
এছ এছ এ (SSA) ১ অৰ্থ হ’ল সুকন্যা সমৃদ্ধি একাউণ্ট৷ সুকন্যা সমৃদ্ধি একাউণ্ট হৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা আৰু পৰিচালনা কৰা এক সঞ্চয় আঁচনি৷ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ ২২ জানুৱাৰীত আৰম্ভ কৰা এছ এছ এ আঁচনিখন “বেটি বচাও, বেটি পঢ়াও” অৰ্থাৎ “কন্যা সন্তানক বচাওক, কন্যা সন্তানক শিক্ষা দিয়ক” অভিযানৰ অধীনত আৰম্ভ কৰা হৈছিল৷ এই আঁচনিখন হ’ল এক “কন্যা সন্তান সমৃদ্ধি” আঁচনি, আৰু ইয়াৰ মূল লক্ষ্য হৈছে কন্যা সন্তানৰ উচ্চ শিক্ষা আৰু বিবাহ৷
কন্যা সন্তানৰ পিতৃ–মাতৃয়ে বা আইনৰ অধীনত স্বীকৃত কোনো এজন অভিভাৱকে কন্যা সন্তানৰ নামত যিকোনো অনুমোদিত ভাৰতীয় বাণিজ্যিক বেংক বা যিকোনো ডাকঘৰত সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰিব৷ এই সঞ্চয় একাউণ্টৰ সময়কাল হৈছে ২১ বছৰ৷ একাউণ্ট খোলাৰ পৰা ২১ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সুকন্যা সমৃদ্ধি একাউণ্ট পৰিপক্ব (matured) হয় আৰু একাউণ্টৰ অধিকাৰী কন্যা সন্তানে একাউণ্টৰ পৰিপক্বতাৰ কালত সুতে–মূলে জমা হোৱা সমগ্ৰ ধন উলিয়াব পাৰিব৷ সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিৰ অধীনত এজনী কন্যাসন্তানৰ নামত একাউণ্ট খুলি পিতৃ–মাতৃ বা অভিভাৱকে একাউণ্টৰ মূঠ ২১ বছৰৰ প্ৰথম ১৫ বছৰত প্ৰতি বছৰে নুন্যতম ২৫০ টকাৰ পৰা সৰ্বোচ্চ ৰ, ৫০, ০০০ টকালৈ সঞ্চয়ৰ ধনৰাশি জমা কৰিব পাৰিব৷ ১৬ বছৰৰ পৰা ২১ বছৰলৈ অৰ্থাৎ ১৬, ১৭, ১৮, ১৯, ২০ আৰু ২১ নং বছৰকেইটাত সঞ্চয়ৰ টকা জমা কৰিব নালাগে৷ চৰকাৰে সময়ে সময়ে ঘোষণা কৰা সুতৰ হাৰ অনুসৰি একাউণ্টত জমা কৰা সঞ্চয়ৰ টকাৰ ওপৰত বছৰি চক্ৰবৃদ্ধি সুত লাভ কৰিব৷
একাউণ্ট খোলাৰ তাৰিখৰ পৰা ২১ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত একাউণ্টটো পৰিপক্বতা লাভ কৰিব (মেচিউৰ হ’ব) আৰু ছোৱালী সন্তানে সমগ্ৰ মেচিউৰিটিৰ ধন উলিয়াব পাৰিব৷ মেচিউৰিটিৰ পিছত একাউণ্ট বন্ধ কৰা হ’ব৷ যদিহে কন্যা সন্তানটোৱে একাউণ্ট খোলাৰ পৰা ২১ বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই বিয়া হয়, তেন্তে একাউণ্টৰ সঞ্চিত সমগ্ৰ ধন উলিয়াব পাৰিব৷
সুকন্যা সমৃদ্ধি একাউণ্টৰ বৈশিষ্ট্যসমূহ হ’ল –
ৰ৷গ্গএই সঞ্চয় আঁচনিখন একান্তভাৱে কন্যাসন্তানৰ বাবে উপলব্ধ এক সঞ্চয়ৰ আঁচনি৷
২৷ এই আঁচনিখন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰাৰ লগতে নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ কৰা এক সঞ্চয়ৰ আঁচনি৷
৩৷ এই আঁচনিৰ অধীনত একাউণ্ট খুলি জমা কৰা সঞ্চয় সম্পূৰ্ণ নিৰাপদ আৰু সঞ্চয়ৰ ওপৰত নিশ্চিত সুতৰ হাৰত সুত লাভ উপাৰ্জন কৰিব পাৰিব৷
৪৷ সুকন্যা সমৃদ্ধি একাউণ্টত জমা কৰা সঞ্চয়ৰ পৰিমাণ আয়কৰৰ হিচাপৰ খতিয়ানত কৰ ৰেহাই পাব পাৰিব৷
প্ত৷ বৰ্তমান ঋণ শ্ৰেণীৰ অন্যান্য সঞ্চয় আঁচনিৰ তুলনাত সুকন্যা সমৃদ্ধি একাউণ্টত কৰা সঞ্চয়ৰ ওপৰত উচ্চ সুতৰ হাৰত সুত লাভ কৰিব পাৰিব৷
৬৷ কন্যা শিশুৰ উচ্চ শিক্ষাৰ বাবে একাউণ্টত ইতিমধ্যেই জমা হোৱা ধনৰ পৰা আংশিক ধন উলিয়াব পাৰিব৷
জ্জ৷ কন্যা সন্তানৰ বিয়াৰ বাবে ধন উলিওৱাৰ সুবিধা আছে৷
সুকন্যা সমৃদ্ধি একাউণ্ট কোনে খুলিব পাৰে?
কন্যা সন্তানৰ পিতৃ–মাতৃ বা আইনী অভিভাৱকে কন্যা সন্তানৰ নামত সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰিব৷ আনকি তুলি লোৱা কন্যা সন্তানৰ নামতো এগৰাকী অভিভাৱকে সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰিব৷ একাউণ্ট খোলাৰ সময়ত কন্যা সন্তানৰ বয়স ১০ বছৰৰ কম হ’ব লাগে৷ সদ্য জন্ম লাভ কৰা নৱজাত কন্যা শিশুৰ পৰা ১০ বছৰৰ কম বয়সলৈকে কন্যা সন্তানৰ নামত এই একাউণ্ট খুলিব পাৰিব৷ এই আঁচনিৰ অধীনত কন্যা সন্তানক একাউণ্টধাৰী বুলি কোৱা হয় আৰু পিতৃ–মাতৃ বা অভিভাৱকক এই একাউণ্টত জমাকাৰী বুলি কোৱা হয়৷ কন্যা সন্তানৰ বয়স ১৮ বছৰ হোৱালৈকে পিতৃ–মাতৃ বা আইনী অভিভাৱকে একাউণ্টটো চলাব আৰু কন্যাসন্তানৰ বয়স ১৮ বছৰ হ’লে একাউণ্টধাৰী নিজেই একাউণ্টটো চলাব পাৰিব৷
কিমানটা একাউণ্ট খুলিব পাৰিব?
সুকন্যা সমৃদ্ধি একাউণ্ট সঞ্চয় আঁচনিৰ অধীনত কোনো এজন কন্যা সন্তানৰ নামত এটাই একাউণ্ট খুলিব পাৰিব৷ এজন অভিভাৱকে দুটা ভিন্ন কন্যা সন্তানৰ নামত সৰ্বাধিক দুটা একাউণ্ট খুলিব পাৰিব৷ কিন্তু প্ৰথম জন্মতে দুটাতকৈ অধিক ছোৱালী সন্তানৰ জন্ম হ’লে দুটাতকৈ অধিক একাউণ্ট খুলিব পাৰিব৷
সঞ্চয়ৰ পৰিমাণৰ জমা সীমা ঃ
সুকন্যা সমৃদ্ধি একাউণ্টত কোনো এটা বিত্তীয় বৰ্ষত সঞ্চয়ৰ পৰিমাণৰ জমাৰ সীমা নিৰ্ধাৰণ কৰি দিয়া আছে৷ এই একাউণ্টত এটা বিত্তীয় বৰ্ষত ন্যুন্যতম ২৫০ টকা আৰু সৰ্বোচ্চ ১.৫ লাখ টকাৰ সঞ্চয় জমা কৰিব পাৰিব৷ জমা ধনৰ পৰিমাণ ন্যূনতম ২৫০ টকা আৰু ইয়াৰ পিছত জমা কৰিব বিচৰা পৰিমাণ ৫০ টকাৰ গুণিতক হ’ব লাগিব৷ এমাহত বা এটা বিত্তীয় বৰ্ষত জমা ধনৰ সংখ্যাৰ কোনো সীমা নাই৷ যদি আপুনি ভুলবশতঃ এটা বিত্তীয় বৰ্ষত ১.৫ লাখতকৈ অধিক টকা জমা কৰে তেন্তে অতিৰিক্ত ধনৰ পৰা কোনো ধৰণৰ সুত নাপাব আৰু যিকোনো সময়তে অতিৰিক্ত ধন উলিয়াব পাৰিব৷
সঞ্চয়ৰ জমা সময়সীমা ঃ
সুকন্যা সমৃদ্ধি একাউণ্টত সঞ্চয়ৰ জমা সময়সীমা প্ৰথম ১৫ বছৰহে৷ অৰ্থাৎ একাউণ্ট খোলাৰ তাৰিখৰ পৰা ১৫ বছৰ সম্পূৰ্ণ হোৱালৈকে প্ৰতি বছৰে সঞ্চয়ৰ টকা জমা কৰিব লাগিব৷ যদিও এই আঁচনিৰ পৰিপক্বতা প্ৰাপ্তিৰ কাল ২১ বছৰ, তথাপিও প্ৰথম ১৫ বছৰতহে সঞ্চয়ৰ টকা জমা কৰিব লাগিব৷ মন কৰিব যে সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিখন আৰম্ভ কৰাৰ সময়ত জমা সময়সীমা আছিল ১৪ বছৰ৷ কিন্তু, ২০১৬ চনৰ মাৰ্চ মাহত এইটো ১৫ বছৰলৈ উন্নীতকৰণ কৰা হয়৷ প্ৰথম ১৫ বছৰৰ পাছত এই একাউণ্টত কোনো ধৰণৰ ধন জমা কৰিব নোৱাৰিব৷ ১৫ বছৰৰ পাছত বাকী ৬ বছৰ অৰ্থাৎ ১৬, ১৭, ১৮, ১৯, ২০ আৰু ২১ নং বছৰত কোনো টকা জমা কৰিব নোৱাৰিব৷ কিন্তু প্ৰথম ১৫ বছৰত জমা কৰা সঞ্চয়ৰ টকাৰ লগতে জমা হোৱা সুতৰ ওপৰত ১৬ নং বছৰৰ পৰা ২১ নং বছৰলৈকে চক্ৰবৃদ্ধি সুতৰ হাৰত নিশ্চিত সুত লাভ কৰিব৷
কেনেকৈ সঞ্চয়ৰ টকা জমা কৰিব?
পিতৃ–মাতৃ বা কোনো অভিভাৱকে সুকন্যা সমৃদ্ধি একাউণ্টত তলত দিয়া ধৰণেৰে সঞ্চয়ৰ টকা জমা কৰিব পাৰিবঃ
ৰ)) নগদ ধন (Cash) ঃ এই আঁচনিৰ অধীনত সঞ্চয়ৰ বাবে নগদ ধন জমা কৰিব পাৰিব আৰু নগদ ধন জমা কৰিলে একাউণ্টত ধন জমা কৰাৰ তাৰিখ একেদিনাই হ’ব৷
২)) চেক (Cheque) ঃ এই আঁচনিৰ অধীনত ডাকঘৰৰ ডাক মাষ্টাৰ বা একাউণ্ট খোলা বেংকৰ মেনেজাৰৰ সপক্ষে উলিওৱা চেকৰ জৰিয়তেও সুকন্যা সমৃদ্ধি একাউণ্টত সঞ্চয়ৰ ধন জমা কৰিব পাৰিব৷ চেকৰ ক্ষেত্ৰত চেকৰ টকা নগদ ধনলৈ ৰূপান্তৰ হোৱাৰ তাৰিখটো হ’ব একাউণ্টত ধন জমা কৰাৰ তাৰিখ৷
৩) ডিমাণ্ড ড্ৰাফ্ট (Demand Draft) ঃ ডাকঘৰৰ ডাক মাষ্টাৰ বা সুকন্যা সমৃদ্ধি একাউণ্ট খোলা বেংকৰ মেনেজাৰৰ সপক্ষে প্ৰস্তুত কৰা ডিমাণ্ড ড্ৰাফ্টৰ যোগেদিও সুকন্যা সমৃদ্ধি একাউণ্টত সঞ্চয়ৰ টকা জমা কৰিব পাৰিব৷ জমা দিয়াৰ তাৰিখ হ’ব ডিমাণ্ড ড্ৰাফ্ট দাখিল কৰাৰ তাৰিখ৷
৪) অনলাইন ট্ৰেন্সফাৰ (Online Transfer) ঃ অনলাইনত সঞ্চয়ৰ ধন জমা কৰিব পাৰিব আৰু ইয়াৰ বাবে বেংক বা ডাকঘৰৰ মূল বেংক সমাধান (Core Banking Solution) ব্যৱস্থা ব্যৱহাৰ কৰিব লাগিব৷ জমা কৰাৰ তাৰিখ হ’ব একাউণ্টত ধন জমা হোৱাৰ তাৰিখ৷
নিষ্ক্ৰিয় (ইন–এক্টিভ) একাউণ্ট ঃ যদি আপুনি কোনো এটা বিত্তীয় বৰ্ষত ন্যুনতম সঞ্চয়ৰ পৰিমাণ ২৫০ টকা জমা নকৰে তেন্তে সুকন্যা সমৃদ্ধি একাউণ্টটো ডিফল্ট বা নিষ্ক্ৰিয় একাউণ্ট হৈ পৰিব৷ একাউণ্টটো সক্ৰিয় কৰিবলৈ আপুনি ডিফল্টৰ প্ৰতিটো বছৰৰ বাবে ৫০ টকা জৰিমনা আৰু ডিফল্টৰ প্ৰতিটো বছৰৰ বাবে ন্যুনতম ২৫০ টকা জমা ধন দিব লাগিব৷ উদাহৰণস্বৰূপে যদি আপোনাৰ একাউণ্টটো ৪টা বিত্তীয় বৰ্ষৰ বাবে নিষ্ক্ৰিয় হৈ থাকে, তেন্তে ইয়াক সক্ৰিয় কৰিবলৈ আপুনি ৫০, ৪,ঞ্চ২০০ টকা জৰিমনা দিব লাগিব আৰু লগতে ৪ বছৰৰ নুন্যতম জমা ধন ২৫০, ৪,ঞ্চ১০০০ টকা জমা দিব লাগিব৷ সুকন্যা সমৃদ্ধি একাউণ্ট নিষ্ক্ৰিয় হ’লে একাউণ্টটো সক্ৰিয় কৰিবলৈ আপোনাক একাউণ্ট খোলাৰ তাৰিখৰ পৰা ১৫ বছৰৰ সময়সীমা দিয়া আছে৷ যদি আপুনি একাউণ্ট খোলাৰ ১৫ বছৰৰ ভিতৰত আপোনাৰ একাউণ্ট সক্ৰিয় নকৰে তথাপিও ডিফল্টৰ তাৰিখৰ আগতেই একাউণ্টত জমা কৰা সম্পূৰ্ণ জমা ধনৰ পৰিমাণৰ ওপৰত পৰিপক্বতা (মেচিউৰিটি)ৰ তাৰিখলৈকে সময়ে সময়ে আঁচনিখনৰ ওপৰত প্ৰযোজ্য সুতৰ হাৰ অনুসৰি সুত লাভ কৰি থাকিব৷

সুতৰ হাৰঃ সুকন্যা সমৃদ্ধি একাউণ্টৰ বৰ্তমানৰ সুতৰ হাৰ হৈছে ৮.২০ণ৷ সুতৰ হাৰ সদায়ে এটা নিৰ্দিষ্ট হাৰত স্থিৰ হৈ নাথাকে৷ সুতৰ হাৰৰ পৰিৱৰ্তন হ’ব পাৰে, যিটো সময়ে সময়ে ভাৰত চৰকাৰে ঘোষণা কৰিব৷ ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা ত্ৰিমাসিক ভিত্তিত সুতৰ হাৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ আগতে বছৰেকীয়া ভিত্তিত সুতৰ হাৰ ঘোষণা কৰা হৈছিল৷
যৌগিক কম্পাঙ্ক ঃ সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিয়ে বছৰেকীয়া কম্পাউণ্ডিং কম্পাঙ্ক অনুসৰণ কৰে৷ ইয়াত সুত কেলেণ্ডাৰ মাহৰ ভিত্তিত গণনা কৰা হয় আৰু বিত্তীয় বৰ্ষৰ শেষত একাউণ্টত জমা কৰা হয়৷ প্ৰতি মাহৰ প্তম দিনৰ পৰা মাহৰ শেষৰ দিনটোৰ ভিতৰত একাউণ্টত জমা হৈ থকা সৰ্বনিম্ন জমা পৰিমাণৰ ওপৰত মাহিলী সুত গণনা কৰা হয়৷ উদাহৰণস্বৰূপে ধৰা হ’ল আপোনাৰ কন্যাসন্তানৰ নামত থকা সুকন্যা সমৃদ্ধি একাউণ্টত কোনো এটা মাহৰ ৫ তাৰিখে একাউণ্টত ৫০০০ টকা আছে৷ আপুনি মাহৰ ২০ তাৰিখে একাউণ্টত আৰু ৫০০০ টকা জমা কৰিছে৷ মাহৰ শেষত আপোনাৰ একাউণ্টত ১০, ০০০ টকা থাকিব৷ কিন্তু সুত হিচাপ কৰা হ’ব মাত্ৰ ৫০০০ টকাৰ বাবে, যিটো মাহৰ ৫ তাৰিখৰ আগতে জমা কৰা হৈছিল৷ অৰ্থাৎ প্ৰতি মাহৰ ৫ তাৰিখ বা তাৰ আগতে সঞ্চয়ৰ ধন জমা কৰিলে তেতিয়া সেই মাহৰ বাবে সুত লাভ কৰিব৷ যদি আপুনি মাহৰ ৫ তাৰিখৰ পিছত জমা কৰে তেন্তে ৫ তাৰিখৰ পিছৰ পৰা মাহৰ শেষৰ তাৰিখলৈকে জমা কৰা সঞ্চয়ৰ ওপৰত সেই মাহৰ বাবে আপুনি সুত নাপাব৷ কিন্তু পিছৰ মাহতহে সুত আদায় কৰিব৷ গতিকে সুকন্যা সমৃদ্ধি একাউণ্টত অধিক সুত উপাৰ্জন কৰিবলৈ সঞ্চয়ৰ ধন জমা কৰাৰ উপযুক্ত সময় প্ৰতি মাহৰ ৫ তাৰিখ বা তাৰ আগতে হয়৷
পৰিপক্বতাৰ সময়ঃ সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ তাৰিখৰ পৰা ২১ বছৰ সম্পূৰ্ণ হ’লে সুকন্যা সমৃদ্ধি একাউণ্টে পৰিপক্বতা লাভ কৰিব৷ পৰিপক্বতাৰ (মেচিউৰিটি) সময়ত জমা কৰা সঞ্চয়ৰ পৰিমাণ আৰু ইয়াৰ ওপৰত উপাৰ্জন কৰা সুতকে ধৰি ১০০ক্মজমা ধনৰাশি ছোৱালীজনীক দিয়া হ’ব আৰু একাউণ্টটো বন্ধ হৈ যাব৷ মেচিউৰিটিৰ ধন পাবলৈ ছোৱালীজনীয়ে অৰ্থাৎ একাউণ্টৰ গৰাকীয়ে নিজৰ পৰিচয় প্ৰমাণৰ লগতে ঠিকনাৰ প্ৰমাণ আৰু ভাৰতীয় নাগৰিকত্ব দাখিল কৰিব লাগিব৷ মন কৰিব যে ছোৱালীজনীয়ে ২১ বছৰ বয়সত উপনীত হোৱাটো এই আঁচনিৰ পৰিপক্বতাৰ লগত কোনো প্ৰাসংগিকতা নাই৷
পৰিপক্বতা প্ৰাপ্তিৰ (মেচিউৰিটি পিৰিয়ড) পূৰ্বে বিবাহ ঃ
যদি ছোৱালীজনীয়ে নিজৰ নামত থকা সুকন্যা সমৃদ্ধি একাউণ্টটো পৰিপক্বতা লাভৰ সময়কাল (মেচিউৰিটি পিৰিয়ড) ২১ বছৰৰ আগতেই বিয়া হোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে ছোৱালীজনীয়ে সংশ্লিষ্ট বেংক বা ডাকঘৰক একাউণ্টটো বন্ধ কৰি মেচিউৰিটিৰ ধন পৰিশোধ কৰিবলৈ অনুৰোধ কৰিব পাৰে৷ এনে একাউণ্ট বন্ধ কৰাৰ অনুৰোধ বিয়াৰ এমাহ আগতে বা বিয়াৰ ৩ মাহৰ ভিতৰত কৰিব পাৰিব৷ বিবাহৰ তাৰিখত ছোৱালীজনীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক হ’ব বুলি প্ৰমাণ কৰিবলৈ বয়সৰ প্ৰমাণ দাখিল কৰি সুকন্যা সমৃদ্ধি একাউণ্ট বন্ধ কৰাৰ অনুৰোধ কৰিব লাগিব৷ সংশ্লিষ্ট বেংক বা ডাকঘৰটোৱে একাউণ্ট বন্ধ কৰাৰ অনুৰোধৰ তাৰিখলৈকে একাউণ্টত সুতৰ সৈতে জমা ধনৰাশি কন্যা সন্তানক পৰিশোধ কৰিব আৰু একাউণ্ট বন্ধ কৰিব৷
মেচিউৰিটিৰ পিছত কোনো সুত নাই ঃ মন কৰিব যে ২১ বছৰৰ মেচিউৰিটিৰ পিছত এই একাউণ্টত সুত দিয়া নহ’ব৷ যদি আপুনি ২১ বছৰৰ পিছত একাউণ্টটো বন্ধ কৰিবলৈ পাহৰি যায় তেন্তে মেচিউৰিটি তাৰিখৰ পিছত টকা জমা হৈ থকা স্বত্বেও কোনো সুত লাভ নকৰিব৷
আংশিকভাৱে টকা উলিওৱাৰ সুবিধা ঃ
সুকন্যা সমৃদ্ধি একাউণ্টৰ অধীনত জমা টকাৰ পৰা আংশিকভাৱে টকা উলিওৱাৰ সুবিধাৰ অনুমতি দিয়া হয়৷ কিন্তু ইয়াৰ বাবে কন্যা শিশুটিৰ বয়স ১৮ বছৰ বা শিক্ষানুষ্ঠানত দশম মান সম্পূৰ্ণ এই দুটা চৰ্তৰ যিটো আগতে হ’ব সেই হিচাপত আংশিকভাৱে টকা উলিওৱাৰ সুবিধা পাব৷ আংশিকভাৱে টকা উলিওৱাৰ সুবিধা কেৱল কন্যা সন্তানৰ শিক্ষাৰ উদ্দেশ্যেহে অনুমতি দিয়া হৈছে৷ এই আংশিকভাৱে টকা উলিওৱাৰ সুবিধা লাভ কৰিবলৈ আপুনি কন্যা শিশুৰ বাবে শিক্ষানুষ্ঠানত নামভৰ্তিৰ প্ৰপত্ৰ বা মাচুল পৰিশোধৰ প্ৰমাণৰ প্ৰতিলিপি আবেদনৰ লগত জমা দিব লাগিব৷
আপোনাৰ প্ৰাক–পৰিপক্বতা লাভৰ আগতে আংশিকভাৱে টকা উলিওৱাৰ সীমা তলত দিয়া ২টা পৰিস্থিতিৰ ভিতৰত যিটো আটাইতকৈ কম হ’ব সেইটো সুবিধা দিয়া হ’ব ঃ
ৰ) আংশিক ৰূপত টকা উলিওৱাৰ বছৰৰ ঠিক আগৰ বিত্তীয় বৰ্ষৰ শেষত একাউণ্টত থকা জমা ধনৰাশিৰ সৰ্বাধিক ৫০ টকা উলিয়াব পাৰিব৷
২) শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবদ পৰিশোধ কৰিবলগীয়া প্ৰকৃত নামভৰ্তিৰ মাচুল অথবা শিক্ষানুষ্ঠানত দিব লগা বাকী অনাদায় মাচুলৰ পৰিমাণৰ টকা উলিওৱাৰ সুবিধা পাব, যাতে বাকী থকা মাচুল পৰিশোধ কৰিবলৈ সক্ষম হয় আৰু কন্যাসন্তানৰ শিক্ষা গ্ৰহণৰ পথ আগবাঢ়ি যাব পাৰে৷
উদাহৰণস্বৰূপে, ধৰা হ’ল সুকন্যা সমৃদ্ধি একাউণ্টৰ পৰা আংশিকভাৱে টকা উলিওৱাৰ বাবে আপোনাৰ যোগ্য সীমা ২, ০০, ০০০ টকা৷ কিন্তু কলেজত নামভৰ্তিৰ মাচুল আৰু পৰৱৰ্তী বছৰৰ বাবদ পৰিশোধ কৰিব লগা মাচুল মিলি মুঠ প্ৰায় ৰ, ০০, ০০০ টকা হ’ব৷ এই ক্ষেত্ৰত আংশিক টকা উলিওৱাৰ সুবিধাৰ অধীনত আপুনি সৰ্বাধিক ৰ, ০০, ০০০ টকা হে উলিয়াব পাৰিব৷ আপুনি একঁকালীন ধন হিচাপে বা বছৰি এবাৰকৈ ধন উলিওৱাৰ সুবিধাৰ অধীনত সৰ্বাধিক ৫ বছৰ টকা উলিয়াব পাৰিব৷ কিন্তু বছৰি উলিওৱা টকাৰ পৰিমাণ সমান হোৱাটো প্ৰয়োজন৷
প্ৰাক–পৰিপক্বতা কালত (প্ৰি–মেচিউৰড) একাউণ্ট বন্ধকৰণ ঃ
আপুনি নিম্নলিখিত পৰিস্থিতিত মেচিউৰিটিৰ আগতে সুকন্যা সমৃদ্ধি একাউণ্ট বন্ধ কৰিব পাৰে ঃ
ৰ) কন্যা সন্তানৰ মৃত্যু ঃ যদি সুকন্যা সমৃদ্ধি একাউণ্টৰ কাৰ্যকালত কন্যা সন্তানৰ মৃত্যু হয় তেন্তে মৃত্যুৰ প্ৰমাণ পত্ৰ দেখুৱাই একাউণ্টটো তৎক্ষণাত বন্ধ কৰিব পাৰিব৷ কন্যা সন্তানৰ মৃত্যুৰ তাৰিখলৈকে সুতৰ সৈতে একাউণ্টৰ জমা হোৱা ধনৰাশি কন্যা সন্তানৰ পিতৃ–মাতৃ বা অভিভাৱকক প্ৰদান কৰা হ’ব৷ কন্যাসন্তানৰ মৃত্যুৰ তাৰিখৰ পৰা একাউণ্ট বন্ধ কৰাৰ তাৰিখৰ মাজৰ সময়ছোৱাৰ বাবে একাউণ্টত থকা জমা ধনৰাশিৰ বাবদ ডাকঘৰৰ চেভিংছ বেংক একাউণ্টৰ সুতৰ হাৰ অনুসৰি সুত পৰিশোধ কৰা হ’ব৷
২) কন্যা শিশু প্ৰবাসী ভাৰতীয় বা আন দেশৰ নাগৰিক হোৱা ঃ সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিৰ কাৰ্যকালত যদি কন্যা সন্তান আন কোনো বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰে বা প্ৰবাসী ভাৰতীয় হয়, তেন্তে অভিভাৱকে নাগৰিকত্ব পৰিৱৰ্তন বা প্ৰবাসী ভাৰতীয় পৰিগণিত হোৱাৰ তাৰিখৰ পৰা এমাহৰ ভিতৰত বিষয়টো সুকন্যা সমৃদ্ধি একাউণ্ট থকা সংশ্লিষ্ট বেংক বা ডাকঘৰত অৱগত কৰিব লাগিব৷ জাননীৰ পিছত একাউণ্টটো প্ৰাক–পৰিপক্ব ৰূপত বন্ধ কৰা হ’ব৷ প্ৰবাসী ভাৰতীয় বা নাগৰিকত্ব পৰিৱৰ্তনৰ আগলৈকে সুতে–মূলে যিমান ধনৰাশিৰ জমা হৈছিল, সেই সমগ্ৰ ধনৰাশি কন্যাসন্তানৰ হাতত অৰ্পণ কৰা হ’ব৷ যদি নাগৰিকত্ব পৰিৱৰ্তনৰ পিছত বা প্ৰবাসী ভাৰতীয় হোৱাৰ পিছতো সুত প্ৰদান কৰা হয়, তেন্তে সংশ্লিষ্ট বেংক বা ডাকঘৰে সেই সুত একাউণ্টৰ পৰা উলিয়াই চৰকাৰক ওভতাই দিব লাগিব৷
৩) একাউণ্ট সক্ৰিয় কৰি ৰখাত অত্যন্ত অসুবিধা: কন্যা সন্তানৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা ৰোগ বা পিতৃ–মাতৃ বা অভিভাৱকৰ মৃত্যুৰ দৰে কাৰণত সুকন্যা সমৃদ্ধি একাউণ্টত নুন্যতম সঞ্চয়ৰ পৰিমাণ জমা কৰি একাউণ্ট সক্ৰিয় কৰি ৰখাত অসমৰ্থ হ’লে বা একাউণ্ট ৰক্ষণাবেক্ষণত অত্যন্ত অসুবিধা হ’লে পৰ্যাপ্ত নথি–পত্ৰৰ অধীনত সহানুভূতিৰ ভিত্তিত সংশ্লিষ্ট বেংক বা ডাকঘৰে একাউণ্টটো প্ৰাক–পৰিপক্ব বন্ধকৰণৰ অনুমতি দিব পাৰে৷ কিন্তু এই ক্ষেত্ৰত একাউণ্ট খোলাৰ তাৰিখৰ পৰা ৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতহে এইদৰে প্ৰাক–পৰিপক্বতা কালত একাউণ্ট বন্ধ কৰাৰ অনুমতি দিয়া হ’ব৷ এই ক্ষেত্ৰত বন্ধ হোৱাৰ তাৰিখলৈকে সুতৰ সৈতে সমগ্ৰ একাউণ্টৰ জমা ধনৰাশি কন্যা সন্তান বা অভিভাৱকক প্ৰদান কৰা হ’ব৷
৪) অন্য কোনো কাৰণত ঃ ওপৰত উল্লেখ কৰা তিনিটা কাৰণৰ বাদেও আন যিকোনো কাৰণত একাউণ্ট চলোৱাত চৰম অসুবিধাৰ সন্মুখীন হ’লে একাউণ্ট খোলাৰ পিছত সুকন্যা সমৃদ্ধি একাউণ্ট প্ৰাক–পৰিপক্বতা কালত একাউণ্ট বন্ধ কৰাৰ অনুমতি দিয়া হ’ব৷ কিন্তু এই ক্ষেত্ৰত গোটেই জমা ধনৰাশিয়ে কেৱল ডাকঘৰৰ চেভিংছ বেংক একাউণ্টৰ সুতৰ হাৰ অনুসৰি সুত লাভ কৰিব৷
ঋণৰ সুবিধা ঃ সুকন্যা সমৃদ্ধি একাউণ্টত কোনো ঋণৰ সুবিধা উপলব্ধ নহয়৷
মনোনয়নৰ (Nomination) সুবিধা ঃ সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিত মনোনয়নৰ সুবিধা উপলব্ধ নহয়৷ যদি একাউণ্ট পৰিপক্বতা লাভৰ পূৰ্বেই কন্যাসন্তানৰ মৃত্যু হয়, তেন্তে একাউণ্টটো তৎক্ষণাত বন্ধ কৰি দিয়া হ’ব আৰু সুতৰ লগতে জমা হোৱা সঞ্চয়ৰ ধনৰাশি কন্যা সন্তানৰ পিতৃ–মাতৃ বা আইনী অভিভাৱকক দিয়া হ’ব৷
পাছবুক ঃ যেনেদৰে বেংক বা ডাকঘৰত চেভিংছ বেংক একাউণ্ট খুলিলে দিয়া পাছবুক দিয়া হয়, ঠিক তেনেদৰেই সুকন্যা সমৃদ্ধি একাউণ্ট খুলিলে পাছবুক দিয়া হ’ব৷ এই পাছবুকত একাউণ্ট নম্বৰ, একাউণ্ট খোলাৰ তাৰিখ, কন্যা সন্তানৰ নাম, কন্যা সন্তানৰ জন্ম তাৰিখ, কন্যা সন্তানৰ ঠিকনা, পিতৃ–মাতৃ বা অভিভাৱকৰ নাম, পিতৃ–মাতৃ বা অভিভাৱকৰ ঠিকনা, পিতৃ–মাতৃ বা ছোৱালী সন্তানৰ লগত অভিভাৱকৰ সম্পৰ্ক লিখা থাকিব৷ সঞ্চয়ৰ জমা, সুত লাভ, আংশিক টকা উলিওৱা আৰু একাউণ্ট বন্ধ কৰাৰ সময়ত পাছবুকখন লৈ যাব লাগিব৷ বেংক বা ডাকঘৰটোৱে যদি মূল বেংকিং সমাধানৰ (core banking solutions) সুবিধা প্ৰদান কৰে তেন্তে অনলাইন বেংকিং পদ্ধতিত একাউণ্টটো সম্পূৰ্ণৰূপে ৰখাৰ বিকল্পও আছে৷
একাউণ্ট স্থানান্তৰ ঃ সুকন্যা সমৃদ্ধি একাউণ্ট স্থানান্তৰৰ সুবিধা উপলব্ধ৷ আপুনি আপোনাৰ কন্যাসন্তানৰ নামত খোলা সুকন্যা সমৃদ্ধি একাউণ্টটো এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ, এটা বেংকৰ পৰা আন এটা বেংকলৈ, ডাকঘৰৰ পৰা বেংকলৈ আৰু বেংকৰ পৰা ডাকঘৰলৈ স্থানান্তৰ কৰিব পাৰিব৷ কন্যা সন্তান বা পিতৃ–মাতৃ বা অভিভাৱকে যদি ঘৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰি আছে তেন্তে একাউণ্ট ট্ৰেন্সফাৰ বিনামূলীয়া৷ যদি আপুনি অন্য কাৰণত ট্ৰেন্সফাৰ কৰিব বিচাৰে তেন্তে আপুনি যিটো বেংক বা ডাকঘৰলৈ একাউণ্টটো ট্ৰেন্সফাৰ কৰিব বিচাৰে তাত ১০০ টকা মাচুল দিব লাগিব৷
ডুপ্লিকেট পাছবুকৰ সুবিধা উপলব্ধ৷ মূল পাছবুক হেৰুৱা বা ক্ষতিগ্ৰস্ত হ’লে আপুনি ডুপ্লিকেট পাছবুকৰ বাবে আবেদন কৰিব পাৰে৷ কিন্তু ডুপ্লিকেট পাছবুক পাবলৈ ৫০ টকা মাচুল দিব লাগিব৷
প্ৰবাসী ভাৰতীয়ঃ সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিৰ অধীনত অনাবাসী ভাৰতীয় পিতৃ–মাতৃ বা অভিভাৱকে একাউণ্ট খোলাৰ বাবে যোগ্য নহয়৷ সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিৰ কাৰ্যকালত যদি কন্যা শিশুটি অনাবাসী ভাৰতীয় বা আন দেশৰ নাগৰিক হয় তেন্তে বাসস্থান সলনি হোৱাৰ পৰা এমাহৰ ভিতৰত একাউণ্ট থকা সংশ্লিষ্ট বেংক বা ডাকঘৰত অৱগত কৰিব লাগিব৷ জাননীৰ পিছত একাউণ্টটো অকালতে বন্ধ কৰা হ’ব৷ আৱাস বা নাগৰিকত্ব সলনিৰ তাৰিখলৈকে সুতৰ সৈতে একাউণ্টৰ বেলেঞ্চ কন্যা সন্তানক প্ৰদান কৰা হ’ব৷ যদিহে আৱাস বা নাগৰিকত্বৰ পৰিৱৰ্তনৰ তাৰিখৰ পিছত একাউণ্টত সুত জমা কৰা হৈছে তেন্তে সেই সুত একাউণ্টৰ পৰা উলিয়াই নিয়া হ’ব আৰু সংশ্লিষ্ট ডাকঘৰ বা বেংকে সেই সুতৰ টকা চৰকাৰক প্ৰদান কৰিব৷
সুকন্যা সমৃদ্ধি একাউণ্টত লাভালাভৰ উদাহৰণ ঃ
সুকন্যা সমৃদ্ধি একাউণ্ট আঁচনিৰ অধীনত আপোনাৰ কন্যাসন্তানৰ বাবে আপুনি যদি একাউণ্ট খোলাৰ প্ৰথম মাহৰ পৰাই একাউণ্টত সঞ্চয়ৰ টকা জমা কৰিবলগীয়া ১৫ বছৰলৈকে প্ৰতিটো মাহত এক নিৰ্দিষ্ট পৰিমাণৰ সঞ্চয়ৰ টকা জমা কৰে, তেন্তে আপোনাৰ কন্যাসন্তানে একাউণ্ট পৰিপক্বতাৰ সময়ত সুত আৰু মূল জমাৰ মূঠ পাবলগীয়া ধনৰাশিৰ লাভৰ হিচাপৰ তালিকা এখন তলত উল্লেখ কৰা হ’ল ঃ ধৰা হ’ল বছৰেকীয়া সুতৰ হাৰ ৮.২ণক্ম৷
সুকন্যা সমৃদ্ধি একাউণ্টত লাভালাভৰ উদাহৰণ (টকাৰ হিচাপত)
মাহিলী সঞ্চয় জমাৰ পৰিমাণ প্ৰথম ১৫ বছৰত জমা হোৱা নিজৰ টকাৰ পৰিমাণ ২১ বছৰত উপাৰ্জন হোৱা সুতৰ টকাৰ পৰিমাণ ২১ বছৰ পিছত পৰিপক্বতাৰ সময়ত ঘূৰাই পাবলগীয়া সুতে–মূলে মুঠ টকাৰ পৰিমাণ
২৫০
৫০০
ৰ, ০০০
২, ০০০
৩, ০০০
৪, ০০০
প্ত, ০০০
১০, ০০০
১২, ৫০০
৪৫, ০০০
৯০, ০০০
ৰ, ৮০, ০০০
৩, ৬০, ০০০
প্ত, ৪০, ০০০
জ্জ, ২০, ০০০
জ্ঝ, ০০, ০০০
১৮, ০০, ০০০
২২, ৫০, ০০০
৯৩, ৬৫২.৮৮
ৰ, ৮৭, ৩০৫.৭৬
৩, ৭৪, ৬১১.৫২
জ্জ, ৪৯, ২২৩.০৪
ৰৰ, ২৩, ৮৩৪.৫৬
১৪, ৯৮, ৪৪৬.০৮
১৮, ৭৩, ০৫৭.৬০
৩৭, ৪৬, ১১৫.২০
৪৬, ৮২, ৬৪৪.০০
ৰ, ৩৮, ৬৫২.৮৮
২, ৭৭, ৩০৫.৭৬
প্ত, ৫৪, ৬১১.৫২ ১১, ০৯, ২২৩.০৪
১৬, ৬৩, ৮৩৪.৫৬
২২, ১৮, ৪৪৬.০৮
২৭, ৭৩, ০৫৭.৬০ ৫৫, ৪৬, ১১৫.২০
৬৯, ৩২, ৬৪৪.০০
যিহেতুকে সুকন্যা সমৃদ্ধি একাউণ্টৰ অধীনত কৰা সঞ্চয় এক সুৰক্ষিত আৰু লাভজনক বিনিয়োগ, গতিকে আমি সকলো পিতৃ–মাতৃ বা অভিভাৱকে আমাৰ কন্যাসন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এই আঁচনিত অংশগ্ৰহণ কৰি ইয়াৰ সুবিধাসমূহ গ্ৰহণ কৰা উচিত৷