সাৰাংশ(
মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা…
ঃ সঁচা কথাই কৈছিলোঁ মই৷ ন’ পেইন ন’ গেইন!
ঃ হয়, হয়৷ একেবাৰে সঁচা কথা৷
“মোৰ লাগিছে, এইবাৰ আপোনাৰ কাম আগতকৈ সহজ হ’ব৷ আমি অতি সোনকালেই পাহাৰৰ পিনৰ পৰা ৰাস্তা সজাৰ কাম আৰম্ভ কৰি দিম৷ তেতিয়া চৰকাৰেও নৈৰ ওপৰত দলঙৰ কামত হাত দিব পাৰিব৷ সেইখিনি নকৰিলে পিছত আগবঢ়াত আমাৰ অসুবিধা হব৷” – শুভেন্দুৱে ক’লে৷
উদ্ধৱ মহান্তি ভিতৰি ভিতৰি প্ৰফুল্লিত হৈ পৰিলেও, সেই ভাবকন তেওঁ বাহিৰত নেদেখুৱালে৷ দলঙৰ কাম যিমান দেৰি হয় হৈ থাকক৷ এনেও পাটপুৰৰ মানুহে তেওঁক ভোট নিদিয়ে৷ ইয়াৰ পৰা যদি কিবা উন্নতি হয়, তাত তেওঁৰেই লাভ৷ বাকী কথা বুজিবলৈ কোম্পানি অথবা চৰকাৰটো আছেই৷ আগলৈ যি খৰচ– পাতি হ’বলগীয়া আছে, সেইবোৰটো কোম্পানিয়েই দি থাকিব৷
নিজকে অলপ গহীন দেখুৱাই, উদ্ধৱ মহান্তিয়ে ক’লে, “আজি এই ভোজলৈ গাঁৱৰ কিছুমান মানুহ আহিব নোৱাৰিলে৷
মানে দৌৰাদৌৰিকৈ পতা হ’লটো৷ বহুতক খবৰেই দিব পৰা নগ’ল৷ তাতে আকৌ এই সনাতন দাসটো আছে নহয়৷ কি বা কৰিব ল’লেই সি গোবৰ্ধন পৰ্বতটো হৈ থিয় দিয়ে৷”
ঃ কোন, কোন নাহিল আজি?
ঃ বেছি নহয়৷ নহা মানুহৰ সংখ্যা তেনেই তাকৰ৷ কিন্তু সেইবুলি সিহঁতক আওকানো কৰিব নোৱাৰি৷ তাৰ বাদে…৷
ঃ তাৰ বাদে? – শুভেন্দুৱে সুধিলে৷
ঃ আজি আপুনি ভালকৈ বুজালে বুলিহে মানুহখিনিয়ে বুজি পালে৷ কিন্তু অহাকাইলৈ যদি আপোনাৰ নিচিনাকৈ আন এজনে আহি বুজাই থৈ যায়, তেতিয়াহ’লে এই মুৰ্খবোৰে আকৌ ভূপালৰ দৰে সিটোফালে যোৱাটো কোনো অসম্ভৱ কথা নহয়৷ – উদ্ধৱ মহান্তিয়ে ক’লে৷
ঃ ঠিকেই৷ সেইকাৰণেই আপুনি মানুহখিনিক একগোট কৰি ৰাখিব লাগিব৷ ভোজ–ভাত, নাম–সমাৰোহ, গীত–মাত, নাটক এইবোৰে মানুহক একলগ কৰি ৰখাত সহায় কৰে৷ এতিয়াতো শীতৰ দিন কমি আহিছে, গতিকে এইবোৰ আয়োজন কৰিবলৈও কোনো অসুবিধা হ’ব নালাগে৷ – শুভেন্দুৱে মানুহজনক আশ্বাস দিবলৈ কথাখিনি ক’লে৷
ঃ অকল বতৰেই জানো ইয়াত সমস্যা? উদ্ধৱ মহান্তিয়ে জানি শুনি কথাষাৰ আধৰুৱা কৰি ক’লে৷
