দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা(নাছিৰ আহমেদ) – Purbodix.com

দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা(নাছিৰ আহমেদ)

হাগৰ দোমাহী; যাক মহা বিষুৱ বা সংক্ৰান্তি বুলি কোৱা হয়, অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত ইয়াক বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়৷ এই বিষমা বা বিষুৱাৰ দিনাই কেঁহা, টেঙা, জ্বলা, নিমখীয়া আৰু মিঠা এই পাঁচ বিধ ঘৰৰ সকলোৱে খায়৷ আৰু ঘৰৰ সন্মুখৰ দুৱাৰৰ ওপৰৰ পাৰিত তিঁতা গছৰ ঠাৰি (নিমগছ আৰু কেঁহৰাজ গছ) পাতেৰে সৈতে ওলোমাই ৰাখে৷ দেশী জনগোষ্ঠীয় (হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ) লোকসকলে বিশ্বাস কৰে যে, এনেকৈ তিঁতা গছৰ ঠাৰি ওলমাই ৰাখিলে জ্বৰজাৰি বা অপায়অমঙ্গল আদি নহয়৷

হাগ বিহু বা ৰঙালী বিহুত পথাৰত বা মঞ্চত নানা যৌৱনোদৃপ্ত লয়লাস ভংগীৰে নৃত্যগীত প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে দেশী জনগোষ্ঠীয়ে ইয়াক মেলামুখী উৎসৱলৈ পৰিণত কৰে আৰু এই উৎসৱটি একেৰাহে সাতদিন ধৰি উদযাপন কৰে৷ তৰ সংক্ৰান্তিৰ দিনক বিষমা বা বিষুৱা আৰু শেষৰ দিনৰ উৎসৱটিক সাত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়৷

এই তৰ সংক্ৰান্তিৰ দিনৰ পিছৰ পৰাই একেৰাহে সাতদিন ধৰি চড়ক মেলা বা পূজা নামেৰে মহা ধুমধামেৰে উদ্যাপন কৰা হয়৷

এই চড়ক মেলা বা পূজা দেশী জনগোষ্ঠীৰ সামূহিক পূজা অনুষ্ঠান বুলি পাৰি৷

প্ৰায় দহবাৰজনীয়া দলটোৰ মূলটোক চৰ্কেয়া বুলি কোৱা হয় আৰু তেওঁৰ নিৰ্দেশনাতেই সাতদিন জুৰি পূজাউপাসনা অনুষ্ঠিত হয়৷

 

প্ৰথম দিনা ভক্তি সহকাৰে ৰাতিপুৱাৰ ভাগত দেওবংশীয়ে ঘট স্থাপন কৰে আৰু ঘটত আমৰ পাত, আৰু এৱা সূতা আৰু সেন্দূৰ দিয়া হয়৷ তাৰ পিছত দলটিয়ে ঢাকঢোল বজাই বজাই বজাৰত গৈ আৰু ধানৰ বীজ কিনে৷ ইয়াকবাজাৰ কৰাবুলি কোৱা হয়৷

ৰাতি ভাগত ঘট স্থাপন কৰা মণ্ডপটোৰ সন্মুখ ভাগত দলবোৰে হাল বোৱা, ধান কটা অনুষ্ঠান কৰি দেখুৱায়৷

অনুষ্ঠানবোৰত নৃত্যগীত আদি প্ৰদৰ্শন কৰি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰা হয়৷ এই অনুষ্ঠানতে অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠীয় অধ্যুষিত অঞ্চলসমূহত অতি জনপ্ৰিয় উল্লেখযোগ্যগোৱালিনী নৃত্য’’ পৰিৱেশন কৰা হয়৷ গোৱালিনী নৃত্যৰ তালে তালে নৰ্তকীসকলে পৰম্পৰাগত পোছাক পৰিধান কৰি গোৱালিনী গীত পৰিৱেশন কৰে৷ যেনে,

গোৱালিনী, গোৱালিনী হাটিয়া আইসে ধীৰে,

ৰাজাৰ বেটা কানায়া তোক কেনেবা ডাকাইছে৷

গোৱালিনী গোৱালিনী তোৰ মাথাত চাদৰ,

গোৱালিনী নাচ কৰে বাংলাৰ ভিতৰ৷’’ ইত্যাদি৷

দ্বিতীয় দিনাখন ধান মৰণামাৰা, বাৰা ভুকা (ধেঁকী খুন্দা) আৰু লক্ষী ঘৰত থোৱা কাৰ্য চোতালত বোকা মাটি কৰি মাটিয়া খেল খেলোৱা হয়৷

তৃতীয় দিনা কাঁটা ভাঙা কাৰ্য যেনে ৰভাতলৰ একাষে শ্মশান কালীৰ প্ৰতীক কলগছৰ জোপাৰ তলত কাঁটাৰ (কাঁইট) ডালবোৰ ৰাখি তাৰ ওপৰেদি খোজকাঢ়ি যোৱা, যোৱা লগতে গদা ঘূৰাই ঘূৰাই বিভিন্ন সংলাপ আৰু কথোপকথনেৰে গোটেই অনুষ্ঠানটি হাস্যমুখৰ কৰি তোলা হয়৷

চতুৰ্থ দিনা মাছ মৰা, বাঘ ধৰা আৰু মৰা মানুহক জীওউৱা দৃশ্য পৰিৱেশন কৰি এটি আনন্দমুখৰ আৰু লগতে ৰোমাঞ্চকৰ পৰিৱেশ সৃষ্টি কৰা হয়৷

পঞ্চম দিনাখন পালন কৰা চণ্ডীকাছ৷ চণ্ডীয়ে মুখত মুখা, হাতত তৰোৱাল, ডিঙিত নৰ মুণ্ডৰ মালা পৰিধান কৰি নৃত্য কৰে৷ ষষ্ঠ দিনাখন সতী পাৰ্বতীশিৱৰ বিয়া আৰু নাৰদে এই বিয়াৰ ঘটকালি কৰে৷ শেষৰ দিনাখন হয় চড়ক ঘূৰা৷

সাতদিন ধৰি উদ্যাপন হোৱা এই মেলামুখী উৎসৱলৈ দেশী জনগোষ্ঠীৰ জাতিধৰ্মবৰ্ণনিৰ্বিশেষে সকলোৱে মিলি জুলি সম্পূৰ্ণ ৰূপে অংশ গ্ৰহণ কৰে৷ কেৱল পূজাউপাসনাৰ লগত জড়িত অনুষ্ঠানসমূহত দেশী জনগোষ্ঠীৰ মুছলমানসকলে পৰিহাৰ কৰে যদিও বাকী সকলো অনুষ্ঠান, লোক নৃত্যগীত আদি সাংস্কৃতিক অনুষ্ঠানসমূহত সমানে সমানে অংশ গ্ৰহণ কৰে৷

মেলাত গৰম গৰম জিলাপী, ৰসগোল্লা, সন্দেশ আদি মিঠাই জাতীয় খাদ্য সামগ্ৰী আৰু সৰু সৰু ৰাছোৱালীবিলাকৰ বাবে বিভিন্ন ধৰণৰ পুতলা, জুনুকা আদি, বিভিন্ন আচবাবপত্ৰ আৰু প্ৰসাধনসামগ্ৰীৰ কিনাবেচা চলে৷ মুঠতে এই বিষমা বা বিষুৱা উৎসৱৰ জৰিয়তে দেশী জনগোষ্ঠীয় অঞ্চলসমূহত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ তাৰ লগতে দেশী জনগোষ্ঠীৰ লোকসকলে অসমৰ মূল সুঁতিৰ লগত জড়িত হৈ অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুয়ো উলহমালহেৰে উদ্যাপন কৰে৷

সংক্ষেপে দেশী জনগোষ্ঠীৰ অতি আদৰৰ জাতীয় উৎসৱ বিষমা বা বিষুৱা উৎসৱ সম্পৰ্কে আলোকপাত কৰা ল৷

Leave a Reply

Your email address will not be published. Required fields are marked *