠি প্ৰাতঃ কামখিনি কৰি উঠি ন–সাজ পৰিধান কৰি দিনটো ভ্ৰমণৰ বাবে ওলালো৷ ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্ট কৰি উঠি আমি গাড়ীত বহিলো৷ ড্ৰাইভাৰে আমাক লৈ গ’ল ডুবাইৰ আন এটা পৰ্যটন কেন্দ্ৰ ডুবাই ফ্ৰেমলৈ৷ চাপন্ন মহলা উচ্চতাৰ ডুবাই ফ্ৰেমৰ শীৰ্ষমহলালৈ লিফটেৰে তলৰ পৰা ঘনে ঘনে অনা–নিয়া কৰি থাকে৷ ডুবাই ফ্ৰেমটো দেখাত এটা ফটো ফ্ৰেমৰ দৰে৷ এফালে উঠা আৰু আনটো ফালে নমা৷ ওপৰৰ বিম সদৃশ ফ্ৰেমটোত বহু ডাঠ স্বচ্ছ গ্লাছ বন্ধা আছে৷ বৃহৎ হলঘৰ সদৃশ এই ফ্ৰেমত বেৰ, মজিয়া সকলোতে বান্ধি থোৱা গ্লাছৰ মাজেদি বহু দুৰলৈকে ডুবাই চহৰখনৰ একোটা অংশ চাব পাৰি৷ মজিয়াত থকা গ্লাছৰ মাজেদি ফ্ৰেমৰ তলখন চাব পাৰি৷ গ্লাছৰ ওপৰেদি খোজকাঢ়ি ফ্ৰেমৰ তলখন চাব পাৰি যদিও বহু লোকে ইয়াৰ ওপৰেদি থিয় হৈ খোজকাঢ়িবলৈ ভয় কৰি মাটি বগোৱাৰ দৰে আঁঠুকাঢ়ি বগুৱা বাই পাৰ হৈ যায় মাটিৰ পৰা চাপন্ন মহলা ওপৰত৷ এইবোৰ চাই বহুত ভয় কৰে যদিও বহুতে ইয়াক উপভোগ কৰি আনন্দ লভে৷ লিফটেৰে ডুবাই ফ্ৰেমৰ পৰা তললৈ নামি আমি গাড়ীৰে আগবাঢ়িলোঁ ডুবাই ফিউচাৰ মিউজিয়াম চাবলৈ৷ এটা আঙুঠিৰ নিচিনাকৈ নিৰ্মাণ কৰা ভিতৰি ভিতৰি কেইবামহলীয়া এই মিউজিয়ামটো পৰ্যটকৰ বাবে কিছুদিনৰ আগতে মুকলি কৰি দিয়া বুলি কৰ্তৃপক্ষই আমাক জানিবলৈ দিছিল৷ আমি গুৱাহাটীতে ইয়াৰ প্ৰৱেশ টিকট কৰি নিয়াৰ বাবে অসুবিধা হোৱা নাছিল৷ নতুন প্ৰজন্ম বিশেষকৈ দহ বছৰৰ ওপৰৰ প্ৰজন্মৰ বাবে নিৰ্মাণ কৰি উলিওৱা এই মিউজিয়ামটোত কেইবামহলাত জীৱৰ ক্ৰমবিৱৰ্তন, জলবায়ুৰ পৰিৱৰ্তন, বিশ্বব্ৰহ্মাণ্ডত গ্ৰহ–নক্ষত্ৰৰ গতি, সৌৰজগত, ইছৰোৰ চন্দ্ৰযান ৰ– ২ –৩ যাত্ৰা৷ চন্দ্ৰ পৃষ্ঠত কৰা গৱষণা, সাগৰৰ অন্তৰ্ভাগত থকা বিভিন্ন সাগৰীয় প্ৰাণী আৰু উদ্ভিদৰ নমুনা, নগৰ– মহানগৰ সৃষ্টিৰ বাবে ঘটি থকা বনাঞ্চল ধৱংসৰ দৰে ভৱিষ্যতে পৃথিৱীত হ’ব পৰা প্ৰাকৃতিক দুৰ্যোগ, প্ৰদুষণ আদিৰ ওপৰত দৃশ্য– শ্ৰাৱ্য মাধ্যমৰে ইয়াক এবাৰত ত্ৰিশ জনীয়া একোটা দলৰ আগত প্ৰদৰ্শন কৰে৷ বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে প্ৰদৰ্শন কৰা দৃশ্য– শ্ৰাব্য ব্যৱস্থা আমাৰ গুৱাহাটীৰ তাৰকাগৃহৰ দৰেই লাগে৷ আমিও বিশ্ববহ্মাণ্ডত গ্ৰহ –নক্ষত্ৰ, জ্যোতিষ্কবোৰৰ লগতে ঘূৰি ফুৰা যেন অনুভৱ হয়৷ সুন্দৰ সুন্দৰ দৃশ্যবোৰ চাই আমি ফিউচাৰ মিউজিয়ামৰ পৰা আগবাঢ়িলো আনএখন ডুবাই মললৈ৷ বহু অঞ্চল আগুৰি থকা এই মলতো বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকে বজাৰ কৰি ভীৰ কৰি থাকে৷ মলৰ বাহিৰত তেতিয়া টান ৰ’দ দি আছিল৷ কেউফালে এচি পৰিৱেশৰ মাজত ঘূৰি ফুৰোঁতে বাহিৰৰ গৰমটোৱে বিশেষ কষ্ট দিয়া নাছিল৷ কেৱল বালিময় ঠাইবোৰত বালিৰ ওপৰতে বিভিন্ন নিৰ্মাণ কাৰ্যবোৰ চলি আছে৷ ডুবাইত বিশাল বিশাল ৰাজআলি আছে যদিও নলা–নৰ্দমা বেছিকৈ চকুত নপৰে৷ কেউফালে দেখা পৰিষ্কাৰ–পৰিছন্নতাই মনটোকো নিৰ্মল কৰি ৰাখে৷ আনন্দ লাগে যি ডুবাই চাবলৈ আমি সাগৰ– পৰ্বত পাৰহৈ আহিছোঁ সেই ডুবাইত সেউজীয়া গছ–গছনিৰে ভৰা পথাৰ, পাহাৰ– পৰ্বত, বিশাল নদ– নদী, উৰ্বৰা উপত্যাকা নাই৷ কিন্তু আমি তাত বিচাৰি পাইছোঁ জীৱনৰ অৰ্থ তথা আনন্দ৷ মলত শ্ৰীমতীৰ লগতে কন্যায়ো হেঁপাহৰ দুই এপদ বস্তু কিনিলে৷ তাত যিহেতু বস্তুৰ দাম ভাৰতৰ দামৰ তুলনাত বহু বেছি গতিকে অলপ দামৰ বস্তু কিনিলে নগদ ধনতকৈ আন্তৰ্জাতিক ডেবিট কাৰ্ড বা ফৰেক্স ট্ৰেভেল কাৰ্ড ব্যৱহাৰ কৰিব লগা হয়৷ কেতিয়াবা কাৰ্ডটো কাম নকৰে৷ তেতিয়া বজাৰ কৰাত কিছু অসুবিধা হয়৷ এনেকুৱা পৰিস্থিতিৰ যাতে মুখামুখি হ’ব লগা নহয় তাৰ বাবে আগতে সুব্যৱস্থা কৰি লোৱা ভাল৷ মলৰ ভিতৰত থকা বিশাল ফুড কৰ্টতে আমি দুপৰীয়া আহাৰ মুঠি খাই ললোঁ৷ বজাৰ কৰি আৰু কিছু ঠাই ফুৰি– চাকি আহি হোটেল আহি পাওঁতে তেতিয়া ডুৱাই চহৰলৈ সন্ধিয়াৰ পাতলীয়া এন্ধাৰ নামি আহিছিল৷ চৌদিশ উজলি উঠিছিল বিভিন্ন ৰঙৰ বিজুলি বাতি৷ ডুবাইক কৰি তুলিছিল স্বৰ্গপূৰী৷
সপোন দেশত ঘূৰি ফুৰাৰ বাবেই হয়তো কোনোধৰণৰ মনত সাঁচ ৰাখি যোৱা সপোন নেদেখাকৈয়ে পুৱা টোপনিৰ পৰা তিনিও সাৰ পালোঁ৷ ভাল টোপনি হোৱাৰ বাবে শুই উঠি মনটো ফৰকাল লাগিল৷ হোটেলৰ খিৰিকিয়েদি বাহিৰলৈ চালোঁ৷ পুৱাৰ সোণোৱালী ৰ’দ–কাচঁলিত ডুৱাই চহৰে প্ৰাণ পাই উঠিছে৷ চোদিশ উজ্জ্বলি উঠিছে ডুবাই চহৰৰ ৰাজপথ সুন্দৰ সুন্দৰ অট্টালিকাবোৰ৷ ডুবাই ৰাজপথে মাথোঁ গতিৰ কথাকেই সোৱঁৰাই থাকে৷ ৰাজপথত তীব্ৰবেগী যানবোৰ চলাচল কৰি থাকিলেও জেব্ৰাক্ৰচিঙৰ ওপৰেদি এজন পথাচাৰী পাৰ হলেও গাড়ী ৰখাই দিয়ে৷ অট’মেটিক ট্ৰেফিক চিগনেল প্ৰত্যকেই সুন্দৰভাবে মানি চলে৷ অযথা হাৰাশাস্তি কৰিবলৈ তাত পুলিচৰ পয়োভৰ নাই৷ আমি ৰাজপথ, মল, টুৰিষ্ট প্লেচবোৰতো খুউৱ কমেইহে পুলিচ দেখিলোঁ৷ সেইসকলেও মুখত অনবৰতে হুইছেল বজাই শান্তিভংগ কৰি নেথাকে৷ এক সভ্যতাৰ চাপ যেন সকলোতে পৰিছে৷ ডুবাইৰ ৰাজপথৰ দুয়োকাষে চালে শুনা পাওঁ কেৱল প্ৰগতিৰ কথা৷ সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা এক নিৰ্দিষ্ট আৰ্হিৰ ফ্লেটবোৰ দেখিলেই মনটো ভাল লাগে৷ ৰাজআলিৰ কাষত নাই কোনোধৰণৰ বিপণি৷ পথৰ দাতিত বিদ্যুতৰ তাঁৰ আৰু খুটাও আমাৰ দৃষ্টিগোচৰ নহ’ল৷ সকলোবোৰ বোধকৰো আণ্ডাৰ গ্ৰাউণ্ড৷ ৰাজপথৰ কাষে কাষে থকা বিশালকায় বিজ্ঞাপন হ’ৰ্ডিংবোৰে দৃষ্টি কাঢ়ি নিয়ে৷ ছয়লেনযুক্ত ৰাজপথত গাড়ী চলোৱাৰ মজা সুকীয়া৷
আমি আগৰ দৰেই পুৱাৰ নিয়মিত কামখিনি কৰি উঠি চতূৰ্থ দিনটো ভ্ৰমণৰ বাবে সাজু হ’লোঁ৷ হোটেলৰ ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্ট কৰি আমি আগবাঢ়িলোঁ ডুবাই গৌৰৱ সৰ্বোচ্চ নিৰ্মাণস্তমভ বুৰ্জ খলিফাৰ দিশে৷ বুৰ্জ খলিফাত নিতৌ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে ভীৰ কৰি থাকে৷ গতিক তাতে টিকট কাটি সোমোৱাত যথেষ্ট অসুবিধা হয়৷ আমি গুৱাহাটীতে ইয়াৰ বাবে কৰি নিছিলোঁ বাবে তাত অসুবিধা হোৱা নাছিল৷ বুৰ্জ খলিফাত থকা এশ পঁচিশ মহলাৰ চৌবিশ মহলা লৈকে দৰ্শনাথী যাবলৈ দিয়ে৷ চৌবিশ মহলাৰ ওপৰত বিভিন্ন সামগ্ৰী বিক্ৰীৰ দোকান আছে৷ চাহ– কফি খোৱাৰো সুবিধা আছে৷ পৰ্যটকসকলে এশ চৌবিশ মহলাৰ ওপৰত উঠি ডুবাই চহৰৰ সুদৃশ্য উপভোগ কৰে, ফটো লয়, স্ফুৰ্তি কৰে৷ এক দীঘলীয়া শাৰীৰ মাজতে আমিও বুৰ্জ খলিফাত উঠিবলৈ সোমাই আগবাঢ়িলোঁ৷ খলিফাৰ তলৰ এটা মহলা এচকেলেটৰ বা লিফটেৰে উঠাৰ পাছত আন এক আহল–বহল লিফটেৰে একলগে বহু পৰ্যটকক দ্ৰুত গতিৰে এক মিনিটত এশ চৌবিশ মহলালৈ তুলি নি তাত নামিবলৈ দিয়ে৷ ভূপৃষ্ঠৰ পৰা এশ চৌবিশ মহলাৰ ওপৰত থাকি এক সুকীয়া অনুভৱ হৈছিল৷ ওপৰত কেৱল গ্লাছৰ বেৰ৷ তাৰ মাজেদি ডুবাই বিস্তীৰ্ণ অঞ্চলৰ দৃশ্য উপভোগ কৰিব পাৰি৷ আমি তাত থকা দোকান বোৰৰ পৰা সৰু সুৰা দুই এটা বস্তু কিনিলোঁ৷ বুৰ্জ খলিফাত উঠি চাহ খাবলৈ মন থাকিলে লগত নিজৰ ভাল লগা খোৱা বস্তু লৈ গ’লে সুবিধা হয়৷ ওপৰৰ দোকানত বিভিন্ন ধৰণৰ বস্তু পোৱা নেযায়৷ আমি একোকাপকৈ কফি খাই কিছু সময় কটাই পুনৰ লিফটেৰে একমিনিটত নামি আহি প্ৰথম মহলা পালোহি৷ তাৰপৰা এচকেলেটৰেৰে গ্ৰাউণ্ড ফ্ল’ৰ পাই মনটো ভাল লাগিল৷ বুৰ্জ খলিফাৰ গাউণ্ড ফ্ল’ৰত থকা ফুৰ্ডকৰ্টত দুপৰীয়াৰ আহাৰ খাই ললোঁ৷ তাৰ লগতে লাগি থকা ডুবাই চেণ্ট্ৰেল ম’লত কিছু ঘূৰি ডুবাই চহৰৰ আন এক পুৰণা বাণিজ্যিক কেন্দ্ৰ মীনা বজৰলৈ আমাৰ গাড়ী আগবাঢ়িল৷ ডুবাই মিনি বজাৰখন আমাৰ ফেন্সি বজাৰৰ দৰে৷ অৱশ্যে তাত ফুটপাথ বা ৰাস্তাৰ ওপৰত দোকান নবহে৷ খোৱা, পিন্ধা, বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰী, ইলেট্ৰনিক সামগ্ৰীৰ দোকান এই মীনা বজাৰত আছে৷ দোকানবোৰৰ বৈশিষ্ট্য হ’ল সৰু বৰ প্ৰতিখন দোকানতে এ চি আছে কিন্তু দোকানবোৰৰ দুৱাৰবোৰত স্বচ্চ প্লাষ্টিকৰ পৰ্দাবোৰ গ্লাছৰ দৰ্জাৰ দৰে লগোৱা থাকে যাত এচিৰ বতাহো বাহিৰলৈ যাৱ নোৱাৰে বা বাহিৰৰ গৰম বতাহো দোকান ভিতৰলৈ সোমাব নোৱাৰে৷ গোৱাৰ দোকান বোৰৰ দৰে ডুবাইৰ দোকানবোৰতো লং –ঈলাচী– কিচমিচ– ৱালনাট, পিস্তা আদিৰ ডাঙৰ ডাঙৰ দোকান আছে৷ বিভিন্ন আকাৰৰ খেজুৰ আৰু দম দমকৈ মুকলিত ৰখা চ’কলেট মীনা বজাৰৰ দোকানবোৰৰ আন এক বৈশিষ্ট্য৷ চ’কলেটবোৰ ডাঙৰ ডাঙৰ আৰু কিলো হিচাবত বিক্ৰী কৰে৷ আমাৰ দৰে বিদেশী পৰ্যটকক খেজুৰ আৰু চ’কলেটৰ দোকানবোৰে আকৰ্ষণ কৰে৷ প্ৰায় ভাগেই এই দুবিধ বস্তু কিনা দেখা যায়৷ বাকী কিছুমান ভাললগা দৰকাৰী সামগ্ৰী কিনিবলৈ মন গ’লেও এয়াৰপৰ্টত চিকিউৰিটি চেকিঙৰ সময়ত বেগ খুলি লটি–ঘটি হোৱাৰ কথাভাবি সেইবোৰ কিনা নহয়৷ মীনা বজাৰতে আমি সেইদিনাৰ ভ্ৰমণ সূচী সামৰি সন্ধিয়া হোটেলত সোমালোগৈ৷
সুন্দৰৰ সন্ধানত ঘূৰি ফুৰোঁতে বহুজনে মৌ বিচাৰি উৰি থকা মৌমাখিৰ দৰে কোনোবা পাহিত পৰি ক্ষন্তেক জিৰণি লোৱাৰ দৰে কোনো ঠাইত দুদিন থাকি ঘূৰি ফুৰি আনন্দ লৈ পুনৰ যাত্ৰা কৰে আন এঠাইলৈ৷ ইয়াতেই বহুতে বিচাৰি পায় জীৱনৰ অৰ্থ জীয়াই থকাৰ হাবিয়াস৷ আন বহুতৰ বাবে হয়তো ই হ’ব পাৰে অনৰ্থক৷ গতিশীল জীৱনত আগবাঢ়োঁতে ভিন্নজনে ভিন্ন দৰ্শন মানি চলে৷ কিন্তু এইয়া থাকিব লাগিব৷ অন্যথা জীৱন হৈ পৰিব স্থবিৰ দূৰ্বিসহ৷ গতিয়েই জীৱন স্থবিৰতাই মৃত্যু৷
অন্তিম দিনটোত আমাৰ ডুবাই চহৰ চফৰৰ সূচী আছিল চমু৷ কাৰণ যদিও ৰাতি বাৰ বজাত আমাৰ ৰিটাৰ্ণ ফ্লাইটৰ সময় আছিল আমি হোটেলৰ পৰা সোনকালে লাগেজ আদি লৈ ওলাব লাগিব৷ আগৰ কেইদিনৰ দৰে অন্তিম দিনাও নিয়মিত প্ৰাতঃ কামখিনি কৰি উঠি হোটেলৰ ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্ট কৰি আমাৰ গাড়ীত উঠি ডুবাই চহৰৰ আন আকৰ্ষণ কেন্দ্ৰ “গোল্ড চ’ক’’লৈ আগবাঢ়িলোঁ৷ গোল্ড চ’কত এক বিস্তীৰ্ণ এলকাত পথৰ দুয়োকাষে মেলাৰ দৰে সজাই থোৱা সোণ–ৰূপৰ দোকানবোৰ দেখি অভিভূত হ’লোঁ৷ বাহিৰৰ পৰা দেখা নোপোৱা দুৱাৰ ৰক্ষীৰ সন্মতি লৈহে সোমাব পৰা আমাৰ গুৱাহাটীৰ মাণিক চান্দ এল গোপাল, টণিষ্ক আদি জুৱেলাৰী দোকানৰ দৰে ব্যৱস্থা ডুৱাইৰ গল্ড চ’কত নাই৷ দেশী বিদেশী পৰ্যটকসকলে কাপোৰৰ দোকানত কাপোৰ চোৱাৰ দৰে ধুনীয়া ধুনীয়াকৈ সজাই থোৱা ডাঙৰ ডাঙৰ অলঙ্কাৰৰ দোকানবোৰত মন পছন্দৰ অলঙ্কাৰ বিচাৰি ফুৰে৷ এই গল্ড চ’কৰ এটা সুন্দৰ ব্যৱস্থা হ’ল শাৰী শাৰীকৈ সজাই থোৱা জুৱেলাৰী দোকানবোৰৰ মাজেদি যোৱা পথটোত মাজে মাজ বেঞ্চ পৰা আছে আৰু ওপৰত বৈদ্যুতিক পাংখা চলি থাকে৷ কোনোৱা যাত্ৰীয়ে ইচ্ছা কৰিলে এইবোৰত বহি জিৰাব পাৰে৷ সম্পূৰ্ণ এ চি থকা দোকাবোৰতো গ্ৰাহকৰ বাবে সুব্যৱস্থা আছে৷ দোকানৰ শ্ব’কেচবোৰৰ মেনেক্যিউবোৰক পিন্ধাই থোৱা সোণৰ বৃহৎ চোলাকে ধৰি অন্যান্য অলঙ্কাৰবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ আমাৰ দৰে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা পৰ্যটক সকলেও সেইবোৰ চাই নয়ন জুৰায়৷
আমি দোকানবোৰৰ দুই এখনত সোমালোঁ৷ তাত সেইসময়ত সোণৰ দাম আমাৰ অসমৰ তুলনাত কিছু কম৷ বহুতে প্ৰয়োজন সাপেক্ষে কিছু অলঙ্কাৰ কিনি আনে৷ দোকানবোৰত থকা বিক্ৰেতাসকলৰ সজ আচৰণো গ্ৰাহকক আকৰ্ষণ কৰা এটা চকুত পৰা দিশ৷ আমি গল্ড চ’কৰ পৰা ওলাই বাহিৰৰ বজাৰত থকা বিভিন্ন সামগ্ৰীৰ ষ্টলসমূহত ঘূৰিলোঁ৷ আমাৰ ফল–মূলৰ দৰে দোকান তাত নেদেখিলোঁ যদিও বিভিন্ন শস্যৰ পৰা প্ৰস্তুত কৰা মচলা, খেজুৰ, ড্ৰাই ম্ফ্ৰুট প্ৰায়বোৰ দোকানত দেখা পালোঁ৷ সুগন্ধি পাৰফিউমবোৰৰ দোকানো তাত বেচি৷ আমি বজাৰৰ সামগ্ৰীসমূহ চাই দুই এটা বস্তু কিনি বাহিৰতে দুপৰীয়া আহাৰ খাই হোটেললৈ আহিলোঁ৷ হোটেলত মুখ–হাত ধুই কিছু সময় জিৰণি ললোঁ৷
হোটেলৰ ভাড়াৰ লগতে থকা খৰচৰ লেনা–দেনা শেষ কৰি আমি লাগেজ গাড়ীত তুলি সন্ধিয়া ডুবাই বিমান বন্দৰলৈ আগবাঢ়িলোঁ৷ ডুবাই এয়াৰ পৰ্টত বিদেশীপৰ্যটকে কৰ থকা সামগ্ৰী কিনিলে সেই কৰ ঘূৰাই দিয়া ব্যৱস্থা থকা কাৰ্যালয় আছে৷ ইমিগ্ৰেচন কাউণ্টাৰত কৰ থকা ক্ৰয় বিলখন এপ্ৰুভ কৰি ল’ব লাগে৷ আমি সেইখিনি কৰি লৈ এয়াৰপ’ৰ্টৰ ভিতৰত থকা মেট্ৰ ট্ৰেইনত উঠি ডিপাৰচাৰ গেটলৈ গ’লো৷ ইমিগ্ৰেচন গেটত আমাৰ এয়াৰ টিকট পাছপৰ্ট চে’ক কৰি আগতেই স্কেন কৰি নিয়া লাগেজবোৰ কাৰ্গ’ট্ৰেকত তুলি আমাক বৰ্ডিং পাছ দি গেট নম্বৰমতে যাবলৈ দিলে৷ এই কামখিনি কৰোঁতে আমি কিছু কষ্ট অনুভৱ কৰিছিলোঁ৷ কাৰণ ইমিগ্ৰেচন গেটত যথেষ্ট ভীৰ হয়৷ প্ৰায় হেজাৰ যাত্ৰী একেসময়তে গোট খালে বৰ্ডিং পাচৰ বাবে কৰা শাৰী বহুত দীঘলীয়া হয়৷ আমাৰ হোটেলৰ পৰা এয়াৰপৰ্টলৈ যোৱা সময়টো আৰু আগুৱাই ল’ব লাগিছিল৷ প্ৰায় চাৰিঘণ্টা আগত গৈয়ো আমি ভীৰৰ মাজত সোমাই পৰিলোঁ৷ আমি চিকিউৰিটি চেক কৰি উঠি নিজৰ গেট নম্বৰৰ ফালে আগবাঢ়িলোঁ৷
যিসকলে বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেখেতসকলে ডমেষ্টিক আৰু আন্তজাৰ্তিক বিমান বন্দৰৰ আপডেট নীতি–নিয়মবোৰ জানি লোৱা দৰকাৰ৷ অন্যথা এয়াৰ পৰ্টত লাগেজ স্কেনিং আৰু চিকিউৰিটি চেকিঙৰ সময়ত অবাঞ্চিত পৰিস্থিতিৰ মুখামুখি হ’ৱ লগা হয়৷ আমি চিকিউৰিটি চেকিং কৰি ফৰেক্স কাউণ্টাৰত গৈ আমি পাব লগা কৰৰ টকাখিনি ভাৰতীয় মূল্যত লৈ আমাৰ বিমান উৰণৰ গেটৰ ওচৰলৈ গ’লো৷
গুৱাহাটীৰ পৰা মুম্বাই হৈ ইণ্ডিগ’ বিমানেৰে ডুবাইলৈ যাওঁতে যাত্ৰা যিমান সুচল আছিল ডুবাইৰ পৰা দিল্লী হৈ এয়াৰ ইণ্ডিয়া বিমানেৰে গুৱাহাটীলৈ ঘূৰি অহাৰ পথ মসৃণ নাছিল৷
নিশা চাৰে বাৰ বজাত ন–শাাৰী কৈ চিট থকা এয়াৰ ইণ্ডিয়া বাছত উঠি আমি ডুবাইৰ পৰা স্বদেশলৈ যাত্ৰা আৰম্ভ কৰিলোঁ৷ এয়াৰ ইণ্ডিয়া বিমানৰ ভিতৰত নৈশ আহাৰৰ লগে লগে যোগান ধৰা ৰঙীন পানীয় খোৱা যাত্ৰীয়ে বিমানৰ ভিতৰৰ পৰিৱেশ ৰঙীণ কৰি তুলিছিল৷ ট্ৰলীত খাদ্যসম্ভাৰ লৈ এয়াৰ হোষ্টেচে অহা–যোৱা কৰি থাকোঁতে কেতিয়া টোপণি আহিল গমেই নেপালোঁ৷ হঠাৎ চকামকাকৈ সাৰ পাই শুনিলোঁ পাইলটৰ ঘোষণা৷ আমি সময়তকৈ আধাঘণ্টা আগেয়ে আহি দিল্লী বিমান বন্দৰত অৱতৰণ কৰিলো৷ দিল্লীৰ এক নং টাৰ্মিনেলত সোমাই আমি বেল্টৰ পৰা লাগেজ কেইটা লৈ ভিতৰে ভিতৰে দুই নং টাৰ্মিনেলৰ ডিপাৰচাৰ গেটেৰে সোমাই পুনৰ লাগেজ স্কেনিং চিকিউৰিটি চেকিঙৰ কামখিনি সমাপন কৰি আমাৰ বিমানখনৰ গেটৰ ওচৰ পালোগৈ৷ তাতে বাথৰূমত মুখ–হাত ধুই ব্ৰেক ফাষ্ট খাই ললোঁ৷ পুৱা চাৰে ন বজাত দিল্লীৰ পৰা আমাৰ এয়াৰ ইণ্ডিয়াৰ বিমান উৰা মাৰিলে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আান্তজাৰ্তিক বিমান বন্দৰ অভিমুখে৷ দুপৰীয়া এক বজাত আমাৰ বিমান আহি গুৱাহাটী বিমান বন্দৰত অৱতৰন কৰিলে৷ আমি বাহিৰত ৰৈ থকা ঘৰৰ গাড়ীত উঠি আহি সুকলমে নিজা ঘৰখনত আহি বিদেশ ভ্ৰমণৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সামৰণি মাৰিলোঁ৷
বিদেশ ভ্ৰমণ আমাৰ মাজৰ বহুতে কৰিছে৷ বহুতে মোতকৈ বেলেগ অভিজ্ঞতা লাভ কৰিছে৷ মই মাত্ৰ এটা অংশহে চোৱাৰ সৌভাগ্য ঘটিল৷ এই খিনিৰ ওপৰতে লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কিছু অনুভৱ লিখনিৰ মাজেদি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ নিয়াৰ ক্ষেত্ৰত যিখিনি সহৃদয়বান লোকে লিখনি পঢ়ি উদগণি যোগায় আছিল সেই পঢ়ুৱৈ সকললৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ৷ সেই সকলৰ ভিতৰত ডুবাই ভ্ৰমণৰ সূত্ৰপাত ঘটোৱা শুভাকাংক্ষী বাণী ফুকন বাইদেউ, মঞ্জিৰা গগৈ ৰাজখোৱা বাইদেউ, শুভাকাংক্ষী নিমানন্দ দাস, ৰঞ্জনা বৰঠাকুৰ, কল্পনা নেওগ, পমী গোস্বামী, ড॰ সত্যজিত দাস, বিমান দাস, বিনীতা গোস্বামী, বিলকিচ বেগম, ভতিজী ডঙ্ম দিপশিখা গগৈৰ নাম নল’লে মোৰ লিখনি আধৰুৱা হোৱা যেন লাগিব৷ আপোনালোক সকলোলৈকে কৃতজ্ঞতা জনাই মোৰ ডুবাই ভ্ৰমণ কাহিনী ইমানতে সামৰিছোঁ৷