মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত

যোৱা সংখ্যাৰ পিছৰ পৰা..
এই হৈ হোৱা গণ্ডগোলৰ পিছৰ পৰা ৰমাকান্তৰ ঘৰলৈ তাৰ এবাৰো যোৱা হোৱা নাই৷ আৰু যাবওনো কি বুলি? খঙেটা সদায় তাৰ নাকৰ ওপৰতে থাকে৷ কিবা এটা সুধিলেও মিছাতে নীলাম্বৰক, ইন্দ্ৰমণিৰ সমৰ্থক বুলিহে সন্দেহ কৰিব৷ প্ৰকৃততে কিন্তু সেইটো একেবাৰেই মিছা৷ পৰিস্থিতিত পৰিহে সি মনে মনে থাকিবলগীয়া হৈছিল৷ ক’লে কিজানিবা সভাপতিয়ে তাৰ অস্থায়ী চাকৰিটোও কাঢ়ি লৈ যায়৷
পুখুৰী পাৰতে নীলাম্বৰে এনেই ইফাল–সিফাল কৰি থাকিল৷ বাওঁফালেদি গ’লে তাৰ ঘৰ আৰু সোঁফালে গ’লে ৰমাকান্তহঁতৰ ঘৰ৷ পিচে ৰমাকান্তৰ ঘৰলৈ যাবলৈকো কিবা এটাতো অজুহাত লাগিব৷
আগতে কিন্তু তাৰ ৰমাকান্তৰ ঘৰলৈ যাবলৈ একো অসুবিধা নহৈছিল৷ দিনটোৰ যিকোনো সময়তে ওলাইছিল গৈ তাহাঁতৰ ঘৰত হেঁপাহ পলুৱাই মালতীক চাইছিল৷ ৰমাকান্তৰ মাকৰ হাতৰ পিঠা–পনা উদৰ পূৰাই খাই ঘৰলৈ উভতি আহিছিল৷ কিন্তু এই গণ্ডগোলখন লগাৰ পিছৰ পৰাহে সি যাবলৈ সাহস কৰিব পৰা নাই৷
ব’হাগ বিহুৰ আগদিনা ইন্দ্ৰমণিৰ নাটকখন আকৌ এবাৰ মঞ্চস্থ কৰা হ’ল৷ সেইদিনাই তাৰ মালতীক শেষ দেখা৷
আগে–পিচে দেখা দেখি হ’লে মালতীয়ে তাৰ ভাল–বেয়াৰ খবৰো লয়৷ কিন্তু কিয়বা সেই নাটকৰ দিনা তাই ইমান গহীন হৈ থাকিল? কতবাৰ যে মনৰ কথা মালতীৰ আগত ক’ব বুলি ভাবিলে৷ পিচে আজিলৈকে সেইয়া হৈ নুঠিল৷
দেৰিলৈকে আগদিনাৰ নাটক চাই অনিদ্ৰাত থকা মানুহখিনি শুই উঠাৰ আগতেই মেঘৰ গৰ্জনৰ দৰে গোমগোমাই এখন বুলড’জাৰ আহি থিয় হৈছিলহি সোণাৰি গাঁৱৰ ওচৰত৷ সেই শব্দতেই মানুহেবাৰৰো টোপনি ভাঙিল৷ অৰ্জুন বাবাজীৰ পুখুৰীৰ পৰা উভতি অহা গাঁৱৰ মাইকী মানুহবোৰেও আহি নিজৰ নিজৰ ঘৰত খবৰ দিছিলহি যে গাঁৱলৈ এখন প্ৰকাণ্ড গাড়ী আহিছে বুলি – এই ডাঙৰ ডাঙৰ চকা আৰু সমুখত এই লম্বা লোহাৰ তক্তা৷ চকাবোৰত মোটা মোটা লোহাৰ শিকলি৷ ভুচ ভুচ কৈ ওপৰেদি ধোৱা ওলাই থাকে৷ সোণপাহাৰ ভাঙোতে যেনেকৈ মানুহেবাৰ গোট খাইছিল, সেইদিনাও আহি সোণাৰি গাঁৱৰ ওচৰত মানুহবোৰ থুপ খাইছিলহি৷ অৱশ্যে গাড়ীখন দেখাৰ লগে লগে মতা মানুহেবাৰে বুজি পালে যে সেইখন গাড়ী নহয়, বুলড’জাৰহে৷
ৰমাকান্তইতো খঙত ৰুদ্ৰমূৰ্তি ধৰি কোম্পানিৰ মানুহ শুভেন্দুকেই বিচাৰি গৈছিল৷ কিন্তু শুভেন্দু সেইদিনা গাঁৱত নাছিল৷ নাটক আৰম্ভ হোৱাৰ কিছু সময় পূৰ্বে বাইকত বহি পাহাৰৰ সিফালে থকা কোম্পানিৰ কেম্পলৈ গুচি গৈছিল৷
নীলাম্বৰো খবৰ পোৱাৰ লগে লগে গৈ পাইছিল সোণাৰি গাওঁ৷ সেইদিনাখনতো স্কুললৈ এটাও ল’ৰা নাহিল৷ গোটেইবোৰ গৈছিল বুলড’জাৰ চাবলৈ৷ আগতে কোনো দিনে দেখি নোপোৱা সেই মেচিনটোৱে যে সিহঁতৰ মনত কত কৌতূহলৰ সৃষ্টি কৰিছিল৷
বুলড’জাৰখন লৈ অহা মানুহটো আৰু তাৰ লগত অহা আন ল’ৰাটো আছিল একেবাৰে ঠাণ্ডা–মুণ্ডা৷ সিহঁতৰ নিচিনা শান্ত, সহজ সৰল ল’ৰা নীলাম্বৰে তাৰ জীৱনত আগে কাহানিও দেখা নাই৷ ৰমাকান্তই সোধাত সিহঁতে মাত্ৰ কৈছিল – “আমাক ৰাস্তাৰ কাম হ’ব বুলি কোৱাৰ কাৰণেহে আমি এইখন ইয়ালৈ আনিছোঁ”৷ আমি কোম্পানিৰ মানুহ নহয়৷ আমাৰ কাম হৈছে মাত্ৰ বুলড’জাৰখন গাঁৱলৈ আনি দিয়া৷ মাটি খন্দা, মাটি সমান কৰা, মাটি টান কৰা আটাইবোৰ কাম কৰিবই৷ সভাপতিক ইয়াৰ দাায়িত্ব দি আমি আজিয়েই ঘূৰি যাম৷ যেতিয়া ৰাস্তা বনোৱাৰ কাম আৰম্ভ হ’ব, তেতিয়াহে আহিম৷
সিহঁতৰ কথা শুনি ৰমাকান্তই আৰু কি ক’ব?
লাহে লাহে মানুহৰ জুম ভাগিল৷ ৰৈ গৈছিল যদি কণ কণ ল’ৰা–ছোৱালীবোৰ৷
ল’ৰা দুটাও উদ্ধৱ মহান্তিৰ ঘৰলৈ গৈ চাবিটো দি, তাতেই জা–জলপান খাই উঠি, পিছত বাইকত বহি গোপীনাথপুৰলৈ ঘূৰি গুছি গৈছিল৷
নীলাম্বৰে সোণাৰি গাঁৱৰফালে এবাৰ চালে৷
কৃষ্ণচূড়া জোপাৰ তলতে এটা প্ৰকাণ্ড হালধীয়া ৰঙৰ হাতীৰ দৰে থিয় হৈ আছিল বুলড’জাৰখন৷ সৰু সৰু ল’ৰা–ছোৱালীবোৰ তাৰ ওচৰলৈ যায় বুলি তাৰ চাৰিওফালে খুঁটা পুতি কাঁটা তাঁৰেদি বেৰি থৈছিল৷ ইয়াৰ পিছত আৰু দুসপ্তাহ পাৰ হৈ গ’ল৷ না শুভেন্দু উভতি আহিল, না কাম আৰম্ভ হ’ল৷ শেষ ব’হাগৰ উষ্ম অপৰাহ্নৰ দৰে গাঁৱৰ মানুহখিনি এতিয়াও গৰম হৈ আছে৷
নীলাম্বৰে নিজৰ মনটোক আগে দৃঢ় কৰি ল’লে৷ ইমান দূৰ আগবাঢ়ি আহিলেই যেতিয়া, ৰমাকান্তৰ ঘৰতো এপাক মাৰি যোৱাই ভাল৷ এনেও তাৰ স্কুলৰ চাকৰিটো পোৱাত ৰমাকান্তৰ দেউতাকৰ বহুখিনি হাত আছে৷ লগতে ৰমাকান্তৰ লগতো তাৰ কোনো শত্ৰুতা নাই৷ গতিকে মিছাতে এইবোৰ চিন্তা কৰাৰ দৰকাৰ কি? মালতীয়েও জানো তাৰ লগত কথা নাপাতে? ওলোটাই এনেকৈ নোযোৱাকৈ থাকিলেহে সিহঁতৰ তাৰ ওপৰত সন্দেহ হ’ব৷ আচলতে মালতীক সি বলিয়াৰ দৰে ভাল পায়৷ এতিয়া তাই তাক ভালপায় নে নাপায় সেইটোহে সি নেজানে৷ বহুবাৰ তাইক ক’ব ক’ব বুলি ভাবিও, কথাখিনি ডিঙিলৈকে আহি, আকৌ ভিতৰলৈ সোমাই যায়৷ ছোৱালীজনীৰ ৰূপ, গুণ, তাইৰ আদব–কায়দা সকলোৱেই তাৰ ভাল লাগে৷ বয়সত তাতকৈ তাই তিনি বছৰ সৰু হ’লেও চিন্তাধাৰাৰ ফালৰ পৰা কিন্তু বহু ডাঙৰ৷ তাইৰ দৰে আত্মবিশ্বাসী ছোৱালী হয়তো এই পাটপুৰত বিচাৰিলে দ্বিতীয়জনী নোলাব৷ কথা পাগুলি পাগুলিয়ে অৱশেষত নীলাম্বৰে গৈ সনাতন দাসৰ ঘৰৰ পদূলিত থিয় হ’লগৈ৷ জহকালিৰ ভৰ–দুপৰীয়াৰ সময়৷ ৰমাকান্তৰ মাকে তেতিয়া চাউল নে দাইল কিবা বাছি আছিল৷ মানুহগৰাকীয়ে নীলাম্বৰক দেখাৰ লগে লগে বৰ মৰমেৰে মাতিলে, “আৰে নীল দেখোন! ইমান দিনৰ মূৰত ওলালি যে! আহ বাবা, আহ৷ তোৰ কথা আজি ৰাতিপুৱাই আমাৰ ঘৰত ওলাইছিল৷”
নীলাম্বৰেও ৰমাকান্তৰ মাকৰ ভৰি চুই থিতাতে প্ৰণাম এটা কৰি, হাঁহি হাঁহি ক’লে, “মই আকৌ ভাবিছিলোঁ আপোনালোকে মোক পাহৰি গ’ল নেকি৷”
সনাতন দাসে অকণমান দূৰৈত এখন কাগজ লৈ কিবা পঢ়ি আছিল৷ নীলাম্বৰৰ মাত শুনি মানুহজন বাহিৰলৈ ওলাই আহি তাক মাত লগালে, “আহ নীলাম্বৰ৷ আজি স্কুল ছুটী নেকি? পিচে এতিয়া কিন্তু শাস্ত্ৰ এৰি শস্ত্ৰ ধৰাৰ সময়৷”
ঃ মই বুজি নাপালোঁ খুৰা? – নীলাম্বৰে সুধিলে৷
নীলাম্বৰক বহিবলৈ কঠ এখন দি, ৰমাকান্তৰ মাকে সুধিলে, “তইতো একো খাই অহা নাই চাগে? মই কিবা অলপ লৈ আনো ৰহ৷”
কিন্তু নীলাম্বৰে মানা কৰি ক’লে, “নাই, নাই খুৰী, মই খায়েই আহিছোঁ৷ ৰমাকান্তৰ লগত অলপ কথা আছিল কাৰণেহে আহিছিলোঁ৷ বহুত দিন হ’ল তাক লগ পোৱা৷ সি চাগে মোক কিবা ভুলেই…৷”
ঃ তাৰ কথা বাদ দে, বুইছ৷ অনবৰতে মূৰটো গৰমেই হৈ থাকে৷ মূৰটো গৰম কৰি আজিলৈকে কিবা এটা কৰিব পাৰিলে জানো? এই ফাকুৱাৰ দিনা যিটোহে ঘটিল, চিন্তাই হৈছে এতিয়া৷ শত্ৰুৱেতো বিচাৰিছেই গাঁৱত পুলিচ সোমাওক৷ – ৰমাকান্তৰ মাকে ক’লে৷
ৰমাকান্তৰ মাকৰ কথাবোৰ শুনি থাকিলেও নীলাম্বৰৰ চকু দুটাই পিচে মালতীকহে বিচাৰি ফুৰিছিল৷ সনাতন দাসৰ ঘৰটো বেছ আহল–বহল৷ ওপৰত কাঠৰ চালি দিয়া, দহটা কোঠাৰ ঘৰটোৰ একেবাৰে মাজতে আছে পাকঘৰটো৷ ঘৰৰ সমুখতে আছে পকী চোট, য’ত থকা তুলসী গছজোপাৰ তলত পুৱা–গধূলি ধূপ–চাকি দিয়া হয়৷ পিছফালে নাৰিকল আৰু আম গছৰ লগতে মাজতে থকা সৰু পুখুৰীটোক শিলেৰে পাৰ বান্ধি থোৱা আছে৷ অৰ্জুন বাবাজীৰ আশ্ৰমৰ দৰে সনাতন দাসৰ ঘৰটোও দেখিবলৈ আশ্ৰমতকৈ কোনো গুণে কম নালাগে৷ পাটপুৰত সনাতন দাসৰ ঘৰৰ দৰে না ইমান ধুনীয়া ঘৰ আন কাৰোবাৰ আছে, না ফল–ফুলেৰে জাতিস্কাৰ হৈ থকা এনে বাৰী আছে৷
সনাতন দাসে লাহেকৈ ক’লে, “চাণক্যই কৈছিল, যেতিয়া দেশত আৱশ্যক হ’ব, তেতিয়া গুৰুৱেও শাস্ত্ৰ এৰি অস্ত্ৰ ধৰিব লাগিব৷”
ঃ কিন্তু আপুনি তেনেকুৱা সময় আহিছে বুলি কিয় ভাবিছে? চাণক্য আছিল ৰাজতন্ত্ৰত৷ তেতিয়া এজনৰ কথাকে সাধাৰণ প্ৰজাৰ ওপৰত জাপি দিয়া হৈছিল৷ কিন্তু আজি আমি জীয়াই আছোঁ গণতন্ত্ৰত৷ ইয়াত সংখ্যা গৰিষ্ঠ লোকৰ মতকেই গুৰুত্ব দিয়া হয়৷ সেই মতৰ ওপৰত কেনেকৈ কোনোবাই বুলড’জাৰ চলাই নিব পাৰিব কওক?”
ঃ কিন্তু গাঁৱলৈ আহিতো গ’ল বুলড’জাৰ৷ – বাৰীৰ ফালৰ পৰা আহি থকা ৰমাকান্তই ক’লে৷ আৰু লগতে ইয়াকো ক’লে, “কিন্তু আমাৰ সজাগ হৈ থকাবোৰেই যদি শুই পৰে, তেতিয়াহ’লে সিহঁতক জগাব কোনে?”
ঃ তই মোক ভুল বুজিছ ৰমাকান্ত৷ – নীলাম্বৰৰ মাতত অসহায়তাৰ সুৰ৷