দীপ্ত-শান্ত দিগন্ত প্ৰহৰী – Purbodix.com

দীপ্ত-শান্ত দিগন্ত প্ৰহৰী

কলাগুৰু বিষ্ণুৰাভাৰ ব্যক্তিত্ব(ৰেণুপ্ৰভা ফুকন ৰাজকোঁৱৰ)

‘‘ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্ যলোহাৰ শিকলি ভাঙ্

ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্ যদাসত্বৰ বান্ধোন ছিঙ্

খোল্ খোল্ খোল্ খোল্ যকাৰাৰ ফাটক খোল্’’

এয়া আছিল এক বহুধা বিভক্ত ব্যক্তিত্বৰ জনতাক উদ্দেশ্যি কৰা এক উদাত্ত আহ্বান৷ এক বজ্ৰ নিনাদ৷ হালোৱাহজুৱা দিন মজুৰৰ হিয়াৰ আঁমঠু সেই বিপ্লৱ সত্তা সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা৷ এইদৰেই বিষ্ণুপ্ৰসাদ ৰাভাই এক কাব্যিক চেতনাৰে লোহাৰ শিকলি ভাঙি, দাসত্বৰ বান্ধোন ছিঙি তথা কাৰাৰ ফাটেক খুলি মুকলি আকাশৰ তলত ৰঙা নিচান উৰুৱাবলৈ জনতাক উদ্বুদ্ধ কৰিছিল৷

বাংলাদেশৰ ঢাকা নগৰৰ লাইন আৰু বেৰাকত ১৯০৯ চনৰ ৩১ জানুৱাৰীত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়৷ ঢাকা নগৰৰ মিলিটাৰীস্কুলৰ বাংলা ভাষাৰ জৰিয়তে শিক্ষা লাভ কৰা ৰাভাই ৰিপন কলেজত বি.এছ.চিত নামভৰ্তি কৰা প্ৰথমজন অসমীয়া ছাত্ৰ আছিল৷ আনকি সেই কলেজত তেওঁ সাধাৰণ সম্পাদকৰ পদ অলংকৃত কৰিছিল৷ জ্যোতিপ্ৰসাদৰ মৃত্যু হোৱাৰ পাছত ১৯৫১ চনত বিষ্ণু ৰাভাই ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ দায়িত্ব লৈ মানুহৰ মুক্তি চেতনা, সমাজ জীৱনৰ গতিশীল চৰিত্ৰত জাগতিক চিন্তাৰ বাহক ৰূপেৰে মানুহৰ কল্যাণৰ যাবে অহোপুৰুষাৰ্থ কৰিছিল৷ সমাজ মুক্তিৰ পক্ষে মাত মাতি দৰিদ্ৰ সৰ্বহাৰাৰ জীৱনলৈ মুক্ত বতাহজাক ধনী জমিদাৰৰ বৰঘৰৰ পৰা উলিয়াই আনি মানুহৰ মাজত বিলাবলৈ চেষ্টা কৰিছিল৷ জনতাৰ জাগৰণৰ অবিহনে মুক্তি অসম্ভৱ এই কথা তেখেতে বুজি উঠিছিল৷ পৰাধীনতাৰ শিকলি ছিঙি দলিয়াই পেলাবলৈ সেয়ে তেওঁ বৰ অসমৰ জাতিজনজাতি, ৰণুৱাবণুৱাক বিপ্লৱী সুৰেৰে জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল৷ স্বাধীনতাৰ প্ৰকৃত ব্যাখ্যা, পৰিভাষাৰ ব্যাকৰণৰ নিটোল চৰিত্ৰক বৰ্ণনা কৰোঁতে চৰকাৰৰ ৰোষত পৰা ৰাভাক ১৯৬২ চনৰ ১৯ নৱেম্বৰৰ দিনা চীনভাৰতৰ যুদ্ধৰ ধামখুমীয়াৰ মাজতে কংগ্ৰেছ চৰকাৰে দেশদ্ৰোহী আখ্যাৰে আখ্যায়িত কৰি উৰিষ্যাৰ বৰহমপুৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছিল যাৰ চৰ্চা আছিল হৃদয়বিদাৰক৷ মুক্তিনামী জনতাৰ কণ্ঠ ৰোধ কৰাৰ এই প্ৰচেষ্টা আছিল গণতন্ত্ৰৰ একান্ত পৰিপন্থী৷

কুৰি শতিকাৰ ভাগত অসম মাতৃভূমি উন্নতিৰ বাবে মানৱ সমাজৰ হিতৰ বাবে সাহিত্য, কৃষ্টি, সংস্কৃতি, ৰাজনীতি, সমাজনীতি, সংগীত, নৃত্য সকলো দিশতেই আগুৱাই নিবৰ বাবে যিজনে অহৰহ সেৱাৰ মনোভাৱেৰে কাম কৰিছিল সেইজনেই বিষ্ণুপ্ৰসাদ ৰাভা৷ ৰাভাদেৱে ফুটবলৰ পৰা আৰম্ভ কৰি নাট, কবিতা, গীত, নৃত্য, অভিনয় আৰু সুন্দৰ অপূৰ্ব সৃষ্টিৰে অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিষ্ণু ৰাভাৰ পাণ্ডিত্য অতুলনীয়৷ সৰুৰে পৰাই তেওঁ গাঁৱে গাঁৱে ঘূৰিপকি আইনাম, বিহুগীত, লোকগীত, টোকাৰী গীত, লোকনৃত্য আদি বিভিন্ন জ্ঞান অৰ্জন কৰিছিল৷ এনেদৰে আহৰণ কৰা অভিজ্ঞতাই ৰাভাৰ সংস্কৃতিৰ চেতনাক পৰিপক্ব কৰি তুলিছিল৷ ৰাভাই সত্ৰীয়া নৃত্যৰ লগতে শিৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰি সকলোকে চমক খুৱাইছিল৷

১৯৪৯ চনত বিষ্ণু প্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নৃত্যই তেওঁক ৰূপত তুলি ধৰিলে৷ ভাৰতীয় সাংস্কৃতিক জগতৰ বাবে ৰাভা এক বিপ্লৱী সত্তা হৈ নাথাকিল, ভাৰতৰ সংস্কৃতিক চহকী কৰা এজন অনন্য শিল্পী ৰূপেৰে ভাস্বত ল৷

 

১৯৪৬ চনত চিৰাজত তেওঁ কৰা সেই অপূৰ্ব অভিনয়ে ৰাভাদেৱবৰ শিল্পী সত্তাৰ দুৰন্ত প্ৰতিভাক নতুন ৰূপত তুলি ধৰিছিল যাৰ ৰঙে কাশী হিন্দু বিশ্ববিদ্যালয়ত পূৰ্ণতা লাভ কৰিছিল৷ ৰাভাদেৱৰ শিবৰ তাণ্ডৱ নৃত্য দেখি খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰে ভূয়সী প্ৰশংসা কৰিছিল৷ সৰ্বপল্লী ৰাধাকৃষ্ণণেও তেওঁৰ ভাণ্ডৱ নৃতাত সন্তুষ্ট হৈকলাগুৰুউপাধি প্ৰদানৰ লগতে সোণৰ পদকেৰে সন্মানিত কৰিছিল৷ ইয়াৰ উপৰি বহুধৰণৰ বাদ্যযন্ত্ৰ যেনেচেতাৰ, বেহেলা, বাঁহী, হাৰমনিয়াম, তবলা, ক্লেৰিওনেট আদিৰ ওপৰত ৰাভাৰ দক্ষতা আছিল অতুলনীয়৷ তেখেতে ঢোলক, মৃদংগ, খোল, পাখোৱাজো ভালদৰে বজাব পাৰিছিল৷

কলাগুৰু, ৰাভাদেৱৰ গীত, সুৰত লুকাই আছে গভীৰ আৰু বিস্তৃত সাধনা৷ জীৱন্ত কালতেই কিম্বদন্তীত পৰিণত হোৱা এইজনা মহান শিল্পীয়ে আমাক উপহাৰ দি গৈছে বহু সোণসেৰীয়া গীত৷ চিৰযুগমীয়া গীতসমূহৰ বহুচৰ্চিত কেইটামান গীত হৈছেপৰজনমৰ শুভ লগনত, সুৰৰে দেউলৰে ৰূপেৰে শিকলি, বিশ্বৰ ছন্দে ছন্দে, বিলতে হালিছে, ধুনীয়া পদুমী, নিচলা আইৰে, উটি যা ৰূপালী নাও, গুৰু মোৰ শংকৰ, আজি মন্দিৰৰ দুৱাৰ খোলা, উলাহেৰে নাচিবাগি, কুৰুৱা বতাহে, কাৰখানাৰ চিটিৰ হুমুনিয়া, আদি৷

বিষ্ণুৰাভাই নিজে লিখা আৰু নিৰ্দেশনাত বেউলা, ৰতনী, বিহুৱতী, জন্মাষ্টমী, বৰদৈচিলা, শংকৰদেৱ, মাধৱদেৱ নাটকৰ গ্ৰামোফোন ৰেকৰ্ড কৰাইছিল৷ জ্যোতিপ্ৰসাদৰজয়মতীআৰুশোণিতকুৱঁৰীনাটক দুখনো ৰাভাই ৰেকৰ্ড কৰিছিল৷ সেই যুগত গ্ৰামোফোন ৰেকৰ্ড আছিল মানুহৰ কাষ চাপিব পৰা একমাত্ৰ গণমাধ্যম, যাৰ জৰিয়তে ৰাভাই ৰাইজৰ মাজত জনপ্ৰিয়তা আৰু যোগাযোগৰ শিপাডাল বঢ়াব পাৰিছিল৷

কমৰেড বিষ্ণুৰাভাই কৃষকশ্ৰমিকৰ পৰা অকুণ্ঠ চেনেহ আৰু প্ৰীতি পাইছিল৷ বিষ্ণুৰাভা জাতীয়তাবাদী আছিল; কিন্তু উগ্ৰ জাতীয়তাবাদৰ পৰা দূৰত আছিল৷ তাত্ত্বিক দিশৰ পৰা প্ৰকৃত কমিউনিষ্ট নহলেও ৰাভা আছিল অতি নিষ্ঠাবান৷ তেওঁ যি চিন্তা কৰিছিল কাৰ্যত পৰিণত কৰাৰ প্ৰয়াস কৰিছিল৷ ৰাভাদেৱে শংকৰদেৱৰ সাংস্কৃতিক চেতনাৰ পৰা আঁতৰি যোৱা নাছিল৷ সেয়ে তেওঁৰ জাতীয়তাবাদ আছিল উদাৰ আৰু গভীৰ৷ ৰাভাৰ মহান প্ৰয়াস আছিল জাতিভেদ, বৰ্ণভেদ, সাম্প্ৰদায়িকতাৰ আঁতৰত ৰাখি এক মহান অসমীয়া সংস্কৃতি গঢ়ি তোলা৷ বিষ্ণুৰাভাই সমাজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই থকা জাতিভেদ, বৰ্ণভেদৰ বিষাক্ত বীজাণুৰ কথা ভালদৰে জানিছিল৷ সেয়ে তেওঁ পাপকহে ঘৃণা কৰিছিল পাপীক নহয়৷

বিষ্ণুৰাভাৰ বিবাহিত জীৱন আছিল বৈচিত্ৰ্যপূৰ্ণ৷ ১৯৩৬ চনত ৰাভাই সুগায়িকা প্ৰিয়বালাৰ লগত বিবাহ বান্ধোনত আৱদ্ধ হয়৷ কিন্তু দুৰ্ভাগ্যবশতঃ ৰাভাদেৱৰ বিয়াৰ ছমাহৰ পিছতেই প্ৰথমা পত্নী প্ৰিয়বালাৰ মৃত্যু হয়৷ প্ৰিয় পত্নীৰ অকাল মৃত্যুত ৰাভাই জীৱনৰ সকলো মাদকতা হেৰুৱাই পেলাইছিল৷ সেয়ে প্ৰিয়াৰ মৃত্যুৰ দুখবেদনা পাহৰিবৰ বাবে তেওঁ অন্তৰৰ পৰা নিগৰা এটি মাত্ৰ গীতেই আছিল তেখেতৰ হৃদয়গ্ৰাহী প্ৰেৰণাৰ উৎসস্থলী৷ সেয়ে তেওঁ গাইছিল

‘‘পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা,

পূৰাবানে প্ৰিয়ে সেই জনমত

মোৰ হিয়াৰ অপূৰ্ণ আশা৷’’

জীৱনৰ এনে চৰম দুৰ্যোগৰ সময়ত ৰাভাৰ জীৱনলৈ আহিল এন এগৰাকী নাৰী, তেওঁ নিৰুপমা দেৱী৷ ৰাভাৰ অকলশৰীয়া নিঃসংগ তথা অৱসাদগ্ৰস্ত জীৱনৰ ক্ষীণ আশাৰ বন্তি নুমাবলৈ নিদি আকৌ তেলসিক্ত কৰি প্ৰজ্বলিত কৰি তুলিলে৷ ইয়াৰ পাছতো আৰু দুগৰাকী নাৰী ৰাভাৰ জীৱনলৈ আহিল৷ তৃতীয়গৰাকী কনকলতা, এইগৰাকী পত্নীৰ গৰ্ভতে কমৰেড ৰাভাই দুটি সন্তানৰ পিতৃৰ অধিকাৰী হয়৷ তৃতীয় পত্নী কনকলতাৰ মৃত্যুৰ পিছত মোহিনী দেৱী চতুৰ্থগৰাকী পত্নী তেওঁৰ জীৱনলৈ আহে৷ তেওঁৰো এটি পুত্ৰ সন্তানৰ মাতৃ হয়৷

এইখিনিতে উল্লেখ্য আনকেইগৰাকী পত্নীতকৈ মোহিনী ৰাভাৰ নাম বিষ্ণুৰাভাৰ পত্নীৰূপে বেছিকৈ জনাজাত আৰু সুপ্ৰতিষ্ঠিত হৈ আছে কাৰণ মোহিনী দেৱী আছিল কমৰেড ৰাভাৰ শেষ জীৱনৰ সংগিনী৷

গণশক্তিৰ অৰ্থে বিপ্লৱৰ মাজেদি এক নৱজাগৰণ আনিবলৈ অহোপুৰুষাৰ্থ কৰা বিষ্ণুৰাভাৰ প্ৰায়বিলাক কবিতাই বিপ্লৱী সুৰৰ ঝংকাৰ  অনুৰণিত হোৱা দেখিবলৈ পোৱা যায়৷ নিপীড়িত, শোষিত ৰাইজৰ মুক্তি সংগ্ৰামত প্ৰত্যক্ষভাৱে আগভাগ লৈ দুখীয়া শ্ৰেণীৰ বাবে বিভিন্ন প্ৰেৰণামূলক সাহিত্য সৃষ্টি কৰি কৃষক, শ্ৰমিক, ৰাইজৰ মাজত তেওঁ এটি স্থায়ী ভাবমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷

শোষিত গণ জীৱনৰ মুক্তিপথৰ সন্ধানত বিষ্ণুৰাভাৰ শিল্পীপ্ৰাণে বিপ্লৱৰ প্ৰয়োজনীয়তাৰ কথা অনুভৱ কৰি দুখীয়া খেতিয়ক বনুৱাৰ পঁজাৰ ঘৰত ঘূৰি ঘূৰি অত্যাচাৰিত, লাঞ্ছিত শ্ৰেণীৰ মুক্তিৰ বাবে সাম্যবাদী আদৰ্শৰ বাণী প্ৰচাৰ কৰি ফুৰিবলৈ আৰু আত্মশক্তিৰে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ খেতিয়কসকলক ওলাই আহিবলৈ আহ্বান জনাইছিল এইদৰে

‘‘হেৰৌ কৃষক

প্ৰথম বিপ্লৱী বীৰ

প্ৰকৃতিৰ বক্ষ বিদাৰক৷’’

ঠিক তেনেকৈ সমাজৰ মেহনতী বনুৱাহজুৱাৰ ওপৰত চলি থকা শোষণ, উৎপীড়নত কবি ৰাভাৰ প্ৰাণ থৌকিবাথৌ কৰে৷ সেয়ে তেওঁ এটি মৰ্মস্পৰ্শী কবিতা লিখিছিল

