আজি তাই থেকেচি পেলাই দিলে…!
থপিয়াই আনিছিল কিন্তু,
সেই মধুৰ সময়ত…!
প’ল –অনুপলত তুমি চন্দ্ৰ, তৰা..!
আজি যেন উল্কাপিG..!
নিজস্বতাৰ ওপৰত ওজস্বীতা অপদস্থ…!
এতিয়া যেন ধুসৰিত স্মৃতি,
সুখৰ সন্ধানত …!
বৃত্তাকাৰ ধ্বংসই ম্লান কৰিব পৰা নাই..!
জানোছা, বৰ্তমানেও অটল স্থিতিত স্থিতপ্ৰজ্ঞ…!
অংগীকাৰ গ্ৰহণ কৰিছিল
সকলোতে মাথোঁ সুন্দৰৰ সাধনাত….!
বেদনাই বাট বিচাৰি ফুৰিছিল
সুৰুঙা নাপালে…!
কিন্তু হৃদয়খন যে ফান্দত পৰিছিল ….!
মন আৰু মগজুক
ফাণ্ডত পেলাব পাৰি৷
কিন্তু হৃদয়ক কোনেও বান্ধি ৰাখিব নোৱাৰি৷
তুমি থেকেচি পেলাই দিয়া উচিত
পুৰণিবোৰৰ ইতিহাস..!
প্ৰতিটো ক্ষণতেই পূৰ্ণিমাৰ জোন তুমি
জোনাক আৰু তৰাৰ নিৰ্মল আবেদন তুমি..!
কিয় হোৱা উল্কাপিণ্ড ..?
হ’ব লাগিব দিনৰ আকাশৰ এক উজ্জ্বল নক্ষত্ৰ,
ফুল কিয় ছিঙি আনা…?
ল’ব লাগিব সুবাসৰ মধুৰ আস্বাদন..!
জীৱনবৃত্ত সকলোৰে থাকে,
মাথোঁ অংগীকাৰ কৰা
জীৱনৰ সুন্দৰ সাধনা..!
বেদনাইতো বাট বিচাৰি ফুৰিবই
জীৱনক থেকেচি নেপেলাবা
জীৱনে তুলি দিব আনন্দ আৰু মহানন্দৰ
নতুন সোপান৷