বিৰল প্ৰেম(
মনীষা শৰ্মা)
‘‘আকৌ উলটি আহিম’’
ক্ষন্তেকৰ সাbLনা গোপ–গোপীৰ
ক্ষন্তেকৰ হুমুনিয়াহ যশোদা মাতৃৰ
ৰাধায়ে জানে এইয়া ক্ষণ মিলি যোৱাৰ
এইয়াই ক্ষণ বিৰহক বুকুত সাৱটি
নিজতেই মাধৱক স্থাপন কৰাৰ
বৃন্দাবন ত্যাগৰ শোকত কৃষ্ণৰো মতিভ্ৰম
কথাৰ সাগৰ শুকাই তৰ পৰিছে
গোপিনীৰ ককৰ্থনা
‘‘গান্ধিনীনন্দন, তুমিয়েই শনি হৈ আহিলা’’
‘‘কৰুণাবিহীন, ক্ৰুৰমতি তুমি’’
হায়/ নিদাৰুণতুমি গোপাল
তোমাতে লাগি সকলো এৰিলোঁ/
কৃষ্ণৰ শাঁত পেলোৱা মাত
‘‘উলটি আহিম’’
কেনে নিষ্ঠুৰ হায় আজি শ্যাম
ৰথৰ গতি বায়ু বেগ ধৰি
চকুলোবোৰৰ গতি সলনি কৰি
মাখনচুৰে হৃদয়চোৰৰ বদনাম সাৰিছে
‘‘ৰ’বা মোৰ কানাই’’
মাতৃৰ প্ৰেমক নেওচি
কোন স’তে জীৱনৰ গতি
থমকি ৰোৱা শ্যামৰ লগত
যশোদাৰ শেষ দেখা
মূচ্ছিৰ্ত মাতৃ ব্যাকুল ব্ৰজবাসী
বাঁহীৰ সুৰ যমুনাৰ তীৰত এৰি
কানাই আজি জগতপতি
প্ৰেমবোৰ জ্বলাই ছাই নকৰিবা
কৃষ্ণুৰ বুকুতো জ্বলে বিৰহৰ অগনি
সৰ্বজ্ঞানী উদ্ধৱৰ জ্ঞানে
প্ৰেমৰ সাগৰত উৱাদিহ নাপায়
প্ৰেমৰ পৃথিৱীৰ আত্মাবোৰ
তোমাতে বিলীন হৈ
হৈ পৰে কৃষ্ণময় ৰাধাময়৷৷