মানৱ জীৱন সুখ–দুখ, হাঁহি–কান্দোন, পোৱা–নোপোৱাৰ সমাহাৰ৷ কাৰ জীৱনলৈ কেতিয়া কি পৰিৱৰ্তন আহে কোনেও নাজানে৷ পৰিৱৰ্তন সংসাৰৰ নিয়ম৷
গীতাত উল্লেখ আছে, ‘যি হৈ গৈছে ভালৰ বাবেই হৈছে, যি হৈ আছে সেয়াও ভালৰ বাবেই হৈছে আৰু যি হ’ব লগা আছে সেয়াও ভালৰ বাবেই হ’ব’৷ সঁচাকৈ কেতিয়াবা আমাৰ জীৱনত ঘটা ঘটনা কিছুমান লৈ বহুত দুখ কৰি থাকোঁ আৰু পিছত গম পোৱা যায় সেইটোৰ পৰা কিবা এটা ভালহে হ’ল৷ এজন ল’ৰাই উচ্চ শিক্ষাৰ মন কৰিও পঢ়িবলৈ নাপালে, কিন্তু দুদিন মান পিছত সৰু হ’লেও ঘৰৰ ওচৰতে চাকৰি পালে৷ পঢ়িবলৈ যাব পাৰিলে হয়তো চাকৰিটো নাপালে হয় বা চেষ্টাই নকৰিলে হয়৷ মানুহ আৱেগিক প্ৰাণী৷ সুখৰ সময়ত মানুহে আনন্দত আত্মহাৰা হয় আৰু দুখৰ সময়ত একেবাৰে ভাগি পৰে৷ ঠিক সেইদৰে ক্ৰোধ, ঈৰ্ষা, হিংসা আদিয়ে ব্যক্তিক বিপথে পৰিচালিত কৰে৷ জীৱনত সুখ–দুখ একো স্থায়ী নহয়৷ সুখ–দুখ মানুহৰ জীৱনত আহি থাকে গৈ থাকে৷ নেদেখাজনে এই পৃথিৱীলৈ আমাক আনিছে যেতিয়া আমাৰ জীৱনত যি হয় সেয়া ভালৰ বাবেই হ’ব৷ এইখিনিতে বহুদিন আগতে পঢ়া এটা বীৰবলৰ কাহিনী মনলৈ আহিছে, কাহিনীটো এনেধৰণৰ–

এদিন সম্ৰাট আকবৰ আৰু বীৰবল চিকাৰ বিচাৰি অৰণ্যলৈ গৈছিল৷ চিকাৰ বিচাৰি গৈ থাকোঁতে কাইটীয়া গছৰ ডাল এটাই আকবৰৰ ভৰিত আচুৰি আঘাত কৰিলে৷ আকবৰে এই কথা বীৰবলক অৱগত কৰাৰ লগে লগে বীৰবলে কৈ উঠিল, যি হৈছে ভালৰ বাবেই হৈছে৷ বীৰবলৰ কথাষাৰ শুনি সম্ৰাট খঙত অগ্নিশৰ্মা হৈ উঠিল৷ আকবৰে সৈনিকক আদেশ দিলে যে, মই চিকাৰৰ পৰা ঘূৰি নহালৈকে বীৰবলক কাৰাগাৰত বন্দী কৰি থোৱা৷ সম্ৰাটৰ আদেশ পালন কৰা হ’ল৷ সম্ৰাট আকৌ আগবাঢ়িল৷ এনেতে হঠাৎ অৰণ্যত বাস কৰা আদি মানৱৰ দল এটাই আকবৰক দেখা পাই ধৰি বান্ধি লৈ গ’ল৷ সিহঁতৰ দেৱতাক আকবৰক বলি ৰূপে দিবলৈ যো–জা কৰিবলৈ ধৰিলে৷ সকলো যো –জা সম্পূৰ্ণ হোৱাৰ পিছত বলি দিয়াৰ ঠিক আগে আগে সেই দলটোৰ কোনোবা এজনৰ চকু পৰিল কাইটীয়া গছৰ আচোৰ লগা আকবৰৰ ভৰিখনৰ ওপৰত৷ লগে লগে সিহঁতে আকবৰক মুকলি কৰি দিলে কিয়নো সিহঁতৰ বিশ্বাস যে কোনো খুন থকা মানুহ দেৱতাই গ্ৰহণ নকৰে৷ আকবৰে তেতিয়াহে বুজিলে যে বীৰবলে ঠিক কথা কৈছিল৷ তেওঁ ৰাজপ্ৰসাদলৈ ঘূৰি আহি আগতে বীৰবলক মুকলি কৰি দিবলৈ আদেশ দিলে৷ বীৰবল সম্ৰাটৰ আগত থিয় হোৱাত সম্ৰাটে নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে৷ বীৰবলে তেতিয়াও সেই একেষাৰ কথাকে সোঁৱৰিলে, যি হৈছে ভালৰ বাবেই হৈছে৷ তেতিয়া সম্ৰাটে ক’লে যে, বীৰবল মই তোমাক বিনা দোষত কাৰাগাৰত বন্দী কৰি থলো, আৰু তুমি কৈছা ভালেই হৈছে! তেতিয়া বীৰবলে ক’লে যে, সম্ৰাট আপুনি মোক কাৰাগাৰত বন্দী কৰি নোথোৱা হ’লে আপোনাৰ সলনি বন মানৱ কেইটাই মোক লৈ গৈ তেওঁলোকৰ দেৱতাক অৰ্পণ কৰিলে হয়৷ আপোনাক মুকলি কৰি দিলে কাৰণ আপোনাৰ ভৰিত আঘাতৰ চিন আছিল, কিন্তু মোৰ শৰীৰত কোনো আঘাতৰ চিন নাই৷ সম্ৰাট আকবৰে তেতিয়াহে বুজিলে, যি হৈছে ভালৰ বাবেই হৈছে৷
মানুহৰ জীৱন সুখ–দুখেৰে ভৰপূৰ৷ ভাল পথত চলি গৈ থাকিলে দুখ আহিলেও পিছলৈ সুখ লৈ আহে৷ দুখৰ পিছত পোৱা সুখখিনি অমূল্য৷ আমি খালী হাতেৰেই পৃথিৱীলৈ আহিছোঁ আৰু খালী হাতেৰেই উভতি যাব লাগিব৷ জীয়াই থকা দিন কেইটাত আনৰ উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰি নিজৰ কাম কৰি যোৱাটো উচিত৷ নি(য়কৈ কেতিয়াবা আমাৰ জীৱনত কিছুমান এনে ধুমুহা আহে যিবোৰ পাৰ হৈ যোৱাৰ পিছত ভাল হোৱা বুলি একেবাৰে মানিব নোৱাৰি৷ কিন্তু সকলো জানো মানুহৰ হাতত থাকে! জ্যোতি প্ৰসাদ আগৰৱালাদেৱে কৈছিল, ‘আন্ধাৰ যিমানেই গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্জ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আগুৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই ’৷ নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখি, নিজকে কৰ্মব্যস্ত ৰাখি আগন্তুক দিনবোৰ ভাল কৰাৰ চেষ্টা কৰা উচিত৷ খং–ৰাগ, হিংসা–ঈৰ্ষা, অহংকাৰ, কাজিয়া–পেচাল আদিবোৰে মানৱ জীৱনৰ সৌন্দৰ্য ম্লান পেলায়৷
এইবোৰ পৰিহাৰ কৰি মৰমৰ অদৃশ্য এনাজৰীৰ বান্ধোনেৰে সৈতে জীৱন পথত গৈ থকা উচিত৷ ভাল পথত অলপ কষ্ট হ’ব পাৰে, কিন্তু মানসিক শান্তি নি(য় আছে৷ ভাল পথত চলি গৈ থাকিলে আপোনাৰ জীৱনত ‘যি হৈছে ভালৰ বাবেই হৈছে’৷ সকলো কুশলে থাকক…