ঃ সেইবোৰ কোম্পানিয়ে মাথা মাৰিব৷ আপুনি হৈছে আমাৰ কোম্পানিৰ এজন শুভাকাংক্ষী৷ চাওক, আপোনাৰ ওপৰত আমাৰ বিধায়েকৰ বিশ্বাস আছে৷ নহ’লে সমিতিৰ সভ্য, চেয়াৰমেনসকলক বাদ দি আপোনাকেই এই দায়িত্ব কিয় দিলে? আনহাতে আমি গাঁৱৰ বাহিৰৰ মানুহক মাতি আপোনালোকৰ গাঁৱৰ মানুহক বুজাবলৈ দিলেও দেখাত ভাল নালাগিব৷ গতিকে এই গাঁৱৰ মানুহেই নিজৰ মানুহখিনিক বুজাব লাগিব৷ ভাবি চাওঁক এবাৰ, সেই পাহাৰৰ পৰা সাগৰৰ পাৰলৈকে এই গোটেই বিস্তীৰ্ণ এলেকাটো হ’ব ওড়িশাৰ এখন অন্যতম উজলি থকা অঞ্চল, আৰু এই সকলোবোৰ আপোনালোকৰ সহেযাগিতাতেই হ’বলৈ গৈ আছে৷ এইয়া কি কম ডাঙৰ কথা? – শুভেন্দুৱে সভাপতিক অলপ ওপৰলৈ উঠাই কথাখিনি ক’লে৷
উদ্ধৱ মহান্তি হৈছে দ পানীৰ মাছ৷ তেওঁ নিজকে ভাবে, যে এই গাওঁখনত জন্ম ল’ব লগা হ’ল বুলিহে পঞ্চায়ত সভাপতিৰ স্থানতেই ৰৈ যাব লগা হ’ল৷ নহ’লেতো বিধায়ক মানগোবিন্দ মহাপাত্ৰক কেতিয়াবাই পিছ পেলাই থৈ গ’ল হয়৷ একো নহ’লেও অন্ততঃ ব্লক চেয়াৰমেনতো হ’লেই হয়৷ কোম্পানিত চাকৰি কৰা এই কমবয়সীয়া ল’ৰাটোৱে তেওঁক ওপৰলৈ উঠাই দিলে বুলিয়েই তেওঁ কি উঠি যাব! বেছি একো নকয়, উদ্ধৱ মহান্তিয়ে শুভেন্দুক ক’লে, “ব’লক, ব’লক, তৰকাৰী ঠাণ্ডাই হৈ গ’ল চাগে’৷ বাকী যি কথা আছে সেইবোৰ কালিলৈ আলোচনা কৰিম বাৰু৷ এতিয়াৰ পৰাতো আপুনি আমাৰ ইয়াতেই থাকিব আৰু৷”
ঃ হয়৷ পিছে মাজে মাজে যাবও লাগিব, কিন্তু গ’লেও ঘূৰি আহিম৷ বাৰু ব’লকচোন আপুনি, মই চিগাৰেট এটা খাই গৈ আছোঁ৷
উদ্ধৱ মহান্তি কলপাতবোৰ ভালকৈ দিছে নে নাই চাবলৈ গুচি গ’ল৷ শুভেন্দুৱে চিগাৰেট এটা জ্বলাই মন্দিৰৰ ফালে যোৱা ৰাস্তাটোলৈ চালে৷ এই গাওঁখন এতিয়া তাৰ জীৱন আৰু কেৰিয়াৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷
সি কালিদাস কলানিকেতনৰ নঙলামুখলৈ উভতি গ’ল৷ আজি বহুদিনৰ মূৰত তাৰ মূৰটো কিবা পাতল পাতল লাগিছে৷ আজিৰ এই নিশাৰ কথাই ক’ব, নে দেখা দিয়া জোনটোৰ কথা ক’ব৷ বলি থকা ফাগুনৰ পছোৱা বতাহজাকৰ কথাই ক’ব, নে মালতীৰ সেই চকুযুৰিৰ কথা ক’ব৷
“পৰদেশী বাবু, আপুনি যাবগৈ উৰা মাৰি৷”
কোনে গাইছে এই গানটো? শুভেন্দু কলা নিকেতনৰ ভিতৰলৈ গ’ল৷ গায়কজনে আন কিবা গীতহে গাই আছিল৷
গাঁৱৰ মানুহখিনিয়ে খোৱা–বোৱা শেষ কৰি লাহেকৈ ঘৰাঘৰি গৈছিল৷ তেতিয়াহ’লে কোনে গাইছিল এই গানটো?
অকস্মাতে তাৰ সমুখেদি তেৰ কি চৈধ্য বছৰীয়া ছোৱালী এজনী দৌৰ মাৰি পাৰ হৈ গ’ল৷ তাই পিছে পিছে ধীৰ খোজেৰে বয়সত তাইতকৈ অলপ ডাঙৰ ছোৱালী এজনী৷ শুভেন্দুৱে বুজি পালে, দৌৰি যোৱা ছোৱালীজনীয়ে গান গাইছিল বুলি৷ কিন্তু তাইৰ পিছে পিছে যোৱা ছোৱালীজনী মালতী নহয়নে?
শুভেন্দুৰ ওঁঠত মৃদুহাঁহি এটাই খেলা কৰি গ’ল৷
সি পুখুৰীৰ পাৰৰ পৰা ঘূৰি অহাৰ আগে আগে, তালৈ মালতীয়েহে মোক লৈ গৈছিল৷ দুয়োজনীয়ে কিছু সময় শুভেন্দুক পিছফালৰ পৰা চাই আছিল৷ মালতীৰ আৰু কিছু সময় তাত ৰৈ শুভেন্দুক চোৱাৰ ইচ্ছা আছিল৷ কিন্তু এই হেম জনীয়ে নিজৰ হাঁহি ধৰি ৰাখিব পাৰিলেহে!
এনেও বহুত দেৰি হৈ গ’ল৷ ককায়েকে দেখিলে এশটা প্ৰশ্ন কৰিব৷ মালতীয়ে হেমক ক’লে, “ঐ হেম, ৰ’চোন৷ আন্ধাৰৰ মাজত এনেকৈ দৌৰিছ কিয়? দেখিলে কোনোবাই ভূতে পোৱা বুলি ভাবিব৷”
ঃ এহ, ইমান মানুহ অহা–যোৱা কৰি আছে, কিয় ভাবিব? – হেমই ক’লে৷
ঃ এওঁলোক ইটো চুবুৰীৰ মানুহ৷
ঃ বাৰু, ৰৈ দিছোঁ৷ আহ তই সোনকালে৷
মালতীয়ে ঠিকেই সন্দেহ কৰিছিল৷ ঘৰৰ বাৰাণ্ডাত বহি ককায়েকে তাই অহালৈকে বাট চাই আছিল৷ তাইক দেখাৰ লগে লগে সি ক’লে, “কিমান দেৰি হ’ল, কিবা খবৰ আছে নেকি?”
ঃ নাই, এই আঠ কি চাৰে আঠটা মান হ’ব চাগে’৷ – মালতীয়ে লাহেকৈ উত্তৰ দিলে৷
ঃ ৰাতি দহ বাজিবৰ হ’ল৷ ইমান সময় ধৰি কাৰ লগত লেকচাৰ মাৰি আছিলিনো? – ৰমাকান্তৰ কথাত শাসনৰ সুৰ৷
ঃ লেকচাৰ মাৰি থকা নাছিলোঁ৷ আমি কৰা নাটকখন আকৌ কৰিব হেনো৷ মাষ্টৰে সকলোকে মাতি কথাটো আলোচনা কৰাৰ কাৰণেহে দেৰি হ’ল৷
ঃ ভোজ খালি নে নাই?
ঃ নাই খোৱা৷ লগৰবোৰে জোৰ কৰিছিল যদিও মই মানা কৰিলোঁ৷
ঃ বাৰু যা, বৌতি তোৰ কাৰণে ৰৈ আছে৷ কিন্তু মোৰ মতে তই আকৌ সেই নাটকত অভিনয় নকৰাই ভাল হ’ব৷ – ৰমাকান্তই ক’লে৷
ঃ কিয়? তেতিয়াচোন তয়েই কৰিবলৈ জোৰ কৰিছিলি৷ এতিয়া আকৌ কি হ’ল?
ঃ তেতিয়া গাঁৱৰ পৰিস্থিতি বেলেগ আছিল৷
ঃ তই মানা কৰিলে মই নকৰো বাৰু৷ কিন্তু মোক এই গাঁৱৰ ৰাজনীতিৰ মাজত নুসুমোৱাবি দাদা৷ এনেও তই জােনা মোক কিবা কথাত উৎসাহ দিয়? – মুখ ফুলাই কথাখিনি কৈ মালতী ঘৰৰ ভিতৰলৈ গুছি গ’ল৷
তাই যোৱাৰ পিছত ৰমাকান্তৰো বেয়া লাগিল৷ এনেকৈ মালতীক ক’ব নালাগিছিল৷ কিন্তু কি কৰিব সি? নাটকত তাই অভিনয় কৰাৰ কথা যেতিয়া ওলাইছিল, তেতিয়া ইন্দ্ৰমণি তাৰ ফলীয়া আছিল৷ কিন্তু ইন্দ্ৰমণি যে হঠাৎ এনেকৈ সলনি হৈ যাব, সিতো কেতিয়াও ভবা নাছিল৷ আকৌ এবাৰহে নাটকখন কৰিব বুলিহে কৈছে, কৰক৷ তাৰ পিছত সি মালতীক কথাবোৰ বুজাই দিব৷
অৰ্জুন বাবাজীৰ মঠৰ পৰা ঘণ্টা ধবনি শুনা গ’ল৷ প্ৰভুক শোওৱাৰ সময় হৈছে চাগৈ৷ যিফালে পাহাৰ ভঙা হৈছে, তাৰ পৰা ঠিক চিধাই আহিলে পায় বাবাজীৰ মঠ৷ সেইফালেদি ৰাস্তা সাজি আনিলে, অৰ্জুন বাবাজীৰ মঠৰ একেবাৰে মাজেদিয়েই যাব৷ এতিয়া বাবাজীয়ে সেই কথা গম পাইছে বা নাই?
ভিতৰৰ পৰা ৰমাকান্তৰ মাকে মতা শুনিলে৷ সিয়ো উঠি আহিল৷ কাইলৈ সি ভুৱনেশ্বৰ যাব৷ গঁ«ৱৰ মানুহখিনিয়ে উদ্ধৱ মহান্তিয়ে দিয়া ভোজ খায় মানে সিফালে মহাবীৰ কোম্পানীয়ে গোটেই গাওঁখনকে সোৱাহ কৰি পেলাব৷ গাঁৱৰ বেছিভাগ মানুহেই সহজে পতিয়ন যোৱা বিধৰ৷ সিহঁতক বুৰ্বক বনাবলৈ বেছি সময় নালাগে৷ এতিয়া এনেকুৱা পৰিস্থিতিত সিটো ঘৰৰ ভিতৰত নিজৰ হাত–ভৰি বান্ধি সোমাই থাকিব নোৱাৰে!
