আম খোৱাৰ আগতে – Purbodix.com

আম খোৱাৰ আগতে

কিয় পানীত তিয়াই থ’ব লাগে?(ড॰ দিলোৱাৰ হক)


গ্ৰীষ্মকালত বজাৰত পোৱা ফলবোৰৰ ভিতৰত এটা অন্যতম ফল আম৷’’ আপুনি নি( পকা আম খাবলৈ ভাল পায়৷ প্ৰিয় ফলৰ তালিকা এখন প্ৰস্তুত কৰিবলৈ লে নিশ্চিত যে এই তালিকাত আমৰ নাম সন্নিবিষ্ট ! আমাৰ মাজৰ গৰিষ্ঠসংখ্যকৰে প্ৰিয় ফলবোৰৰ ভিতৰত আম অন্যতম৷ আমৰ জুতি সকলো বয়সৰ ব্যক্তিয়েই লোৱা দেখিবলৈ পোৱা যায়৷ ভিটামিনআৰু ভিটামিনচি দৰে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ উৎকৃষ্ট উৎস পকা আম৷ এই পুষ্টিকৰ উপাদানসমূহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, চকুৰ স্বাস্থ্য আৰু ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ লগতে পকা আমত পোৱা আঁহ জাতীয় অংশই আমাৰ খাদ্য হজম কৰাৰ শক্তি বৃদ্ধি কৰে আৰু ওজন নিয়ন্ত্ৰণৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

পকা আম খোৱাৰ আগতে পানীত তিয়াই লাগে বুলি এক সাধাৰণ বিশ্বাস আমাৰ সমাজত প্ৰচলিত আছে৷ বহুতে হয়তো ইয়াৰ অন্তৰালত থকা কাৰণ নাজানিও পকা আম খোৱাৰ আগতে আমবোৰ পানীত কিছুপৰ ডুবাই ৰাখি খাইছে৷ পকা আম খোৱাৰ আগতে পানীত তিয়াই ৰাখিব লাগে বুলি চিকিৎসা বিজ্ঞানৰ যুক্তি আছে৷ পকা আম খোৱাৰ আগতে পানীত তিয়াই ৰাখিলেই স্বাস্থ্যৰ বাবে উপকাৰী হয়৷

আমত বিটাকেৰটিন (beta-carotene) আৰু ফ্লেভনইডচ (flavonoids) আদি এণ্টিঅক্সিডেণ্ট (antioxidants) প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এই এণ্টিঅক্সিডেণ্টবোৰে আমাৰ শৰীৰৰ কোষবোৰক ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে আৰু লগতে হৃদৰোগ, কেন্সাৰ আদি দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনাও কমোৱাৰ বাবে কাম কৰে৷ পকা আমত থকা পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিনকেহৃদযন্ত্ৰৰ স্বাস্থ্য, হাড়ৰ শক্তি আৰু সামগ্ৰিক সুস্বাস্থ্যৰ বাবে অপৰিহাৰ্য৷

পকা আম খোৱাৰ আগতে পানীত তিয়াই ৰাখিলে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী৷ আমৰ বাহিৰৰ আৱৰণত থকা ফাইটিক এচিডে (phytic acid) আমাৰ শৰীৰত জিংক (zinc), আইৰণ (iron) আৰু এণ্টিঅক্সিডেণ্ট (antioxidants) শোষণ কৰাত বাধা দিয়ে৷ দৰাচলতে পকা আমৰ বাহিৰৰ তৰপত (বাকলিত) পোৱা এই সক্ৰিয় যৌগটোৱে আমত থকা উপকাৰী পুষ্টিকৰ দ্ৰব্য আমাৰ শৰীৰে বাধাৰ সৃষ্টি কৰে৷ পকা আম পানীত তিয়াই নাৰাখি খালে মূৰৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা পাৰে৷ পকা আম খোৱাৰ আগতে পানীত তিয়াই ৰাখিলে ফাইটিক এচিড ধুই নাইকিয়া হয়, যাৰ ফলত শৰীৰৰ প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ ভালদৰে শোষণ হয়৷

গছৰ পৰা আম ছিঙাৰ পিছত আৰু সংৰক্ষণৰ লগতে পৰিবহনৰ সময়ত কিছুমান প্ৰদূষকৰ সংস্পৰ্শলৈ আহিব পাৰে৷ গতিকে এই প্ৰদূষকৰ পৰা মূক্ত কৰাৰ বাবেও পকা আম খোৱাৰ আগতে পানীত তিয়াই লাগে৷ পকা আম খোৱাৰ আগতে পানীত তিয়াই ৰাখি ধুই দিলে আমৰ বাহিৰৰ পৃষ্ঠৰ যিকোনো মলি বা কীটনাশক দ্ৰব্যও আঁতৰি যায়৷

 

গতিকেই পকা আম খোৱাৰ আগতে পানীত তিয়াই থৈ খালে আমাৰ স্বাস্থ্যৰ বাবে লাভদায়ক হয়৷ vv

Leave a Reply

Your email address will not be published. Required fields are marked *