কেতিয়াবা লাহ যোৱা বেলিৰ পোহৰত নষ্টালজিক হয়নে আপুনি? নামঘৰৰ ডবাৰ কোবত মনত পৰেনে একান্তই আত্মীয় মানুহবোৰলৈ? অথবা ধূনাৰ গোন্ধেৰে আমোলমোল সন্ধিয়াবোৰত আপোনাৰ হিয়াই বিচাৰেনে ককাদেউতা অথবা আইতাৰ কোলাৰ উম? বিচাৰেনে ফাগুনৰ এই দিনবোৰত পলাশ–শিমলু–মাদৰৰ ৰংবোৰ বুটলিবলৈ// ক্ৰমশঃ হেৰাই গৈছে সান্নিধ্যৰ ছাঁ আৰু বুকুৰ আন্তৰিকতাবোৰ৷ আমি সকলো হৈ পৰিছোঁ মাথো ভাৰ্চুৱেল পৃথিৱী এখনৰ বাসিন্দা৷ ৰঙা–নীলা ছবিবোৰৰ মাজত ৰঙা–নীলা আখৰবোৰৰ মাজত আমি হেৰাই গৈছোঁ কোনোবাখিনিত// হেৰাই গৈছে বুকুৰ টান অথবা ভালপোৱাবোৰৰ ভৰ৷ এই ভাৰ্চুৱেল পৃথিৱীত মন গ’লেই আমি ভাব বিনিময় কৰিছোঁ আৰু মন গ’লেই কাৰোবাক ব্লক কৰিছোঁ৷ সোণাৰু ফুলৰ হালধীয়াবোৰত জী উঠা আমাৰ শৈশৱ অথবা কৈশোৰৰ পৃষ্ঠাবোৰ লুটিয়াই চাবলৈ আমাৰ যেন অকণো অৱকাশেই নাই৷ তাৰ পাছতো আমি জীৱনৰ কথা কৈছোঁ৷ ভালপোৱাৰ কথা পাতিছোঁ অথবা প্ৰতিশ্ৰুতি দিছোঁ সহৃদয়তাৰ৷ ফটো এখনত বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ছাতি এটি ধৰি তোমাক–মোক–আপোনাক আৱৰণ দিয়া মানুহজন বা মানুহজনীতকৈ জীৱনৰ ধুমুহা অথবা বৰষুণ জাকত আৱৰি ৰখা মানুহজন বা মানুহগৰাকী বেছি আপোন৷ গোলাপ এপাহ দিয়া জনতকৈ তোমাক অপকাৰ কৰিবলৈ অহা মানুহবোৰৰ পৰা তোমাকযমোক প্ৰতিপল আৱৰি ৰখা মানুহজন বেছি আপোন৷ আমি আমাৰ স’তে অন্তৰংগ হৈ উঠা প্ৰতিজন মানুহক নিজৰ বুলি দাবী কৰোঁ, অভিমান–আব্দাৰ সকলো কৰোঁ৷ কিন্তু তোমাৰ–মোৰ–আপোনাৰ আব্দাৰ–অভিমান–দাবীবোৰক নিজৰ বুলি ভবা মানুহ কেইজন আছে? কিমানজন মানুহে নিঃস্বাৰ্থ অন্তৰংগতাৰে আপোন বুলি ভাবিব পাৰে তোমাক অথবা মোক অথবা আপোনাক? কিমানজন মানুহে তোমাৰ আলসুৱা হেঁপাহ অথবা অনুভৱবোৰক সন্মান জনাব পাৰে? কিমানজনে তোমাৰ কাষত ৰৈ তোমাৰ হাঁহি অথবা চকুলোবোৰক ভগাই ল’ব পাৰে?

নিচুকাব পাৰে তোমাক অথবা আজলি পাতি ধৰি ৰাখিব পাৰে তোমাৰ চকুলোবোৰক৷ আই–পিতাইৰ কোলাৰ উমবোৰত হাঁহিবোৰচোন এতিয়াও ওমলি আছে জীপাল হৈ৷ আইৰ আঁচলত চকুলোবোৰ শুকোৱা কাহিনীবোৰ সজীৱ হওঁতেই কাৰোবাৰ ৰিক্ত বুকুত বসন্ত ফুলিছে৷ কাৰোবাৰ খৰিকাজাঁই অথবা বকুলৰ সুবাসবোৰ ওলমি আছে৷ এৰা, চকুৰে দেখা পৃথিৱীখনৰ ইপাৰেও আমাৰ বাবে এখন পৃথিৱী আছে, আছে আকুলতা, আছে এক অনন্য জীৱন৷ ভুলবোৰ দেখি আঁতৰি যোৱা জনতকৈ ভুলবোৰ শুধৰাই কাষত থকাজন বেছি আপোন৷ দুখৰ আকাশ আৰু সুখৰ পৃথিৱীত আমিবোৰ এটি এটি বালিমাহী অথবা দঁৰিকণা৷ তথাপিও নৈঃশব্দবোৰত বুকুৰ প্ৰাৰ্থনাবোৰ জীয়াই আছে আপোন অথবা প্ৰিয়জনৰ বাবে৷ ক’ৰবাত পপীয়া তৰাটো খহি পৰাৰ কাৰণেই আকাশে ৰঙৰ ফাঁকু খেলিছে আৰু ক’ৰবাত পুঁৱতি তৰাটোৱে লিখি ৰাখিছে দুবৰি বনৰ টোপালবোৰত হাজাৰজনী অপ্সৰাৰ দুখৰ মালিতা৷
অৱশ্যে সাউদে বণিজলৈ যাওঁতে নদীৰ ঢৌবোৰত মৰা বঠাৰ কোববোৰত জীয়াই থাকে সাধুকথাৰ কাহিনীবোৰ৷ তেতিয়া তেজীমলাই কান্দে, চম্পাৱতীয়ে জয়াল বাঁহনি ডৰালৈ ভয় কৰি ধানৰ ৰখীয়া হয়৷ জৰা ফুলে, জৰা সৰে৷ ৰজাই জেহাহুৰ স’তেহে পাশা খেলে৷ বুকুৰ কুটুমে বুকুৰ কুটুমকে কুটি–বাছি খাই বিননি জুৰে৷
তথাপিও সাৰে থাকে আপোন মানুহবোৰৰ বাবে কুশল প্ৰাৰ্থনাবোৰ৷