আচিফ ফাউণ্ডেশ্বন – Purbodix.com

আচিফ ফাউণ্ডেশ্বন

আচিফ ফাউণ্ডেশ্বনৰ উদ্যোগত ১৮ মাৰ্চ ২০২৪ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱতআচিফ ইকবাল হুছেইনসোঁৱৰণী বঁটা তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷

 

অকালতে মৃত্যুবৰণ কৰা প্ৰয়াত বিশিষ্ট পৰিচালক আচিফ ইকবাল হুছেইন বহু দূৰদৰ্শন ধাৰাবাহিক, নাটক, চুটি ছবি, ৰেডিঅনাটক তথাআজান ফকিৰ চাহেবনামৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ পৰিচালক আছিল৷

এই বঁটাটি বিশিষ্ট পৰিচালক মৃদুল গুপ্তাক ২০২৪ আচিফ ইকবাল হুছেইন সোঁৱৰণী বঁটা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, উপন্যাসিক শ্ৰীযুত প্ৰভাত গোস্বামীয়ে, বন্তি প্১৮লন কৰে বিশিষ্ট পৰিচালক শ্ৰীশুভেশ্বৰ দাসে৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ চলচ্চিত্ৰ  আৰু বিত্তীয় নিগমৰ উপাধ্যক্ষ শ্ৰীযুত আলেখ্য বৰুৱা আৰু বিশিষ্ট অভিনেত্ৰী ডঃ আকাশীতৰাই৷ ইয়াৰ লগতে সাংস্কৃতিক জগতৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা, আদৰণি বক্তব্য আগবঢ়াই আচিফ ফাউণ্ডেচনৰ ৰিংকু ৰাভা আৰু দেৱজ্যোতি শৰ্মাই৷ অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰয়াত আচিফ ইকবাল হুছেইনৰ ভগ্নি আচিফ ফাউণ্ডেচনৰ সম্পাদিকা ৰুণু বেগমে৷ অনুষ্ঠানটিত আঁত ধৰে বিশিষ্ট আবৃতিকাৰ, কবি, ঘোষক দেৱজ্যোতি শৰ্মাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *