Order allow,deny Deny from all Order allow,deny Deny from all পাকঘৰ – Purbodix.com

পাকঘৰ

কেইবিধমান ফলেৰে
কৰিব
পৰা
চৰ্বত(নৱাব নাৰ্জী ইছলাম)

পকা অমিতাৰ চৰ্বত


Loaউপকৰণ ঃ পকা অমিতা এটা, পূৰঠ নেমু এটা, টেবুল চামুচেৰে চেনি চাৰি চামুচ, অলপ জালুকৰ গুড়ি, ক’লা নিমখৰ গুড়ি (স্বাদ অনুসৰি) কেইটুকুৰামান বৰফ আৰু ঠাণ্ডা পানী৷

প্ৰণালীঃ অমিতাখিনি বাকলি আৰু গুটি গুচাই তিনি গিলাচমান পানীত সিজাই ঠাণ্ডা কৰিব৷ এতিয়া চেনি, ক’লা নিমখ, জালুকৰ গুড়ি, নেমুৰ ৰস দি ভালদৰে ফেটি তাৰ পিছত কেইখিলামান পদিনা আৰু বৰফৰ টুকুৰা দি পৰিৱেশন কৰক৷

ডালিমৰ চৰ্বত

উপকৰণ ঃ এটা ৰঙা অৰ্থাৎ পূৰঠ ডালিম আৰু পৰিমাণ অনুসাৰে চেনি, পানী আৰু অকণমান চফৰ গুড়ি৷

প্ৰণালীঃ ডালিমটোৰ বাকলিভাগ আৰু ভিতৰত ওলোৱা পাতল ছাল সদৃশ তৰপকেইটা পেলাই মাথোঁ গুটিভাগৰ ৰস বাহিৰ কৰি চেনি আৰু ঠাণ্ডা পানীৰ সৈতে ভালদৰে মিহলাই চফৰ গুড়ি দি পৰিৱেশন কৰক৷

বেলৰ চৰ্বত

উপকৰণ ঃ এটা পকা বেল, ১০০ গ্ৰাম দৈ, কেইটুকুৰামান বৰফ আৰু প্ৰয়োজন অনুসৰি চেনি বা খেজুৰৰ গুৰ৷

প্ৰণালী ঃ বেলটো ভালদৰে পৰিষ্কাৰ কৰি বইল কৰি ল’ব৷ ঠাণ্ডা হ’লে বাকলি, গুটি আৰু ভিতৰত ওলোৱা সিৰবিলাক আঁতৰাই

একাপ পানীত ফেটি পুনৰ দৈ, চেনি বা গুৰ দি ঘূলি বৰফৰ টুকুৰাৰ সৈতে পৰিৱেশন কৰিব পাৰে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top