ধাৰাবাহিক উপন্যাস – Purbodix.com

ধাৰাবাহিক উপন্যাস

মানুহ মানুহৰ বাবে

(তৃতীয় খণ্ড)

(স্বপ্না বৰঠাকুৰ)

হিচ্ হিচ্ ঝক ঝক কৰি গভীৰ নিশা ৰেলখন আগবাঢ়িল৷ যাত্ৰীৰ নাকৰ ঘোৰঘোৰণি, আসনৰ কাষৰ ড্ৰীম লাইটৰ পোহৰ, মাজে মাজে যাত্ৰীৰ উঠানমা৷ ইয়াৰ বাহিৰে যেন এই গভীৰ নিশা একো অনুভৱ কৰিব পৰা নাযায়৷ নিৰ্দিষ্ট সংৰক্ষিত আসনখনত পৰি লেখিকাগৰাকীয়ে মূৰেগায়ে কম্বলখন টানি লে৷ তেওঁৰ স্বামীও শুই পৰিল সন্মুখৰ নিৰ্ধাৰিত আসনখনতে৷ নাই, ৰেলৰ এনে যাত্ৰাত সঘনাই অভ্যস্ত নহয় তেওঁলোক; তথাপি তেওঁলোকে চেষ্টা কৰিলে টোপনি যাবলৈ৷ এতিয়া যে আপোন পৰিয়ালৰ পৰা আঁতৰত থাকি তেওঁলোকৰ জীৱনৰ সকলো ক্ষণ নিজেই নিয়ন্ত্ৰণ কৰিব লাগিব৷ তেওঁলোকে কামৰূপ এক্সপ্ৰেছেৰে যাত্ৰা আৰম্ভ কৰিছে জানুৱাৰীৰ নিশা বজাত৷ পশ্চিমবঙ্গৰ শান্তিপুৰ পাবগৈ জানুৱাৰীৰ পুৱতি নিশা৷ নাই, তেওঁলোকে নিজৰ যত্ন নিজেই লাগিব৷ গা বেয়া লাগিলে জানো ! কথাবোৰ ভাবি ভাবি গভীৰ নিশা সংৰক্ষিত আসনত দীঘল দি টোপনি লেখিকাগৰাকী; বোধহয় তেওঁৰ স্বামীও৷

 

 ৰাতিপুৱাল৷ চকু মেলিয়েই দেখিলে লেখিকাগৰাকীয়ে কেইবাখনো অচিনাকি মুখে তেওঁলোকৰ ফালে উৎসুকতাৰে চাই আছে৷ লেখিকা গৰাকীৰ সন্মুখৰ একেবাৰে ওপৰৰ আসনখন; এজন পৌঢ় ভদ্ৰলোকে চাই আছে তেওঁৰেই ফালে আৰু তাৰ তলৰ আসনখনতে শুই আছে এগৰাকী মধ্যবয়সীয়া চকলীয়া মুখৰ মোটাৰঙৰ মৰম লগা মহিলা, আৰু অহাযোৱা কৰা বাটটোৰ ওপৰৰ তথা তলৰ আসনখনৰ যুৱক দুজন! হয়, হয় সকলোৱে উৎসুকতাৰে চাই আছে তেওঁলোকৰ ফালে৷ বোধহয় তেওঁলোক লেখিকাহঁততকৈ বহু আগৰ ষ্টেছনতেই উঠি পৰিছিল ৰেলখনত৷ হয়তো, ৰেলখনৰ ভিতৰৰ সমাজখনৰ বিষয়তো কিছু কিছু অভ্যস্ত হৈ পৰিছে তেওঁলোক৷ গভীৰ নিশা হয়তো তেওঁলোকো গভীৰ নিদ্ৰাত ঢলি পৰিছিল; সেয়ে হয়তো তেওঁলোকে গমেই নাপালে কেতিয়ানো লেখিকাগৰাকী কিম্বা তেওঁৰ স্বামী ৰেলখনত উঠি পৰিছিল৷

