মা…
তোমালৈ বৰকৈ মনত পৰিছে!
যুদ্ধক্ষেত্ৰত তোমাৰ বোপাৰ
বুকুত গুলি লাগি
শত্ৰু সেনাৰ হাতত আঘাত প্ৰাপ্ত হৈছে৷
চৌপাশে পৰি আছে জুইৰ দাৱানলত অগগনন দেহা
মই থিয় দি থাকিব পৰা নাই মা!
তথাপি …
মৃত্যুলৈ অলপো ভয় নাই,
অলপ কষ্ট হৈছে ঠিকেই
কাৰণ, তোমাৰ লগত হয়তো
আৰু কোনোদিনেই দেখা নহ’ব
আৰু আনন্দ–উল্লাসেৰে ঋতুয়ে ঋতুয়ে
পিঠা খোৱাও নহ’ব৷
মা তুমি নাকান্দিবা …
তুমি গৰ্বিত …৷ ৷
দেউতা …
তুমি মোক ক্ষমা কৰি দিবা …
তুমি মোক সৰুতে
কান্ধত তুলি তুলি এষাৰ কথা কৈছিলা
যে এদিন মই তোমাক কান্ধত তুলি ল’ব লাগিব ..
কিন্তু দেউতা!
মই নোৱাৰিলোঁ …৷ ৷
ভাইটি …
অলপ সাৱধানে চলিবি,
বাইকৰ চাবিপাত কোনোদিনেই নিবিচাৰিম বুলি গোটেই দিনটো ঘূৰি নুফুৰিবি৷
অ’ শুনচোন …
তোলৈ এযোৰ চোলা কিনিছিলোঁ
যোৱাও নহ’ল, দিয়াও নহ’ল …!
ভণ্টি …
বেয়া নাপাবি ৰাখী পিন্ধিবলৈ যোৱা আৰু নহ’ল,
তোৰ ইচ্ছাবোৰো পূৰ্ণ কৰা নহ’ল …৷
ভাইটি ঘৰখন ভালকৈ চাবি, মাক–দেউতাকৰ খবৰ ৰাখিবি, সিহঁতৰ গাটো সিমান ভালে নাথাকে …৷
যেতিয়া তোমালোকৰ মোলৈ মনত পৰিব
তেতিয়া সৌ আকাশখনত হাঁহি হাঁহি উৰি থকা
পতাকা খনলৈ চাবা …৷ ৷
শেষত মোৰ অনুৰোধ ঃ
মা দেউতা …তোমালোকে কুশলে থাকিবা৷
ইতিত
অসমীয়া জোৱান
জয় আই অসম,
জয় আই অসম৷