সৃষ্টিৰ আধাৰ তুমি নাৰী বীৰাংগনা
সহনশীলা তুমিয়েই বসুন্ধৰা
নাৰী তুমি গৰীয়সী তুমিয়েই মমতাময়ী
আনিব পাৰা
শান্তিৰ নিলয়, সফলতাৰ বন্যা
আছে শকতি তোমাৰ
বিশ্ব বিজয়ৰ৷
তোমাৰ মাজত মা জননী
আকাশ সম উদাৰতা
জীৱন সঙ্গিনী প্ৰতিপলৰ লগৰী পুৰুষৰ,
ভগ্নী হৈ তুমিয়েই গঢ়ি তোলা
এনাজৰী মৰমৰ৷
হ’বই নোৱাৰা তুমি অবলা
ত্যাগৰ প্ৰতিমা তুমি অপৰূপা
তোমাৰ হাততেই আছে পুৰুষৰ
জয়–পৰাজয়ৰ বন্তি,
সৌন্দৰ্যৰ শীৰ্ষত উঠি জ্যোতি সানিছা
তমোময় জগতক৷
কত অভিনয়েৰে কৰা মোহিত জগতক
কত ক্ষয় হয় পৰ্বত তোমাৰ
কোমল পৰশত,
ৰূপান্তৰ হয় মৃদু হাঁহিত
কত শিলাময় হিয়া৷
সৰ্বদিশত নৰৰূপী আছে অৱদান
তৎস্বত্বেও হৈছা ধৰ্ষিতা, লাঞ্ছিতা, পীড়িতা
ৰচিছে অপযশ জীৱশ্ৰেষ্ঠই
দানৱৰ বেশ ধৰি নৰৰ কলংক সানি
অপৰাধ কৰিছে অনেকে৷
কিয় হ’বা তুমি ছলনাময়!
হ’বা কিয় তুমি অশান্তিৰ কাৰণ
তুমি যে বোৱতী নৈ!
কেতিয়াবা প্লাৱনৰ ৰূপত নাশ কৰিবা
দানৱৰূপী কুলাংগাৰক৷
হে নাৰী! তুমিয়েই বজ্ৰকণ্ঠৰ গৰাকী
আগুৱাই যোৱা বৰদৈচিলা হৈ
ন্যায় আৰু অধিকাৰৰ হকে,
মজবুত কৰা স্বাভিমান
ঐক্য আৰু শান্তিৰ সম সাজেৰে
বোৱাই দিয়া জগত৷