বিষয় এগৰাকী উলংগ নাৰী

ভূপেন হাজৰিকাদেৱে এসময়ত সুন্দৰ ছবি অঁকাৰ বিষয়ে প্ৰায় সকলোৱে জানে৷ তেখেতৰ ছবি অঁকা হাতখনৰ চমৎকাৰিত্বৰ কথা বিশ্ববিখ্যাত চিত্ৰকৰ এম এফ হুচেইন, গৱেষক দিলীপ কুমাৰ দত্ত, চিত্ৰকৰ পুলক গগৈকে আদি কৰি বহুজনে বিভিন্ন লেখাত উল্লেখ কৰিছে৷ আজি তেখেতে অংকন কৰা এখনি বিখ্যাত ছবিৰ বিষয়ে জনাব বিচাৰিছোঁ৷
তেৰ শতিকাৰ ইংলণ্ডৰ কভেণ্ট্ৰী চহৰৰ কাহিনী৷ এগৰাকী নিষ্ঠুৰ শাসকৰ সুন্দৰী পত্নীৰ নাম আছিল গডাইভা৷ মৰমিয়াল আৰু প্ৰজাবৎসল গডাইভাক সকলোৱে মৰমতে মাতিছিল লেডী গডাইভা বুলি৷ পিছে ৰাণীৰ স্বামীজন আছিল নিষ্ঠুৰ, তেওঁ প্ৰজাৰ ওপৰত হকে–বিহকে কৰ কাটল আৰোপ কৰিছিল বাবে প্ৰজাসকল অসহায় হৈ ৰাণীক কিবা উপায়েৰে বিষয়টো সমাধান কৰি দিবৰ বাবে খাটনি ধৰিলে৷ ৰাণীয়ে স্বামীক বাৰম্বাৰ কৰা অনুৰোধে কোনো ফল নধৰিল৷ এদিন ৰজায়ো ৰাণীৰ ওপৰত অতিষ্ঠ হৈ এক অদ্ভুত চৰ্ত ৰাখিলে যাতে ৰাণীক জব্দ কৰিব পৰা যায়৷ তেওঁ ক’লে যে “ যদি তুমি উলংগ হৈ ঘোঁৰাত উঠি চহৰত এটা পাক মাৰি আহিব পাৰা তেনেহ’লে কিছু কৰ কমাই দিয়া হ’ব৷” ৰজাই ভবা নাছিল যে ৰাণীয়ে এই কামো কৰি দেখুৱাব৷ ৰাণীয়ে প্ৰজাৰ মংগলৰ বাবে চৰ্ত পূৰণ কৰিবলৈ আগবাঢ়িল, মাথোঁ তেওঁ চৰ্ত ৰাখিলে যে তেওঁৰ ভ্ৰমণ কালত সকলোৱে দুৱাৰ খিৰিকি বন্ধ কৰি ঘৰত সোমাই থাকিব লাগিব, কোনেও তেওঁৰ উলংগ দেহ চাব নোৱাৰিব৷
সময়ত ৰজাক অবাক কৰি গডাইভাই সম্পূৰ্ণ উলংগ হৈ ঘোঁৰাত উঠি চহৰ ভ্ৰমণ কৰিবলৈ ওলাই গ’ল৷ প্ৰজাসকল ৰাণীৰ চৰ্ত মানি ঘৰত সোমাই থাকিল, প্ৰিয় ৰাণী তাতে তেওঁলোকৰ সুখ–দুখৰ একমাত্ৰ সমভাগী, দেৱলীনা৷ পিচে ইয়াৰ মাজতে টম নামৰ এজন দৰ্জীয়ে বেৰত ফুটা কৰি ৰাণীৰ সেই ৰূপ দৰ্শন কৰিলে৷ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল আৰু তেওঁ আচৰিত ধৰণে তুৰন্তে কণা হৈ পৰিল৷ তেতিয়াৰে পৰা ইংৰাজীত পিপিং টম (Peeping Tom) শব্দটোৰো সংযোজন হৈ পৰিল৷
এইটো এটা কাহিনী মাত্ৰ, কোনোবাই মানি লয়, কোনোবাই নলয়৷ পিচে কাহিনীৰো কাহিনী থাকে, চিত্ৰকৰসকল গডাইভাৰ উলংগ চিত্ৰ অংকন কৰি পইচা ঘটাৰ মানসেৰে উবুৰি খাই পৰিল৷ সকলোৱে ৰাণীৰ উলংগ ৰূপ বিভিন্ন কায়দাৰে আঁকি গ’ল, পিচে আমাৰ চিত্ৰকৰ ভূপেন হাজৰিকাই ৰাণীৰ উলংগ দেহটো কৌশলেৰে ঢাকি ৰাখি তলৰ ছবিখন আঁকিলে৷ ছবিখন এখন আলোচনীত প্ৰকাশ পোৱাৰ পিছতে বেচ চৰ্চিত হৈ উঠিছিল৷

সংযোজন
এদিন টালিগঞ্জৰ ঘৰত ড॰ দিলীপ কুমাৰ দত্তক এই স্কে২৬টো দেখুৱাই ভূপেন হাজৰিকাই সুধিলে, ‘‘এই ছবিখন কাক লৈ আঁকিছো ক’ব পাৰিলে ছবিখন তোমাক দি দিব পাৰোঁ, কোৱাচোন কোন?”
দিলীপ কুমাৰ দত্তই ভালদৰে চাই ছবিখনৰ নায়িকা লেডী গডাইভা বুলি ক’লে৷ দিলীপ কুমাৰ দত্তৰ মেধাৰ উমান পাই তেখেতে ক’লে..‘‘আও, ফণী দত্তৰ ছৱাল কম নহয় দেই৷ মই ছবিখন বহুতকে দেখুৱাইছো, কিন্তু কোনেও উত্তৰ দিব পৰা নাই, গতিকে ছবিখন তোমাৰ হাতত গতালোঁ৷”
কোৱা বাহুল্য যে, দিলীপ কুমাৰ দত্তই চিত্ৰকৰ ভূপেন হাজৰিকাৰ এই মূল্যৱান ছবিখন নিবলৈ সন্মত নহ’ল৷ তাতেই লাগিল কেণা, খেয়ালী স্বভাৱৰ শিল্পীয়ে ছবিখন কৰ’বাত হেৰুৱালে৷ পিছৰবাৰ বিচাৰোতে স্ৰষ্টাই ক’ত হেৰুৱালে মনত পেলাব নোৱাৰিলে যদিও তেখেতৰ সহায়কাৰী দেৱৰাজে কোনোবা আলোচনী এখন আনি দেখুৱালে য’ত ছবিখন ছপা হৈছিল৷ কিন্তু মূল ছবিখন আৰু উদ্ধাৰ কৰিব পৰা নগ’ল৷ আমি এই চেগতে দুই মনীষাৰ লগতে দেৱৰাজলৈও অশেষ ধন্যবাদ যাচিলোঁ৷
হয়তো দেৱৰাজ অবিহনে এই স্কেচ্চটো কালৰ সোঁতত হেৰাই থাকিলহেঁতেন৷
প্ৰশ্ন হ’ল ভূপেন হাজৰিকাদেৱে গডাইভাক কিয় উলংগ ৰূপতে অঁকাৰ চিন্তা নকৰিলে? তেতিয়া ছবিখন বহুত বেচি জনপ্ৰিয় (ভাইৰেল) হোৱাৰ সুযোগ আছিল৷ (আজিকালি চিত্ৰকলাৰ ওপৰত বিশেষ জ্ঞান নথকা দুই এজনে ভূপেন হাজৰিকাৰ দৰে বহুমুখী প্ৰতিভাসম্পন্ন বুলি প্ৰতিষ্ঠা কৰাৰ বাসনাত ৰং তুলিকা হাতত লোৱাৰ দৃশ্য টিভি যোগে কেতিয়াবা দেখা পাওঁ৷ সেইবিলাকৰো যদি কিবা কলাগত মূল্য আছে জানিবৰ বাবে অৱশ্যেই আশাৰে বাট চাম৷)
ইয়াৰ উত্তৰ আপোনালোকৰ পৰা আশা কৰিলোঁ৷
আপোনালোকলৈ পেছাগত শিল্পীৰ তুলিকাত মূৰ্ত হৈ উঠা গডাইভাৰ উলংগ ছবিখনৰ লগতে সুধাকণ্ঠৰ কল্পনাৰ গডাইভাৰ স্কেচ্চটি আগবঢ়ালোঁ৷ শালীন অশালীনৰ মাপকাঠী আপোনালোকৰ হাতত৷ vv