ইন্দ্ৰমণিৰ কলা নিকেতনৰ পৰা ভাঁহি অহা হাৰ্ম’নিয়ামৰ লগতে তবলাৰ মাতে ৰমাকান্তক বেছিকৈহে বিৰক্ত কৰিলে৷
সি লগে লগে ভিতৰলৈ আহি দুৱাৰখন মাৰি দিলে৷
অৰ্জুন বাবাজীৰ পুখুৰীৰ গাতে লগাকৈ আছে দুডাল নাৰি কলৰ গছ আৰু তাৰেই আঁৰ লৈ ইটোৱে সিটোৰ মুখলৈ চাই ৰৈছিল শুভেন্দু আৰু মালতীয়ে৷ সাঁজ লাগি আহিছিল৷ নিয়মমতে এইখিনি সময়ত মালতী ঘৰত থাকিব লাগে৷ পিচে তাই আখৰাৰ চেলু দেখুৱাই ওলাই আহিছে৷
দুয়োৰে গৰম উশাহে উভয়কে স্পৰ্শ কৰি গৈছিল৷ যদিও বহুপৰ হ’বৰ হ’ল, কিন্তু শুভেন্দু আৰn ¸মালতীৰ কাৰণে যেন কেই মুহূৰ্তৰহে কথা৷
মালতীয়ে ক’লে, “ভালেই হ’ল, নাটকখন পিছুৱাই গ’ল৷ নহ’লে বৌতিয়ে মোক এৰিয়ে নিদিলে হয়৷” শুভেন্দুৱে মালতীৰ ওঁঠযুৰিক স্পৰ্শ কৰি ক’লে, “মনে মনে থাকা৷ মাত্ৰ অপলক দৃষ্টিৰে এনেকৈয়ে মোলৈ চাই থাকা৷ মই বুজি পোৱা নাই, তোমালৈ চাম নে সেই জোনটোক? ধৰিব পৰা নাই, প্ৰকৃততে কাৰ আকৰ্ষণ বেছি৷ মালতী, তুমি যে মোৰ কাষত আছা, মোৰ এতিয়াও বিশ্বাস হোৱা নাই৷”
ঃ তুমি আচলতে কবি হ’ব লাগিছিল৷ মিছাতে কোম্পানিৰ চাকৰিত সোমাই, এই মফছলীয় গাওঁখনলৈ আহিলা৷ – ধেমালিৰ সুৰত মালতীয়ে ক’লে৷
ঃ নহা হ’লে জানো তোমাক লগ পালোঁ হয়? – মালতীৰ দুগালক দুয়োখন হাতৰ মাজত লৈ শুভেন্দুৱে ক’লে৷
মালতীৰ মনটো সেমেকি উঠিল৷ ম্লান পৰি যোৱা হাঁহি এটাৰ সৈতে ক’লে, “ময়ো তাকেই ভাবিছোঁ৷ বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছোঁ৷ ”
নিজৰ হাত দুখন মালতীৰ গাল দুখনৰ পৰা আঁতৰাই আনি অভিমান কৰি শুভেন্দুৱে ক’লে, “এনেকুৱা কথা কেতিয়াও নক’বা৷ আৰু যদি কোৱা, মই তোমাৰ ওচৰলৈ আৰু নাহেঁা৷ সঁচাকে কৈছোঁ, মোৰ নিজকেহে তোমাৰ ওচৰত অযোগ্য যেন লাগে৷”
কথাষাৰ শুনি মালতীৰ হাঁহি উঠি গ’ল৷ কিছু সময় মনে মনে থাকি তাই ক’লে, “এনেকৈয়ে থিয় হৈয়ে থাকিবা নে অলপ বহিও কথা পাতিবা? ৷ জানা মোৰ কি কৰিবলৈ মন গৈছে? তোমাক মোৰ কোলাতে শুৱাই আলফুলকৈ তোমাৰ চুলিখিনিত হাত বুলাই দিবলৈ৷”
দুয়ো বহি পৰিল৷ শুভেন্দুৱে লাহেকৈ তাৰ মূৰটো তাইৰ কান্ধত থৈ ক’লে, “আখৰালৈ তোমাৰ দেৰি হোৱা নাইতো?”
ঃ একো দেৰি নহয়৷ সংলাপবোৰ মোৰ মনতে আছে৷ জানানে, বাসন্তীৰ এই চৰিত্ৰটোত অভিনয় কৰাৰ খুব ইচ্ছা আছিল৷ তুমিয়েই চাগে কিবা এটা কৰিলা৷ নহ’লে ইন্দ্ৰ কাইটিয়ে তাইক আঁতৰাই মোক অভিনয় কৰাৰ সুযোগ দিলে হয়নে? মোৰ আকৌ কৰিবলৈ বৰ এটা ইচ্ছা নাছিল৷ কিন্তু তোমাক আকৌ এবাৰ সমুখৰ পৰা দেখা পাম বুলিহে কৰিম বুলি ক’লোঁ৷ তাৰ কাৰণে যে দাদাৰ মোৰ কিমান ওপৰত খং! ”
ঃ কিন্তু মইতো তোমাৰ কাৰণে কাকো একো কোৱা নাছিলোঁ!
ঃ মিছা মাতিব নাহিবা৷
ঃ বাৰু, অলপ মিছা ক’লে চলিবনে?
ঃ বাদ দিয়া, তুমি বা জানাই কি? – মালতীয়ে ক’লে৷
ঃ মই কি নাজানো? তুমিয়েই কোৱাচোন কি নাজানো৷ – অলপ আচৰিত হৈ শুভেন্দুৱে সুধিলে৷
মালতীয়ে দীঘল উশাহ এটা এৰি ক’লে, “মোৰ কথা মানিবা নে? যিমান সোনকালে পাৰা, তুমি ইয়াৰ পৰা গুছি যোৱা, আৰু লগত মোকো লৈ যোৱা৷ এইখন গাঁৱৰ মানুহেবাৰৰ কথা তুমি নাজানা৷ খুবেই ভয়ংকৰ৷ মফচলীয় মানুহৰ সহজ–সৰল মুখবোৰৰ আঁৰত লুকাই থাকে একো একোটা ভয়ংকৰ পশু৷ ইহঁতক তুমি সহজে বুজি নাপাবা৷
সঁচাকে কৈছোঁ, তোমাৰ কথা চিন্তা কৰিয়েই মোৰ ৰাতি টোপনি নহা হৈছে৷ কিয় জানো যোৱা দুসপ্তাহ ধৰি অকল বেয়া সপোনবোৰেই দেখি আছোঁ৷”
ঃ তোমাৰহে টোপনি নহা হৈছে? কিন্তু মোৰ যোৱা দুসপ্তাহৰ দৰে গভীৰ টোপনি আজিলৈকে হোৱা নাই৷ চাগে’ তোমাৰ চকুৰ পৰা মোৰ চকুলৈ আহি, তাক গভীৰ কৰি পেলাইছে৷ মই প্ৰথমে বুজি পোৱা নাছিলোঁ৷ য’ত ফেন নাই, এ.চি, নাই, তাত মোৰ টোপনি ইমান গভীৰ কেনেকৈ হ’ব পাৰে?
ঃ তোমাৰতো সকলো কথা ধেমালি যেনেই লাগে৷ সেইদিনাখন যিহে গণ্ডগোল হ’বলৈ ওলাইছিল, অলপৰ কাৰণেহে বাচি গ’লা৷ গম পাইছা?
ঃ নাই, তাৰ কাৰণ মই নহয়, কাৰখানাহে৷ – শুধৰণি কৰি পুনৰ শুভেন্দুৱে ক’লে৷
ঃ থিকেই, সেই কাৰখানাহে৷ কিন্তু তোমাৰ কোম্পানিত আৰু বেলেগ কোনো মানুহ নাই নে কি? অকলে এই গণ্ডগোলীয়া কামটোলৈ কিয় আহিছা? তুমি গৈ কৈ নিদিয়ানো কেলেই, যে এই গাওঁখনৰ মানুহবোৰ ঠিক নহয়৷
ঃ কিন্তু এই গাওঁখনতেই জানো তুমি নাই? য’ত তুমি আছা, সেই গাওঁখনৰ মানুহবোৰ বেয়া কেনেকৈ হ’ব পাৰে?
ঃ তথাপিও অকলে এনেকৈ কোম্পানিয়ে পঠিয়াই দিছে! লাগ বুলিলেই তোমাৰ জানো কাষত কোনোবা আছে? –মালতীয়ে ক’লে৷
ঃ আছে, আছে৷ মানুহ আছে৷ তেওঁলোকে সোন পাহাৰৰ সিফালে বাহৰ পাতি আছে৷ গাড়ী–মটৰ অহাৰ সুবিধা নাই কাৰণে তেওঁলোক ইয়ালৈ আহিব পৰা নাই৷ এবাৰ ৰাস্তাটো হৈ গ’লে তেওঁলোকো ইয়ালৈকে গুছি আহিব৷ তেতিয়াহে সকলোকে তুমি ভালকৈ দেখা পাবা৷
ঃ মোৰ আন কাৰোবাক চোৱাৰ অকনো ইচ্ছা নাই৷ এনেও পাটপুৰত কেম্প বহুৱালেতো তুমি তালৈকৈ গুচি যাবা৷ তেতিয়া আৰn ে¸তামাক ক’ত এনেকৈ লগ ধৰিব পাৰিম? সদায় জানো ইমান দূৰলৈ গৈ তোমাক লগ ধৰিব পাৰিম?
ঃ মানুহৰ এইটোৱেই ডাঙৰ সমস্যা৷ হয় সি অতীতত জীয়াই থাকে, নহ’লে ভৱিষ্যতত৷ বৰ্তমানত জীয়াই থাকিবলৈ ইচ্ছাই নকৰে? তুমিও সেই একেই৷ আচ্ছা মোক কোৱাচোন ভৱিষ্যত কোনোবাই দেখা পাইছে জানো? তাৰ কাৰণে এতিয়াৰ পৰাই মূৰ ঘমোৱাৰ কি প্ৰয়োজন? তুমি যাব নোৱাৰিলে, মই তোমাক লগ ধৰিবলৈতো আহিব পাৰিম৷ বাৰু এটা কথা সোধো?
ঃ কি?
ঃ তোমাৰ দাদাই ইমান পঢ়া–শুনা কৰিও, ঘৰতে কিয় বহি থাকে? – শুভেন্দুৱে সুধিলে৷
ঃ চাকৰিৰ কাৰণে লাগি আছে৷ কিন্তু পালেহে! ইফালে মানুহটো হৈছে খঙাল৷ খঙাল মানে একেবাৰ চণ্ডাল৷ বাদ দিয়া তাৰ কথা৷
ঃ ঠিক আছে বাৰু৷ কিন্তু মই ভাবোঁ তাৰ নিচিনা টেলেণ্টেড ল’ৰা এটাই আমাৰ কোম্পানিত চাকৰি কৰিব লাগিছিল৷ পিচে এইটো মোৰ ক্ষমতাৰ বাহিৰত৷ তথাপিও মই কাৰোবাক ফৰমাইছ অন্ততঃ কৰিব পাৰিলোঁ হয়৷ সঁচাকৈ, তোমাৰ লগতে এই গাওঁখনৰ কাৰণেও কিবা এটা কৰিব পাৰিলে, মোৰেই ভাল লাগিল হয়৷
ঃ মনৰ ভিতৰতেই কাৰখানা বহুৱাই দিলা নহয়? – ঠাট্টাৰ সুৰত মালতীয়ে কথাটো ক’লে৷ তাৰ পিছত লাহেকৈ শুভেন্দুক ঠেলা এটা মাৰি শুনালে, “আগতে আমাৰ বিয়াখনৰ কথা ভাবা, তাৰ পিছত কাৰখানা৷”
ঃ সেইটোতো ইতিমধ্যে হৈয়েই গৈছে৷ বিবাহ হেনো ওপৰতেই ঠিক হৈ আহে৷ আমাৰো তাৰ পৰাই ঠিক হৈ আহিছে৷ গতিকে কোনেও আমাক ইটো সিটোৰ পৰা আতৰাব নোৱাৰে৷
ঃ এজনে কিন্তু পাৰিব৷
ঃ কোনে? – আচৰিত হৈ শুভেন্দুৱে সুধিলে৷
ঃ মৃত্যুৱে৷ –দুখ মনেৰে মালতীয়ে ক’লে৷
ঃ নাই, মৃত্যুৱেও আমাক দূৰ কৰিব নোৱাৰে৷ আৰু যদি মৰিব লগা হয়, আমি একেলগেই মৰিম৷ – শুভেন্দুৱে দৃঢ়তাৰে ক’লে৷
“হ’ব, এতিয়া আৰু সেইবোৰ কথা ক’ব নালাগে” বুলি কৈ মালতীয়ে শুভেন্দুক সাবট মাৰি ধৰিলে৷ সঁচাকৈয়ে যেন মালতীয়ে তাইৰ হাত দুখন সামান্য মুকলি কৰি দিলেই মৃত্যুৱে আহি শুভেন্দুক লৈ গুচি যাব৷
(অহা সংখ্যাত…)