“ব’হাগ যেতিয়া আহে’’(পাৰ্থ বিজয় বৰুৱা) – Purbodix.com

“ব’হাগ যেতিয়া আহে’’(পাৰ্থ বিজয় বৰুৱা)

হাগ যেতিয়া আহে

তোমাৰ জেতুকাবুলিয়া দুহাতেৰে বুই উলিওৱা গামোচাখনলৈ,

মোৰ বৰ মনত পৰে৷

বহাগ যেতিয়া আহে

মোৰ পদূলিমুখত যেতিয়া তগৰবোৰ ফুলে আৰু কপৌজোপা যেতিয়া কাঁচিয়লি দত জিলিকি উঠে তেতিয়া,

তোমালৈ বৰকৈ মনত পৰে৷

হাগ যেতিয়া আহে

তুমিয়ে জানো মোৰ দুহাতত জেতুকা ঘঁহি দিয়া নাছিলা৷

বহাগ যেতিয়া আহে

মোৰ বাৰীৰ এচুকত থকা আমজোপাই যেতিয়া কলি পেলায়,

গছৰ ডালত পৰি থকা কুলিজনীয়ে যেতিয়া বিনায়,

তেতিয়া তোমালৈ বৰ মনত পৰে৷

হাগ যেতিয়া আহে

তুমি ওঁঠত বৰ্হমথুৰি ঘঁহি

ৰঙা মেখেলা চাদৰযোৰ পিন্ধি, কপৌ ফুলেৰে খোপাটি সজাই,

বিহুৰ দিনা মোলৈ যেতিয়া পিঠা লৈ আহা

আজিও মোৰ সেইবোৰ বৰ কথা মনত পৰে৷

হাগ যেতিয়া আহে

চাৰিওপিনে লঠঙা গছবোৰত নতুন কুঁহিপাত মেলে

ৰঙালীয়ে আদৰে নতুন বছৰ,

চৰাইৰ মাত, বগলীৰ জাক

বাঁহীৰ মাতেৰে উতনুৱা তাইৰ মন,

দুচকুত কত যে ভালপোৱা, কত যে সপোন,

তোমাৰ হাঁহিৰ সেই চঞ্চলতাই নিমিষতে মোক বলিয়া কৰে৷

হাগ আজি আকৌ আহিছে,

সকলোৰে মনত কিমান স্ফূৰ্তি লাগিছে,

ঘৰে ঘৰে আই, মাতৃ, ভণীহঁতে পিঠালাড়ু বনাইছে,

ঢেঁকীৰ চাপত, ঢোলৰ ছেৱত,

গামোচাৰ মাতত আজি সকলো ৰাঙলী হৈ পৰিছে,

কিন্তু আজি মোৰ হৃদয়খনে বেছিকৈ তোমাক মনত পেলাইছে,

মনত পৰিছে তোমাৰ সকলো স্মৃতি

আজি দিবলৈ তোমাক এই হাগত মোৰ একোৱেই নাই,

আছে মাথোঁ, সঁচা হৃদয়ৰ মৰমবোৰ আৰু এবুকু ভালপোৱা৷

Leave a Reply

Your email address will not be published. Required fields are marked *