
(এক)
আমি যে জীৱনটোত কি কি নকৰো৷ কিমানক যে কি নকওঁ৷
এই যে ৰাতিপুৱাই শুই উঠিলোঁ, উঠিয়েই চোকা ৰ’দটোৰ ওপৰত দিলো খংবোৰ উজাৰি৷
ঃ ওলাল আৰু এইডাল৷ কি যে নহয়৷ দিনটো শেষ কৰিবলৈ৷
আকৌ আহিল কি নাহিল বতৰৰ বৰষুণ বচ আমি আৰম্ভ কৰিয়েই দিওঁ
ঃ আহিলেই নহয়৷ এহ শেষেই আৰু ৷ আজিও যোৱা নহ’ব৷ গোটেই বাটতো এতিয়া পানীময় হ’ব৷ কাপোৰবোৰ কিমানদিন হ’ল কিবা ভেকেটে ভেকেটা গোন্ধাইছে পায়৷ কেতিয়া যে বৰষুণটো কমিব৷ অ বৰুণ দেৱতা বোলো ক্ষান্ত হোৱা৷
সেইয়া আমি বৰষুণৰ পৰা বৰুণ দেৱতালৈকে দিলো নহয় পুৱাই পুৱাই গালি এসোপা পাৰি৷
কথা হ’লনে বাৰু৷ ৰাতিপুৱাই ৰ’দটোৱে আমনি কৰিব৷ আকৌ বৰষুণ দিলেও বিপদ৷ মুঠতে মনৰ শান্তি নাই৷ মনটোৰ আপত্তিবোৰ বতৰক লৈ কেতিয়া যে শেষ হ’ব ভগৱানেহে জানে৷ শেষত ভগৱানলৈকে ঠেলি দিছো সকলো৷
(দুই)
আকৌ যদি আমাৰ বাতৰিকাকতখন লৈ তেওঁ অহা দেৰি হ’ল বৰুৱা দাই মাতটো লগাবই নহয়৷ বোলো কি হে ডেকা ল’ৰা৷ পেপাৰখন পঢ়িম বুলি ৰৈ আছোঁ অ’তপৰে, তুমি এতিয়াহে সাৰপালা৷ আমাৰ বয়সলৈ দেখিছা চাৰি বজাতে শেতেলী এৰো৷ কি হে তোমালোক খাই বৈ এনেই নোদোকাটো হৈছা৷ শুই উঠোঁতেই পলম চাগে? নহ’লেনো খবৰ কাগজখন ঘৰত দিবলৈ ইমান সময় লাগেনে৷ অ আই হ’কাৰ দাদাই একো মাতিবলৈকে নাপালে৷ বৰুৱা দাৰ কথা শুনি নো কি ক’ব৷ লাজপাই গুচি যাব আৰু৷
(তিনি)
আকৌ আহো এইবাৰ বজাৰলৈ৷
ঃ অ ইমান দাম নে? এহ দহটকাত দিব পাৰিবা দিয়া৷
ঃ নোৱাৰিম বাইদেউ বিছ টকা এটা দিয়ক আৰু আজি৷
ঃ থোৱাহে তোমাৰ দোকানৰ পাচলি নাখাইহে মৰিছো৷ নালাগে বেলেগকে দিবা৷ নিকিনো অ৷
ঃ যাওক বাইদেউ এনেই আমাৰ সময় নষ্ট নকৰিব৷
এই মানুহবোৰ বেচেৰা বেপাৰীটোৰ গাতনো কি দোষ কিনা দামতকৈ দুপইচামান লাভ বিচাৰি খুজিলেও কথা শুনাই গ’লোৱেই নহয়৷
(চাৰি)
আকৌ আহিলেই নহয়, আমাৰ তেখেত৷ অ আই যিখন হে মুখ৷
ঃ ঐ কি কলি তোকে ত্ৰিশ টকা লাগে চালা আমাক ঠগিবলৈ আহিছ৷ ভাৰা ইমান বেছি কেনেকৈ ল’বি৷ তঁহত মখাই আমাক লুটি পেলাবি এদিন৷ নিদো এটকাও নিদো বেছিকৈ ল’লে বিছ টকা ল নল’লে যা৷
ঃ বাইদেউ এইটো ভাৰা সদায় লৈয়ে আহিছোঁ৷ আৰু ইমান গৰম আজি৷ ইমান দূৰ আহিছোঁ৷ ত্ৰিশ টকা ভাৰাই৷
ঃ চুপ মুখ বন্ধ কৰ৷ মাইকী মানুহ দেখি দুৰ্বল নাভাবিবি৷ ল’লে ল৷ নল’লে যাঁও মই৷
ঃ অ নালাগে বাইদেউ পইচা নালাগে৷ যাব আপুনি৷
মুখখন সেমেকা কৰি হৰিহৰ কাই গুচি গ’ল৷ এহ বেয়া কথা হ’ল৷
চাবচোন এবাৰ আপুনি সেই ৰিক্সাচালকজনৰ ঠাইত নিজকে ৰাখি চাব৷ কিমান যে কষ্ট কৰে, গৰম, বতাহ–বৰষুণকো নেওচি আপুনি বিচৰা মতেই আপোনাক আপোনাৰ ঠাইখনত থৈ আহেগৈ৷ ইচ্ছা কৰি পইচা বেছিকৈ লোৱা নাই নহয়৷ সেইয়া তেওঁলোকৰ প্ৰাপ্য৷ উফ মানুহজনৰ সেমেকা মুখখন দেখি মনটো সেমেকি গ’ল৷ আজি আপোনাৰ ত্ৰিশ টকা আৰু সাঁচতীয়া সত্তৰ টকাৰে তেওঁ চাগে ঘৰলৈ এশ টকাৰ মাছ বা মাংস কিবা এটা কিনাৰ কথা ভাবিছিল৷ নাই আজি নোৱাৰিলে৷ তাতে গধূলি হৈ আহিছিল৷ তেওঁৰো ভাগৰ লাগি আহিছিল৷ গ’লগৈ তেওঁ ঘৰলৈ এনেকৈয়ে৷ আপোনাৰ অলপো বেয়া নালাগিল! এনেকৈয়ে চলি আছে জীৱনটো৷
(পাঁচ)
অফিছৰ টেনচন এসোপা লৈ ঘৰলৈ আহিছে৷ নববিবাহিতা পত্নীয়ে কৈছে, ইমান দেৰি কৰিলা আজি?
কি কৰিম মই৷ ইমান কাম অফিছত৷ তোমালোকৰতো একো নাই৷ ঘৰত থাকা৷ সেই কাহানী ঘৰ ঘৰ কী সোপা চোৱা৷ আমি হে দিনটো কিমান কষ্ট কৰোঁ৷ অলপটো বুজিবা৷ ৷ এই দেৰি হোৱা কথাবোৰ মোক কৈ নাথাকিবা৷ পত্নীয়ে হয়তো অলপ ভাবিবলৈ বাধ্য হ’ব৷ এৰেঞ্জ মেৰেজৰ ফল নেকি এইয়া৷ বা ভাবিব পাৰে বিয়াৰ আগত ঘৰৰ কাম–কাজত অসুবিধা নহ’বলৈকে চাকৰিটো এৰি দিছিলোঁ৷ কিয় যে এবি দিছিলো জানো৷ মনটো উচুপি উঠিব ক’ৰবাত৷ চাবচোন আপুনি ব্যস্ত বাৰু মানিছোঁ৷ অলপতো ভালকৈ কোৱা হ’লেও হয়৷ ইমান খং ভাল নহয়৷ সম্পৰ্কবোৰ শেষ কৰি পেলায় এই খংবোৰে৷
(ছয়)
আকৌ আপোনাৰ মা আপোনাৰ পত্নী আপোনাৰ কাষত সদায় থাকে৷ আপুনি ভালপোৱা খাদ্য যতনাই থাকোঁতেই আপোনাৰ বাবে ঘৰখনৰ বাবে নিজৰ ভাল লগা খাদ্যবোৰ ৰান্ধিবলৈকে পাহৰি যায়৷ তাৰ পিছতো আমি কওঁ৷
“গৰু দানা সোপা নাখাঁও মই৷ মা’ কিনো বনোৱা সদায় সদায়৷ নাখাওঁ মই৷’’
উচাত মাৰি গুচি যায় আপুনি ভাতৰ পাতৰ পৰা৷ মায়ে আপুনি নেদেখাকৈ চকুপানী টোকে৷ অলপ পিছতই আপোনাৰ হাতত পইচা গুজি দি কৈ যাব তেওঁ৷
ঃ সোণ লোৱা বাহিৰতে কিবা এটা খাই আহিবা আজি ভাত নাখালাই নহয়৷ টিউচনৰ পৰা আহোঁতে, খাই ল’বা৷ এৰা এনেকুৱা আৰু বহু কাহিনী আছে৷ মাজে মাজে কৈ যাম৷ আপোনালোকৰো আছে৷ মনলৈ আহিব বহু কাহিনী৷ সঁচাই আমি যে জীৱনটোত কিমান কি কৰি থকা নাই৷ দিনটোৰ আৰম্ভণি পৰা শোৱালৈকে কিমানক গালি পাৰো৷ টান কথা শুনাও৷ অথচ এবাৰো নাভাবো কিয় কি ক’লো৷ হৈ যায় কেতিয়াবা৷ জীৱনটোৱে শিকায় বহুখিনি আমি জীৱনটোক দি যাওঁ৷ খেলিমেলিবোৰ আহি যায়৷ কিন্তু আমিবোৰে, আমাৰ মনটোৱে সদায় আপত্তি কৰোঁ কি পালোঁ কি নাপালোঁ লৈ৷ পালেও আমাৰ মনত কিবা এটা নোপোৱাৰ আশাবোৰেহে বেছিকৈ আমনি কৰে৷ পালেও অভিযোগ শেষ নহয়৷ মুঠতে সকলোতে আমিবোৰে হিচাপ কৰিলে একো নাপাঁও অথচ আমাৰ বহুত আছে৷ আমি চাবলৈ বিচাৰিবলৈ টান পাওঁ৷ কিন্তু এই যে জীৱনটো ধুনীয়া৷ ধুনীয়াকৈ সজোৱাটো আমাৰ দায়িত্ব৷