অসমীয়া বাতৰি কাকতৰ ভৱিষ্যত আৰু প্ৰত্যাহ৩ান(দেবৰ্ষি গৌতম) – Purbodix.com

অসমীয়া বাতৰি কাকতৰ ভৱিষ্যত আৰু প্ৰত্যাহ৩ান(দেবৰ্ষি গৌতম)

অসমৰ অসমীয়া ভাষাৰ প্ৰথমখন বাতৰি কাকত আছিল অৰুণোদয়৷ এই কাকতখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশিত হৈছিল৷ অৰুণোদয় কাকতখন আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি পাৰি কাৰণ এই কাকতখনৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি হৈছিল৷ অৰুণোদয়ৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন, পণ্ডিত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ দৰে লোকে সাহিত্যিক ৰূপে ভূমুকি মাৰিছিল৷ যদিও অৰুণোদয় কাকতখন অসমত অসমীয়া ভাষাৰ প্ৰথম কাকত আছিল কিন্তু অৰুণোদয় কাকতখন প্ৰতি এমাহৰ মূৰত প্ৰকাশ হৈছিল৷ কিন্তু অসমত দৈনিক কাকত হিচাপে প্ৰথমদৈনিক বাতৰি’’ নামৰ কাকতখন প্ৰকাশ হৈছিল৷ যোৰহাটৰ পৰা প্ৰকাশ পোৱা দৈনিক বাতৰি কাকতখনে অসমীয়া ভাষাত দৈনিক বাতৰি কাকতৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল৷ ১৯৩৫ চনৰ ১২ আগষ্ট তাৰিখৰ পৰাদৈনিক বাতৰি’’ কাকতখনৰ প্ৰকাশ আৰম্ভ হৈছিল৷ এই কাকতখনৰ সম্পাদক আছিল বাগ্মীবৰ নীলমণি ফুকন৷ যদি আমি অসমীয়া বাতৰি কাকতৰ ইতিহাসৰ পাত লুটিয়াই চাওঁ তেনেহলে দেখিবলৈ পাম যে অসমীয়া বাতৰি কাকতৰ ইতিহাস আহোম ৰজাৰ ৰাজত্ব কালৰ পৰাই চলি আহিছে৷ অসমীয়া বাতৰি কাকতসমূহে অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ বিভিন্ন সময়ত বহু নতুন নতুন বাতৰি কাকতৰ জন্ম হৈছে ইয়াৰ বিপৰীতে বহু বাতৰি কাকতৰ প্ৰকাশ বন্ধও হৈছে৷ যদি আমি আজিৰ পৰা প্ৰায় দহ বা পোন্ধৰ বছৰ পিছলৈ ঘূৰি যাওঁ তেনেহলে দেখিবলৈ পাম যে গাঁৱেভূঞে, নগৰেচহৰে প্ৰায় প্ৰতিঘৰ মানুহে বাতৰি কাকত লৈছিল আৰু পঢ়িছিল৷ বাতৰি কাকতখনে আছিল দেশবিদেশৰ লগতে ৰাজ্যখনৰ ভিতৰৰ প্ৰতিটো খবৰ সংগ্ৰহ কৰাৰ মূল আহিলা৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহে বিভিন্ন মাধ্যম যোগে বাতৰি সমূহ লগে লগে লাভ কৰিবলৈ সক্ষম হয়৷ বাতৰি কাকত খনত পিছদিনালৈ সেই বাতৰিটো পঢ়িবলৈ ৰৈ থাকিব নালাগে৷ তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু ব্যৱহাৰৰ ফলত মানুহে বাতৰি কাকত পঢ়াৰ পৰিৱৰ্তে অন্য মাধ্যমত বাতৰি সমূহ পাবলৈ সক্ষম হৈছে৷ বিভিন্ন সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ফলত মানুহে হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে হাতৰ মুঠিতে যেন গোটেই পৃথিৱীখন বিচাৰি বলৈ সক্ষম হয়৷ মোবাইল ফোনটোৰ বাবে যিকোনো এটা খবৰ নিমিষৰ ভিতৰতে সমগ্ৰ পৃথিৱীতে বিয়পি পৰে৷ এনেবোৰ কাৰকে ছপা মাধ্যমৰ বাতৰি কাকত সমূহৰ ভৱিষ্যতক এক ঘোৰ অন্ধকাৰৰ দিশলৈ ঠেলি দিয়াৰ উপক্ৰম হৈছে৷ কাৰণ আজিকালিৰ নতুন প্ৰজন্মৰ ৰাছোৱালীয়ে কোনো কাৰণে বাতৰি কাকত পঢ়ি তাৰ পৰা কোনো জ্ঞান সংগ্ৰহ কৰিবলৈ ইচ্ছু্যক নহয়৷ বৰঞ্চ বাতৰি কাকত পঢ়াৰ সলনি মোবাইল ফোন অথবা অন্য মাধ্যমৰ সৈতে জড়িত বলৈ অধিক ইচ্ছু্যক হোৱা দেখিবলৈ পোৱা যায়৷ যিহেতু এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ লে ছপাশালৰ লগতে সেই ছপাশালত কৰ্মচাৰীৰ দৰকাৰ হয়৷ ছপাশালৰ পৰা প্ৰকাশ হোৱা বাতৰি কাকতখনৰ বিক্ৰীৰ ওপৰত ছপাশালৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ জীৱন আৰু জীৱিকা নিহিত হৈ থাকিব৷

যেতিয়াই কাকত এখনৰ বিক্ৰী হ্ৰাস পায় তেতিয়াই সেই বাতৰি কাকতখন চলাই থকাটো মালিক পক্ষৰ বাবে এক প্ৰত্যাহ৩ান হিচাপে থিয় দিয়ে৷ মানুহে যিমানেই আধুনিক বলৈ চেষ্টা নকৰক লাগিলে, মানুহে যিমানেই অন্য মাধ্যমৰ পৰা বাতৰিসমূহ পোৱাৰ পথ প্ৰশস্ত নহওক লাগিলে, কিন্তু বাতৰি কাকত এখনৰ পৰা বাতৰি এটা পঢ়ি যিমানখিনি জ্ঞান আহৰণ কৰিব পাৰি সেয়া অন্য কোনো মাধ্যমৰ পৰা আহৰণ কৰিব নোৱাৰি৷ বাতৰি কাকত খনৰ পৰা এটা খবৰ পঢ়িবলৈ লোৱাৰ লগে লগে সেই খবৰটোত আমি বিভিন্ন অসমীয়া শব্দৰ ব্যৱহাৰ হোৱা দেখিবলৈ পাম৷ হয়তো তেনে কিছুমান শব্দৰ মাজৰ পৰা আমি এটাদুটা হলেও নতুন শব্দ শিকিবলৈ সক্ষম ও৷ অসমীয়া বাক্যৰ গাঁঠনি আৰু শব্দৰ গাঁথনিৰ বিষয়ে বহু জ্ঞান আহৰণ কৰিব পৰা যায়৷ ইয়াৰ উপৰিও বাতৰি কাকত সমূহত এটা সম্পাদকীয় পৃষ্ঠা থাকে৷ যিটো পৃষ্ঠা আমি অন্য মাধ্যমত লাভ নকৰোঁ৷ বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাটো এটা অতি গুৰুত্বপূৰ্ণ পৃষ্ঠা৷ এই পৃষ্ঠাটোৰ পৰা বিভিন্ন বিষয়ৰ ওপৰত আলোচনাৰ উপৰিও বিভিন্ন স্পৰ্শকাতৰ বিষয়ৰ ওপৰত এক সূক্ষ্ম পৰ্যালোচনা আমি পঢ়িবলৈ পাওঁ৷ বিভিন্ন ব্যক্তিৰ আলোচনা, পৰ্যালোচনা, সমালোচনা আদি লেখাৰে সমৃদ্ধ হৈ থাকে প্ৰতিখন বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাসমূহ৷ বাতৰি কাকত পঢ়াৰ আটাইতকৈ ডাঙৰ লাভটো হৈছে ইয়াৰ দ্বাৰা যিকোনো ব্যক্তিৰ একাগ্ৰতা যথেষ্ট বৃদ্ধি হয়৷  নিয়মীয়াকৈ বাতৰি কাকত পৰা ব্যক্তি এগৰাকীৰ একাগ্ৰতা সেয়া কিন্তু অন্য মাধ্যমত নিজৰ সময় ব্যয় কৰা এগৰাকী ব্যক্তিৰ তুলনাত যথেষ্ট বেছি৷ যদি আমি নিয়মীয়াকৈ অলপ সময়ৰ বাবে লেও বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ তেনেহলে এটা কথা নিশ্চিত যে আমাৰ যি একাগ্ৰতাৰ অভাৱ আমি প্ৰায়ে অনুভৱ কৰি আছো সেয়া কিছু পৰিমাণে লেও হ্ৰাস পাব৷ যিহেতু এতিয়া ডিজিটেল যুগ গতিকে এতিয়া মানুহৰ সময় বহুত কম সেইবাবে যিকোনো বাতৰি কাকত কেৱল ছপা মাধ্যমৰ ওপৰতে নিৰ্ভৰ নকৰি ডিজিটেল মাধ্যমৰ জৰিয়তেও গ্ৰাহকৰ মাজলৈ আগবাঢ়ি লে নিশ্চিতভাৱে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাব৷ ইয়াৰ উপৰিও যিহেতু বাতৰি কাকত এখন ব্যৱসায়িক দিশটো আগত ৰাখিয়ে প্ৰকাশ কৰা হয় গতিকে বাতৰি কাকতখনৰ প্ৰতিটো পৃষ্ঠা যাতে গ্ৰাহক তথা পঢ়ুৱৈৰ বাবে মনোগ্ৰাহী হয় সেই ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজনীয়৷ এখন কাকত ব্যৱসায়িকভাবে সফল বলৈ লে কি কি প্ৰত্যাহ৩ান নেওচি আগবাঢ়ি যাব লাগিব সেই কথাসমূহ কাকত গোষ্ঠীৰ বিষয়ববীয়া সকলে পৰ্যালোচনা কৰিব লাগিব৷ প্ৰত্যাহ৩ান অবিহনে কোনো এটা খণ্ড আগবাঢ়ি যাব নোৱাৰে৷ গতিকে ইতিহাস সাক্ষী আছে যে প্ৰত্যাহ৩ান নেওচি সময়ৰ লগত খোজ মিলাই যিটো খণ্ড আগবাঢ়ি যাবলৈ সক্ষম হৈছে সেইটো খণ্ডহে সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সমৰ্থ হৈছে৷ গতিকে বাতৰি কাকতৰ ক্ষেত্ৰতো ইয়াৰ কোনো ব্যতিক্ৰম নহয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *