কবিতা – Purbodix.com

কবিতা

ধনতান্ত্ৰিকতাত হেৰাই যোৱা ঠিকনা(জ্যোতিস্মিতা বৰা)

 

 

কোনে সৃষ্টি কৰিলে এই

যুগান্তৰৰ ধনতান্ত্ৰিক সমাজ,

ৰুক্ষ হিয়াত আজি

স্নেহান্তৰৰ প্ৰতিধ্বনি হেৰাল৷

 

এই সমাজ কিয় লুপ্ত হোৱা নাই!

বিস্মৃতিৰ গৰ্ভত হেৰাই যোৱা নাই;

এইয়াওতো মানৱেৰেই গঠিত সমাজ৷

 

আজি আৱেগবোৰে ডিঙিত

প্ৰশ্নবোধকৰ চিপ জৰী লগাই

তিল তিলকৈ ক্ষণ গণিব ধৰিছে,

হৃদয়ত টুকুৰা টুকুৰকৈ

ভাগি যোৱা অস্থিবোৰক

মূল্যৰে কিনিব লাগিছে৷

 

হায়! মানৱতাহীন পিপাসু

তহঁতেই হেজাৰ মাতৃৰ বুকু

উদং কৰিবলৈ ধৰিছ!

 

বিজয়াৰ বিফল সন্ধ্যাতো আজি

মহানুভৱতাৰ ধ্বনিৰ সলনি বাজে,

কুল্কুলকৈ বৈ যোৱা জীয়া তেজে৷

 

কিমান নিদাৰুণতাৰ কৱলত পৰি

এগৰাকী ভবিষ্যতৰ সন্তানক

মৰিশালিৰ মাটিলৈ প্ৰিয়জনে

ঠেলি দিব পাৰিছে!

চিতাৰ জুই বোৰ দপদপকৈ

জ্বলিব লাগিছে,

লগতে শুকান চকুলোৰে গান গোৱা

মাতৃৰ হিয়াও দহিছে৷

 

মৰমৰ সম্পৰ্কবোৰৰ দাম বাঢ়িছে,

বজাৰত গ্ৰাহকৰ সংখ্যাও বাঢ়িছে৷

কিয়! কিয় বাৰু!

আজি জীৱন নৈত পানীৰ ইমান অভাৱনে!

যে ভগ্নীৰ দৰে সম্পৰ্কবোৰকো ক্ষুধা নিবাৰণ বাবে

ব্যৱহাৰ কৰিছে৷

 

হায়!

ধনতান্ত্ৰিক সমাজ

হেৰাই যোৱা ঠিকনাৰ সন্ধানত

জীৱন আগুৱাই…. 

Leave a Reply

Your email address will not be published. Required fields are marked *