পথাৰ
(এছ ইছলাম)
পথাৰত প্ৰখৰ ৰ’দৰ উত্তাপ
আওকাণ কৰি কৃষকে
পথাৰখন চাহ কৰে,
পথাৰতেই কৃষকৰ সপোন
গাভৰু শইচবোৰে
জীৱনৰ পাতনি মেলে৷
পথাৰত কঠীয়াৰ উত্তৰণ ঘটাই
পথাৰখন সেউজীয়া কৰে
পথাৰৰ লেপথেপীয়া
বোকাপানী খচি গাৰ ঘাম মচি
ভুঁই ৰুৱে৷
পথাৰত কঠীয়াই ঠন ধৰি
লহপহ কৈ বাঢ়ে
গাভৰু থোকবোৰে
বতাহত হালে-জালে
লখিমী আইয়ে
মিচিকিয়াই হাঁহে৷
কুঁৱলীৰ আৱৰণ ফালি
পুৱতিৰ ৰ’দজাক গাত লৈ
বিৰিয়াৰ ৰুণ্ জুন্ শব্দেৰে
গাঁৱলীয়া পথ সুসজ্জিত কৰে৷
আইতাই মূৰ দোঁৱাই
কৃষকৰ সপোনৰ ভেঁটিত
জীৱনৰ ৰং বিচাৰি পায়,
আইতাই চোতালখন মচি
লখিমী আইক
আদৰি আনে স্বগৃহলৈ
সাঁচি থ’ব শীতল ভঁৰালত৷
প্ৰভুৰ শ্ৰীচৰণত ভক্তিভাবে
ন-খোৱা লগে ভাগে খাই
প্ৰশান্তি লভে গৃহস্থই
পথাৰতেই কৃষকৰ
ভৱিষ্যতৰ সপোন গঢ়ে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]