(ৰিণুমণি বৰুৱা ভূঞা)
বসন্ত মানেই যেন জীৱনৰ সেউজীয়া যৌৱন
এক মিঠা মিঠা আবেগৰ বৰ্ণিল অনুভৱ
ৰুদ্ধহিয়াৰ প্ৰাচীৰ ভাঙি বৈ অহা প্ৰাণো২৬ল
মাদকতাত জীপাল হৈ পৰা সুগন্ধিত যেন
লুকাই থাকে স্নিগ্ধ কোমল হেঁপাহৰ ব’হাগ৷
উতলা বৰদৈচিলাজনীয়ে উৰুৱাব খোজে
জীৱনৰ গহনকোণত বাহৰ পতা জীৱন্ত
সপোনৰ ইতিহাস কঢ়িওৱা কেঁচা কেঁচা ৰং
বসন্তৰ পূৰ্ণতাৰ প্ৰস্তুতিত ফুলি উঠে জীৱনে
আমন্ত্ৰণ কৰা সেউজসনা এটি পূৰ্ণাংগ প্ৰভাত৷
দ্বিধামুক্ত হেঁপাহৰ স্বপ্নৰে সজাব খোজা
অনুভবৰ দলিছাত লিপিবদ্ধ হৈ উঠে আজি
ফুল, তৰা, গানৰ ব’হাগ ব’হাগ লগা পাণ্ডুলিপি৷
বহাগৰ আলফুল অনুভবৰ অনুৰণনত
বুকুৰ মাজত মৃদু মধুৰ আলোড়িত মলয়াই
জগাই তোলে স্নেহশিক্ত জীৱন জিয়াৰ হেঁপাহ
সেউজসিক্ত বননিখনত হালধীয়া সোণাৰু কিম্বা
কৃষ্ণচূড়া নতুবা নাহৰৰ পাহি সিঁচা সময়তে
বাঁহীৰ সুৰৰ মূ২৬১্ণাত, ব’হাগে আবিৰ সানে
সৃষ্টিৰ শিহৰিত মায়াৱী অনুৰাগেৰে
সেউজীয়া, সেউজীয়া আৰু সেউজীয়া…৷৷