by Arup Kakoti
শ্ৰেষ্ঠ আৰু পবিত্ৰ ত্ৰিশ দিন মাহ ৰমজান,
ৰহমত, মাগফিৰাত, নাজাত অপৰূপ দান৷
চয়তান, জীন, অশুভ শক্তি বন্দী,
দ্বেষহীন ভাতৃত্ববোধ, সাধ্যসাৰীৰ জৰুৰী৷
কিয়ামতৰ সাফা, শৰীৰৰ জাকাত ৰমজান,
হেদায়ত সত্য পথ খোলা জান্নাতে ‘ৰাইয়ান’৷
অবতীৰ্ণ পবিত্ৰ মহা গ্ৰন্থ গোটেই ৰমজান জুৰি,
দানৰ পবিত্ৰ মাহ পঞ্চম স্তম্ভৰ শক্তিশালী খুটি৷
ৰোজাৰ পুৰস্কাৰ দিব নিজ হস্তে
মহান স্ৰষ্টা যি৷
নতুনত্বত পূৰ্ণ পৃথিৱী উল্লাস গুঞ্জন মিলা–প্ৰীতি,
ৰোজাৰ শেষত পশ্চিমাকাশত কাঁচিজোন দেখি
ঈদৰ আনন্দত বাজিব আকাশে বতাহে শান্তিৰ ধ্বনি
খোৱা – লোৱা আশীৰ্বাদ আৰু কতনা খেল–ধেমালি৷
পাপ বিশৃঙ্খলাৰ মনোমালিন্য সকলো অৱসান কৰি,
সমবেত হৈ নামাজ পৰি দোৱা কৰিব প্ৰাণ ভৰি৷
বিনিময় কৰিব আনন্দ সুখ–শান্তি আৰু সমৃদ্ধি৷৷