‘‘কাৰখানাৰ চিটিৰ হুমুনিয়াহ

কলৰ ঘৰ্ঘৰণি বুকু কঁপোৱা

পুৱাই লঘোণ ভাত নাইকিয়া

হায় হায় দূৰ কপলীয়া

কান্দে দুখীয়া বনুৱা৷’’

ৰাভাই কৈছিল শোষণকাৰীক শেষ কৰিবই লাগিব, অস্ত্ৰৰ সহায়েৰে নহয়৷ জনগণক জগাই তুলিব লাগিব মহা বিপ্লৱ সৃষ্টি কৰি৷ সেয়েহে তেওঁ কৈছে

‘‘হেৰৌ বিপ্লৱী বিদ্ৰোহী বীৰ

তোল তোৰ অৱনত শিৰ

অতদিন কিয় তই আছিলি সুসুপ্ত

পৰপদানত নিৰ্যাতিত নিপীড়িত

দলিত পতিত৷’’

বিপ্লৱৰ পথ অতিক্ৰম কৰিবলৈ গৈ ৰাভাই জীৱনত বহুতো বাধাৰ সন্মুখীন হয়৷ তথাপি তেখেতে কোনোদিন ক্লান্তি অনুভৱ কৰা নাছিল৷

কবি হেমাংগ বিশ্বাসে ৰাভাক এজোপা শালগছৰ লগত তুলনা কৰিছে, তেখেতে কৈছে

‘‘দেখিছানে কেতিয়াবা

কলিংগৰ কণাৰকৰ লা পেগোডা

কালৰ বিস্ময়’’

সঁচাকৈয়ে যেন এক যুগৰ বিস্ময়, এইজন মহান শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা৷

বিষ্ণুৰাভাৰ গীত, কবিতা, নাটিকা, সাহিত্যৰ সংখ্যা বেছি নহলেও তাকৰীয়াও নহয়৷

ছাত্ৰ জীৱনৰ পৰাই তেখেতেবাঁহীআলোচনীত শ্ৰীশ্ৰীশংকৰদেৱ আৰু বড়ো জনজাতিৰ বিষয়ে প্ৰবন্ধ লিখিছিল৷

সংগীত কলা বিষয়ক ৰচনাসমূহ শ্ৰীশ্ৰী শ্ৰীমতী কলাৱতী সংগী অংশ, নাটক আৰু থিয়েটাৰ, ভাৰতীয় নাট্য কলা, নৃত্যৰ অঙিনা, ওজাপালি, হৰগৌৰী, নৃত্য, তন্ত্ৰশাস্ত্ৰ, দৃশ্য অৰ্থাৎ পট, চৰ্যাপদৰ কথা, বিহু, ইত্যাদি৷

নাট্যশিল্পী ৰূপেও ৰাভাৰ প্ৰতিভা কোনোগুণে কম নহয়মুক্তি দেউল, পৃথিৱী, নতুন যুগ, শকুন্তলা, নীলাম্বৰ, কৃষক সপোন, কুঁৱলী, তৰাৱতী, আইদেউ, এজেণ্টি মূলুক, সোণামুৱা গাঁও, সপোন কুঁৱৰী, শান্তিৰ দেউল, কেৰুমণি থুৰীয়া, জীৱন ধুমুহা, সুবিশাল ব্ৰহ্মপুত্ৰ আদি আৰু সন্যাসী জ্যোতিপ্ৰভা, শংকৰদেৱ, মাধৱদেৱ, সীমান্ত সৈনিক, কুমাৰ হৰণ৷

সেইদৰে ৰাভাদেৱৰ গল্প, উপন্যাস, কাহিনীসমূহ হৈছেসোণপাহি, মিচিং কনেং, ৰাঙী ৰংদৈ, লখিমী কুঁৱৰী, কপাল অজগৰ, কুঁৱৰী, বিৰ্বিৰণি, সোঁ সোঁৱনি আদি৷

এইগৰাকী ঐশ্বৰিক গুণসম্পন্ন মনীষীগৰাকী আমাৰ, অসমীয়াৰ চিৰপূজ্য হৈ থাকিব৷ তেওঁৰ অপূৰ্ব সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ প্ৰাণত জিলিকি থাকক তাৰে কামনা কৰিছোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *