একোকে ধৰিবই নোৱাৰি
কিহতনো লাগে কেনা
দৰ-দাম কৰোঁতেই চাগে
লাগি যায় লেঠা৷
কিমান সস্তীয়া হ’লে
অনুভৱৰ বজাৰ বহে!
অল্প বিদ্যা ভয়ঙ্কৰ
এইকথা সকলোৱে জানে৷
যোগ্যতা
অৰ্জন কৰিবলৈ
প্ৰচুৰ সাধনাৰ প্ৰয়োজন
তেন্তে যোগ্যতাক কিনিবলৈ
কিহৰ ইমান আয়োজন?
কিনি লোৱা সন্মানত
থাকে জানো মূল্য?
দক্ষতাৰে
সন্মানিত হওক
সন্মান হ’ব অমূল্য৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]