সাৰাংশ
মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত

যোৱা সংখ্যাৰ পিছৰ পৰা
সন্ধিয়াৰ আন্ধাৰ লাহে লাহে গভীৰ হৈ পৰিছিল৷
‘কালিদাস কলানিকেতন’ৰ পৰা হাৰ্ম’নিয়াম আৰু তবলাৰ মাত ভাঁহি আহিছিল৷
শুভেন্দুৱে ক’লে, “তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে৷ যিমান যি নহ’লেও কাৰখানাটো ইয়াত বহিবই৷ লগতে আমাৰ সংসাৰখনো৷ ক’লে বিশ্বাস নকৰিবা, তোমাক প্ৰথম দেখাৰ দিনাই মই ভাল পাই পেলাইছোঁ৷”
ঃ মোৰো সেই একেই দশা! তোমাক চাবলৈকেহে সেইদিনা ভোজলৈ গৈছিলোঁ৷ খাবলৈ নহয়৷ সেইদিনা যি ভাষণ দিছিলা, গাঁৱৰ আধা মানুহেতো বেলৰ মিঠা ৰস খোৱা দি পান কৰি গৈছিল৷
ঃ আৰু তুমি?
ঃ মই দেখাতহে আঁকৰি পিছে৷ কলেজত পঢ়ি আছোঁ৷ যিবোৰ মানুহৰ মুখখন মিঠা, সেইবোৰ মানুহেই আটাইতকৈ নিৰ্দয় হয়৷
ঃ মই আৰু নিৰ্দয়ী? –জেৰা কৰা দি শুভেন্দুৱে তাইক সুধিলে৷
ঃ মই তোমাৰ কথা কোৱা নাই, তুমি চাকৰি কৰি থকা কোম্পানিটোৰ কথাহে কৈছোঁ৷ সেইদিনা কিবা তুমি তোমাৰ নিজৰ কথা কৈছিলা নে? যি ক’বলৈ কোৱা হৈছিল তাকেহে কৈছিলা৷
শুভেন্দুৱে আৰু একো নক’লে৷
“গাঁৱৰ মানুহৰ মুখতহে শুনা, তোমালোকৰ কোম্পানিয়ে হেনো অৰ্জুন বাবাজীৰ মঠৰ মাজেদি ৰাস্তা নিব! তুমিয়েই কোৱা, অলপ দূৰেদি নিয়া হ’লে জানো কিবা অসুবিধা হ’ল হয়?” – মালতীয়ে ক’লে৷
শুভেন্দুৱে তাৰ কোনো উত্তৰ নিদিলে৷ সি মাত্ৰ মালতীৰ চুলিখিনিৰ ওপৰত হাত বুলাই ক’লে, “সকলো কথা জানো মোৰ হাতত থাকে? মইতো কোম্পানিৰ এজন সাধাৰণ একজিক্যুটিভ৷ ইয়াৰ উপৰিও ৰাস্তা কোনফালেদি যাব, সেইয়া চৰকাৰে নিৰ্ধাৰণ কৰে৷”
এটা দীঘল উশাহ এৰি, ওপৰলৈ চাই মালতীয়ে ক’লে, “মই কৈছিলোঁ নহয়, বাহিৰত যাৰ মাত মিঠা, সিহঁতৰ ভিতৰখন অত্যন্ত নিৰ্মম বুলি! হ’ব বাৰn মই যাওঁ এতিয়া৷”
কিন্তু মালতীক এৰি দিয়াৰ শুভেন্দুৰ অকনো ইচ্ছা নাছিল৷ সি সুধিলে, “আকৌ কেতিয়া আহিবা?”
ঃ অহা সোমবাৰে, ঠিক এনেকুৱা সময়তেই৷
ঃ থিক আছে বাৰু৷ সংক্ৰান্তিৰ দিনা ইন্দ্ৰমণিৰ নাটকখন হ’ব৷ তেতিয়ালৈকে গাঁৱৰ মানুহখিনিও অলপ শান্ত হৈ পৰিব বুলি আশা কৰিছোঁ৷ ইয়াৰ ভিতৰতে এদিন ঘৰলৈ গৈ এই বিষয়ে ক’ম৷ আমাৰ ঘৰৰ মানুহো আহিব তোমাক চাবলৈ৷
মালতীয়ে হাঁহি মাৰি ক’লে, “বেছি দেৰি নকৰিবা কিন্তু৷ যিমান পাৰা সোনকালে আহিবা৷ আৰু শুনা, অলপ সাৱধানেও থাকিবা৷ গাঁৱৰ মানুহখিনি……৷”
ঃ ভাল নহয়? পিছৰ বাক্যশাৰী শুভেন্দুৱে যোগ দি হাঁহি হাঁহি ক’লে৷
মালতীৰ লাজ লাগি গ’ল৷
“ ইন্দ্ৰমণি কিন্তু খুব চালাক–চতুৰ ল’ৰা৷ চাবা সি বহুত দূৰ আগুৱাই যাব৷ যিয়ে পৰিৱৰ্তনৰ কথা আগৰ পৰাই চিন্তা কৰে, যিয়ে নিজকে তাৰ কাৰণে প্ৰস্তুত কৰি তোলে, তেনে লোকক নি(য় বুদ্ধিমান বুলিয়েই ক’ব লাগিব৷ কাৰণ নিশ্চিত পৰিৱৰ্তনক প্ৰতিৰোধ কৰাটো মুৰ্খামিহে৷ তাৰ পৰা নিজৰতো ক্ষতি হ’বই, লগতে আনৰো৷” – শুভেন্দুৱে ক’লে৷
ঃ কিন্তু সকলো পৰিৱৰ্তনেই যে ভালৰ কাৰণেই হ’ব, তাক কোনে নিৰ্ধাৰণ কৰিব? পৰিৱৰ্তন এক চিৰন্তন সত্য৷ কিন্তু কেতিয়াবা পৰিৱৰ্তিত ভৱিষ্যত, অপৰিৱৰ্তিত অতীততকৈয়ো ভয়ংকৰ আৰু কুৎসিত হৈ পৰে৷ – গহীন হৈ মালতীয়ে উত্তৰ দিলে৷
শুভেন্দুৱে এইবাৰ হাঁহিলে, আৰু ক’লে, “তোমাক আৰু মই বুজাব নোৱাৰিম৷ মাত্ৰ কিছু সময়ৰ কাৰণে নিজৰ আৱেগক একাষৰীয়া কৰি ভাবি চাই কোৱা, যে কাৰখানা হ’লে মোৰ গাওঁখনৰ উন্নতি হ’ব নে নহয়? ৰাস্তা সাজিলেহে নৈৰ ওপৰত দলং নিৰ্মাণ কৰিব পৰা যাব৷ ইয়াৰ পৰা ভৱিষ্যত প্ৰজন্মৰ উপকাৰ হ’বনে নহয়? তুমি আচলতে ধৰিবই পৰা নাই মালতী, আমাৰ কাৰখানা পতাৰ পিছত এই গাওঁখনৰ ভাগ্যই সলনি হৈ যাব৷”
ঃ তোমাৰ এই ভাষণ মই সেইদিনাখনো শুনিছিলোঁ৷ আকৌ কোৱাৰ প্ৰয়োজন নাই৷ আগেয়ে তুমি মোক কোৱা যে তোমালোকৰ কাৰখানা বহুৱাৰ বাবদ গাওঁখন ইয়াৰ পৰা উঠি যাব লগা হ’ব নেকি?
শুভেন্দুৱে আকৌ হাঁহি হাঁহি ক’লে, “অন্ততঃ আমাৰ কাৰখানাৰ কাৰণেতো কোনো পধ্যেই নহয়৷ তোমাক এই ভুল কথাবোৰ কোনে ক’লে?”
ঃ এবাৰ তুমি নিজে ভাবি চোৱা, তোমাৰ গাঁৱত এনেকৈ কাৰখানা বহুৱা কথা ওলোৱা হ’লে, তুমি জানো হাত সাৱতি বহি থাকিলা হয়? বাৰু তোমাৰ গাঁৱখনৰ নাম কি?
ঃ ভুৱনেশ্বৰ৷
ঃ কি! ভুৱনেশ্বৰ জানো গাওঁ? সেইখনটো এখন চহৰ৷
ঃ আচলতে মই নাজানো আমাৰ পুৰণি ঘৰ কোনখন গাঁৱত আছিল৷ দেউতাৰ জন্ম হৈছিল কলিকতাত৷ মোৰ ৰাউলকেলাত৷ পঢ়া–শুনা কৰিলোঁ কটকত, আৰু এতিয়া থাকোঁ ভুৱনেশ্বৰত৷
“এক কথাত ক’বলৈ গ’লে তুমি তোমালোকৰ মূলৰ পৰা এৰ খোৱা মানুহ৷ কাৰো লগতে তোমাৰ সম্পৰ্ক নাই, যাৰ কাৰণে তোমাৰ কোনো এখন ঠাইৰ প্ৰতি কোনো আবেগিক টান নাই৷”- শুভেন্দুৰ হাতখনত লাহেকৈ চিকূট এটা মাৰি মালতীয়ে ক’লে৷
ঃ কিন্তু লোভ আৰু ভয়ে যে মানুহক বান্ধি নাৰাখে? মোৰ মতে মানুহ সদায় বজাৰৰ গ্ৰাহকৰ দৰেই হ’ব লাগে৷ কি কৰিলে নিজৰ বেছি লাভ হ’ব, সেই কথা ভাবিহে কাম কৰিব লাগে৷
ঃ এইটো সকলোৰে ক্ষেত্ৰত জানো প্ৰযোজ্য?
ঃ নি(য়, সকলো ক্ষেত্ৰতেই৷ –জোৰ দি শুভেন্দুৱে ক’লে৷
ঃ আৰু আমাৰ সম্পৰ্কৰ ক্ষেত্ৰত?
শুভেন্দু থতমত খাই গ’ল৷ তাৰ এই যুক্তিক মালতীয়ে এনেকৈ সিহঁতৰ সম্পৰ্কলৈ টানি নিব বুলি সি সপোনতো ভবা নাছিল৷ সি মালতীৰ হাতত ধৰি বিনয়ৰ সুৰত ক’লে, “সকলো কথাকে নিজৰ ফালে টানি নিয়াতো জানো উচিত?”
মালতীয়ে তাইৰ হাতখন তাৰ মূৰৰ ওপৰৰ পৰা আঁতৰাই আনি বহাৰ পৰা উঠি ক’লে, “গ’ম পলোঁ, তুমি কিমান নিৰ্দয়ী৷ তোমাৰ নিচিনা মানুহ এটাৰ লগত সম্পৰ্ক ৰখাটোৱেই ভুল৷ সংসাৰ পতাটো একেবাৰে মুৰ্খমিৰ কথা হ’ব৷”
শুভেন্দুৱে এইবাৰ তাৰ কাণ দুখনত ধৰি মাফ খুজি ক’লে, “চোৱা কাণত ধৰিছোঁ৷ উঠা–বহা কৰিব লাগিলেও কৰিম৷”
শুনি মালতীৰ হাঁহি উঠি গ’ল, আৰু শুভেন্দুৰ ওচৰলৈ আহি তাক আকৌ জোৰকৈ সাৱট মাৰি ধৰিলে৷
এই সময়খিনি ইয়াতেই থমকি ৰোৱা হ’লে – শুভেন্দুৱে মনতে ভাবিলে৷
মালতী তাৰ কাষৰ পৰা গুচি গৈছিল৷ কিন্তু শুভেন্দুৰ মন গৈছিল, দৌৰি গৈ আকৌ তাইক ওভতাই আনিবলৈ৷
কিন্তু মালতীতো যাবই লাগিব৷
এটা দীঘল উশাহ এৰিলে সি৷ মালতীৰ অবিহনে এক মুহূৰ্তও এই গাওঁখনত থকাটো তাৰ কাৰণে কষ্টকৰ৷ মহ–ডাঁহৰ
বাদে এই গাওঁখনত আৰুনো আছে কি?
মনে মনে সি মালতীক লৈ দেখা সপোনবোৰো অবাস্তৱ যেন লাগিছিল৷ মালতীৰ দেউতাকে নিজৰ জীয়েকক তালৈ জানো বিয়া দিব? তাইৰ ককায়েকৰ কাৰণেতো সি শ্ৰেণী শত্ৰু৷
নাই, কিবা কৰি হ’লেও এই বাপেক–পুতেকক বুজাব লাগিব, নতুবা প্ৰলোভন দেখুৱাই হ’লেও কিবা এটা কৰিব লাগিব৷
প্ৰত্যেক মানুহৰে কিবা এটা দাম থাকে৷ সঠিক দাম পালে যিকোনো বস্তুৰেই কিনা–বেচা কৰিব পৰা যায়৷
নৈৰ কাষৰ পৰা পাক এটা মাৰি আহিবলৈ শুভেন্দুৰ মন গ’ল৷ নুআ নদীৰ ওপৰত উপঙি থকা নাৰায়ণৰ নাওখন দূৰৰ পৰা প্ৰাক ঐতিহাসিক যুগৰ এবিধ জীৱৰ দৰে লাগিছিল৷ সেইফালেই চাই চাই শুভেন্দুৱে পাৰ হৈ যোৱা কিছুদিনৰ কথা মনতে আওৰাবলৈ ধৰিলে৷ মালতীক ভাল পাবলৈ লোৱাৰ পৰাই সি এই পাটপুৰ গাওঁখনক আৰn ¸নুআ নদীক ভাল পাবলৈ শিকিছে৷ কাৰখানাটো ইয়াত বহুৱাব পাৰিলে, গাঁৱৰ মানুহখিনিৰ লগতে তাৰো কিমান লাভ হ’ল হয়৷ কোম্পানিয়ে কাৰখানা বহোৱাৰ কাৰণে নিৰ্দিষ্ট সময়সীমা ধৰি দিছে৷ সময় যিমানে বেছি লাগিব খৰচো সিমানে বাঢ়ি গৈ থাকিব৷ কিন্তু পাটপুৰৰ মানুহখিনিৰ কথাত যেনেকৈ প্ৰতিবাদৰ সুৰ ভাঁহি আহিব ধৰিছে, দেখাতটো লগা নাই মাটি অধিগ্ৰহণৰ কামটো ইমান সহজে হৈ যাব৷ শুভেন্দুৰ মনটোক চাৰিওফালৰ পৰাই আশংকাই ঘেৰি ধৰিলে৷ মালতীৰ সতৰ্কবাণী তাৰ মনত পৰিল৷ সঁচাকৈয়ে কিছুদিন পাহাৰৰ সিফালে গৈ কেম্পত থকাটোৱেই ভাল হ’ব৷ মালতীৰ আগত যদিও সি সহজে কথাখিনি কৈ পেলাইছিল, মনৰ ভিতৰত ভয়টো সোমাই আছেই৷ নাই, আগতে সি এইবোৰ কথা কোম্পানিৰ এম. ডিক জনোৱাটো ভাল হ’ব৷ কাৰখানাৰ নামত নিজৰ জীৱনৰ লগত খেলা কৰিব নোৱাৰি!
সিহঁতৰ কোম্পানিৰ এম.ডি, মানুহেটা কিহেৰে গঢ়া সি আজিও বুজি নাপালে৷ তেওঁৰ মতে কেৰিয়াৰে হৈছে জীৱনৰ সকলো৷ বাকী সকলো শূন্য৷ এতিয়া এনেকুৱা মানুহ এজনে তাৰ কথাখিনিক যে গুৰুত্ব দিব, সন্দেহ আছে৷ তেওঁৰ দৃঢ় বিশ্বাস বিধায়েকৰ ওপৰত, আৰু বিধায়ক উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডলৰ দৰে দুটা সৰুসুৰা পালি নেতাৰ ওপৰত৷ তথাপিও চেষ্টা নকৰাকে বহি থকিবওতো নোৱাৰি৷ এবাৰ এইফালে কেম্প হৈ গ’লে আৰু চিন্তা নাই৷
সুৰক্ষাকৰ্মীৰ লগতে অফিচৰ আন আন মানুহো আহি থাকিবহি৷ তাৰ পিছত আৰু কোনো অসুবিধা নহ’ব৷
শুভেন্দু খোজ কাঢ়ি কাঢ়ি ঘাট পালেহি৷
কিবা কৰি যদি সনাতন দাস আৰু তেওঁৰ পুতেকক বুজাব পৰা হ’ল হয়, আৰু কোনো সমস্যাই নাথাকিল হয়৷
তেওঁলোকেও নিজৰ নিজৰ স্বাৰ্থৰ কথা ভাবি আঁতৰি যাব লাগিছিল৷ এনেও বিধায়কৰ গাঁৱৰ মানুহখিনিৰ প্ৰতি তিলমাত্ৰও শ্ৰদ্ধা নাই৷ মিছাতে চৰকাৰৰ বিৰোধ কৰিবলৈ গৈ যেতিয়া বতাহ বৰষুণত শুকান পাত উৰা দি উৰিব লাগিব, তেতিয়া গম পাব৷
সনাতন দাসৰ কথা শুভেন্দুৱে যিমান শুনিছে, সি সাহস গোটাব পৰা নাই, তেওঁৰ ওচৰলৈ গৈ বুজাবলৈ৷ লোহাৰে গঢ়া মানুহ৷ এবাৰ কিবা কৰিব বুলি স্থিৰ কৰিলে আৰু তাৰ পৰা নলৰে৷ গাওঁখনৰো আধাৰো বেছি মানুহে সনাতন দাসক চকু মুদি বিশ্বাস কৰে৷ লগতে বাপেকৰ নিচিনা এটা পুতেক৷
ঘাটৰ পৰা সি সোনপাহাৰৰ ফালে চালে এবাৰ৷ পাহাৰ ভঙাৰ কাম শেষ হৈছে৷ লাহে কৈ ৰাস্তাৰ কাম আৰম্ভ হ’ব৷
বুলড্জাৰ এখনে মাৰি আহিলেই ৰাস্তা এটা ওলাই পৰিব৷ সঁচাকৈ, এই বুলড্জাৰৰ চকাবোৰে কত যে ঘৰৰ কাহিনী গৰকি আহিছে৷ পাটপুৰৰ মানুহৰ জেদ জানো তাৰ আগত অতি নগণ্য৷
মুঠতে কিবা কৰি হ’লেও ইয়াত কাৰখানা বহুৱাবই লাগিব৷ এই কামটো যদি সি ভালকৈ কৰি লৈ যাব পাৰে, তেতিয়া হ’লে তাৰ প্ৰমোচন কোনেও ৰখাব নোৱাৰে৷ মনতে শুভেন্দুৱে হিচাব এটা কৰিলে – এই আৰম্ভণিৰ কামখিনি শেষ কৰোতে খুব বেছি তিনি চাৰি মাহ সময় লাগিব৷
সনাতন দাসে লেমৰ পোহৰত বাৰাণ্ডাতে বহি পুৰণি নক্সা এখন চাই আছিল৷ সেইখন তেওঁলোকৰ গাঁৱৰে নক্সা৷
বহুদিনৰে পৰা দৰকাৰী বস্তুবোৰ থোৱা বাকচ এটাৰ ভিতৰত চাৰি ভাঁজ মান দি ৰখা এই নক্সাখনতো ভাঁজে ভাঁজে ক’ৰবাত ক’ৰবাত ফাট মেলিছিল৷ তেওঁ সেই নক্সাখনত পাটপুৰৰ চাৰিওফালে থকা চৰকাৰী মাটিবোৰ বিচাৰি উলিয়াইছিল৷
ৰমাকান্তই গিলাচ এটাত আধা গিলাচ ৰঙা চাহ আনি দেউতাকৰ হাতত দি ক’লে, “উদ্ধৱ মহান্তিয়ে পালনামৰ আয়োজন কৰিছে৷ শেষৰ দিনা হেনো আকৌ গাঁৱৰ মানুহখিনিক ভোজ দিব৷ মানুহটোৰ ওচৰত ইমান পইছা আহিছে ক’ৰ পৰা?”
সনাতন দাসে চছমাযোৰ খুলি ধুতিৰ আগটোৰে চফা কৰি কৰি ক’লে, “ এইবোৰ চব কোম্পানিৰ টকা৷ তই কি উদ্ধৱ মহান্তিয়ে নিজে পইচা খৰচ কৰি পতা বুলি ভাবিছ? কিন্তু তাৰ জালত পৰি আমাৰ গাঁৱৰ কিছুমান মানুহেও যে তেজ পিয়াৰ দৰে নিজৰ ৰঙ সলনি কৰিছে, তাকে দেখিহে মই আচৰিত হৈছোঁ৷”
ঃ ইয়াত আচৰিত হ’ব লগা কিটো আছে? দুনিয়াখনেই এনেকুৱা৷ ডাঙৰ ডাঙৰ মানুহেবাৰেই চোন বিক্ৰী হৈ যায়৷ পাটপুৰৰ গৰীব মানুহ খিনিনো কিয় নহ’ব?
ঃ কিন্তু তোৰ জানো লাগিছে, এইবাৰ জিকিব পাৰিবি বুলি? মোৰতো লাগিছে এই কোম্পানিয়ে আমাৰ এই সাতামপুৰুষীয়া গাওঁখন নোহোৱা কৰিহে এৰিব৷ আৰু এটা কথা শুন, এই সৰু সৰু কথাতে যদি এনেকৈ মূৰটো গৰম কৰ, তেতিয়াহ’লে সময়ত কেনেকৈ কাম কৰিবি৷ সেইদিনা তোৰ লগৰবোৰে ইন্দ্ৰমণিৰ ক্লাবৰ লৰাবোৰৰ লগত কৰা গণ্ডগুল হ’লে ভাল হোৱা নাই৷ মই ঠিক সময়ত গৈ নোপোৱা হ’লেতো৷
দেউতাকৰ কথাখিনি শেষ হোৱাৰ আগতে ৰমাকান্তই ক’লে, “ভালেই হ’ল হয়৷ বেইমানবোৰ! এইবোৰক বান্ধি গছত ওলোমোৱাৰ কথাহে৷ আমাক কাৰখানাৰ চাকৰিৰ লোভ দেখুৱাই কথা কৈছিলহি!”
ঃ সিহঁতৰ কথাবোৰতো যুক্তি নথকা নহয়৷ মোৰো কেতিয়াবা কেতিয়াবা লাগে, অকল আৱেগৰ কাৰণেই ইমান ডাঙৰ এজাক বতাহ–বৰষুণৰ আগত গৈ ছাতি ধৰি থিয় হৈ জানো কিবা লাভ আছে? ইয়াৰ পৰা যদি আমাৰ মানুহখিনিৰেই কিবা লাভ হয়, তেতিয়াহ’লে কাৰখানাই বহোৱা যাওক৷ বেয়া লাগিছে এইকাৰণেই যে ইমানে দিনে উদ্ধৱ মহান্তিয়ে যিটো কৰিব পৰা নাছিলে, আজি সি সেইটো কৰি পেলালে – গাঁৱৰ মানুহখিনিক দুভাগত ভগাই দিলে৷ কাৰখানা ইয়াত হওক বা নহওক, আমাৰ গাঁৱৰ মানুহখিনিৰ মাজত হ’লে ফাট মেলিলে৷ আমাৰ সোনপাহাৰ ভঙাত কৈয়ো বেছি দুখৰ কথা এইটোহে৷
“আপুনি মিছাতে মনত দুখ কৰিছে৷ মই জানো গাঁৱৰ কোনো মানুহেই উদ্ধৱ মহান্তিক সমৰ্থন নকৰে৷ এই ইন্দ্ৰমণিৰ ল’ৰাবোৰেহে ভোজৰ লোভত আঙুলিৰ মূৰত নাচিছে৷ এতিয়াই ইহঁতক কোব কেইটামান নোসোধালে পিছলৈ বেছিকৈ মূৰত উঠিব৷ আপুনি মাজত নুশুমোৱা হ’লে মইতো সেইদিনাই সিহঁতক চিধা কৰি দিলো হয়৷” ৰমাকান্তই ক’লে৷
“সৰু ল’ৰাৰ নিচিনা কথাবোৰ বাদ দে৷ এই উদ্ধৱ মহান্তিৰ পালনাম আৰু ভোজ শেষ হোৱাৰ লগে লগে সেইদিনাই আমি গাঁৱৰ মানুহখিনিক মাতি এখন সভা পাতিব লাগিব৷ আৰু বেছি দেৰি কৰি লাভ নাই৷ প্ৰয়োজন হ’লে হাইকোৰ্টলৈ গৈ ইয়াৰ বিৰুদ্ধে কেচ ফাইল কৰিব লগা হ’ব পাৰে৷ পিছে তই কিবা খবৰ পালিনে?” সনাতন দাসে সুধিলে৷
ৰমাকান্তই ইফালে সিফালে চালে মাত্ৰ৷ আচলতে সি ভদ্ৰক আৰু ভুৱনেশ্বৰলৈ গৈ, পাটপুৰত কাৰখানা বহোৱাৰ বিষয়ে কোনো বিশেষ তথ্য আহৰণ কৰিব পৰা নাছিল৷ ভদ্ৰকৰ কালেক্টৰিয়েট অফিচৰ মানুহবোৰেও যেন জানি–শুনি এই বিষয়ে ক’বলৈ বিচৰা নাছিল৷ গতিকে এইবোৰ কথা কৈ আৰু তাৰ দেউতাকৰ মনোবল ভঙাৰ ইচ্ছা নাছিল তাৰ৷
কিন্তু সনাতন দাসে পুতেকৰ মুখখন দেখিয়েই সকলো বুজি পাই গৈছিল৷ তেওঁ ক’লে, “এবাৰতেই সকলো গম পোৱা নাযায়? বাৰে বাৰে যাব লাগিব৷ বাৰু এই নক্সাখন মোৰ বাকচটোত ভৰাই থগৈ৷”
ৰমাকান্তই নক্সাখন লৈ ভিতৰলৈ গুচি গ’ল৷
সনাতন দাস লেমৰ পোহৰ কমাই তাতেই বহি থাকিল৷ তেওঁৰ মনত পাটপুৰক লৈ অনেক চিন্তা৷ ভাবিছিলে এই বছৰতে পুতেক জীয়েক দুয়োটাৰে বিয়া দুখন পাতি দিব৷ পিচে গাঁৱৰ কামত নিজৰ পৰিয়ালক দিব লগা সময়কনো হাতৰ পৰা ওলাই গৈছৈ৷
ভিতৰৰ পৰা ৰমাকান্তৰ মাকে মাতিলে, “ভাত বাঢ়িছো, আহক৷”
সনাতন দাস ভিতৰলৈ গুছি গ’ল৷
“শুকান পাতখিলাৰ দৰে মন মাৰি আছে কেলে’? ধুমুহা অহাৰ আগতেই যদি মানুহেটা এনেকৈ শুকাই যায়, শত্ৰুৱে চলহে পাব৷ এতিয়া গাঁৱৰ চিন্তা বাদ দি খাবলৈ বহক৷” – ৰমাকান্তৰ মাকে ক’লে৷
সনাতন দাসে ইফালে সিফালে চাই সুধিলে, “মালতী কি এতিয়াও আহি পোৱা নাই! নাচ–গানত সোমাই ছোৱালীয়ে দিন–ৰাতি পাহৰিয়েই গ’ল হ’ব পায়!”
ঃ আৰু তাইক মূৰত উঠাই নাচিবলৈ দিয়ক৷ কোনোবা দিনা আপোনাৰে নাক কটা যাব, চাই থাকক৷ মোৰেই কপালখন বেয়া৷ এফালে গাভৰু ছোৱালী, আনফালে গজ গজ কৈ ডেকা ল’ৰা এটা৷ ছোৱালীৰ কাৰণে ল’ৰা পোৱা নাই, ল’ৰাই চাকৰি এটা যোগাৰ কৰিব পৰা নাই, আৰু এইবোৰ কথা বুজিবলৈ বাপেকৰ সময় নোলায়৷
সনাতন দাসে কৃত্ৰিম খং অকন দেখুৱাই ক’লে, “খাবলৈ মাতিছ যদি, আগে খাই ল’ব দে৷ তাৰ পিছত বহি আমি ভালকৈ আলোচনা কৰিম৷”
নীলাম্বৰ মহাপাত্ৰ পাটপুৰ হাইস্কুলৰ এজন অস্থায়ী শিক্ষক৷ বি .এ পঢ়ি উঠি বি.এড কৰাৰ কথা ভাবিছিল৷ পিচে পঢ়িবলৈ ওড়িশাৰ কোনো এখন কলেজতে ছিটহে নাপালে৷ তাৰ লগৰবোৰৰ কোনোবাই দিল্লী, কোনোবাই কাশ্মীৰলৈ গৈ হ’লেও বি.এড কৰিলে৷ ৰৈ গ’ল যদি একমাত্ৰ নীলাম্বৰ৷ এতিয়া গাঁৱৰে স্কুল এখনত অস্থায়ী শিক্ষক হিচাপে কাম কৰি আছে৷ আচলতে স্কুলখনৰ পাঁচটা শ্ৰেণী এজন স্থায়ী শিক্ষকৰ দায়িত্বত৷ এতিয়া সেই স্থায়ী শিক্ষকজন বছৰত পঞ্চাছ দিনো আহে নে নাই, সন্দেহ! গতিকে গোটেই ভৰটো পৰে নীলাম্বৰৰ ওপৰতে৷ পঞ্চায়তৰ সভাপতিয়ে পিচে তাৰ অস্থায়ী চাকৰিটো স্থায়ী কৰি দিব বুলি কথা দিছে৷ স্কুল কমিটিৰ মতেতো নীলাম্বৰ নথকা হ’লে গাঁৱৰ ল’ৰা–ছোৱালীবোৰ গজমুৰ্খ হৈয়ে থাকিল হয়৷ এই পদ কথাও জানো কম কথা? এই প্ৰশংসা আৰু গাঁৱৰ মানুহখিনিৰ তাৰ ওপৰত থকা ভৰসাৰ কাৰণেই, নীলাম্বৰে ৰাতি পুৱাৰ পৰা দুপৰীয়ালৈকে স্কুলৰ ল’ৰা–ছোৱালীবোৰক পঢ়োৱাৰ পৰা পৰীক্ষা লোৱালৈকে, আনকি মধ্যাহ্ন ভোজনৰ সকলোবোৰ কাম নিয়াৰিকৈ কৰি যায়৷ পিচে হ’লে কি হ’ব, বেছি কামত কম পাওনা৷ মাহকৰ মূৰত আঢ়ৈ হাজাৰমানহে পায়৷ নীলাম্বৰে তাৰ নিজৰ মাজতেই ওড়িশাৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপটো দেখা পায়৷ বৰ্তমান চৰকাৰে শিক্ষা আৰু জলসেৱন ব্যৱস্থাৰ বাদে আন সকলো দিশতেই নজৰ দিছে৷ এই দুইটা দিশ ঠিক হৈ যোৱা হ’লে, ওড়িশাৰ মানুহৰ ভাগ্যই বদলি গ’ল হয়, আৰু কোনো দিনে আঁঠুকাঢ়ি নেতাবোৰৰ আগত পৰাৰ দৰকাৰ নহ’ল হয়৷ কিজানিবা বেছি শিক্ষিত আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ পৰিলে চৰকাৰৰ ওপৰত জনসাধাৰণৰ নিৰ্ভৰশীলতা নোহোৱা হৈ যাব বুলিয়েই চাগে এই দিশ দুটাক গুৰুত্ব দিয়া নাই৷
নীলাম্বৰে নিজে নিজেই ভাবি থাকে কথাবোৰ৷ দুই চুবুৰীৰ মাজৰ পুখুৰীটোৰ গাতে লাগি থকা বকুল গছ জোপাৰ তলতে বিমোৰত পৰি সি ৰৈ গ’ল৷ কোনফালে যাব সি থিৰ কৰিব পৰা নাই৷ তাৰ স্কুলৰে ল’ৰা কেইটামানে পুখুৰীটোতে চিলনী সাঁতোৰ দি আছিলে৷ বেলি লহিয়াবৰ হ’ল, তথাপিও এই ল’ৰা কেইটা পানীৰ পৰা ওলাই নহা দেখি নীলাম্বৰে চিঞৰি মাৰি সিহঁতকে ক’লে, “ঐ, ওলাই আহ তহঁতি৷ বহুত খেলিলি পানীত৷ এতিয়া গধূলি হোৱালৈকে সাঁতুৰি থাকিবি নেকি?”
মাষ্টৰৰ মাত শুনি মাত্ৰ দুটাহে পাৰলৈ উঠি আহিল৷ এটাই আকৌ শিহুৰ দৰে পানীত বুৰ মাৰি নেদেখা হৈ পৰিল৷ কেইটামানে আকৌ মাষ্টৰৰ কথা নুশুনা ভাও জুৰি পুখুৰীৰ সিটো পাৰলৈ গুচি গ’ল৷ নীলাম্বৰৰ সিহঁতৰ আওভাওবোৰ দেখি হাঁহিহে উঠিল, আৰু লাহেকৈ পুখুৰীৰ ওচৰৰ পৰা আঁতৰি আহি এনে ৰাস্তাতে তহল দি থাকিল৷
গাঁৱত ঘটি থকা ঘটনাবোৰে নীলাম্বৰৰ ওপৰত প্ৰভাৱ নেপেলোৱা নহয়৷ সেইদিনাখনৰ সাধাৰণ ঘটনা এটাক লৈয়ে জানো ডাঙৰ মহাভাৰতখন নহ’ল৷ গাঁৱৰ মানুহৰ মনবোৰ লাহে লাহে সলনি হ’বলৈ ধৰিছে৷ এতিয়া আৰু তাৰ আগৰ গাওঁখনৰ দৰে হৈ থকা নাই৷ এশ বছৰ পুৰণি এই গাওঁখনৰ মানুহবোৰ দুভাগ হৈ গ’ল, তথাপিও সি একো এটা কৰিব নোৱাৰিলে৷ সি ক’ৰবাত পঢ়িছিলে যে লোহা ইমান মজবুত যে তাক আন কোনোৱে নষ্ট কৰিব নোৱাৰে৷ পাৰে যদি তাৰ নিজৰেই মামৰে৷ এই গাওঁখনৰ মানুহেবাৰ তেনেকুৱাই৷ বাহিৰৰ ৰাজনীতিয়ে আজি পৰ্যন্ত পাটপুৰক লৰাব পৰা নাছিল৷ নিৰ্বাচনৰ সময়ত ভোটৰ কাৰণে তুতি –মিনতি কৰিব লগা হৈছিল৷ কিন্তু এতিয়া আনৰ স্বাৰ্থৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে নিজৰ মাজতে কাজিয়া–পেচাল কৰি নিজৰ শক্তি ক্ষয় কৰাত উঠি পৰি লাগিছে৷
ইন্দ্ৰমণি আৰু ৰমাকান্তৰ মাজৰ শত্ৰুতাক দেখিতো সি আৰু আচৰিত হৈছে৷ একে বয়সৰ, সৰুৰে পৰা নলে গলে লগা
বন্ধু আছিল দুয়োটা৷ ইমানেই ঘনিষ্ঠ যে, এনেকুৱা কোনো সুৰুঙা নাই যে তাত ফাট মেলিব৷ কিন্তু আজি দুয়ো দুেযাৰে বিৰোধী হৈ পৰিছে৷ নিজ চকুৰে নেদেখা হ’লে, নীলাম্বৰেতো কাহানিও এই কথা বিশ্বাস নকৰিলে হয়৷
প্ৰথমে সি ভাবিছিল, নিশিগন্ধাক লৈ দুয়োৰে মাজত কিবা লাগিছিল বুলি৷ কিন্তু এতিয়াতো নিশিগন্ধাও গুচি গ’ল৷ পিচে নিশিগন্ধা কোনো বেয়া ছোৱালীও নাছিল৷ মাত্ৰ অসহায় হৈহে ৰমাকান্তৰ ওপৰত নিৰ্ভৰ কৰিব লগাত পৰিছিল৷ তাই গাঁৱত থকা সময়চোৱাত, ইন্দ্ৰমণি আৰু ৰমাকান্তৰ মাজত ইমানো বিবাদ হোৱা নাছিল যিমান তাই যোৱাৰ পিছত আৰম্ভ হৈছে৷
(অহা সংখ্যাত…)