প্ৰাণহানিৰ আশংকাৰ মাজৰে খাদ্যভাসৰ চখ(ৰীতু গগৈ) – Purbodix.com

প্ৰাণহানিৰ আশংকাৰ মাজৰে খাদ্যভাসৰ চখ(ৰীতু গগৈ)

 সমগ্ৰ পৃথিৱী জুৰি আছে সুকীয়া খাদ্যভাসৰ, খাদ্যবিলাসী লোক৷ প্ৰতিখন দেশৰ ভিন্ন প্ৰান্তৰ লোকসকলে গ্ৰহণ কৰে বিশেষ ধৰণৰ খাদ্য৷ সাধাৰণতে জীয়াই থাকিবলৈকে খাদ্য গ্ৰহণ কৰা হয়, স্বাস্থ্যসন্মত, সোৱাদযুক্ত কথাকেইষাৰৰ লগতে জড়িত চখ কথাষাৰো৷ চখৰ বাবে গ্ৰহণ কৰা খাদ্যবস্তু কেতিয়াবা প্ৰাণহানিৰ ভাবুকিস্বৰূপো পাৰে৷ তেনেধৰণৰ বস্তু পৃথিৱীৰ প্ৰায় সকলো ঠাইৰ লোকেই গ্ৰহণ কৰেঠাইবিশেষে খাদ্যসমূহ সুকীয়া হয়৷ কিছুমান খাদ্যই আমাৰ অপকাৰ সাধন কৰিব বুলি জনাৰ পিছতো আমি গ্ৰহণ কৰাৰ পৰা বিৰত নাথাকো৷ খাদ্যত বিষক্ৰিয়া ঘটা বা খাদ্য গ্ৰহণ কৰা আদি খবৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পায়েই থাকো৷ শৰীৰৰ বাবে ক্ষতিকাৰক বা প্ৰাণনাশৰ ভাবুকিস্বৰূপ বুলি জানিও একাংশ লোকে গ্ৰহণ কৰা কেইবিধমান খাদ্যৰ বিষয়ে উল্লেখ কৰা

গ্ধ Blood clams (ব্লাড ক্লেমচ্) দক্ষিণ আফ্ৰিকা, উত্তৰপূৱ এছিয়া, অষ্ট্ৰেলিয়া আদি দেশত পোৱা যায় পানীৰ তলত বসবাস কৰা ব্লাড ক্লেমচ্ নামৰ জীৱবিধ৷ ইয়াৰ ভিতৰত থকা ৰঙা ৰঙৰ টিচুৰ বাবেই ইয়াক ব্লাড ক্লেমচ্ নামেৰে জনা যায়৷ অক্সিজেনৰ কম মাত্ৰা থকা ঠাইত উপলব্ধ ব্লাড ক্লেমচ্ থাকে ভাইৰাছ আৰু বেক্টেৰিয়াযি হেপাটাইটিচ , টাইফয়ড আদি বেমাৰৰ সৃষ্টি কৰি শৰীৰক অশান্তি দিব পাৰে৷ ১৯৮৮ চনত চাংহাইত লাখ লোক বেমাৰত আক্ৰান্ত হৈছিল আৰু ৩১ জন লোকৰ মৃত্যু হৈছিল ব্লাড ক্লেমচ্ পৰিৱেশন কৰি৷ অৱশ্যে ভালকৈ সিজাই নাখালেহে এনেবোৰ সমস্যাৰ সৃষ্টি পাৰে বুলি কোৱা হয়৷ কিন্তু প্ৰাণলৈ ভাবুকি অনা খাদ্য হিচাপে ঠাইবিশেষে চৰকাৰীভাৱে নিষিদ্ধ ঘোষণা কৰা হয় এই খাদ্যবিধক৷

(গ্ধ Fugu Fish (ফুগু ফিচ) ইঞ্চিৰ পৰা ফুটলৈকে ডাঙৰ হোৱা ফুগু ফিচক বাফাৰ ফিচ নামেৰেও জনা যায়৷ পেটত পানী ভৰাই থয় বাবে দেখাত বলটোৰ দৰে লাগে, এনে অৱস্থাত ইয়াক ধুনীয়াও দেখি৷ পৃথিৱীত এই মাছবিধৰ প্ৰায় ১২০ টা প্ৰজাতি আছে৷ কিন্তু এই মাছবিধত আছে ট্ৰেডৰ নামৰ আৰ্চেনিক আৰু চায়নাইউতকৈ বেছি ভয়ংকৰ বিহ৷ এটা মাছত থকা বিহে ৩০ জন লোকৰ প্ৰাণহানি কৰিব পাৰে৷ জাপানৰ লোকে বেছিকৈ গ্ৰহণ কৰে প্ৰাণহানি মাছবিধৰ সোৱাদ৷ থাইলেণ্ডত অৱশ্যে বন্ধ কৰা হৈছে ফুগু ফিচৰ খাদ্যসম্ভাৰ৷ উল্লেখযোগ্য যে এই মাছবিধ ৰান্ধিবলৈ লাগে বিশেষ প্ৰশিক্ষণ৷ প্ৰশিক্ষণপ্ৰাপ্ত নহলে কোনো লোকে এই খাদ্য ৰান্ধিবৰ বাবে অনুজ্ঞাপত্ৰ লাভ নকৰে৷ কিয়নো ফুগু ফিচ ৰান্ধোতে যদি ৰন্ধন কাৰ্যৰ সামান্য ইফালসিফাল ঘটে তেন্তে খোৱাৰ পিছত মানুহৰ মৃত্যুপৰ্যন্ত ঘটিব পাৰে৷

 

গ্ধ Kepayang fruit (কেপায়াং ম্ফ্ৰুট) মালয়ছিয়াত উপলব্ধ এবিধ ফল কেপায়াং৷ স্থানীয় লোকৰ প্ৰিয় খাদ্য যদিও ইয়াত পোৱা যায় অত্যাধিক পৰিমাণৰ চায়নাইড৷ ফলবিধ পৰিৱেশনৰ বিশেষ পদ্ধতি আছে৷ যদি ভালকৈ সিজাই নাখায় তেন্তে মৃত্যু নিশ্চিত৷ বৰ্তমান অৱশ্যে এই গছৰ সংখ্যা কমি আহিছে৷ কাৰণ বানপানী লে গছডাল নিজে নিজে উভালি পৰে৷

গ্ধ A casu marzu (কাজু মাৰ্ডজু) নিৰামিষভোজী লোকসকলৰ বাবে অতি প্ৰিয় খাদ্য পাৰে চীজ, পনীৰ আদি৷ ইটালীৰ চাৰদিনিয়াত ভেৰাৰ গাখীৰেৰে প্ৰস্তুত কৰা চীজত দিয়া হয় এবিধ উৰণীয়া পোকৰ পলুইয়াৰ ফলত চীজখিনি দুগুণ ক্ৰীমি হয়৷ এই চীজ এনেদৰে প্ৰস্তুত কৰিবলৈ যাওঁতে যদি কেনেবাকৈ পোকৰ পলুবোৰ মৰি যায় তেন্তে সেই চীজ খোৱাৰ অনুপযোগী হৈ পৰে৷ চীজৰ ভিতৰত পোকৰ পলুবোৰ জীয়াই থাকিলেহে খোৱাৰ উপযোগী হৈ থাকে৷ সেয়ে ইয়াৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়৷ তদুপৰি চীজৰ ওপৰত হাত ৰাখিহে পৰিৱেশন কৰিব লাগে৷ অন্যথা ১৫ ছেঃমিঃ লৈকে উফৰি আহিব পৰা পোকবোৰ ক্ষতিসাধন কৰিব পাৰে৷ প্ৰাণনাশ পৰা এই চীজ যদিও নিষিদ্ধ কৰা হৈছে ব্লেক মাৰ্কেটত (লা বজাৰ) কিন্তু দুগুণ দামত বিক্ৰী কৰা হয়৷

গ্ধ অক্টোপাছ পৃথিৱীত আমিষভোজীৰ সংখ্যা যেনেদৰে বেছি তেনেদৰে খাদ্যবিলাসিতাও সুকীয়া ধৰণৰ হয়৷ বহু ঠাইত জীৱিত অৱস্থাতে বস্তু খোৱাৰ পৰম্পৰাও আছে৷ ইয়াৰ ভিতৰত অক্টোপাছ অন্যতম৷ সাগৰীয় প্ৰাণী অক্টোপাছত খাদ্য হিচাপে বিশেষভাৱে গ্ৰহণ কৰে কোৰিয়া, চীন, জাপান আদি দেশত৷ পুৰুষৰ সমানে মহিলাসকলেও জীয়াই জীয়াই পৰিৱেশন কৰে অক্টোপাছ এইসমূহ দেশত৷ বিশেষ পদ্ধতিত জীয়াই জীয়াই অক্টোপাছ গ্ৰহণ কৰোতে শ্বাসৰুদ্ধ হৈ বহুতৰ মৃত্যুপৰ্যন্ত ঘটে৷ কেতিয়াবা সামান্য সিজাই বিভিন্ন পদ্ধতিত কাটি চাটনিৰ লগত খাওঁতে অক্টোপাছৰ শৰীৰৰ বিভিন্ন অংশবোৰে লৰচৰো কৰি থাকে৷

গ্ধ Fesikh (ফেচিক) ইজি৫১ পৰম্পৰাগত খাদ্য সম্ভাৰৰ অন্যতম ফেচিক নামৰ মাছবিধ৷ বিশেষভাৱে তেওঁলোকৰ (ইজিপ্তয়ানসকল) চামএলিমনচিম উৎসৱত গ্ৰহণ কৰা হয় এই খাদ্যসম্ভাৰ৷ ফেচিক মাছবিধ খোৱাৰ প্ৰস্তুতিপৰ্ব পৰম্পৰাগতভাৱে দীঘলীয়া পদ্ধতিৰে কৰা হয়৷ প্ৰথমে দত শুকুৱাই লয়, পিছত নিমখত দি থয়৷ কিন্তু ইজি৫১ স্বাস্থ্য মন্ত্ৰালয়ে ক্ৰনিক ডিজিজ থকা লোকসকলক সমূলি এই খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা জাৰি কৰি থৈছে৷ কাৰণ ইয়াত ছডিয়াম ক্লৰাইড অত্যধিক পৰিমাণৰ থকাৰ বাবে স্বাস্থ্যৰ ক্ষতিসাধন হয়৷ যদি তেলত গভীৰভাৱে নাভাজিলে খোৱাৰ পিছত বেমাৰত পৰাটো নিশ্চিত৷ প্ৰতি বছৰে ফেচিক খাই বহু মানুহ বেমাৰত আক্ৰান্ত হয় আৰু মৃত্যু পৰ্যন্ত ঘটে৷

গ্ধ লিচু লিচু আমাৰ সকলোৰে পৰিচিত গ্ৰীষ্মকালীন ফল৷ কিন্তু এই ফলবিধ খাই কেইবছৰমান ধৰি মিজাফ্ফাপুৰত বহুতো ৰাছোৱালীৰ মৃত্যু ঘটিছিল৷ পিছত পৰীক্ষানীৰিক্ষা কৰি গম পোৱা গৈছিল যে খালী পেটত কেঁচা লিচু বেছিকৈ খালে মৃত্যু ঘটিব পাৰে৷ কাৰণ লিচুত এনে এবিধ টক্সিড আছে যাৰফলত খালী পেটত কেঁচাকৈ খালে ব্লাচ চুগাৰ লেভেল কমি যায়৷ কিন্তু ভৰা পেটত পকা লিচু কমকৈ খালে কোনো ধৰণৰ অপকাৰ সাধন নহয়৷

এনেধৰণৰ বহুতো খাদ্য পৰম্পৰা পৃথিৱীৰ বিভিন্ন অঞ্চলত আছে, যিবোৰ প্ৰাণনাশী বুলি জানিও মানৱ সভ্যতাই গ্ৰহণ কৰে বিনাদ্বিধাই৷ আমাৰ অসম তথা উত্তৰপূৰ্বাঞ্চলতো আছে সুকীয়া খাদ্যভ্যাস৷ আমাৰ অসমত কাঠফুলা খাই বিষক্ৰিয়া হোৱা ঘটনা প্ৰায়ে শুনিবলৈ পাই থাকো৷ জীৱনলৈ ভাবুকি অহা খাদ্যগ্ৰহণৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰা উচিত৷ অপথ্য বা কোনটো খাদ্যৰ লগত কোনবিধ খাদ্যৰ সংমিশ্ৰণ ঘটিলে শৰীৰৰ বাবে অপকাৰী পাৰে তাৰ জ্ঞান নি( ৰখা উচিত৷ তদুপৰি বিষক্ৰিয়া থকা বা প্ৰাণহানিৰ ভাবুকি থকা খাদ্যবস্তু গ্ৰহণ কৰাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো ভাল৷ কিন্তু জানিবুজি প্ৰাণহানিৰ আশংকা থকা খাদ্যবস্তু গ্ৰহণ কৰা লোকসকল হয়তো ব্যতিক্ৰমী খাদ্যাভ্যাসেৰে অনন্য সোৱাদ লাভ কৰিব বিচাৰে যিবোৰৰ পৰা আমি সাধাৰণ লোক আঁতৰি থকাই শ্ৰেয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *