সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

অসমীয়া সাহিত্যৰ মানঅসমীয়া সাহিত্যৰ প্ৰচাৰ৷

আধুনিক অসমীয়া সাহিত্যৰ ভেঁটী হয়তো বহুতে কোৱাৰ দৰে মিশ্যনেৰীসকল অহাৰ পাছতহে হৈছিল৷ সেইয়া আছিল ১৮২৬ পৰা প্ৰায় ১৮৭০ চন মানৰ কথা৷

তাৰ পাছত ১৮৭০ পৰা ১৮৯০ চনলৈকে হেমচন্দ্ৰ বৰুৱা আৰু গুনাভিৰাম বৰুৱাই আধুনিক অসমীয়া সাহিত্যলৈ তেখেতসকলৰ সৃষ্টিৰাজি আগবঢ়াইছিল৷

ইয়াৰ পাছতেই অৰ্থাৎ ১৮৯০ পৰা ১৯৪০ চন মানলৈ অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগলক্ষ্মীনাথ বেজবৰুৱাৰ যুগ বুল পাৰি৷

সেই চৰ্যাপদৰ সৃষ্টিৰ পৰা অৰুণোদয়ৰ যুগলৈ জোনাকী, বাঁহীৰ পৰা বৰ্তমানৰ সাতসৰী, প্ৰান্তিকলৈ ভক্তিমূলক, দেশপ্ৰেমমূলক, ৰোমাণ্টিক আদি বিভিন্ন ধৰণৰ সাহিত্য চৰ্চা অসমীয়া ভাষাত নিৰৱচিন্নভাৱে হৈ আহিছে৷

২০০১ চনৰ লোকপিয়ল মতে অসমত অসমীয়া কোৱা লোকৰ সংখ্যা ,৩০,ৰৰ,০০০ জন৷ ২০১১ চনৰ লোকপিয়লয়ত কিন্তু অসমীয়া ভাষী লোকৰ সংখ্যা প্ৰায় ৪০ণ হ্ৰাস পাইছে৷

সমসাময়িকভাৱে অসমীয়া সাহিত্যৰ সৈতে আগবাঢ়ি গৈছে ভাৰতবৰ্ষৰ আন আন ভাষাৰ সাহিত্যও৷ উৰিয়া, বঙালী, তামিল, তেলেগু, পাঞ্জাবী ইত্যাদি বিভিন্ন ভাষাৰ সাহিত্যই ইতিমধ্যে বিদেশত নামসুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে এই ভাষাসমূহৰ গ্ৰন্থ জনপ্ৰিয় হৈছে, সমাদৃত হৈছে, এই ভাষাসমূহৰ লিখক আৰু তেওঁলোকৰ সৃষ্টি৷

কিন্তু অনুভৱ হয় ইণ্টাৰনেটৰ ইমান বহুল প্ৰচলন আৰু সুবিধাৰ পাছতো অসমীয়া সাহিত্য আন ভাষাৰ সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দৰে সমানে আগবাঢ়িব পৰা নাই৷ আমাৰ সাহিত্যিকসকলে ইয়াৰ কাৰণ বিশ্লেষণ কৰা উচিত৷ এই মুহূৰ্তত মোৰ মনত পৰি যোৱাকৈ অসমীয়া সাহিত্যৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সাহিত্য সৃষ্টি মই মনত পেলাব পৰা নাই৷

অসমীয়া সাহিত্যৰ এই বিশ্বমুখী অনগ্ৰসৰতাৰ অন্যতম কাৰক হৈছে আমাৰ সাহিত্যিকৰ সৃষ্টিসমূহ অন্য ভাষালৈ অনুবাদ নোহোৱাটো৷ এনে লাগে যেন অনুবাদ সাহিত্যিক অসমীয়াৰ মাহী আইৰ চকুৰে চোৱা হয়৷ আজিলৈকে কেইজন মহান অসমীয়া সাহিত্যিকৰ সৃষ্টিৰাজী বিশ্বৰ অন্য ভাষালৈ অনুদিত হৈছে আমি নাজানোহয়তো তেনেই নগণ্য৷

শেষত পুনৰ দোহাৰিম যে অসমীয়া সাহিত্যৰ মান যদি দেশবিদেশত প্ৰচাৰ কৰিবলৈ হয় তেনেহলে অনুবাদ সাহিত্যৰ বাহিৰে আন বিকল্প নাই৷

অসমৰ সমূহ সাহিত্য সংগঠনপ্ৰকাশক আৰু লেখকসকলক এই বিষয়ে পুনৰবাৰ ভাবি চাবলৈ অনুৰোধ জনালোঁকাৰণ আমাৰ সাহিত্যিকসকলৰ সৃষ্টিৰাজি বিশ্বমানৰলক্ষ্মীনাথৰ পৰা মামণি বাইদেউলৈকেএটি এটি নক্ষত্ৰত পোহৰে পোহৰাই তোলা অসমীয়া সাহিত্যৰ ভড়াল৷

চিৰ চেনেহী মোৰ ভাষা জননী

Leave a Reply

Your email address will not be published. Required fields are marked *