 সন্মুখৰ ওপৰৰ আসনখনৰ পৌঢ় ভদ্ৰলোকজনে হাঁহি হাঁহি লেখিকাগৰাকী আৰু তেওঁৰ স্বামীৰ পৰিচয় লে৷ তেওঁলোক লৈ যাব তাকো সুধিলে৷ লেখিকাগৰাকীয়ে হাঁহি হাঁহি লে, তেওঁলোকৰ যাত্ৰাৰ কথা; পশ্চিমবঙ্গলৈ প্ৰথমবাৰৰ বাবে অহাৰ কথা৷ মিঠা হাঁহিৰে হৃষ্টপুষ্ট ভদ্ৰলোকজনে লে, “একো চিন্তা নকৰিব, আমি আছোঁ নহয়৷ মোৰো ঘৰ পশ্চিমবংগতে৷ বাংলা মূলৰ আমি৷ থাকো ঢলাত৷ ঢলাশদিয়া দলং যে! লেখিকাগৰাকীয়ে প্ৰত্যুত্তৰ দিলে– “হয় হয়৷’’

  “সেই ঢলাশদিয়া প্ৰকল্পতে মোৰ কাম; যদিও ব্যক্তিগতভাৱে মোৰ ইলেকট্ৰনিকচৰ দোকান আছে৷ উশাহ সলাই মানুহজনে পুনৰ তেওঁৰ তলৰ আসনখনলৈ দেখুৱাই লে, সেয়াই মোৰ পত্নী, মোৰ ৰাও থাকে পশ্চিমবংগতে৷

 এই যে লেখিকাগৰাকীৰ লগত চিনাকি ভদ্ৰলোকজনৰ, তেওঁৰ নাম হৈছে দেবু চক্ৰৱৰ্তী৷ বৰ উদাৰ মনৰ মানুহ তেখেত৷ বাৰে লেখিকাগৰাকী আৰু তেওঁৰ স্বামীয়ে কিবা অসুবিধা পাইছেনেকি, ৰেলত কি খাব লাগে, কি খাব নালাগে সকলো তদাৰক কৰি তেওঁ৷ তেওঁলোকে চাহৰ অৰ্ডাৰ দিলে, কফিৰ অৰ্ডাৰ দিলে৷ লেখিকাগৰাকী আৰু তেওঁৰ স্বামীলৈও অৰ্ডাৰ দিয়ে৷ পইচা দিয়ে তেওঁ নিজেই৷ লেখিকাগৰাকীয়ে জোৰ কৰিলেও তেওঁ পইচা নলয়৷ 

  লেখিকাগৰাকী আৰু তেওঁৰ স্বামীৰ তে কিবা যেন আপোন সম্বন্ধ গঢ়ি উঠিল এই পৌঢ়লোকজনৰ৷ প্ৰতি ষ্টেশ্যনৰ অভিজ্ঞতাৰ কথা তেওঁ কৈ যাবলৈ ধৰিলে লেখিকাগৰাকীক৷ পশ্চিমবঙ্গৰ সমাজ জীৱন, তেওঁলোকৰ কৃষি পদ্ধতি সকলো বৰ্ণনা কৰি এই লোকজনে৷ লেখিকাগৰাকী আৰু তেওঁৰ স্বামীয়ে এনে এজন সহযাত্ৰী পাই যেন বহুত সকাহ পালে! যেন এজন দায়িত্বশীল ককায়েকহে! যিয়ে হাতত ধৰি আগুৱাই নিব পাৰে যাত্ৰা পথ!

  আৰু সেই ভদ্ৰ পৌঢ়লোকজনৰ পত্নী! যি অতপৰে হাঁহি হাঁহি শুনি আছিল কথাবতৰাবোৰ, এইবাৰ তেৱোঁ তেওঁলোকৰ কথাবতৰাত পূৰ্ণ সহযোগ কৰিবলৈ ধৰিলে৷ লেখিকাগৰাকীয়ে বাংলাত লিখামেলা কৰা আৰু কথা পৰা বুলি জানি তেওঁ যেন দুগুণ উৎসাহিত থাওকতে তেওঁ বাংলা ভাষাৰ উচ্চাৰণৰ যেন এক কৰ্মশালাহে কৰি পেলালে৷ দেবু চক্ৰৱৰ্তীয়ে লে, আমাৰ ঘৰতে এনে কৰ্মশালা প্ৰায়েই হয়৷ আমাৰ বাইদেৱে ডঃ ভূপেন হাজৰিকাৰ গান গায়৷ সন্ধিয়া সন্ধিয়া আমাৰ ঘৰত আগতে গানৰ মজলিচ বহিছিল৷

  জানুৱাৰী, দুপৰৰ মধ্য ভাগতে ডবাটোলৈ হুৰমূৰকৈ উঠি আহিল অনেক স্কুলীয়া ছাত্ৰছাত্ৰী৷ কাৰ্বি আংলঙৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখনত পঢ়ে তেওঁলোক৷ শিক্ষামূলক ভ্ৰমণত আহিছে তেওঁলোক৷ যাব হাৰিয়ানালৈ৷ তেওঁলোককগাইড’’ কৰিছে তেওঁলোকৰ লগত অহা শিক্ষককেইজনেই৷

  গাৰো ভাষী ছোৱালী কেইজনীৰ লগত ইংৰাজীতেই কথাবতৰা পাতি লেখিকাগৰাকী চিনাপৰিচয় ল৷ লেখিকা গৰাকী শোৱা ওপৰৰ আসন দুখন তেওঁলোকৰ দুগৰাকীৰ বাবে সংৰক্ষিত৷

  হাঁহি হাঁহি ছোৱালী কেইজনীৰ কথা কোৱা ধৰণটো দেখি বৰ ভাল লাগি লেখিকাগৰাকীৰ৷ সিহঁতৰ কথাবতৰা, খোজকাটলত স্কুলীয়া জীৱনৰ পূৰ্ণ চঞ্চলতা৷ লেখিকাগৰাকীৰ কাষতে বহি পৰিল সিহঁতৰ দুজনী৷ তাৰে এজনীৰ নাম গিটিংচা টি চাংমা আৰু অন্যজনীৰ নাম মিনিমা চ্যা মাৰাক৷ ইয়াৰে গিটিংচা বোলাজনী কিছু ওখ, বগা, লাহী৷ মিনিমা বোলাজনী কিছু চাপৰ, মিঠা বৰণীয়া, মুখত অহৰহ লাগি থকা এটি মিঠা হাঁহি৷

 যাত্ৰাপথটো সুন্দৰ হওক বুলিয়েই হয়তো এইবাৰ সিহঁতে গাৰো ভাষাতে গীত জুৰিলে৷ কি গাইছে বুজিব নোৱাৰিলেও লেখিকাগৰাকীৰ লে সুৰটো বৰ মিঠা কোমল কোমল যেন লাগিল৷ লেখিকাগৰাকীয়ে মূৰ দুপিয়াই, হাত চাপৰি বজায়েই সিহঁতক পূৰ্ণ সহযোগ কৰিলে৷ সহযোগ কৰিলে দেবু চক্ৰৱৰ্তী আৰু লেখিকা গৰাকীৰ স্বামীয়েও৷

  এইবাৰ লেখিকাগৰাকীয়ে ইংৰাজীতে অনুৰোধ কৰিলে তেওঁলোকক ডঃ ভূপেন হাজৰিকাৰ কণ্ঠৰ সেই বিখ্যাত গীতটি গাবলৈ

ক্টদ্Ze shall overcome someday

ত্থ deep in my heart

I do believe

দ্Ze shall overcome someday…ক্ট

হিন্দী, ইংৰাজী, বাংলা, অসমীয়া গোটেইকেইটা ভাষাতে সমস্বৰ কণ্ঠেৰে চলন্ত ৰেলৰ ভিতৰত শুনা এই গীতটি৷ এই যে গিটিংচা আৰু মিনিমা, দেবু চক্ৰৱৰ্তী, লেখিকা আৰু লেখিকাগৰাকী স্বামী সকলোৱে যেন মনপ্ৰাণ ঢালি অনাগত দিনৰ সুভৱিষ্যতকহে আহ৩ান কৰিছে এই গীতৰ যোগেদি! ক্ষন্তেক সময় স্তব্ধ হৈ ৰৈ ফেৰীৱালা, সহযাত্ৰী সকলেও অন্তৰেৰে সহযোগ কৰিলে৷

 কিছু অচিনাকি মুখ অথচ গভীৰ সহৃদয়তাৰে যেন মুখৰ হৈ উঠিল এই ৰে যাত্ৰা!

 

(আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *