
“অ’ তুলতুল অ’ বুলবুল অ’ সেউতী তৰা
লুকাভাকু ভাল নালাগে খেল কইনা–দৰা৷’’
পুতলা শিল্প মানৱ সমাজৰ এক আদিম তথা আকৰ্ষণীয় বহমান সংস্কৃতি৷ পুতলাৰ সৈতে জনজীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক সুদীৰ্ঘ কালৰ৷ পুতলা সকলো মানুহৰে প্ৰিয়৷ পুতলা শিশুৰ প্ৰকৃত বন্ধু৷ সকলোৱে সংগ ত্যাগ কৰিলেও পুতলাই শিশুৰ সংগ কেতিয়াও ত্যাগ নকৰে আৰু শিশুইয়ো পুতলাৰ সংগ ত্যাগ নকৰে৷ শিশু আৰু পুতলা দুয়ো অবোধ, সুনিৰ্মল আৰু স্নিগ্ধতাৰে ভৰপূৰ৷ পুতলাই কেতিয়াও অভিমান, দুখ, খং, অভিযোগ নকৰে বা বন্ধুত্বৰ বিনিময়ত পুতলাই কোনো প্ৰতিদান নিবিচাৰে৷ নিৰবে বন্ধুত্বৰ কৰ্তব্য পালন কৰা পুতলা নিৰ্জীৱ যদিও মানৱীয় গুণসম্পন্ন৷ পুতলাই কেতিয়াও বিশ্বাস ভংগ নকৰে কিম্বা প্ৰতাৰণা নকৰে৷
প্ৰতিটো শিশুৱেই ঈশ্বৰৰ একো–একোটা অনবদ্য উপহাৰ৷ ‘পুতলা’ শিশু–ডেকা–বৃদ্ধ সকলোৰে এটা অতি প্ৰিয় শব্দ৷ ‘পুতলা’ শব্দটোৱে শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ মানুহৰ মন নিমিষতে পুলকিত কৰি জোৎস্নাৰ আলোকেৰে উদ্ভাসিত কৰি তোলে৷ আমাৰ দেৱ–শিশুবোৰো পুতলাৰ দৰে, যাৰ পবিত্ৰ উপস্থিতিয়ে সকলোৰে মন স্নিগ্ধ প্ৰশান্তিৰে পূৰ্ণ কৰি দিয়ে৷ শিশুৱে নিৰ্মল হাঁহিৰে যিদৰে সকলোৰে হৃদয়ত অনাবিল আনন্দৰ লহৰ তোলে ঠিক তেনেদৰে শিশুৰ কোমল মনক আনন্দ দিবলৈ পুতলা বা খেলনাৰ প্ৰয়োজন৷ জন্মৰ ঠিক পিছতেই শিশুৰ পুতলাৰ সৈতে সম্পৰ্ক হয়৷ বিস্ময়কৰ পৃথিৱী সম্বন্ধে কোনো ধাৰণা নথকা শিশু এটাই মাক–দেউতাক আৰু পৰিয়ালৰ আত্মীয় সদস্যসকলৰ পিছতেই পুতলাৰ সংস্পৰ্শলৈ আহে৷ জীৱনৰ প্ৰথম পুৱাৰে পৰা পুতলাৰ সৈতে শিশুৰ আত্মিক তথা আবেগিক সম্বন্ধ গঢ়ি উঠে৷ ঠাই, পৰিৱেশ তথা সামৰ্থৰ ভিত্তিত পুতলাৰ ভিন্নতা থাকিলেও সকলো স্তৰৰ সকলো শ্ৰেণীৰ শিশু পুতলাৰ প্ৰতি আকৰ্ষিত হয় আৰু পৃথিৱীৰ সকলো শিশুৱেই বিভিন্ন পুতলাৰ সৈতে খেলি খেলি ডাঙৰ–দীঘল হয়৷ পুতলা এটাই শিশুক যি ধৰণে সংগ দিয়ে তাৰ পৰিপূৰক একোৱেই হ’ব নোৱাৰে৷ অভিভাৱকে শাসন–খং কৰি ধমক দিলে, যিকোনো কাৰণত অভিমান হ’লে, দুখী হ’লে বা ভয় খালে বন্ধু সদৃশ পুতলাটিক বুকুত সাবটি শিশু এটাই সুৰক্ষিত অনুভৱ কৰে৷ শৈশৱত পুতলাৰ সৈতে খেলা নাই এনে লোক হয়তো পৃথিৱীত বিচাৰি পোৱা নাযাব৷ পুতলাক গা ধুওৱা, কাপোৰ পিন্ধোৱা, পুতলাৰ বাবে ভাত–আঞ্জা ৰন্ধা, খাদ্য খুৱাই দিয়া, পুতলাৰ সৈতে মন খুলি কথা পতা, পুতলাৰে দৰা–কইনা খেলা, পুতলাৰ বাবে বিছনা ঠিক কৰি টোপনি খেদোৱা, পুতলাক কোলাত লৈ নিচুকোৱা, পুতলাক লগত লৈ বজাৰ কৰিবলৈ যোৱা বা ফুৰিবলৈ যোৱা, সমনীয়াহঁতৰ সৈতে পুতলাৰ নানা ধৰণৰ খেল খেলা আদি কোন শিশুৱে ভাল নাপায়! সেয়ে পুতলাৰ সৈতে খেলিবলৈ সকলো শিশু সকলো সময়তে উদ্গ্ৰীৱ হৈ থাকে৷
আদিম কালৰে পৰা পুতলাৰ ব্যৱহাৰ হৈ আহিছে যদিও মানৱ সভ্যতাৰ প্ৰগতিৰ স’তে পুতলাৰো বিবৰ্তন হৈ আহিছে৷ সু–সভ্য মানুহে নিজৰ উদ্ভাবনী শক্তিৰ জৰিয়তে প্ৰকৃতিত উপলব্ধ বাঁহ, কাঠ, কুঁহিলা, পাত, কাগজ, কাপোৰ, তুলা, মাটি, ৰবৰ, প্লাষ্টিক, ধাতু আদি বিভিন্ন ধৰণৰ বস্তুৰে চাহিদা অনুযায়ী পুতলা তৈয়াৰ কৰি আহিছে৷ ৰঙা মাটি পুৰি বনোৱা পুতলা অতীজৰে পৰা প্ৰচলিত হৈ আহিছে৷ পোৰা মাটিৰে দৰা–কইনা, ৰজা–ৰাণী, উট, হাতী, ঘোঁৰা, বাঘ, ভালুক, সিংহ, চৰাই, বাচন–বৰ্তন আদি শিশুৰ খেলাৰ উপযোগীকৈ বনোৱা হয়৷ এই খেলনাবোৰৰ জৰিয়তে শিশুৱে জীৱ–জগতৰ সৈতে চিনাকি হৈ জীৱ–জন্তুক ভাল পাবলৈ শিকাৰ লগতে মানৱ জীৱনৰ বিভিন্ন সম্পৰ্ক তথা সূক্ষ্ম অনুভূতিবোৰৰ সৈতেও পৰিচয় হয়৷ বছৰৰ বিভিন্ন সময়ত ভিন ভিন ঠাইত অনুষ্ঠিত হোৱা বছৰেকীয়া মেলা (ভঠেলি, অশোকাষ্টমী, মণিকূট মেলা, ইত্যাদি), উৎসৱ বা স্থানীয় সভা সমূহত এনে পুতলাবোৰ বহুলভাবে বিক্ৰী হয়৷ শিশু তথা অভিভাবকবোৰে এনে মেলাবোৰলৈ অতি আগ্ৰহেৰে বাট চাই থাকে আৰু গোটেই বছৰৰ বাবে নানান পুতলা, খেলনা কিনি ঘৰত মজুত ৰাখে৷ কিছুমান মৃৎশিল্পী বা পোহাৰীয়ে গাঁৱে গাঁৱে ঘূৰিও এনে পুতলা বা খেলনাবোৰ বিক্ৰী কৰে৷ মুঠতে সকলো ঠাইতে, প্ৰতিটো পৰিয়ালতে, সকলো সময়তে পুতলা উপলব্ধ৷

সময়ৰ লগে লগে আমাৰ জাতীয় সংস্কৃতিৰ সম্পদ স্বৰূপ থলুৱা পুতলাবোৰৰ সমাদৰ হ্ৰাস পাই আহিছে আৰু উদ্যোগজাত পুতলাৰ চাহিদা বৃদ্ধি পাইছে৷ পুতলা উদ্যোগসমূহৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগৰ জৰিয়তে বিভিন্ন স্তৰৰ শিশুৰ উপযোগীকৈ নানান পুতলা আবিষ্কাৰ কৰা দেখা গৈছে৷ পোৰা মাটি, বাঁহ–বেত–কাঠ আদিৰে নিৰ্মিত পুতলাবোৰ লাহে লাহে ঘৰ সজোৱা বস্তুত পৰিণত হৈছে আৰু কিছুমানে সংগ্ৰহালয়ত ঠাই লৈছে৷ আনহাতে উদ্যোগজাত পুতলাৰ বৈচিত্ৰ্য দিনে দিনে বৃদ্ধি পাইছে৷ যন্ত্ৰ, লাইট, শব্দ, গতি, ৰং, ডিজাইন আদিৰ সঠিক ব্যৱহাৰ কৰি আধুনিক পুতলাবোৰ অধিক কাৰ্যক্ষম আৰু আকৰ্ষণীয় কৰি তোলা হৈছে৷ মনোযোগ, চিন্তাশক্তি, যুক্তি–বুদ্ধি, গাণিতিক পাৰদৰ্শিতা, বিজ্ঞান মনস্কতা আদি দিশৰ বিকাশৰ ওপৰত আধুনিক পুতলা নিৰ্মাতা সকলে পৰিকল্পিতভাবে গুৰুত্ব দিছে আৰু সফলো হৈছে৷ শিশুৰ আবেগিক, মানসিক আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত এই পুতলাবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গতিকে পুতলা নিৰ্বাচনৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱা অতি আৱশ্যক৷ বয়স অনুসৰি পুতলাৰ ভিন্নতা কথাটো উচিত৷ শিশুৰ হাতত পুতলা এটা তুলি দিয়াৰ আগতে শিশুৰ বয়স, পুতলা কিহেৰে নিৰ্মিত, পুতলাৰ আকাৰ, ৰং, কাৰ্যকুশলতা তথা বিপদসংকুলতা আদিৰ যথাযথ বিচাৰ কৰাটো অতি জৰুৰী৷ শিশুৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত নিশ্চিতভাৱে পুতলাৰ যথেষ্ট প্ৰভাৱ পৰে৷ সদ্যোজাত শিশু এটাৰ বিভিন্ন অংগ আৰু ইন্দ্ৰিয়ৰ বিকাশত পুতলাৰ অৱদান উল্লেখনীয়৷ নৱজাতকক ঝুনুকা, শ্ৰূতিমধুৰ শব্দ কৰা, গান গোৱা, গতিমান আৰু ৰং–বিৰঙৰ পুতলাৰে খেলিবলৈ দিলে অংগবোৰৰ লগতে ইন্দ্ৰিয়বোৰ সোনকালে সক্ৰিয় হৈ উঠে আৰু মস্তিষ্কৰ বিকাশত সহায় কৰে৷ বয়স বঢ়াৰ লগে লগে শিশুৰ বুদ্ধিমত্তা আৰু শাৰীৰিক বিকাশত সহায়ক হোৱাকৈ পুতলা সলনি কৰি যাব লাগে৷
আগতে শিশুবোৰে সমনীয়াহঁতৰ লগত নিজৰ ইচ্ছানুযায়ী খেলিছিল, অভিভাৱকৰ হস্তক্ষেপ প্ৰায় নাছিল৷ গতিকে বন্ধুত্ব, সহমৰ্মিতা, সহনশীলতা, দলীয় নেতৃত্ব, সামূহিক সিদ্ধান্ত লোৱাৰ ক্ষমতা, বুদ্ধি, যুক্তি আদি চেতনাৰ বিকাশ সম্ভব হৈছিল৷ বৰ্তমানৰ শিশুৰ তেনে স্বাধীনতা তুলনামূলকভাৱে বহুত কম৷ দামী দামী অত্যাধুনিক পুতলা হাতত পাইছে যদিও আজিৰ শিশুবোৰৰ স্বাধীনতা নাই, পিতৃ–মাতৃৰ পছন্দ অনুসৰি খেলিবলৈ তেওঁলোক বহুত পৰিমাণে বাধ্য৷ পৰিয়ালবোৰ সৰু হৈ অহা বা প্ৰতিবেশীৰ সৈতে ব্যবধান ৰক্ষা কৰি চলাৰ প্ৰৱণতা বাঢ়ি অহাৰ ফলত শিশুবোৰে সংগীহীনতাত ভুগিছে৷ অত্যধিক ব্যস্ততাৰ বাবে আনকি পৰিয়ালৰ লোকসকলেও শিশুক পৰ্যাপ্ত সময় দিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হৈছে৷ অকলে অকলে যান্ত্ৰিক পুতলাৰ সৈতে খেলি খেলি শিশুবোৰৰ মানসিকতাত বহুত নেতিবাচক প্ৰভাৱ পৰিছে৷ শিশু–মনৰ পৰা আবেগ–অনুভূতি, বিনয়, দয়া–ক্ষমা, কৰ্তব্য–দায়িত্ব, উচিত–অনুচিত এনেবোৰ মানবীয় বিষয় লাহে লাহে অন্তৰ্ধান হ’বলৈ লৈছে৷ আন আত্মীয়ৰ পৰা প্ৰয়োজন অনুসৰি সময় বা সংগ নোপোৱা শিশুবোৰৰ কিছু অভাৱ এই পুতলাবোৰে পূৰণ কৰিছে যদিও সিহঁতক ব্যক্তি কেন্দ্ৰিক কৰি তুলিছে৷ বজাৰত উপলব্ধ সৰহভাগ পুতলাই শিশুবোৰক প্ৰতিযোগিতামূলক শিক্ষা দিয়ে৷ জিকিব পৰাটোৱেই এই পুতলাবোৰৰ মুখ্য শিক্ষা, যেন–তেন–প্ৰকাৰেণ লক্ষ্যত উপনীত হোৱাৰ প্ৰৱণতা গঢ়ি তুলি শিশুৰ মনবোৰ অসংবেদনশীল, যান্ত্ৰিক আৰু অত্যধিক প্ৰতিযোগিতামূলক কৰি তোলে৷ গতিকে শিশুবোৰৰ ধৈৰ্য গুণ কমি যায়, অসহিষ্ণু হয় আৰু বন্ধুত্ব বা আন আত্মিক সম্পৰ্ক গঢ়ি তোলাত ব্যৰ্থ হয়৷
ইণ্টাৰনেট সেৱাই প্ৰসাৰ লাভ কৰাৰ লগে লগে ডিজিটেল আৰু ইলেকট্ৰনিক উপকৰণ সমূহৰ ব্যৱহাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু যুগ যুগ ধৰি প্ৰচলিত হৈ অহা পুতলা খেলা ক্ৰমান্বয়ে এলাগী হৈ পৰিছে৷ বৰ্তমান সময়ত মোবাইল, টেবলেট, পাল্মটপ, লেপটপ, ডেস্কটপ আদি ঘৰে ঘৰে উপলব্ধ হৈছে আৰু ডিজিটেল গেমছ সকলোৰে বাবে সহজলভ্য হৈ পৰিছে৷ ন–ন ইলেকট্ৰনিক বা ডিজিটেল গেমছৰ প্ৰতি শিশুৰ পৰা যুবকলৈকে সকলোৰে আকৰ্ষণ আৰু আসক্তি অকল্পনীয় ভাবে বৃদ্ধি পাইছে৷ স্কুলীয়া শিক্ষা ব্যৱস্থাৰ ডিজিটেলাইজেশ্বনৰ ফলত কোমল বয়সৰ ছাত্ৰ–ছাত্ৰীৰ হাতত মোবাইল দিয়াটো অভিভাৱকসকলৰ বাবে বাধ্যতামূলক হৈ পৰিছে৷ ভাল–বেয়া, উচিত–অনুচিতৰ বোধ নথকা এনেবোৰ শিশুক গেমছ বা আন সস্তীয়া মনোৰঞ্জনৰ বিষয়বোৰে লালায়িত কৰে৷ পঢ়া বা নিজৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভাৰ বিকাশ ঘটাব পৰা অনুশীলন তথা কৰ্মৰাজিৰ পৰা বিৰত থাকি অত্যধিক সময় মোবাইল গেমছত অতিবাহিত কৰাৰ ফলত তেওঁলোকৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ শিশুক ব্যস্ত বা শান্ত ৰাখিবৰ উদ্দেশ্যে পিতৃ–মাতৃয়ে সিহঁতৰ হাতত মোবাইল বা টিভিৰ ৰিমোট তুলি দিছে যাৰ নেতিবাচক প্ৰভাৱ খুব কম সময়ৰ ভিতৰতে স্পষ্ট হৈ পৰিছে৷ ইয়াৰ প্ৰভাৱ এনে পৰ্যায় পাইছেগৈ যে বহুত কিশোৰ–যুবকে পৰিয়ালৰ আন সদস্যসকলৰ লগত অভব্য আচৰণ কৰিবলৈ লৈছে আৰু আনকি আত্মহত্যাৰ দৰে চৰম পদক্ষেপ ল’বলৈ বাধ্য হৈছে৷ পুতলা খেলে জীৱনবোধৰ উপযুক্ত শিক্ষাৰ জৰিয়তে আনন্দ–উৎসৱ আৰু দলীয় বা সামূহিক সহবাসৰ মাজেদি জীৱন উপভোগ কৰিবলৈ উৎসাহিত কৰাৰ বিপৰীতে ডিজিটেল গেমছবোৰে শিশুবোৰক সমাজৰ মূল সুঁতিৰ পৰা বিচ্ছিন্ন কৰি অতিমাত্ৰা আত্মকেন্দ্ৰিক, অসহিষ্ণু আৰু সংযমহীন কৰি তুলিছে৷ এই খেলবোৰ শিশুবোৰৰ ইমানেই প্ৰিয় যে তেওঁলোকৰ বাবে আন সকলো কথা বা সম্পৰ্ক গুৰুত্বহীন, অদৰকাৰী হৈ পৰিছে৷ আনকি ভৱিষ্যতৰ সফল জীৱনৰ লক্ষ্যও নিষ্প্ৰয়োজন বুলি অবেহেলা কৰি তেওঁলোক গেমছবোৰত নিমজ্জিত হৈ পৰিছে৷ গাড়ী, ঘৰ, স্কুল–কলেজ, বজাৰ, পাৰিবাৰিক–সামাজিক অনুষ্ঠান আদি সকলোতে তেওঁলোকৰ যান্ত্ৰিক উপস্থিতিয়ে মনস্তাত্বিক আৰু চিন্তাবিদসকলক উদ্বিগ্ন কৰি তুলিছে৷ শিশু বিশেষজ্ঞ তথা সচেতন মহলে শিশুৰ এনে বৰ্ধিত প্ৰৱণতাক মনোৰোগ হিছাপে চিহ্নিত কৰিছে আৰু ইয়াৰ উপযুক্ত প্ৰতিকাৰৰ বাবে উপায়ৰ সন্ধান আৰম্ভ কৰিছে৷