সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

মাৰ সভ্যতা, আমাৰ সংস্কৃতি, আমাৰ জন্মভূমিআমাৰ ভাষা আৰু আমাৰ ধৰ্মযুগ যুগ ধৰি পৃথিৱীৰ সকলো ৰাজনৈতিক দল বা নেতাই এই বিষয় সমূহকে লৈ মানুহৰ মাজত ৰাজনীতি কৰি আছে৷ ক্ষমতালৈ আহিবলৈ ভাষা, সংস্কৃতি, ধৰ্ম যিকোনো এটা বিষয়কে মুখ্য কৰি লৈ খেলা হয় ৰাজনীতিৰ বোকাপানী ছটিওৱা খেল৷

               তৃতীয় বিশ্বৰ দেশ সমূহযি এতিয়াও বিজ্ঞান, শিক্ষা আৰু স্বাস্থ্যক্ষেত্ৰৰ উন্নতিৰ ক্ষেত্ৰত বহু পিছ পৰি আছে তেনে দেশৰ জনগণক সদায় প্ৰলোভনৰ ৰাজনীতিৰে মোহিত কৰি অহা হৈছে৷ কেৱল মাত্ৰ ক্ষমতা আহৰণৰ বাবেই যিকোনো ৰাজনৈতিক দলে যে ছলবল আৰু কৌশলেৰে কিমান নিকৃষ্ট পৰ্যায়লৈ যাব পাৰে        ভাৰতবৰ্ষত ইতিহাসেই তাৰ প্ৰমাণ৷

               ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশত ১৪০ কোটি জনতাৰ অধিকাংশই দৰিদ্ৰ তাতো লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ বাবে এক বিশাল পৰিমাণৰ ৰাজহুৱা ধনৰ খৰছ কৰা হয়৷ তথা এই ধন সম্পূৰ্ণৰূপে ৰাইজৰ কৰকাটলেৰে সংগৃহীত৷ বিনিময়ত ৰাইজে কি পায়শতকৰা ৭০ণ ধুৰন্ধৰ ৰাজনৈতিক নেতা দুৰ্নীতিত নিমজ্জিত নেতা যিবোৰে আমাক শাসন নকৰে, শোষণ কৰে৷

               দেশৰ শিক্ষিত মানুহখিনি যি নিজৰ বিবেকেৰে ভোট দিয়ে তেওঁলোকৰ ভোট ৰাজনৈতিক নেতাসকলৰ বাবে প্ৰয়োজন নহয়, কাৰণ বিবেকেৰে ভোট দিয়া লোক তেনেই সামান্য৷ প্ৰলোভন, ধৰ্ম, জাতপাতৰ নামেৰে অহা ভোট বেংকত থাকে বিপুল পৰিমাণৰ ভোটাৰ যাক সহজেই ‘motivate’ কৰিব পাৰি৷ ৰাজনৈতিক দল আৰু নেতাসমূহৰ টাৰ্গেট এইসকল সাধাৰণ লোক৷ প্ৰচণ্ড বৰষুণ নেওচি যেতিয়া অধিৰ আগ্ৰহেৰে কোনোবা ৰাজনৈতিক নেতাৰ ভাষণ শুনিবলৈ ঘণ্টাৰ পাছত ঘণ্টা ভোকেপিয়াহে ৰৈ থাকে তেতিয়াই বুজা যায় আমাৰ ৰাইজে এতিয়াও কি চিন্তা কৰে আৰু কোন যুগত বাস কৰি আছে৷

               দুখৰ কথা এই যে যিসকলে নিজকে শিক্ষিত বুলি ভাবে তেওঁলোক সৰহভাগ সময়তে মৌনতাহে অৱলম্বন কৰে৷ ভাৰতবৰ্ষৰ দৰে দেশৰ শিক্ষিত লোকসকলৰ সুদীৰ্ঘ কালৰ মৌনতাই সকলো শ্ৰেণীকে অপকাৰ কৰিছেএকমাত্ৰ ধুৰন্ধৰ ৰাজনৈতিক নেতাসকলৰ বাহিৰে৷ কথাবোৰ চিন্তা কৰি চাবৰ ল৷

 

               ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *