মই প্ৰেমত পৰিলোঁ, পুনৰ এবাৰ(ৰাজলক্ষ্মী শৰ্মা গোস্ৰাজলক্ষ্মী শৰ্মা গোস্বামী – Purbodix.com

মই প্ৰেমত পৰিলোঁ, পুনৰ এবাৰ(ৰাজলক্ষ্মী শৰ্মা গোস্ৰাজলক্ষ্মী শৰ্মা গোস্বামী

মৰমৰ

ডাক্তৰ উত্থায়া, তোমাক ধন্যবাদ,

তোমাক মই পাহৰিব নোৱাৰা লোঁ৷ তুমি মানুহজনেই তেনেকুৱা, তোমাক যি এবাৰ লগ পাইছে সকলোৱে নি( তোমাক ভাল পাই পেলাইছে৷ কিন্তু মোক তুমি যিদৰে আকৰ্ষিত কৰিলা মই ভাবোঁ তেনেকৈ নি( কাকো কৰিব পৰা নাই৷ তুমি মোক কেনি লৈ আহিলা তুমি নাজানা৷ কালিলৈকে মই যিবিলাক কথা ভাবি প্ৰেমত পৰিব পৰা নাছিলোঁ আজি সেই সকলোবিলাক পাহৰি মই এক নতুন জীৱন আৰম্ভ কৰিলোঁ৷ মই নতুনকৈ প্ৰেমত পৰিছোঁ৷ এই প্ৰেম চিৰশ্বাশ্বত, মোক এৰি নি( নাযাব৷ এতিয়া মই, মোৰ বুলি ভাবি থকা বস্তুবোৰ পাহৰি লোঁ৷

তুমি মোক কান্দিবলৈ শিকালা, বুকুৰ মাজত থকা গধুৰ বোজাবোৰ খহাই পাতল কৰি দিলা৷ বৰ অসাধাৰণ তুমি৷ তোমাক মই বহুত কথা লো৷ তুমি শুনিলা, ইমান মন দি শুনিলা আৰু বুজিলা এতিয়ালৈকে কোনেও মোৰ কথা এনেদৰে শুনা নাছিল, বুজা নাছিল৷ সুখদুখৰ কথা পাতিবলৈও অলপ সহানুভূতিশীল বুজন মানুহৰ প্ৰয়োজন৷ যি নিজৰ পাণ্ডিত্য প্ৰকাশ নকৰি কেৱল অনুভৱঅনুভূতিৰে আনৰ কথা শুনে৷ তুমি শুনিছিলা৷ মোক কান্দিব দিছিলা৷

হস্তক্ষেপ কৰি মাজতে তোমাৰ কথা শুনোৱা নাছিলা৷ সঁচাকৈয়ে তুমি বৰ মহান৷ তোমাৰ কথাবোৰ মই মানি চলিবলৈ খুব যত্ন কৰোঁ৷ যিমান পাৰো মানিছোঁ৷ কিন্তু আখৰে আখৰে পালন কৰিছোঁ বুলি পৰা নাই৷ তুমি কৰা অনুৰোধ ৰাখি মই আৰু দুখন নতুন কিতাপ লিখিব পৰা নাই৷ কাৰণ দুৰ্বলতাই মোৰ ভাবভাষাবোৰো দুৰ্বল কৰি পেলাইছে৷ তথাপি তোমাৰ অনুৰোধ ৰক্ষা কৰি কিবা কিবি লিখি থাকোঁ তোমাৰ বাবে৷ কেবল তোমাৰ বাবে৷ বিশেষ নিলিখোঁ, তুমি আৰু তোমাৰ পত্নীয়ে মোক তোমালোকৰ কাষলৈ যেতিয়াই ইচ্ছা যাবলৈ কৈছিলা৷ মই যাম৷ অতি শীঘ্ৰে যাম৷ মগৈ তোমালোকক মোৰ নতুন প্ৰেম কাহিনীৰ কথা৷

ইতি

ৰাজলক্ষ্মী, অসম

 

এগৰাকী ডাক্তৰলৈ মই লিখা চিঠিখন আপোনালোকে নি( পঢ়িলে৷ ডাক্তৰৰ ওচৰলৈ মানুহে শাৰীৰিক সমস্যা লৈ যায়, শাৰীৰিক সমস্যাবোৰৰ চিকিৎসা কৰায়৷ ময়ো গৈছিলোঁ এজন ডাক্তৰৰ ওচৰলৈ৷ মোৰ সমস্যা অনেক, চুগাৰ, প্ৰেছাৰ, বুকু ধপধপনি, ভাগৰ, টোপনি নাই৷ অথচ অনবৰত বিছনাতে পৰি থাকিবৰ মন যায় ইত্যাদি ইত্যাদি৷ এই সকলো সমস্যালৈ এজন ডাক্তৰৰ ওচৰ পালোগৈ, ডাক্তৰ উত্থায়া৷ তেওঁ ৰোগীৰ লগত ঘণ্টা জুৰি কথা পাতে, সেয়ে আমি আমাৰ আগৰ ৰোগী ওলাই অহালৈ বাট চাব লগা হৈছিল৷ তেওঁ দিনে ছজনহে ৰোগী চাব পাৰে৷ কাৰণ সকলোকে সময় দি চায়৷ এই কাহিনী বাংগালুৰুৰ৷ ইতিমধ্যে মোৰ জীৱনত বহুতো ঘটনা ঘটি গৈছে৷ মোৰ গৃহস্থৰ বিয়োগ হৈছে৷ তাৰ পিছত দেখিব লগা, শুনিব লগা বহু নিষ্ঠুৰতা মই দেখিলোঁ, শুনিলোঁ৷ আপোন মানুহৰ অৰ্থ আমাৰ অভিধানত সলনি হৈ ল৷ তাৰ মাজতে নিঃসংগতাতেই যুঁজি বাগৰি নিজ কন্যাক বিয়া দিলোঁ৷ বিদেশত থকা পুত্ৰৰ লগত গৈ ছমাহ সময় বিদেশতো থাকি আহিলোঁ৷ কিন্তু ভাগৰুৱা দেহা, মনলৈ তো যেন মোৰ সুখ নাছিল৷ নিৰাশাই আৱৰি আছিল৷ তেনে এক সময়তে মই লগ পালোঁ ডাক্তৰ উত্থায়াক৷ যি মোৰ জীৱনত পুনৰ সঞ্জীৱনী ঢালি জীয়াই থকাৰ অৰ্থ বিচাৰিবলৈ শিকালে৷ মই আৰু মোৰ কন্যা, জোঁৱাই সোমাই গৈছিলোঁ বাংগালুৰুৰ এখন চিকিৎসালয়ৰ এই বিশেষ কক্ষত, এই বিশেষ ডাক্তৰজনৰ ওচৰলৈ৷ ডাক্তৰে মোলৈ চাই সুধিছিল এওঁলোকে তোমাক ৰোগী সজাই ডাক্তৰৰ ওচৰলৈ আনিছে নেকি৷

তোমাক দেখি একেবাৰে লগা নাই তোমাৰ কিবা সমস্যা আছে৷ কিন্তু তোমাৰ জোঁৱাই আৰু জীকহে মই পৰামৰ্শ দিব লাগিব যেন পাইছোঁ৷ কাৰণ তোমাৰ জোঁৱাই বেচ শকত৷ জীয়ৰীৰ চকুৰ গুৰি লা পৰি আছে৷ তুমি কিন্তু একেবাবে পাৰফেক্ট৷ডাক্তৰ মোৰ ওচৰ চাপি আহিল, সুধিলে তুমি মোৰ লগত অকলে কথা পাতিবানে এওঁলোকৰ আগতে পাতিবা৷ মই কৈছিলোঁএওঁলোকৰ আগতে পাতিম৷ ঠিক আছেকৈ যোৱা, তোমাৰ কি সমস্যা হৈছে৷ মই কৈছিলোঁ মোৰ হাই প্ৰেচাৰ আছে৷ চুগাৰ আছে, বুকুখন অনবৰত ধপধপাই থাকে বাবে মাজতে কলেষ্টৰেলৰ দৰবো খাইছিলোঁ, অনবৰত ভাগৰ লাগি থাকে৷ অকেএই সকলোবিলাক সমস্যা একেলগে হৈ আছে৷ প্ৰেচাৰৰ দৰৱ আৰু চুগাৰৰ দৰৱ খোৱা কিমান দিন ল৷ প্ৰেচাৰৰ দৰৱ খোৱা কিছুদিন , চুগাৰ আৰু কলেষ্টৰেলৰ দৰৱ খোৱা দুবছৰ ল৷ ডাক্তৰে পুনৰ সুধিলে তোমাৰ স্বামী বিয়োগৰ পিছৰ পৰাই বাকী সমস্যাসমূহ আবৰ্ত হৈছে৷ তোমাৰ ছুগাৰ আৰু কলেষ্টৰেলৰ সমস্যা তোমাৰ মানসিক ভাৰসাম্যতা সলনি হোৱাৰ বাবে হৈছে৷ স্বামীৰ বিয়োগৰ পিছত তোমাৰ আগৰ যি দৈনন্দিন জীবন নিৰ্বাহ আছিল সেয়া সলনি হৈ নি(, কোৱাচোন তোমাৰ আগৰ জীৱনৰ খোৱাশোৱাৰৰুটিনআৰু বৰ্তমানৰ ৰুটিন কেনে, মই জানিব খোজোঁ৷ মই কৈ গৈছিলোঁ আগতে পুৱা এক নিৰ্দিষ্ট সময়ত বিছনা এৰিছিলোঁ৷ তাৰ পিছত সকলো নিয়মমতে আৰু সময়মতে কৰি গৈছিলোঁ৷ গৃহস্থৰ বিয়োগৰ পিছত একো কথাৰেই নিয়ম নোহোৱা ল৷ ৰাতি শোৱাৰ ঠিকনা নাই৷ উঠাৰ ঠিকনা নাই৷ খোৱাৰো কোনো নিয়ম নাই৷ ছোৱালী, ৰা নিজৰ শিক্ষাৰ বাবে যেতিয়া পিতৃ বিয়োগৰ পিছত ঘৰৰ পৰা লগৈ এইখিনি সময়ত মোৰ সকলো খেলিমেলি ল৷ ৰাতি মোৰ এদিনো ভালকৈ শোৱা নহল৷ পুৱাই একেবাৰে কিবা এটা খাদ্য মাত্ৰ সিজাই লওঁ (চাউলদাইল, পাচলি দি) আৰু দিনতো আৰু ৰাতিও তাকে খাই থাকোঁ৷ ৰাতি টোপনি নাহে কিন্তু দিনটো বিচনাৰ পৰা উঠিবৰ মন নাযায়৷ অনবৰতে ভাগৰ লাগি থাকে৷ তেনেকৈয়ে ভাগৰুৱা হৈ এদিন মাত কথাও দুৰ্বল হৈ পৰিল৷ ছোৱালীৰাই দূৰত থাকিয়েই গম পালে কিবা এটা হৈছে বুলি৷ তেওঁলোকে ঘৰৰ মানুহলৈ খবৰ দি মোক চিকিৎসা কৰোৱালে৷ শৰীৰত চুগাৰ, কলেষ্টৰেল, এনিমিয়া সকলো পালে আৰু এসোপা দৰৱ দিলে৷ কিন্তু দৰৱ খায়ো মোৰ বুকুৰ ধপধপনি নমকিল৷

 ডাক্তৰে লে তেতিয়া তোমাৰ সেই দৰৱবোৰৰ কোনো প্ৰয়োজনেই নাছিল৷ ডাক্তৰে তোমাৰ বিষয়ে আৰু সেই সময়ৰ তোমাৰ ঘৰুবা জীবনৰ বিষয়ে জানিছিলনে? জানিছিল৷

তথাপি তোমাক দৰৱ দিলে, আচলতে তেতিয়া তোমাক দৰৱতকৈ প্ৰয়োজন আছিল তোমাৰ আহাৰ, টোপনি, শাৰীৰিক ব্যায়াম, যোগধ্যান, প্ৰাৰ্থনা আৰু ভাল লগা মানুহৰ সংগ৷ কৰি ভালপোৱা কাম৷ সংগীত আদি৷ যি নহওক তুমি এতিয়াও এইবিলাক আৰম্ভ কৰিব পাৰা৷ হাঁহি ফুৰ্তি কৰা, নিয়মীয়া জীবন নিৰ্বাহ কৰা দেখিবা তোমাৰ দৰৱৰ প্ৰয়োজন নোহোৱা হৈ আহিছে৷

তাৰ পিছত ডাক্তৰে সুধিলে তোমাৰ যে বুকু ধপধপায়, মূৰ বেয়া লাগে এইবোৰ কিয় হয়, তুমি যে ভালকৈ খাবলৈ এৰিলা কিয়? ৰাতি টোপনি নোহোৱা কিয়?

মই কৈছিলোঁনাজানো৷

ডাক্তৰে কৈছিলতুমি জানা, সুন্দৰকৈ জানা৷ তোমাৰ মনৰ দুখ, ভয়, নিঃসংগতা আৰু উদ্বেগ৷ তোমাৰ কি ভয় লাগে কোৱা?

নিঃসংগতাক তুমি ভয় কৰা, সন্তানৰ ভৱিষ্যতকলৈ ভয় কৰা, এইবোৰে তোমাক মানসিকভাৱে অস্থিৰ কৰি ৰাখিছে৷টেনশ্যনহৈছে৷ ফলত বুকু ধপধপাইছে৷ এইবিলাক বিসংগতিয়ে তোমাৰ অনেক শাৰীৰিক ৰোগৰ লক্ষণ দেখুৱাইছে৷ আচলতে তোমাৰ কোনো ৰোগ নাই৷

তুমি নিজকে কি বুলি ভাবা? ভয়াতুৰ, দুৰ্বল, শক্তিহীন আনৰ ওপৰত নিৰ্ভৰশীল, ভাবা তেনেকৈ৷ যদি ভাবা বৰ ভুল কৰিছা৷ তুমি নিজকে বাৰে বাৰে অপমান কৰিছা, যি মুহূৰ্তত তুমি ভুল কৰিছা সেই মুহূৰ্তত কিন্তু সাহসী সত্ত্বাক অপমান কৰিছা৷ যেতিয়াই তুমি নিজক দুৰ্বল বুলি ভাবিছা তোমাৰ শক্তিক অপমান কৰিছা৷ যেতিয়াই তুমি ভাবিছা তুমি অকলে কেনেকৈ জীয়াই থাকিবা তেতিয়া তোমাৰ নিজৰ জন্মৰ সত্বাক অপমান কৰিছা৷ তুমি জন্ম হৈ আহোঁতে তোমাৰ লগত এটা পল্টন লৈ আহিছিলা নেকি? যি তোমাৰ অনবৰতে লগে লগে থাকিম বুলি প্ৰতিশ্ৰুতি দিছিলা, নাই অনা৷ তেনেহলে কাক লৈ ইমান আশা৷ তোমাৰ স্বামী, যাক তুমি ভাল পাইছিলা, ভৰসা কৰিছিলা তেওঁ তোমাক এৰি কিয়? কাৰণ, তেওঁ অকলে আহিছিল৷ অকলে লগৈ৷ কিন্তু তোমাৰ স্বামীয়ে তোমাক দুৰ্বল অসহায় ৰুগীয়া হৈ থাকিলে দেখি ভাল পাইছিল নে নাপাইছিল? তেওঁ তোমাক সুখী দেখিলে ভাল পাইছিল, সাহসী দেখিলে ভাল পাইছিল, সুস্থ হৈ থাকিলে ভাল পাইছিল৷ আৰু এটা প্ৰশ্নতুমি তোমাৰ সন্তান দুটিক ভালপোৱানে? পাওঁ, কিন্তু সিহঁতো দূৰৈত থাকে৷ চিন্তা হৈ থাকে৷

 কিয় চিন্তা হয়? কি , কি কৰিছে, কি কৰিব, ইত্যাদি ইত্যাদি৷ সকলোৰে কিছুমান সময় থাকে৷ তুমি মাক হিচাপে কৰিব পৰাখিনি কৰিলা৷ তোমাৰ সন্তান এতিয়া সৰু হৈ থকা নাই৷ নিজৰ জীৱনৰ দায়িত্ব পৰা ল৷ এতিয়া তোমাৰ এটাই লক্ষ্য হোবা উচিত নিজক সুস্থ কৰি ৰখাটো৷ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ তুমি সন্তানক সহায় কৰিব পাৰা৷ তুমি যদি নিজে অশান্ত আৰু অসুস্থ হৈ পৰা তেন্তে তোমাৰ মৰমৰ সন্তানৰ প্ৰয়োজনত কেনেকৈ সহায় কৰিবা৷ তুমি তেওঁলোকৰ সাহস হোৱা৷ তাৰ পিছত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথা লে৷ তেওঁৰ পিতৃ বিয়োগ ল৷ সেই সময়ত তেওঁ ছুইজাৰলেণ্ডৰ এখন হস্পিটেলত ডাক্তৰী সেৱা আৰম্ভ কৰিছিল৷ হঠাৎ পিতৃ বিয়োগৰ বাতৰি পাই চাকৰি এৰি গুচি আহিছিল৷ মাক অকলশৰীয়া হৈ ল৷ দেউতাকে মাকক খুব মৰম আৰু যত্ন কৰি ৰাখিছিল৷ মাকৰ সমস্ত দায়িত্ব দেউতাকে লৈ আছিল৷ গতিকে সেই মানুহগৰাকীক এৰি থৈ তেওঁ দুৰলৈ যাব নোৱাৰে৷ সেইবাবে ছুইজাৰলেণ্ড যেন এখন সুন্দৰ ঠাই এৰি গুছি আহিল৷ দেউতাকৰ শ্ৰাদ্ধবিধি হৈ যোৱাৰ পিছত মাকে তেওঁক প্ৰশ্ন কৰিলেতই কেতিয়া যাবি? ’ তেওঁ লে মই একেবাৰে গুচি আহিলোঁ৷ কাৰণ তুমি অকলশৰীয়া হৈ লা৷ তুমি কেনেকৈ অকলে থাকিবা? এই কথা শুনি মাকে খং কৰিলে৷ মাকৰ উগ্ৰমূৰ্তি ৰূপ দেখি তেওঁ ভয় খালে৷ ডাক্তৰে লে মই মোৰ শিশুকালৰ পৰা ডেকা অৱস্থালৈকে মাৰ এনে ৰূপ দেখা নাছিলোঁ৷ মাকে লে– ‘তোক কোনে কৈছিল ঘৰলৈ একেবাৰে আহিবলৈ? মোৰ লগত থাকিবলৈ আহিছ তই, সুধিছিলিনে মই লগত তহঁতক ৰাখিমনে নাৰাখিম৷ আজিয়েই বেলেগ ঘৰ বিচাৰ আৰু মোৰ লগৰ পৰা যা৷ মই অকলে থাকিম, মই নিজেও নিজক জানিব লাগে৷ দেউতাৰে ধৰি আছিল, এতিয়া এৰি ল৷ অন্ততঃ নিজৰ শক্তিসামৰ্থৰে মই কিছুদিন জীয়াই থাকিব খোজোঁ৷ প্ৰয়োজন লে তোকে বিচাৰিম৷ সন্তান হিচাপে তোৰ ধৰ্ম পালনত তোকো বাধা নিদিওঁ৷ কিন্তু এতিয়া মোক তোৰ দৰকাৰ নাই৷ তই বেলেগে থাক৷মাৰ নিৰ্দেশ মানি মই আৰু পত্নীয়ে বেলেগ ঘৰ লৈ থাকিবলৈ লোঁ৷ লাহে লাহে মাৰ যি শক্তিশালী ৰূপ সেয়া প্ৰকাশ পালে৷ মাৰ প্ৰতিদিনে মোৰ শ্ৰদ্ধা বাঢ়ি আহিল৷ মই তেওঁকছেল্যুটকৰোঁ৷ কিন্তু দেউতা জীয়াই থকা লে মাৰ সেই ৰূপ কেতিয়াও নেদেখিলোঁহেঁতেন৷

এগৰাকী সাধাৰণ পতি সেৱা কৰা, পতিৰ মৰম চেনেহৰ নিৰাপদ আবেষ্টনীত থকা মমতাময়ী মাতৃ হৈয়ে থাকি লহেঁতেন মোৰ মা৷ কিন্তু এতিয়া মোৰ মা এগৰাকী শক্তিশালী সাহসী মহিলা৷ যি এতিয়াও আমাক তেওঁৰ কৰ্তৃত্ব আৰু মৰমেৰে নিৰাপত্তা দিব পাৰে৷ তুমিও তেনে এগৰাকী মহিলা বলৈ যত্ন কৰা, তাৰ মাজতে কন্যাক সুধিলেতোমাৰ মায়ে কি কৰি ভাল পায়৷ কন্যাই লেদেউতা মা, দুয়োৱে ঘৰত একেলগে কবিতা আবৃত্তি কৰে, গান গায়, লিখা পঢ়া কৰে৷ তদুপৰি তেওঁলোকে নাটকো কৰিছিল৷ ডাক্তৰে পুনৰ লেতোমাৰ মাৰাই কি কৰে, কি কৰি থাকি ভাল পায়? দেউতাক বাদ দি তাই ৰৈ গৈছিল তথাপি কৈছিললিখে৷ ডাক্তৰে উৎসাহিত হৈ কৈছিল বাঃ কি ভাল খবৰ৷ তুমি মোৰ ওচৰলৈ ইয়াৰ পিছৰবাৰ আহোঁতে দুখন কিতাপ লিখি আনিব লাগিব৷ পাৰিবানে নাই নোসোধো৷ পাৰিবই লাগিব৷ মোৰ দাবী৷ ইতিমধ্যে মোৰ চকুৰ পৰা ধাৰাসাৰে চকুলো বৈছিল৷ ডাক্তৰে কৈছিল তুমি কান্দিব খুজিছা, কান্দা৷ মাজে মাজে কান্দিব লাগে৷ মই কৈছিলোঁ গৃহস্থই মোক কান্দিবলৈ নিদিছিল৷ তেওঁৰ শপত দি বান্ধি ৰাখিছিল৷ মৃত্যুৰ আগতেও একে কথাকেই কৈছিল৷ কিন্তু আজি মই তেওঁৰ শপত নামানো বুলি কৈ মই চিঞৰি চিঞবি কান্দি দিলোঁ৷ মোৰ কন্যায়ো কান্দিলে৷ ডাক্তৰেও ইংগিতেৰে জোঁৱাইক বাহিৰলৈ পঠালে৷ বহুত দেৰি কান্দি যেতিয়া ভাগৰি পৰিলোঁ, তেতিয়া ডাক্তৰে সুধিলে তোমালোকৰ বুকুৰ দুখবোৰ কিছু পাতলিলনে? আমি নিমাত হৈ ৰৈ আছোঁ৷ তেওঁৰ পুনৰ লে মই তোমালোকক এটা অনুৰোধ কৰোঁ শুনি যোৱা, জীৱনটো নিজৰ অতি সুন্দৰ৷ সকলোৰে ওপৰত এই কথাটো ৰাখি লোৱা৷ এই সুন্দৰ জীৱনটোৰ অধিকাৰী হৈও যদি তুমি তাৰ মোল নুবুজা তাতকৈ দুখৰ কথা নাথাকিব৷ নিজৰ ভালপোৱা, প্ৰেম কৰা, খং কৰা, অভিমান কৰা, কাৰণ যাক ভাল পোৱা যায় তাৰ লগতহে খং, মৰমৰ অভিমান এইবোৰ কৰা হয়৷ নিজৰ প্ৰেমিক হোৱা৷ নিজক ভাল পালেহে আনক ভাল পাব পাৰিবা৷ মোক পুনৰ লেতুমি তোমাৰ স্বামীক ভাল পাইছিলা৷ কিন্তু স্বামীক লগ পোৱা আগতেও তোমাৰ এটা জীৱন আছিল৷ তেতিয়াও তুমি কিবা ভাল পাইছিলা৷ এটা সুন্দৰ জীৱনৰ এতিয়াও সম্ৰাজ্ঞী হৈ থাকা৷ এই বুলি কৈ ডাক্তৰ উঠি আহি মোলৈ হাত দুখন আগবঢ়াই সাৱটি ধৰিলে৷ তাৰ পিছত কন্যাকো মৰমেৰে সাৱটি ধৰিলে৷ তেওঁ যেন ডাক্তৰ নহয় কোনোবা আত্মীয়হে৷

আমি তেওঁৰ ওচৰৰ পৰা আঁতৰি আহিলোঁ বুকুভৰা এক প্ৰশান্তি লৈ, এক নতুন আশা লৈ৷ যি আজি মোক নতুনকৈ প্ৰেমত পৰাত সহায় কৰিছে৷ হয় মই প্ৰেমত পৰিছোঁ পুনৰ এবাৰ নিজৰ বাবে, নিজক ভাল পাইছোঁ আৰু প্ৰেমিক হৈছোঁ নিজৰ৷ মই মোক ভাল পাইছোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *